“এক পইচাও নাপায়”; ইৰাণক তীক্ষ্ণ সমালোচনা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তিৰ প্ৰস্তাৱ সন্দৰ্ভত আজি ছুইজাৰলেণ্ডত আলোচনা হ’ব পাৰে। ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ উচ্চতম নেতাক তীক্ষ্ণ সমালোচনা কৰে।

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তিৰ সন্দৰ্ভত পৰৱৰ্তী আলোচনা শনিবাৰে চুইজাৰলেণ্ডত হ’ব পাৰে। ইয়াৰ বাবে ট্ৰাম্পৰ দূত ষ্টিভ ভিটকাফ চুইজাৰলেণ্ড অভিমুখে ৰাওনা হৈছে। ইয়াৰ লগতে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচীও আলোচনাৰ বাবে আজি তালৈ যাব। অৱশ্যে, তথ্য অনুসৰি ইয়াত এতিয়াও সালসলনি হ’ব পাৰে। আমেৰিকা আৰু ইৰাণৰ মাজত আলোচনাৰ প্ৰস্তুতি আৰম্ভ হোৱাৰ লগে লগে কাটাৰৰ প্ৰধানমন্ত্ৰী মহম্মদ বিন আব্দুল ৰহমান আল-থানী ইতিমধ্যে চুইজাৰলেণ্ডত উপস্থিত হৈছে। ৱাশ্বিংটন আৰু তেহৰানৰ মাজত আলোচনা সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত কাটাৰ অন্যতম গুৰুত্বপূৰ্ণ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে।

আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৰ্বোচ্চ নেতা মুজতবা খামেইনীৰ সেই বক্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, য’ত তেওঁ কৈছিল যে আমেৰিকা শান্তি চুক্তিৰ বাবে ব্যাকুল হৈ আছিল। ট্ৰাম্পে ছচিয়েল মিডিয়াত লিখিছে, “যুদ্ধই ইৰাণক দুৰ্বল কৰি পেলাইছে! আমি তেওঁলোকক কোনো বাধ্যবাধকতাত লগ কৰা নাছিলোঁ, ইৰাণেহে লগ কৰিছিল। তেওঁলোক শেষ হৈ গৈছে! আমি ৬০ দিন অপেক্ষা কৰিম। তেওঁলোকে কোনো পইচা নাপায়, এটকাও নাপায়!” ইয়াৰ লগতে ট্ৰাম্পে তেহৰানে এই চুক্তিৰ পৰা আৰ্থিকভাৱে লাভৱান হ’ব বুলি ওলোৱা খবৰো নাকচ কৰে।

লগতে পঢ়ক: হৰমুজ প্ৰণালীক লৈ নতুন নিৰ্দেশনা; ৪৮ ঘণ্টাৰ পূৰ্বেই সকলো জাহাজে দিব লাগিব অনুমতি পত্ৰ  

৪৮ ঘণ্টাৰ ভিতৰতে চুক্তিত বাধা! আমেৰিকা-ইৰাণৰ প্ৰথম পাৰমাণৱিক আলোচনা বাতিল

আমেৰিকা আৰু ইৰাণৰ শান্তি চুক্তিৰ মাত্ৰ দুদিন পিছতে অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন উচ্চ পৰ্যায়ৰ পাৰমাণৱিক আলোচনা স্থগিত ৰখা হৈছে।

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তিত স্বাক্ষৰ হোৱাৰ মাত্ৰ দুদিন পাছতেই পৰমাণু আলোচনাত প্ৰথমটো আঘাত লাগিছে। ছুইজাৰলেণ্ডত এই সপ্তাহান্তত হ’বলগীয়া দুয়োখন দেশৰ প্ৰথমখন উচ্চস্তৰীয় বৈঠক হঠাতে স্থগিত ৰখা হৈছে। ইয়াৰ লগতে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জেডি ভেঞ্চৰ ভ্ৰমণসূচীও বাতিল কৰা হৈছে। এতিয়া সকলোৰে দৃষ্টি পৰৱৰ্তী ৬০ দিনৰ সেই আলোচনাৰ ওপৰত থিতাপি লৈছে, য’ত ইৰাণৰ পৰমাণু কাৰ্যসূচী আৰু আঞ্চলিক উত্তেজনাৰ ওপৰত এক স্থায়ী চুক্তিত উপনীত হোৱাৰ চেষ্টা কৰা হ’ব।

হোৱাইট হাউচৰ মতে, জেডি ভেঞ্চ আৰু তেওঁৰ প্ৰতিনিধি দলটো আলোচনাৰ বাবে সম্পূৰ্ণ সাজু আছিল, কিন্তু ব্যৱস্থাপনাজনিত কাৰণত বৈঠকখন নিশ্চিত কৰিব পৰা নগ’ল। সেইবাবেই তেওঁ আজি ছুইজাৰলেণ্ডলৈ নোযোৱাকৈ আমেৰিকাতে থাকিব।

মুখপাত্ৰগৰাকীয়ে কয় যে আমেৰিকাৰ প্ৰতিনিধি দলটো আলোচনাৰ বাবে সম্পূৰ্ণ সাজু হৈ আছে আৰু তাৰিখ তথা ব্যৱস্থাসমূহ চূড়ান্ত হোৱাৰ লগে লগেই ৰাওনা হ’বলৈ প্ৰস্তুত থাকিব। অৱশ্যে তেওঁ স্বীকাৰ কৰে যে আমেৰিকা আৰু ইৰাণৰ মাজত হ’বলগীয়া এই কাৰিকৰী আলোচনাসমূহৰ ব্যৱস্থাপনা কেতিয়াও সহজ বা পূৰ্বনিৰ্ধাৰিত নাছিল। বিবৃতিত কোৱা হৈছে “এই বৈঠকসমূহৰ ব্যৱস্থাপনা কেতিয়াও সৰল নাছিল।”

লেবাননত ইজৰাইলৰ সামৰিক অভিযানৰ বাবে ইৰাণে ছুইজাৰলেণ্ডলৈ নিজৰ প্ৰতিনিধি দল প্ৰেৰণ কৰাত পলম কৰিছে বুলি দাবী কৰা বাতৰিৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বুধবাৰে ভাৰ্চাই পেলেচত এক নৈশভোজৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁৰ মাজত প্ৰাৰম্ভিক চুক্তিত স্বাক্ষৰ হৈছিল, আনহাতে ইৰাণেও সুকীয়া নথি-পত্ৰত স্বাক্ষৰ কৰিছিল। চুক্তি অনুসৰি ইৰাণে আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষণৰ অধীনত নিজৰ উচ্চ সমৃদ্ধ ইউৰেনিয়ামৰ ভাণ্ডাৰ হ্ৰাস কৰিব লাগিব। পৰমাণু অস্ত্ৰ বিকশিত নকৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰিব লাগিব।

অৱশ্যে আন কেইবাটাও বিষয়ত এতিয়াও আলোচনা হ’বলৈ বাকী আছে। খবৰ অনুসৰি, ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ মজাতবা খামেইনী আমেৰিকাৰ সৈতে প্ৰত্যক্ষ আলোচনাৰ প্ৰতি সমৰ্থন আগবঢ়াইছে।

বিশ্লেষকসকলৰ মতে, শেহতীয়া ঘটনাৱলীয়ে ইৰাণক আলোচনাত তুলনামূলকভাৱে শক্তিশালী স্থিতিত ৰাখিছে, কিয়নো ইৰাণে হৰমুজ প্ৰণালীৰ মাধ্যমৰ সৈতে জড়িত পৰিস্থিতিক প্ৰভাৱিত কৰি গোলকীয় অৰ্থনৈতিক চাপ সৃষ্টি কৰিছে।

আনহাতে, আমেৰিকাত এই চুক্তিক লৈ ৰাজনৈতিক মতভেদো প্ৰকাশ পাইছে। একাংশ ৰিপাব্লিকান সাংসদে আশংকা ব্যক্ত কৰিছে যে এই চুক্তিৰ জৰিয়তে ইৰাণক বৃহৎ অৰ্থনৈতিক ৰেহাই দিয়া হৈছে। বিশেষজ্ঞসকলে কৈছে যে অনাগত সপ্তাহসমূহত হ’বলগীয়া এই আলোচনাই আমেৰিকা-ইৰাণ সম্পৰ্কৰ দিশ নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

লগতে পঢ়ক: ‘সন্ত্ৰাসবাদ আৰু সহযোগিতা একেলগে চলিব নোৱাৰে’; ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

“ইৰাণ-আমেৰিকাৰ শান্তি চুক্তি সম্পন্ন, শুকুৰবাৰৰ পৰা মুকলি হ’ব হৰমুজ প্ৰণালী” ; ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ইৰাণ আৰু আমেৰিকাৰ মাজত শান্তি চুক্তি সম্পন্ন হৈছে।১৯ জুনত দুয়োখন দেশৰ মাজত চুক্তি স্বাক্ষৰিত হ’ব।শুকুৰবাৰৰ পৰা হৰমুজ প্ৰণালী সকলোৰে বাবে মুকলি হ’ব।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে শান্তি চুক্তিত উপনীত হোৱা বুলি দাবী কৰিছে। তেওঁ কয় যে শান্তি চুক্তিত স্বাক্ষৰ হোৱাৰ পিছত হৰমুজ প্ৰণালীক কোনো টোল টেক্স অবিহনেই খোলাৰ অনুমতি দিয়া হৈছে। তেওঁ লগতে জানিবলৈ দিয়ে যে অহা ১৯ জুনত দুয়োখন দেশে এই চুক্তিত স্বাক্ষৰ কৰিব। অৱশ্যে, ইৰাণৰ ফালৰ পৰা এই চুক্তিৰ সন্দৰ্ভত বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া অহা নাই।

ইয়াৰ পূৰ্বেও ট্ৰাম্পে দাবী কৰিছিল যে ইৰাণে চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু হৈছে। নিউক্লিয়াৰ প্ৰগ্ৰেম, তেল নিষেধাজ্ঞা, জব্দ কৰা সম্পত্তি আৰু হৰমুজ সংক্ৰান্তীয় বিষয়সমূহৰ ওপৰত সহমত প্ৰকাশ পাইছে; কিন্তু ইৰাণে ট্ৰাম্পৰ এই দাবীক মিছা বুলি অভিহিত কৰিছিল। ইৰাণৰ মতে, ট্ৰাম্পে প্ৰথমে ২৪ বিলিয়ন ডলাৰৰ পুঁজি প্ৰদান কৰিব লাগিব, তাৰ পিছতহে চুক্তিত স্বাক্ষৰ কৰা হ’ব।

আমেৰিকা আৰু ইৰাণৰ মাজত বিগত ১০৭ দিন ধৰি যুদ্ধ চলি আছে। এই যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ষ্ট্ৰেইট অব্ হৰমুজও বন্ধ হৈ আছে। এই স্থানৰ পৰাই বিশ্বৰ তেল যোগানৰ ২০ শতাংশ অংশ পাৰ হয়। এই প্ৰণালীটো খোল খাই উঠিলে ভাৰতকে ধৰি কেইবাখনো দেশত তেলৰ যোগান পুনৰ আৰম্ভ হ’ব আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম হ্ৰাস পাব।

ড’নাল্ড ট্ৰাম্পে দেওবাৰে সন্ধিয়া ‘ট্ৰুথ ছ’চিয়েল’ত এই শান্তি চুক্তিৰ কথা ঘোষণা কৰে, যাৰ ফলত গোলকীয় শক্তি বজাৰৰ ওপৰত থকা চাপ কিছু পৰিমাণে হ্ৰাস পায়। বিষয়াসকলে জনোৱা মতে, অহা ১৯ জুনত চুইজাৰলেণ্ডত এই শান্তি চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰা হ’ব।

ট্ৰাম্পে কয়,”ইছলামিক ৰিপাব্লিক অব্ ইৰাণৰ সৈতে চুক্তি এতিয়া সম্পূৰ্ণ হৈছে। সকলোকে অভিনন্দন।” তেওঁ লগতে কয় যে ইয়াৰ ফলত হৰমুজ প্ৰণালী পুনৰ খোল খাব আৰু ইৰাণী বন্দৰসমূহত থকা আমেৰিকাৰ নৌসেনাৰ অৱৰোধ সমাপ্ত হ’ব। ট্ৰাম্পে কয়, “মই হৰমুজ প্ৰণালীক সম্পূৰ্ণৰূপে টোল-ফ্ৰী কৰি খোলাৰ অনুমতি দিছোঁ আৰু ইয়াৰ লগে লগে ইউনাইটেড ষ্টেটছ নেভেল ব্লকেডও তৎকালিনভাৱে প্ৰত্যাহাৰ কৰাৰ অনুমোদন জনাইছোঁ। বিশ্বৰ জাহাজসমূহ, আপোনালোকৰ ইঞ্জিন চলাই দিয়ক। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেল সস্তা হ’ব!”

অৱশ্যে, পৰৱৰ্তী এটা পোষ্টত ট্ৰাম্পে উল্লেখ কৰে যে চুক্তিত আনুষ্ঠানিক স্বাক্ষৰ হোৱাৰ পিছত শুক্ৰবাৰেহে হৰমুজ প্ৰণালী খোল খাব।

যিটো দিনত ট্ৰাম্পৰ বয়স ৮০ বছৰ হ’ল, সেই দিনাই এই চুক্তি চূড়ান্ত হোৱাৰ ফলত যুদ্ধ আৰু কূটনীতিৰ এটা উত্তাল সপ্তাহৰ অন্ত পৰিল। এই সপ্তাহটোত আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ চলাইছিল আৰু ট্ৰাম্পে ইৰাণৰ তেল ৰপ্তানিৰ প্ৰধান কেন্দ্ৰ ‘খাৰ্গ আইলেণ্ড’ (Kharg Island) নিজৰ নিয়ন্ত্ৰণলৈ আনিব বুলি ভাবুকি দিছিল। অৱশ্যে, অন্তিম মূহূৰ্তত তেওঁ এই ভাবুকি প্ৰত্যাহাৰ কৰে।

ট্ৰাম্পে কয়,”এই মহান চুক্তিৱে সমগ্ৰ অঞ্চলটোলৈ শান্তি আৰু নিৰাপত্তা কঢ়িয়াই আনিব। আমেৰিকাৰ কেইবাজনো ৰাষ্ট্ৰপতিয়ে ইৰানৰ সৈতে শান্তি স্থাপনৰ চেষ্টা কৰিছিল, কিন্তু মোৰ পূৰ্বৰ সকলোৱেই ব্যৰ্থ হৈছিল। এই অঞ্চলৰ নেতাসকলে প্ৰথমবাৰৰ বাবে এনে এজন ৰাষ্ট্ৰপতি পাইছে যিয়ে তেওঁলোকক প্ৰকৃত শান্তি লাভ কৰাত সহায় কৰিব পাৰে। শুক্ৰবাৰে চুক্তিত স্বাক্ষৰ হোৱাৰ পিছত প্ৰণালীটো খোল খোৱা আৰু মাইনসমূহ আঁতৰোৱাৰ ফলত বিশ্বৰ বাবে পুনৰ দুয়োফালে তেলৰ প্ৰবাহ আৰম্ভ হ’ব।”

উল্লেখযোগ্য যে, আমেৰিকা আৰু ইজৰাইলে ২৮ ফেব্ৰুৱাৰীত ইৰাণৰ ওপৰত আক্ৰমণ চলাইছিল, য’ত তেহৰানে নিজৰ কেইবাজনো শীৰ্ষ নেতৃত্বক হেৰুৱাইছিল। ইয়াৰ ভিতৰত উচ্চতম নেতা  আয়াতুল্লাহ আলী খামেইনী, উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানী, ইছলামিক ৰিভলিউশ্বনেৰী গাৰ্ড কৰ্পছৰ কমাণ্ডাৰ মহম্মদ পাকপুৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাছিৰজাদেহ আৰু অন্যান্যসকল অন্তৰ্ভুক্ত আছিল। খামেইনীৰ পুত্ৰ মোজতবা এতিয়া ইৰানৰ নতুন উচ্চতম নেতা, কিন্তু যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা তেওঁক ৰাজহুৱাভাৱে দেখা পোৱা হোৱা নাই।

লগতে পঢ়ক: ‘ধুৰন্ধৰ’ৰ গীতেৰে প্ৰধানমন্ত্ৰী মোদীক আদৰিলে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে

আমেৰিকা-ইৰাণৰ চুক্তিত আজি লাগিব মোহৰ! সকলোৰে বাবে মুকলি হ’ব হৰমুজ প্ৰণালী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে চলি থকা যুদ্ধৰ অন্ত পেলাবলৈ দেওবাৰে শান্তি চুক্তি স্বাক্ষৰিত হ’ব বুলি দাবী কৰিছে।

ইৰাণ আৰু আমেৰিকাৰ মাজত শান্তি চুক্তি আজি স্বাক্ষৰিত হ’ব পাৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু মুখ্য মধ্যস্থতাকাৰী পাকিস্তানে শনিবাৰে এই কথা প্ৰকাশ কৰিছে। ইৰাণেও স্বীকাৰ কৰিছে যে আমেৰিকাৰ সৈতে চুক্তিক লৈ আলোচনা ইতিবাচক দিশেৰে আগবাঢ়িছে, কিন্তু দেওবাৰেই চুক্তিখন হ’ব বুলি নিশ্চিত কৰা নাই। ইৰাণে ইংগিত দিছে যে এই চুক্তিখনত অধিক সময় লাগিব পাৰে। যাৰ বাবে দেওবাৰে চুক্তি হোৱাটো কঠিন যেন দেখা গৈছে। অৰ্থাৎ, চুক্তিত স্বাক্ষৰ হ’বলৈ এতিয়াও কিছু দিনৰ সময় লাগিব পাৰে।

ড’নাল্ড ট্ৰাম্পে কয় যে দেওবাৰে চুক্তিত স্বাক্ষৰ হোৱাৰ লগে লগে হৰমুজ প্ৰণালী সকলো জাহাজৰ বাবে সম্পূৰ্ণৰূপে মুকলি হৈ পৰিব। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে শনিবাৰে কয় যে ২৪ ঘণ্টাৰ ভিতৰত চুক্তিখনে চূড়ান্ত ৰূপ পোৱাৰ আশা আছে। তেওঁ ইংগিত দিয়ে যে দেওবাৰেই এই চুক্তিত স্বাক্ষৰ হ’ব পাৰে।

“এই চুক্তিত কাইলৈ স্বাক্ষৰ হোৱাৰ কথা আছে আৰু স্বাক্ষৰ হোৱাৰ লগে লগেই হৰমুজ প্ৰণালী সকলোৰে বাবে মুকলি হ’ব। পূৰ্বৰ চৰকাৰসমূহৰ তুলনাত ইৰাণৰ সৈতে আমাৰ সম্পৰ্ক বহুত বেলেগ আৰু উন্নত। এইবাৰ কোনো ধৰণৰ টকা-পইচাৰ লেনদেন নহয়।”

ইৰাণৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘাইয়ে চৰকাৰী সংবাদ মাধ্যমত দিয়া এক বিবৃতিত কয় যে দেওবাৰে স্বাক্ষৰ নহয়, কিন্তু অহা দিনবোৰত বুজাবুজিৰ চুক্তি (MoU)খন চূড়ান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইছমাইলে কয় যে বুজাবুজিৰ চুক্তিখনক লৈ আলোচনা চলি আছে, যাৰ উদ্দেশ্য হৈছে যুদ্ধ সমাপ্ত কৰা।

ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে জনাইছে যে আমেৰিকা আৰু ইৰাণৰ মাজৰ বুজাবুজিৰ চুক্তিখন দেৰৰ পৰা দুটা পৃষ্ঠাৰ আৰু ১৪টা পইণ্টৰ এখন দস্তাবেজ। ইয়াক লৈ দুয়োপক্ষৰ মাজত দুমাহতকৈও অধিক সময় ধৰি আলোচনা চলিছে। ইৰাণৰ ‘ছুপ্ৰিম নেচনেল ছিকিউৰিটি কাউন্সিল’ আৰু সামৰিক নেতৃত্বই চুক্তিখনৰ প্ৰতিটো শাৰী পৰ্যালোচনা কৰিছে। আৰাঘচিয়ে চুক্তিখনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত কি কি হ’ব সেই বিষয়েও বুজাই দিছে।

আৰাঘচিয়ে কয় যে এই বুজাবুজিৰ চুক্তিত ডিজিটেল পদ্ধতিৰে দূৰৰ পৰাই স্বাক্ষৰ কৰা হ’ব। ইয়াত যৌথ ঘোষণাৰ পূৰ্বে দুয়োপক্ষই সুকীয়া সুকীয়াকৈ স্বাক্ষৰ কৰিব। শুক্ৰবাৰে জাৰি কৰা নিজৰ বিবৃতিত আৰাঘচিয়ে কয় যে চুক্তিখনে অহা ১-২ দিন বা কেইদিনমানৰ ভিতৰত চূড়ান্ত ৰূপ পাব পাৰে।

লগতে পঢ়ক: ‘ভাৰতীয় জাহাজত আক্ৰমণ সহ্য কৰা নহ’ব’; ইৰাণক সকীয়নি ট্ৰাম্পৰ

ইৰাণৰ সৈতে আলোচনাৰ মাজতে আমেৰিকাৰ ডাঙৰ পদক্ষেপ; IRGCৰ নাও আৰু মিছাইল উৎক্ষেপণ স্থানত আক্ৰমণ

শান্তি আলোচনাৰ মাজতে আমেৰিকান সেনাই দক্ষিণ ইৰাণত আত্মৰক্ষাৰ বাবে এক বৃহৎ আক্ৰমণ চলাইছে। এই অভিযানত ইৰাণৰ ক্ষেপণাস্ত্ৰ উৎক্ষেপণ স্থান আৰু মাইন স্থাপন কৰা নাওক লক্ষ্য কৰি লোৱা হৈছিল।

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি সন্দৰ্ভত গুৰুতৰ আলোচনা চলি থকাৰ সময়তে, দক্ষিণ ইৰাণত ‘আত্মৰক্ষা’ৰ উদ্ধৃতি দি আমেৰিকাৰ সেনাই বৃহৎ সামৰিক আক্ৰমণ চলাইছে। আমেৰিকাই ইৰাণৰ লক্ষ্যস্থানত আক্ৰমণ চলাইছিল, য’ত নাৱেৰে মাইন আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা স্থানত আক্ৰমণ চলাইছিল।তেওঁ ইয়াক প্ৰতিৰক্ষামূলক কাৰ্য্য বুলি অভিহিত কৰিছে। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে এক বিবৃতিত কয় যে ইৰাণী সেনাবাহিনীৰ ভাবুকিৰ পৰা আমাৰ সৈন্যক ৰক্ষা কৰিবলৈ এই আক্ৰমণ সংঘটিত কৰা হৈছে।

আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ মুখপাত্ৰ কেপ্তেইন টিম হকিন্সে আনুষ্ঠানিকভাৱে এই আক্ৰমণ নিশ্চিত কৰিছে। চেণ্টকমৰ মুখপাত্ৰ নৌসেনাৰ কেপ্তেইন টিম হকিন্সে কয় যে, তেওঁ কয় যে, ইৰাণৰ সেনাই সৃষ্টি কৰা তাৎক্ষণিক ভাবুকিৰ পৰা নিজৰ সৈন্যক ৰক্ষা কৰিবলৈ আমেৰিকাৰ সেনাই আজি আত্মৰক্ষাৰ বাবে দক্ষিণ ইৰাণত এই আক্ৰমণ চলাইছে।।অৱশ্যে চেণ্টকমে এইটোও স্পষ্ট কৰি দিছে যে আমেৰিকাৰ কমাণ্ডে বৰ্তমানৰ যুদ্ধবিৰতিক সন্মান জনাইছে আৰু সংযম অব্যাহত ৰাখিছে, অৱশ্যে নিজৰ জোৱানৰ সুৰক্ষাৰ ক্ষেত্ৰত আপোচ নকৰো।এই আক্ৰমণটো এনে সময়ত সংঘটিত হৈছে,যেতিয়া ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাকাইয়ে কয় আমেৰিকাৰ সৈতে আলোচনাত কিছু অগ্ৰগতি হৈছে,অৱশ্যে যুদ্ধ শেষ কৰাৰ কোনো চুক্তি অতি সোনকালে হোৱাৰ সম্ভাৱনা নাই।

কেপ্তেইন হকিন্সে কয় যে এই আক্ৰমণৰ লক্ষ্য কৰি বান্দাৰ আব্বাছৰ ওচৰৰ এটা এলেকা আছিল,যিখন দক্ষিণৰ বন্দৰ চহৰ আৰু হৰমুজ জলদ্বীপত অৱস্থিত ইৰাণৰ নৌসেনাৰ ঘাটি।

বিফল শান্তি চুক্তি ! গাজাত পুনৰ ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক

বিফল শান্তি চুক্তি !

অৱশেষত বিফল হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ গাজা শান্তি চুক্তি । পুনৰবাৰ গাজাত বিমান আক্ৰমণ চলালে ইজৰাইলে । প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে গাজাত ব্যাপক আক্ৰমণৰ নিৰ্দেশ দিয়ে । হামাছে বাৰে বাৰে কৰা আক্ৰমণৰ বাবেই তেওঁ এই পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ পাইছে । ট্ৰাম্পে বিশ্বৰ বহু ডাঙৰ ডাঙৰ নেতাৰ সন্মুখত শান্তি চুক্তিৰ মধ্যস্থতা কৰিছিল যদিও এতিয়া এই চুক্তি অৰ্থহীন হৈ পৰিছে ।

ইজৰাইলৰ সেনাই এতিয়াও আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই যদিও প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ে কয় যে তেওঁ “তাৎক্ষণিক আৰু শক্তিশালী প্ৰতিশোধ”ৰ নিৰ্দেশ দিছে । ইজৰাইলৰ এজন সামৰিক বিষয়াই কয় যে হামাছে ইজৰাইল বাহিনীক আক্ৰমণ কৰি যুদ্ধবিৰতি উলংঘা কৰিছে ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ইজৰাইলৰ এই আক্ৰমণত এতিয়ালৈকে ৩৩ জন লোকৰ মৃত্যু হৈছে । লগতে আন কেইবাজনো আহত হৈ চিকিৎসালয়ত ভৰ্তি হৈছে । প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে হামাছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে হামাছে ইজৰাইলী সৈন্যক আক্ৰমণ কৰিছিল আৰু পণবন্দীসকলক ঘূৰাই দিয়াৰ চৰ্ত উলংঘা কৰিছিল । আনহাতে হামাছে কোনো ধৰণৰ আক্ৰমণ চলোৱা নাছিল বা শান্তি চুক্তি উলংঘা কৰা নাই বুলি দাবী কৰিছে ।

লগতে পঢ়ক : সমাধান নোলাল! পৰস্পৰক দোষাৰোপ কৰি আফগানিস্তান-পাকিস্তানে সামৰিলে শান্তি আলোচনা