আমেৰিকা-ইৰাণৰ চুক্তিত আজি লাগিব মোহৰ! সকলোৰে বাবে মুকলি হ’ব হৰমুজ প্ৰণালী

আমেৰিকা-ইৰাণৰ চুক্তিত আজি লাগিব মোহৰ! সকলোৰে বাবে মুকলি হ’ব হৰমুজ প্ৰণালী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে চলি থকা যুদ্ধৰ অন্ত পেলাবলৈ দেওবাৰে শান্তি চুক্তি স্বাক্ষৰিত হ’ব বুলি দাবী কৰিছে। ইৰাণ আৰু আমেৰিকাৰ মাজত শান্তি চুক্তি আজি স্বাক্ষৰিত হ’ব পাৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু মুখ্য মধ্যস্থতাকাৰী পাকিস্তানে শনিবাৰে এই কথা প্ৰকাশ কৰিছে। ইৰাণেও স্বীকাৰ কৰিছে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে চলি থকা যুদ্ধৰ অন্ত পেলাবলৈ দেওবাৰে শান্তি চুক্তি স্বাক্ষৰিত হ’ব বুলি দাবী কৰিছে।

ইৰাণ আৰু আমেৰিকাৰ মাজত শান্তি চুক্তি আজি স্বাক্ষৰিত হ’ব পাৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু মুখ্য মধ্যস্থতাকাৰী পাকিস্তানে শনিবাৰে এই কথা প্ৰকাশ কৰিছে। ইৰাণেও স্বীকাৰ কৰিছে যে আমেৰিকাৰ সৈতে চুক্তিক লৈ আলোচনা ইতিবাচক দিশেৰে আগবাঢ়িছে, কিন্তু দেওবাৰেই চুক্তিখন হ’ব বুলি নিশ্চিত কৰা নাই। ইৰাণে ইংগিত দিছে যে এই চুক্তিখনত অধিক সময় লাগিব পাৰে। যাৰ বাবে দেওবাৰে চুক্তি হোৱাটো কঠিন যেন দেখা গৈছে। অৰ্থাৎ, চুক্তিত স্বাক্ষৰ হ’বলৈ এতিয়াও কিছু দিনৰ সময় লাগিব পাৰে।

ড’নাল্ড ট্ৰাম্পে কয় যে দেওবাৰে চুক্তিত স্বাক্ষৰ হোৱাৰ লগে লগে হৰমুজ প্ৰণালী সকলো জাহাজৰ বাবে সম্পূৰ্ণৰূপে মুকলি হৈ পৰিব। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে শনিবাৰে কয় যে ২৪ ঘণ্টাৰ ভিতৰত চুক্তিখনে চূড়ান্ত ৰূপ পোৱাৰ আশা আছে। তেওঁ ইংগিত দিয়ে যে দেওবাৰেই এই চুক্তিত স্বাক্ষৰ হ’ব পাৰে।

“এই চুক্তিত কাইলৈ স্বাক্ষৰ হোৱাৰ কথা আছে আৰু স্বাক্ষৰ হোৱাৰ লগে লগেই হৰমুজ প্ৰণালী সকলোৰে বাবে মুকলি হ’ব। পূৰ্বৰ চৰকাৰসমূহৰ তুলনাত ইৰাণৰ সৈতে আমাৰ সম্পৰ্ক বহুত বেলেগ আৰু উন্নত। এইবাৰ কোনো ধৰণৰ টকা-পইচাৰ লেনদেন নহয়।”

ইৰাণৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘাইয়ে চৰকাৰী সংবাদ মাধ্যমত দিয়া এক বিবৃতিত কয় যে দেওবাৰে স্বাক্ষৰ নহয়, কিন্তু অহা দিনবোৰত বুজাবুজিৰ চুক্তি (MoU)খন চূড়ান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইছমাইলে কয় যে বুজাবুজিৰ চুক্তিখনক লৈ আলোচনা চলি আছে, যাৰ উদ্দেশ্য হৈছে যুদ্ধ সমাপ্ত কৰা।

ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে জনাইছে যে আমেৰিকা আৰু ইৰাণৰ মাজৰ বুজাবুজিৰ চুক্তিখন দেৰৰ পৰা দুটা পৃষ্ঠাৰ আৰু ১৪টা পইণ্টৰ এখন দস্তাবেজ। ইয়াক লৈ দুয়োপক্ষৰ মাজত দুমাহতকৈও অধিক সময় ধৰি আলোচনা চলিছে। ইৰাণৰ ‘ছুপ্ৰিম নেচনেল ছিকিউৰিটি কাউন্সিল’ আৰু সামৰিক নেতৃত্বই চুক্তিখনৰ প্ৰতিটো শাৰী পৰ্যালোচনা কৰিছে। আৰাঘচিয়ে চুক্তিখনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত কি কি হ’ব সেই বিষয়েও বুজাই দিছে।

আৰাঘচিয়ে কয় যে এই বুজাবুজিৰ চুক্তিত ডিজিটেল পদ্ধতিৰে দূৰৰ পৰাই স্বাক্ষৰ কৰা হ’ব। ইয়াত যৌথ ঘোষণাৰ পূৰ্বে দুয়োপক্ষই সুকীয়া সুকীয়াকৈ স্বাক্ষৰ কৰিব। শুক্ৰবাৰে জাৰি কৰা নিজৰ বিবৃতিত আৰাঘচিয়ে কয় যে চুক্তিখনে অহা ১-২ দিন বা কেইদিনমানৰ ভিতৰত চূড়ান্ত ৰূপ পাব পাৰে।

লগতে পঢ়ক: ‘ভাৰতীয় জাহাজত আক্ৰমণ সহ্য কৰা নহ’ব’; ইৰাণক সকীয়নি ট্ৰাম্পৰ

শেহতীয়া প্ৰৱন্ধসমূহ