বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ; বন্দে ভাৰত ৰে’লৰ খুন্দাত ৪ জনৰ মৃত্যু

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

শুকুৰবাৰে পুৱা বিহাৰৰ পূৰ্ণিয়া জিলাত এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়।  চহৰখনৰ সমীপত বন্দে ভাৰত এক্সপ্ৰেছৰ খুন্দাত চাৰিজন লোক নিহত হয়।

গুৰুতৰভাৱে আহত দুজন লোকক চিকিৎসাৰ বাবে পূৰ্ণিয়া চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

বিষয়াসকলৰ মতে, আটাইকেইজন লোক দুৰ্গা পূজাৰ মেলাৰ পৰা উভতি আহিছিল।সেই সময়তে জোগবাণী-দনাপুৰ বন্দে ভাৰত এক্সপ্ৰেছৰ খুন্দা মাৰিলে তেওঁলোকক।

পুৱা প্ৰায় ৪:৪০ বজাত জগবানীৰ পৰা পাটনা অভিমুখী ভাণ্ডে ভাৰত এক্সপ্ৰেছ ৰে’লখন পূৰ্ণিয়া জংচনৰ মাজেৰে পাৰ হৈ যায়।

দুৰ্ঘটনাটোৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰাই। ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক: ৫ বছৰৰ পিছত পুনৰ আৰম্ভ হ’ব ভাৰত আৰু চীনৰ মাজত পোনপটীয়া বিমান সেৱা…

বিহাৰ নিৰ্বাচনৰ পূৰ্বে ECৰ নতুন নিৰ্দেশনা; থাকিব লাগিব প্ৰাৰ্থীৰ ৰঙীন ফটো, ইভিএমত ক্ৰমিক নম্বৰ

বিহাৰ নিৰ্বাচনৰ পূৰ্বে ECৰ নতুন নিৰ্দেশনা

আগন্তুক সপ্তাহত বিহাৰত বিধানসভা নিৰ্বাচনত ভোটদান কৰা হ’ব।নিৰ্বাচন আয়োগে এতিয়াও ঘোষণা কৰা নাই তাৰিখ।

অৱশ্যে ভোটদানৰ তাৰিখ ঘোষণাৰ পূৰ্বে নতুন নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে।নিৰ্বাচনী আয়োগে বিহাৰৰ পৰা আৰম্ভ কৰিছে এক নতুন পৰীক্ষা,ইয়াৰ অধীনত ইভিএমৰ বেলট পেপাৰত এতিয়াৰে পৰা প্ৰাৰ্থীৰ ৰঙীন ফটো থাকিব।ইয়াৰ পূৰ্বে ফটোবোৰ ক’লা-বগা আছিল।

নিৰ্বাচন আয়োগে এই নিৰ্দেশনা জাৰি কৰিছে,ইয়াৰ অধীনত এতিয়া ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ৰ বেলট পেপাৰত প্ৰাৰ্থীৰ ফটো ৰঙীনভাৱে ছপা কৰা হ’ব।এই পৰীক্ষাটো প্ৰথমে বিহাৰত কৰা হৈছে,পিছত আন ৰাজ্যতো ইয়াক কাৰ্যকৰী কৰা হ’ব।

নতুন পৰিৱৰ্তনৰ অধীনত প্ৰাৰ্থীৰ মুখখনে বেলট পেপাৰৰ তিনি চতুৰ্থাংশ দখল কৰিব।ইয়াৰ ফলত ভোটাৰক চিনাক্ত কৰাত সহজ হ’ব।

ইয়াৰ উপৰিও ক্ৰমিক নম্বৰটোকো আগৰ তুলনাত অধিক প্ৰাধান্য দিয়া হ’ব।ইয়াৰ দ্বাৰা নিৰ্বাচনত স্বচ্ছতা বৃদ্ধিৰ লগতে ভোটাৰৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই নতুন পৰিৱৰ্তনে নিৰ্বাচনী প্ৰক্ৰিয়াক অধিক গণতান্ত্ৰিক কৰি তুলিব,নিৰ্বাচনক ন্যায্য আৰু সহজ কৰি তোলাৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

লগতে পঢ়ক: ভাৰতত চলিব ভাৰতীয় আইন, অনুপ্ৰৱেশ বন্ধ কৰাটো এন ডি এৰ দায়িত্ব… পূৰ্ণিয়াত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

ভাৰতত চলিব ভাৰতীয় আইন, অনুপ্ৰৱেশ বন্ধ কৰাটো এন ডি এৰ দায়িত্ব… পূৰ্ণিয়াত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

ভাৰতত চলিব ভাৰতীয় আইন, অনুপ্ৰৱেশ বন্ধ কৰাটো এন ডি এৰ দায়িত্ব

সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰক উপহাৰ দিলে ৩৬ হাজাৰ কোটি টকাৰ কেইবাটাও প্ৰকল্প । তেওঁ পূৰ্ণিয়া বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধনৰ লগতে বহু প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । ইয়াৰ মাজতে তেওঁ এখন ৰাজহুৱা সভাতো ভাষণ দিয়ে । সভাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পিছপৰাক অগ্ৰাধিকাৰ দিয়া আৰু দুখীয়াৰ সেৱা কৰাটোৱেই মোদীৰ লক্ষ্য । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ উন্নয়নৰ বাবে বিহাৰৰ উন্নয়ন প্ৰয়োজনীয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত ১১ বছৰত আমাৰ চৰকাৰে দৰিদ্ৰ লোকৰ বাবে ৪ কোটিৰো অধিক ঘৰ নিৰ্মাণ কৰিছে । এতিয়া আমি ৩ কোটি নতুন ঘৰ নিৰ্মাণৰ কাম কৰি আছো । প্ৰতিজন দুখীয়াই স্থায়ী ঘৰ নোপোৱালৈকে মোদী ৰৈ থাকিব বা থমকি ৰ’ব নোৱাৰে । পিছপৰাক অগ্ৰাধিকাৰ আৰু দুখীয়াৰ সেৱা, এয়াই মোদীৰ লক্ষ্য । ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছ আৰু আৰ জে ডিক তীব্ৰ লক্ষ্য কৰি লয় ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে অনুপ্ৰৱেশকাৰীক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে । অনুপ্ৰৱেশ বন্ধ কৰাটো এন ডি এৰ দায়িত্ব । তেওঁলোকৰ স্বেচ্ছাচাৰী কাৰ্য্যই ইয়াত কাম নকৰিব । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতত ভাৰতীয় আইন চলিব । অনুপ্ৰৱেশকাৰী ওলাই যাব লাগিব । বিহাৰৰ জনসাধাৰণে অপৰাধৰ পৰা মুক্তি বিচাৰে । বিহাৰৰ ৰাইজে বিৰোধীক উত্তৰ দিব । বিহাৰৰ জনসাধাৰণৰ আৰ জে ডিৰ জংঘলৰাজৰ বলি হৈছে । বিহাৰৰ জনসাধাৰণ এন ডি এৰ লগত আছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ উন্নয়নৰ বাবে বিহাৰৰ উন্নয়ন প্ৰয়োজনীয় আৰু বিহাৰৰ উন্নয়নৰ বাবে পূৰ্ণিয়া আৰু সীমাঞ্চলৰ উন্নয়ন প্ৰয়োজনীয় । আৰ জে ডি আৰু কংগ্ৰেছ চৰকাৰৰ অপশাসনৰ বাবে এই অঞ্চলটো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । কিন্তু এতিয়া এন ডি এ চৰকাৰে পৰিস্থিতি সলনি কৰিছে । এতিয়া এই অঞ্চলটো উন্নয়নৰ কেন্দ্ৰবিন্দু ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মই বিহাৰৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে ৰাষ্ট্ৰীয় মখানা ব’ৰ্ড গঠন কৰা হ’ব । কালি কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় মখানা ব’ৰ্ড গঠনৰ বাবে এক অধিসূচনা জাৰি কৰিছে । প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা হ’ব যাতে মখানা কৃষকে ভাল মূল্য পায় । আমাৰ চৰকাৰে মখানা খণ্ডৰ উন্নয়নৰ বাবে প্ৰায় ৪৭৫ কোটি টকাৰ আঁচনি অনুমোদন জনাইছে বুলি কয় প্ৰধানমন্ত্ৰী মোদীয়ে ।

লগতে পঢ়ক : ‘জুমলাৰ বৰষুণ কৰাবলৈ আহি আছে’; বিহাৰ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ তেজস্বী যাদৱৰ

 ‘B য়ে কেৱল বিড়ি নহয় বুদ্ধিও বুজাই, যিটো আপোনালোকৰ ওচৰত নাই’; পোষ্ট দি বিতৰ্কত কেৰেলা কংগ্ৰেছ

পোষ্ট দি বিতৰ্কত কেৰেলা কংগ্ৰেছ

বিহাৰৰ ৰাজনীতিত বৰ্তমান সময়ত এক হুলস্থুলৰ সৃষ্টি হৈছে।কেৰালা কংগ্ৰেছৰ এটা টুইটৰ ফলত বিহাৰত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে।

কেৰালা কংগ্ৰেছে নিজৰ অফিচিয়েল এক্স একাউণ্টত বিহাৰক বিড়িৰ সৈতে তুলনা কৰি ‘বি ফৰ বিহাৰ, বি ফৰ বিড়ি বুলি দিয়া পোষ্টৰ পিছতে হুলস্থুলৰ সৃষ্টি হৈছিল।

কেৰালা কংগ্ৰেছে বিড়িৰ GST ত লৈ দিয়া এই টুইট সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰ শ্বাহজাদ পুনাৱালাই কয়,কংগ্ৰেছে আকৌ এবাৰ সীমা অতিক্ৰম কৰিলে।

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃক গালি-গালাজ কৰাৰ পিছত কংগ্ৰেছে বিহাৰক বিড়িৰ সৈতে তুলনা কৰিছে।

তেওঁ লগতে কয় যে, ‘তেজস্বী যাদৱে এই কথাটো সমৰ্থন কৰে নেকি? ৰেৱন্ত ৰেড্ডীৰ পৰা ডি এম কে আৰু কংগ্ৰেছলৈকে বিহাৰৰ প্ৰতি তেওঁলোকৰ ঘৃণা স্পষ্টকৈ দেখা গৈছে।

JDU ৰ সাংসদ সঞ্জয় কুমাৰ ঝাই লিখিছে, ‘কংগ্ৰেছৰ আন এক অত্যন্ত লজ্জাজনক কাণ্ড!আপোনালোকক কওঁ যে B য়ে কেৱল বিড়ি নহয়, ই বুদ্ধিমত্তাকো বুজায়, যিটো আপোনাৰ নাই!

B ৰ পৰা বাজেটো হয়, , য’ত বিহাৰে বিশেষ সাহায্য পালে আপোনাৰ বিৰক্তি অনুভৱ হয়।বিহাৰক ঠাট্টা কৰাৰ দৰে নিকৃষ্ট কাম কৰি কংগ্ৰেছে কেৱল বিহাৰৰ জনসাধাৰণক আকৌ এবাৰ অপমান কৰাই নহয়,বৰঞ্চ দেশৰ গৌৰৱময় ইতিহাস আৰু গণতন্ত্ৰকো ঠাট্টা-মস্কৰা কৰা হৈছে’।

ঝাই আৰু লিখিছে যে, বিশ্বাস কৰক,বিহাৰৰ মহান জনতাই কংগ্ৰেছৰ দ্বাৰা বাৰে বাৰে কৰা অপমানৰ উপযুক্ত উত্তৰ আগন্তুক বিধানসভা নিৰ্বাচনত দিব, আৰু সেয়া বিড়িৰ ধোঁৱাৰ পৰা নহয়, ভোটৰ আঘাতৰ পৰা।

লগতে পঢ়ক: পশ্চিম বংগ বিধানসভাত প্ৰচণ্ড হুলস্থুল; ৫ বিজেপি বিধায়কক নিলম্বন

‘বিহাৰ চাণক্য-চন্দ্ৰগুপ্তৰ ভূমি,সংকল্প অসাৰ নাযাব’;প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য

‘বিহাৰ চাণক্য-চন্দ্ৰগুপ্তৰ ভূমি,সংকল্প অসাৰ নাযাব’

আজি বিহাৰৰ গয়াজীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনক বহু ডাঙৰ ডাঙৰ উপহাৰ দিলে। প্ৰধানমন্ত্ৰী মোদীয়ে বিদ্যুৎ, পথ, স্বাস্থ্য, নগৰ উন্নয়ন, পানী যোগান আদি বিভিন্ন খণ্ডত প্ৰায় ১৩ হাজাৰ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে।

এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়েও এই সমাৱেশত ভাষণ প্ৰদান কৰে। য’ত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল, “এই গয়াজীৰ ভূমি আধ্যাত্মিকতা আৰু শান্তিৰ ভূমি, এইখনেই পবিত্ৰ ভূমি যিয়ে ভগৱান বুদ্ধক জ্ঞান প্ৰদান কৰিছিল… ইয়াৰ ৰাইজে বিচাৰিছিল যে এই চহৰৰ নাম গয়া নহয়, গয়াজী হওক।

এই সিদ্ধান্তৰ বাবে ইয়াৰ চৰকাৰক অভিনন্দন জনাইছো। মই সুখী যে ইয়াত ডাবল ইঞ্জিন চৰকাৰে গয়াজীৰ দ্ৰুত বিকাশৰ বাবে দ্ৰুতগতিত কাম কৰি আছে।”

প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰতিজন আৰ্তজনৰ স্থায়ী ঘৰ নোপোৱালৈকে মোদীয়ে শান্তিৰে বহি নাথাকিব সেয়া মোৰ সংকল্প।

এই চিন্তাৰ প্ৰতি লক্ষ্য ৰাখি বিগত ১১ বছৰত ৪ কোটিৰো অধিক দৰিদ্ৰ লোকক স্থায়ী ঘৰ দিয়া হৈছে। কেৱল ইয়াতেই নিৰ্মাণ হৈছে ৩৮ লাখৰো অধিক ঘৰ…বিহাৰ চন্দ্ৰগুপ্ত মৌৰ্য আৰু চাণক্যৰ ভূমি… এই ভূমিত লোৱা প্ৰতিটো সংকল্প কেতিয়াও অসাৰ হৈ যোৱা নাই।

কাশ্মীৰৰ পহলগামত যেতিয়া সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল তেতিয়া আমাৰ নিৰীহ নাগৰিকক ধৰ্মৰ বিষয়ে সুধি হত্যা কৰা হৈছিল।

তেতিয়া মই কৈছিলোঁ যে এই বিহাৰৰ ভূমিৰ পৰা সন্ত্ৰাসবাদীক নিঃশেষ কৰা উচিত।আজি বিশ্বই দেখিছে যে বিহাৰৰ ভূমিত লোৱা সংকল্প পূৰণ হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অপাৰেচন সিন্দুৰে ভাৰতৰ প্ৰতিৰক্ষা নীতিত এক নতুন ৰেখা টানিলে, এতিয়া ভাৰতলৈ সন্ত্ৰাসবাদী প্ৰেৰণ কৰি আক্ৰমণ সংঘটিত কৰাৰ পিছতো কোনেও সাৰি যাব নোৱাৰিব।সন্ত্ৰাসবাদী যিমানেই গভীৰত লুকাই নাথাকক কিয়, ভাৰতৰ ক্ষেপণাস্ত্ৰই তেওঁলোকক কবৰ দিব।

লগতে পঢ়ক: ‘দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ভাৰত-ৰাছিয়াৰ সম্পৰ্ক আটাইতকৈ সুস্থিৰ’; পুটিনক সাক্ষাৎ এছ জয়শংকৰৰ

শোকাৱহ; বিহাৰত বিদ্যুৎস্পৃষ্ট হৈ  ব’ল বমলৈ যোৱা ৫ জনৰ মৃত্যু

বিহাৰত বিদ্যুৎস্পৃষ্ট হৈ  বল বমলৈ যোৱা ৫ জনৰ মৃত্যু

বিহাৰৰ ভাগলপুৰ জিলাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে।জিলাখনৰ শ্বাহকুণ্ড অঞ্চলত বল বমলৈ যোৱা এখন ডিজে ভান এটা খাৱৈত বাগৰি পৰে।

এই দুৰ্ঘটনাত এতিয়ালৈকে ৫ জন লোকৰ মৃত্যু হৈছে আৰু ৩ জন লোক গুৰুতৰভাৱে আহত হয়।জানিব পৰা মতে ডিজে ভানখনত মুঠ ৯ জন লোকে যাত্ৰা কৰিছিল।

এই দুৰ্ঘটনাটো তেতিয়া সংঘটিত হৈছিল যেতিয়া বল বমলৈ যোৱা এটা দলে ডিজেৰ সৈতে গংগা স্নান কৰিবলৈ চুলতাংগঞ্জলৈ গৈ আছিল।

বাটত ডিজে লৈ যোৱা ভানখনৰ ওপৰৰ অংশটোৱে ওপৰেৰে পাৰ হৈ যোৱা হাই ভল্টেজৰ বিদ্যুতৰ তাঁৰত স্পৰ্শ কৰিলে।

যাৰ ফলত ডিজে বাহনখনৰ মাজেৰে কাৰেণ্ট পাৰ হৈ যায়। ইয়াৰ পিছত চালকে নিয়ন্ত্ৰণ হেৰুৱাই ভানখন খাৱৈত পৰি যায়।

ভানখন খাৱৈত পৰি যোৱাৰ লগে লগে বহু লোক তাৰ ভিতৰত আবদ্ধ হৈ পৰে। কিছুমান মানুহে জপিয়াই ওলাই আহি নিজৰ জীৱন ৰক্ষা কৰিলে।

দুৰ্ঘটনাটোৰ ফলত ৫ জনৰ মৃত্যু হোৱাৰ লগতে ৩ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।দুৰ্ঘটনাটোৰ পিছত স্থানীয় লোক সকল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আহত সকলক হাস্পতালত ভৰ্তি কৰাই।

লগতে পঢ়ক: বিমানত অতিৰিক্ত লাগেজক লৈ মাৰপিট; স্পাইচজেটৰ কৰ্মচাৰীক নিৰ্মমভাৱে প্ৰহাৰ সেনা বিষয়াৰ

বিহাৰত অব্যাহত থাকিব ভোটাৰ তালিকাৰ পুনৰীক্ষণ; নিৰ্বাচন আয়োগৰ কাৰ্য্যবিধি স্থগিত ৰাখিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

বিহাৰত অব্যাহত থাকিব ভোটাৰ তালিকাৰ পুনৰীক্ষণ

বিহাৰৰ ভোটাৰ তালিকাৰ পৰীক্ষণ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি হয়। নিৰ্বাচন আয়োগৰ দ্বাৰা চলাই থকা বিহাৰৰ ভোটাৰ তালিকাৰ পৰীক্ষণ প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ আদালতে অস্বীকাৰ কৰিছে ।

বিৰোধী দলক মোক্ষম আঘাত দি আদালতে কয় যে আয়োগৰ হাতত শপতনামা দাখিল কৰিবলৈ যথেষ্ট সময় আছে,তেওঁ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰক। ন্যায়াধীশ ধুলিয়াই কয় যে আমি ২৮ জুলাইত এই গোচৰৰ শুনানি গ্ৰহণ কৰিম।

তেওঁ লগতে কয় যে, ২৮ জুলাইৰ পূৰ্বে সকলো যুক্তি সম্পূৰ্ণ কৰিব লাগিব ।উল্লেখ যোগ্য যে কংগ্ৰেছ, আৰজেডিকে ধৰি ইণ্ডিয়া এলায়েন্সৰ ৯টা দলে ভোটাৰ তালিকা পৰীক্ষণ প্ৰক্ৰিয়াত শীঘ্ৰে নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনাইছে।

আনহাতে, অধিবক্তা অশ্বিনী উপাধ্যায়ে কেৱল ভাৰতীয় নাগৰিকেহে ভোটাধিকাৰ পাব লাগে বুলি আৱেদন দাখিল কৰিছে।

৯টা পক্ষই দাখিল কৰিছিল আবেদন

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সুধাংশু ধুলিয়া আৰু জয়মল্য বাগচিৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰি আছে।

ইণ্ডিয়া এলায়েন্স দল কংগ্ৰেছ, টিএমচি, আৰজেডি, চিপিএম, এনচিপি (শ্বাৰদ পাৱাৰ ফৈদ), চিপিআই, সমাজবাদী পাৰ্টি, শিৱসেনা (ইউবিটি) আৰু ঝাৰখণ্ড মুক্তি মৰ্চাই ভোটাৰ তালিকা পৰীক্ষণ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি এখন আবেদন দাখিল কৰিছে।

তেওঁলোকে দাবী কৰে যে এই প্ৰক্ৰিয়াৰ জৰিয়তে দৰিদ্ৰ লোক আৰু মহিলাৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই পেলাব পৰা যাব।

ইয়াৰ উপৰিও দুজন সমাজকৰ্মী আৰ্শ্বদ আজমল আৰু ৰূপেশ কুমাৰেও পৰীক্ষণ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাইছে।

নিৰ্বাচন আয়োগে স্পষ্ট কৰিলে সমগ্ৰ বিষয়

নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিছে যে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হ’ব যিসকলে ইয়াৰ বাবে যোগ্য।মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, ‘২০০৩ চনৰ পিছত ভোটাৰ তালিকাৰ বৃহৎ পৰিসৰৰ পৰীক্ষণ হোৱা নাই।

সম্পূৰ্ণ পৰীক্ষণৰ পিছত কেৱল যোগ্য ভাৰতীয় নাগৰিককহে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব।আয়োগে দেশৰ প্ৰতিখন ৰাজ্যতে ঘৰে ঘৰে পৰীক্ষণ কৰাৰ সিদ্ধান্ত লৈছে যাতে অভাৰতীয় লোকৰ নাম তালিকাৰ পৰা আঁতৰাব পৰা যায়।

আয়োগৰ সূত্ৰ অনুসৰি বিহাৰৰ পিছত অসম, পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত ভোটাৰ পৰীক্ষণ অভিযান চলোৱা হ’ব, য’ত ২০২৬ চনত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

ইয়াৰ পিছত ২০২৯ চনৰ ভিতৰত উত্তৰ প্ৰদেশ, গুজৰাট, পঞ্জাৱ, হিমাচল প্ৰদেশ, গোৱা আৰু মণিপুৰত ভেৰিফিকেচন কৰাৰ পৰিকল্পনা কৰা হৈছে।

লগতে পঢ়ক: পাঁচখন দেশ ভ্ৰমণ সামৰি দেশলৈ উভতিল প্ৰধানমন্ত্ৰী মোদী; আঠদিনীয়া ভ্ৰমণত

চেকিঙৰ সময়ত তীব্ৰবেগী বাহনে মহতিয়ালে আৰক্ষীক;  ১জনৰ মৃত্যু, ৩জনৰ অৱস্থা সংকটজনক

তীব্ৰবেগী বাহনে মহতিয়ালে আৰক্ষীক

নিয়মীয়া চেকিঙৰ সময়তে তীব্ৰবেগী বাহনে মহতিয়ালে কৰ্তব্যৰত আৰক্ষীক । বিহাৰৰ ৰাজধানী পাটনাত বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা । অটল পথত বাহন চেকিঙৰ সময়ত এখন তীব্ৰবেগী স্ক’ৰপিঅ’ই চাৰিজন আৰক্ষীক মহতিয়াই নিয়ে । এই ঘটনাত এগৰাকী মহিলা কনিষ্টবলৰ মৃত্যু হয় । আনহাতে আন ৩ জন সংকটজনক অৱস্থাত চিকিতসাধীন হৈ আছে । এছ কে পুৰী থানা এলেকাৰ অধীনত দলটোৱে পথত চেকিঙত থকাৰ সময়তে এই মৰ্মান্তিক দুৰ্ঘটনাতো সংঘটিত হয় । ঘণ্টাত ৯০ কিলোমিটাৰ বেগেৰে গৈ আছিল গাড়ীখন ।

তথ্য অনুসৰি পাটনা আৰক্ষীয়ে নিশা ১০:৩০ বজাৰ পৰা ১২:৩০ বজালৈ বিশেষ বাহন চেকিং অভিযান চলাইছিল । এই সময়তে এখন তীব্ৰবেগী গাড়ীয়ে পথত উপস্থিত থকা কৰ্তব্যৰতসকলক মহতিয়াই নিয়ে । এই দুৰ্ঘটনাত এজন উপ-পৰিদৰ্শক, এজন এ এছ আই আৰু এগৰাকী মহিলা কনিষ্টবলকে ধৰি ৪ জন লোক গুৰুতৰভাৱে আহত হয় ।

ঘটনাৰ লগে লগে ঘটনাস্থলীত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । স্থানীয় ৰাইজৰ সহায়ত আহতসকলক ওচৰৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত মহিলা কনিষ্টবলগৰাকীৰ মৃত্যু হয় ।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে পাটনাৰ এছ এছ পি অবকাশ কুমাৰ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । সংবাদ মাধ্যমৰ আগত এছ এছ পি গৰাকীয়ে আৰক্ষীক মহতিয়াই নিয়া বাহনখনৰ চালকজন সেই স্থানৰ পৰা পলায়ন কৰা বুলি জানিবলৈ দিয়ে । চিচিটিভি ফুটেজ স্কেন কৰি গাড়ীখন চিনাক্ত কৰাৰ লগতে চালকজনক গ্ৰেপ্তাৰ কৰিবলৈ সমগ্ৰ মহানগৰীত অভিযান চলোৱা হৈছে । ইয়াৰ মাজতে জব্দ কৰা হৈছে দুখন গাড়ী । একে সময়তে দুজন সন্দেহযুক্ত লোকক জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : ‘যদি মোৰ ভগ্নী দোষী তেনেহ’লে ফাঁচী দিয়ক’; ৰাজাৰ মাতৃক সাৱটি ধৰি সোণমৰ ভাতৃৰ কান্দোন

সৌভাগ্যক্ৰমে ৰক্ষা পৰিল তেজস্বী যাদৱ; নিয়ন্ত্ৰণ হেৰুৱাই কনভয়ত খুন্দা ট্ৰাকৰ

সৌভাগ্যক্ৰমে ৰক্ষা পৰিল তেজস্বী যাদৱ

বিহাৰৰ বিৰোধী দলপতি তেজস্বী যাদৱ এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ বলি হোৱাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষে পৰে।এই ঘটনা সংঘটিত হৈছিল যেতিয়া তেজস্বী যাদৱ মধেপুৰাৰ পৰা পাটনালৈ উভতি আহিছিল।

বাটত বৈশালী জিলাৰ গোৰাউলৰ সমীপত ২২ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন অনিয়ন্ত্ৰিত তীব্ৰবেগী ট্ৰাকে তেওঁৰ কনভয়ত খুন্দা মাৰে ।

এই সংঘৰ্ষত কনভয়ত থকা তিনিজন নিৰাপত্তাৰক্ষী আহত হয়। নিশা প্ৰায় ১:৩০ বজাত সংঘটিত হয় এই ঘটনাটো।

জানিব পৰা মতে, ২২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোৰাউলৰ সমীপত তেজস্বী যাদৱৰ কনভয় পাৰ হৈ যোৱাৰ সময়তে গভীৰ নিশা সংঘটিত হয় এই ঘটনা।

কনভয় সমূহ গৈ থকাৰ সময়তে হঠাৎ এখন তীব্ৰ বেগী ট্ৰাকে আহি কনভয় গাড়ীখনত খুন্দা মাৰে ।যাৰ ফলত তিনিজনকৈ নিৰাপত্তাৰক্ষী গুৰুতৰভাৱে আহত হয়।

তেজস্বী যাদৱে কয় যে তেওঁৰ পৰা মাত্ৰ ৫ ফুট দূৰত্বত সংঘটিত হৈছে এই দুৰ্ঘটনাটো আৰু তেওঁ গাড়ীখন অলপ আগুৱাই যোৱা হ’লে ডাঙৰ ক্ষতি হ’ল হয়।  

ঘটনাৰ পিছতে সেই স্থানত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।আহত নিৰাপত্তাৰক্ষীক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁলোকৰ চিকিৎসা চলি আছে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে তেওঁ নিজে চিকিৎসালয়ত উপস্থিত হৈ আহতসকলৰ যত্ন লয়।

এই দুৰ্ঘটনাৰ পিছত চৰাই থানাৰ আৰক্ষীয়ে পলায়ন কৰা ট্ৰাকখন ধৰিছে।চালকজনক জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে। প্ৰাথমিক তথ্য অনুসৰি ট্ৰাকখন অনিয়ন্ত্ৰিত অৱস্থাত আছিল।

লগতে পঢ়ক: আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব নেকি ইলন মাস্ক?নতুন দলৰ ঘোষণা!