‘পাকিস্তান, বাংলাদেশে ভাৰতৰ পৰা শিকাৰ প্ৰয়োজন আছে’ : হিন্দুৰ ওপৰত সংঘটিত হৈ থকা ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ মুখ্যমন্ত্ৰীৰ

বাংলাদেশত হিন্দুৰ ওপৰত সংঘটিত হৈ থকা ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । এই সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মুছলমান ৰাষ্ট্ৰত সংখ্যালঘু হিন্দুক কিদৰে নিৰ্মম ঘটনা সংঘটিত হৈছে সেয়া বিশ্ববাসীয়ে দেখা পাইছে । পূৰ্বে পাকিস্তানত এনেকুৱা ঘটনা সংঘটিত হৈছিল । বৰ্তমান বাংলাদেশত এই ঘটনাৰ সূচনা হৈছে ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ‘ধৰ্মৰ নামত গোড়ামি কৰা দেশত সংখ্যালঘুৰ নিৰাপত্তা নিশ্চিত নহয় । ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ । পাকিস্তান, বাংলাদেশে ভাৰতৰ পৰা শিকাৰ প্ৰয়োজন আছে । দেশৰ ভিতৰত একাংশই পাকিস্তানে ক্ৰিকেটত জয়লাভ কৰিলে ফটকা ফুটায় । বাংলাদেশ, পাকিস্তানৰ নিচিনা দেশে সংখ্যালঘুক সুৰক্ষা দিব নোৱাৰে । এইসমূহ দেশক অন্ধ অনুকৰণ কৰা বন্ধ কৰিব লাগে । আমি আমাৰ সমাজ সুৰক্ষিত কৰিব লাগে । বাংলাদেশৰ সংখ্যালঘুৰ ওপৰত সংঘটিত ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য প্ৰকাশ কৰিছে ।

মন্ত্ৰী সভাৰ নতুন দপ্তৰ বিতৰণঃ কোন মন্ত্ৰীৰ হাতত কি বিভাগ ?

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাঃ

গৃহ, পাৰ্চনেল লোক নিৰ্মাণ, ৰাষ্ট্ৰীয় ঘাইপথ,

PWD, মেডিকেল শিক্ষা আৰু  গৱেষণা বিভাগ আৰু আৱন্টন নকৰা বিভাগসমূহ

ৰঞ্জিত কুমাৰ দাসঃ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, ন্যায়, পৰ্যটন আৰু সাধাৰণ প্ৰশাসন বিভাগ

অতুল বৰাঃ

কৃষি, আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন

উদ্যান শস্য, অসম চুক্তি ৰূপায়ন বিভাগ

কেশৱ মহন্তঃ

ৰাজহুৱা আৰু দুৰ্যোগ প্ৰশমন বিভাগ,

তথ্য আৰু প্ৰযুক্তি বিভাগ, বিজ্ঞান প্ৰযুক্তি আৰু বতৰ বিভাগ

ইউ জি ব্ৰহ্মঃ

হস্ততাঁত, বন আৰু চেৰিকালছাৰ বিভাগ, ভূমি সংৰক্ষণ বিভাগ আৰু বড়োলেণ্ড কল্যাণ বিভাগ

চন্দ্ৰমোহন পাটোৱাৰীঃ

এক্ট ইষ্ট পলিচী, পৰিৱেশ আৰু বন বিভাগ, সংসদীয় পৰিক্ৰমা বিভাগ

ৰণোজ পেগুঃ

শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন বিভাগ

অশোক সিংহলঃ

পৰিয়াল আৰু স্বাস্থ্য বিভাগ, জলসিঞ্চন বিভাগ

যোগেন মহনঃ

পাহাৰীয়া অঞ্চল বিভাগ, পৰিবহন বিভাগ, সমবায় বিভাগ, খিলঞ্জীয়া আৰু জনজাতি উন্নয়ন বিভাগ

অজন্তা নেওগঃ

বিত্ত, মহিলা আৰু শিশু উন্নয়ন বিভাগ

পীযুষ হাজৰীকাঃ

তথ্য আৰু জনসংযোগ বিভাগ, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগ আৰু জলসম্পদ বিভাগ

বিমল বৰাঃ

সাংস্কৃতিক বিভাগ আৰু উদ্যোগ বিভাগ

জয়ন্ত মল্ল বৰুৱাঃ

জনস্বাস্থ্য আৰু কাৰিকৰী, নগৰ আৰু চহৰ উন্নয়ন বিভাগ

নন্দিতা গাৰ্লোচাঃ

ক্ৰীড়া বিভাগ, সংখ্যালঘু আৰু লোকনিৰ্মাণ বিভাগ

প্ৰশান্ত ফুকনঃ

শক্তি বিভাগ, কাৰিকৰী কৌশল বিভাগ আৰু মেডিকেল শিক্ষা আৰু গৱেষণা বিভাগ

কৌশিক ৰায়ঃ

খাদ্য বিভাগ, খনি আৰু খনিজাত বিভাগ আৰু বৰাক উপত্যকা উন্নয়ন বিভাগ

কৃষ্ণেন্দু পালঃ

পশুপালন, মীন আৰু প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা

ৰূপেশ গোৱালাঃ

শ্ৰম বিভাগ, চাহ জনজাতি আৰু আদিবাসী উন্নয়ন বিভাগ, গৃহ বিভাগৰ কাৰাগাৰ, গৃহৰক্ষী আৰু অসামৰিক বিভাগ

সম্পন্ন হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক : কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল ?

-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ৯টা ডাঙৰ ঘোষণা

-জেলত থকা কয়দীৰ বাবে কেবিনেটে লৈছে ডাঙৰ সিদ্ধান্ত

-কয়দীৰ পৰিয়ালৰ কথা চিন্তা কৰি ক্ষতিপূৰণৰ ব্যৱস্থা

-৪ লাখ টকা পৰ্যন্ত পাব এই এককালীন ক্ষতিপূৰণ

-কয়দীৰ মাজত কাজিয়া হৈ কোনো কয়দীৰ মৃত্যু হ’লে পৰিয়ালে লাভ কৰিব ২ লাখ টকা

-কাৰাগাৰৰ কৰ্মচাৰীৰ প্ৰহাৰত কয়দীৰ মৃত্যু হ’লে পৰিয়ালে লাভ কৰিব ৩ লাখ টকা

-কাৰাগাৰৰ কৰ্মচাৰীৰ অৱহেলাত কয়দীৰ মৃত্যু হ’লে লাভ কৰিব ৪ লাখ টকা

-চিকিৎসা বিষয়া পেৰা মেডিকেল টীমৰ অৱহেলাত কয়দীৰ মৃত্যু হ’লে লাভ কৰিব ৪ লাখ টকা

-কোনো কয়দীয়ে চৰম সিদ্ধনাত ল’লে লাভ কৰিব ৩ লাখ টকা

-ইয়াৰ উপৰি বৰাক উপত্যকাৰ উন্নয়নৰ বাবে গঠন হ’ল নতুন বিভাগ

-শিলচৰ আৰু গুৱাহাটীত থাকিব বৰাক উপত্যকা উন্নয়নৰ কাৰ্যালয়

-৩টা ইথানল উৎপাদন প্ৰতিষ্ঠানক দিব ৰাজসাহাৰ্য

-হিমন্ত বিশ্ব শৰ্মা কেবিনেটে লৈছে এই ডাঙৰ সিদ্ধান্ত

‘গাহৰি মাংস বন্ধ কৰাৰ কোনো প্ৰশ্নই নাহে’ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

মাংস বিতৰ্কক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে ৰাজ্যৰ ৰাজনীতি । ইফালে কেবিনেট সিদ্ধান্তৰ পিছতে ৰাজ্যৰ হোটেলে হোটেলে চলিছে গো মাংসৰ বিৰুদ্ধে অভিযান । ইতিমধ্যে গুৱাহাটীত গো মাংসৰ বিৰুদ্ধে আৰম্ভ হৈছে বৃহৎ অভিযান । প্ৰশাসনে ছীল কৰিছে কেইবাখনো হোচেল । ইয়াৰ মাজতে গাহৰি মাংসক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ৰাজহুৱা অনুষ্ঠান, হোটেল, ৰেষ্টুঁৰা আদিত গো মাংস নিষিদ্ধ কৰাৰ পিছতে উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি । কেবিনেটত লোৱা এই সিদ্ধান্তৰ পিছতে ৰাজ্যৰ একাংশ ৰাজনৈতিক নেতাই গাহৰি মাংসও নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে । ইয়াৰ পিছতে আজি গাহৰি মাংস নিষিদ্ধ কৰাৰ দাবীৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ষ

তেওঁ জনায় কয়, ‘ৰাজ্যত বন্ধ নহয় গাহৰি মাংস । গাহৰি মাংস বন্ধ কৰাৰ কোনো প্ৰশ্নই নাহে । গাহৰি মাংস বন্ধৰ বিপৰীতে উৎপাদনহে বৃদ্ধি কৰা হ’ব । গাহৰি পালনৰ বাবে চৰকাৰে ইখনৰ পিছত সিখন আঁচনি যুগুত কৰিছে । গাহৰি মাংস হৈছে অৰ্থনৈতিক বিকাশ । গাহৰি পালনৰ বাবে আগন্তুক বাজেটত আৰু অধিক পুঁজি আৱন্টন কৰা হ’ব ।’

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘কোনো ধৰ্মত গাহৰিক মা বুলি কৈ যোৱা নাই । গাহৰি যদি বন্ধ কৰিব লাগে ছাগলীও বন্ধ কৰিব লাগিব ।‘ লগতে ‘কোনো কাৰণতে গাহৰি মাংস  উৎপাদন বন্ধ নহয়’ বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।

সলনি হ’ব বহু মন্ত্ৰীৰ নিজ নিজ দপ্তৰ , কেতিয়ালৈ দিব মন্ত্ৰীত্ব ? মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

আজি মন্ত্ৰী হিচাপে শপত ললে ৪ নতুন মন্ত্ৰীয়ে । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ কৰিলে বিধায়ক প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালে । তাৰ পিছতেই নতুন মন্ত্ৰীসভাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা।

মুখ্যমন্ত্ৰী গৰাকীয়ে দিয়া মন্তব্য অনুসৰি “পূৰ্বৰ বহু মন্ত্ৰীৰ সলনি হ’ব নিজ নিজ দপ্তৰ। নতুনকৈ শপত লোৱা ৪ মন্ত্ৰীক প্ৰদান কৰা হ’ব দায়িত্ব। নতুন ৪ গৰাকী মন্ত্ৰীয়ে শনিবাৰে শপত গ্ৰহণ কৰে যদিও সোমবাৰে বিতৰণ কৰা হ’ব দপ্তৰ” ।৪ নতুন মন্ত্ৰীৰ আগমনে মন্ত্ৰীসভাক সফল কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ।  

অসমৰ ৰাজহুৱা স্থানত নিষিদ্ধ হ’ল গো-মাংস ; কেবিনেটৰ বৃহৎ সিদ্ধান্ত

অসমৰ হোটেল-ৰেষ্টুৰেন্টত আজিৰ পৰা নিষিদ্ধ হ’ল গো-মাংস। এতিয়াৰে পৰা কোনো হোটেল-ৰেষ্টুৰেন্টত বিক্ৰী কৰিব নোৱাৰিব গো মাংস। ৰাজ্যিক কেবিনেটত আজি লোৱা হ’ল এই বৃহৎ সিদ্ধান্ত।

হোটেল-ৰেস্তোৰাৰৰ লগতে এতিয়াৰে পৰা কোনো ৰাজহুৱা স্থানত নচলিব গো মাংস। কেবিনেটৰ পিছত নতুন দিল্লীত এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰি কয় যে গো-মাংসক লৈ ডাঙৰ অভিযোগ আনিছিল ৰকিবুল হুছেইন, ভূপেন বৰাই। ৰকিবুল হুছেইন, ভূপেন বৰাৰ বিবৃতিৰ ওপৰত কেবিনেটৰ চলে পুংখানুপুংখ আলোচনা।

পূৰ্বে মন্দিৰৰ ৫ কিলোমিটাৰ পৰিসৰৰ ভিতৰত গোমাংস নিষিদ্ধ কৰা হৈছিল। এতিয়া সমগ্ৰ অসমতে সেয়া কাৰ্যকৰী হ’ব। পূৰ্বৰ আইনৰ ভিত্তিত নতুন সংযোজন কৰি অনা হৈছে এই সংশোধনী।

আনহাতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কথাও উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে “অহা ৭ তাৰিখে দিনৰ ১২ বজাত অসম মন্ত্ৰীসভাত এক সৰু সম্প্ৰসাৰণ হ’ব। কাইলৈ বা পৰহিলৈ ইয়াৰ সবিশেষ লাভ কৰিব। বৰাকৰ পৰা নিশ্চিতভাৱে স্থান পাব মন্ত্ৰীসভাত। এজনে পায় নে দুজনে পায় সেয়া চাব লাগিব। ইতিমধ্যে বিজেপি নেতৃত্বক এই সন্দৰ্ভত সবিশেষ তথ্য দাখিল কৰা হৈছে”।