“পৃথিৱীত ডাইনচৰৰ যি অৱস্থা হ’ল, বিহাৰত RJD ৰো একেই অৱস্থা হ’ব”; মাঞ্জীৰ তীব্ৰ সমালোচনা

“পৃথিৱীত ডাইনচৰৰ যি অৱস্থা হ’ল, বিহাৰত RJD ৰো একেই অৱস্থা হ’ব”

বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়ত চৰকাৰ গঠন কৰিব বুলি দাবী কৰা ৰাষ্ট্ৰীয় জনতা দলে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় আৰু মাত্ৰ ২৫খন আসনতে থমকিব লগা হয়।

এতিয়া কেন্দ্ৰীয় মন্ত্ৰী তথা হিন্দুস্তানী আৱাম মৰ্চাৰ মুৰব্বী জিতন ৰাম মাঞ্জীয়ে RJD ৰ অৱস্থাক লৈ তীব্ৰ সমালোচনা কৰিছে।

জিতন ৰাম মাঞ্জীয়ে সামাজিক মাধ্যমত এটা পোষ্টত লিখিছে যে, পৃথিৱীত ডাইনচৰৰ যিটো অৱস্থা হ’ল, আগন্তুক সময়ত বিহাৰত সেই অৱস্থা আৰজেডিৰো হ’ব।

এতিয়াটো সকলো লোকে ক’বলৈ লৈছে যে, পৃথিৱীত যদি পুনৰ ডাইনচৰ উভতি আহিব পাৰে কিন্তু বিহাৰত পুনৰ আৰজেডি আহিব নোৱাৰে।

লগতে পঢ়ক: ২৬ৰ নিৰ্বাচনলৈ সাজু বিজেপি মিত্ৰজোঁট; প্ৰাৰ্থী তালিকাত প্ৰাধান্য পাব নতুন মুখে

‘ৰাহুল গান্ধী ষ্টাৰ কেম্পেইনাৰ,তেওঁ গ’লেই বিজেপি জিকি যায়’; মুখ্যমন্ত্ৰী

‘ৰাহুল গান্ধী ষ্টাৰ কেম্পেইনাৰ,তেওঁ গ’লেই বিজেপি জিকি যায়’

বিহাৰ বিধান সভা নিৰ্বাচন ২০২৫ৰ ভোটগণনা চলি আছে আৰু এতিয়ালৈকে বিহাৰত NDA ৰ ধুমুহা দেখিবলৈ পোৱা গৈছে। বিহাৰৰ নিৰ্বাচন সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে।

কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক কটাক্ষ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘ৰাহুল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ’।

‘তেওঁ য’তেই যায় তাতেই বিজেপি জয় হোৱাটো পাক্কা হৈ যায়। তেওঁ যদি অসমলৈও আহে তেন্তে অসমটো আমি ১০০ শতাংশই জয়ী হ’ম। অসমৰ প্ৰত্যেক ঘৰ মানুহে বিজেপিক ভোট দিব’।

লগতে পঢ়ক: প্ৰাৰম্ভিক পৰ্যায়তেই NDA এ পাৰ কৰিলে মেজিক নম্বৰ; আগবাঢ়িছে  ১২২খনতকৈ অধিক আসনত

বিহাৰ বিধানসভা নিৰ্বাচনত আজি সলনি হ’ব নেকি এইসকল তাৰকাৰ ভাগ্য…?

বিহাৰ বিধানসভা নিৰ্বাচনত আজি সলনি হ’ব নেকি এইসকল তাৰকাৰ ভাগ্য

বিহাৰ বিধানসভা নিৰ্বাচন ২০২৫ৰ ফলাফল আজি ঘোষণা কৰা হ’ব। পুৱা ৮ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগণনাৰ প্ৰক্ৰিয়া।

বিহাৰৰ বাঘজৰী কাৰ হাতলৈ যাব সেই কথা আজি স্পষ্ট হৈ পৰিব। এইবাৰৰ নিৰ্বাচন এইকাৰণেই বিশেষ যে,কাৰণ এইবাৰ কেৱল ৰাজনৈতিক দলৰ বাবেই নহয় মনোৰঞ্জন জগতৰ বাবেও পৰিচিত হ’ব।

ভোজপুৰীৰ ছুপাৰষ্টাৰ খেছাৰী লাল যাদৱে নিৰ্বাচনী খেলপথাৰত প্ৰৱেশ কৰাৰ লগে লগে এইবাৰ নিৰ্বাচনৰ বাবে ছপৰা বিধানসভাৰ আসনখন হট ছীট হৈ পৰিছে।

আৰজেডিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা খেছাৰীয়ে ইমানেই জোৰদাৰ প্ৰচাৰ চলাইছিল যে তেওঁৰ ৰেলীত ভিৰ কৰা লোকে তেওঁৰ জয়ক নিশ্চিত কৰি তুলিছিল।

কিন্তু ডাঙৰ প্ৰশ্নটো হ’ল খেছাৰীৰ ষ্টাৰডম ভোটলৈ ৰূপান্তৰিত হ’ব নে নহয়,সেইটো লক্ষ্যনীয় হ’ব। কাৰণ ভোজপুৰীৰ তাৰকা মনোজ তিৱাৰী, ৰবি কিষাণ আৰু পৱন সিঙে সেই আসনখনত তেওঁৰ বিৰুদ্ধে তীব্ৰ প্ৰচাৰ চলাইছিলে।

বিখ্যাত ভোজপুৰী কণ্ঠশিল্পী ৰিতেশ পাণ্ডেও ৰাজনীতিত প্ৰৱেশ কৰিছে।প্ৰশান্ত কিশোৰৰ জন সূৰজ পাৰ্টীয়ে বিহাৰৰ কাৰ্গহাৰ বিধান সভা সমষ্টিৰ পৰা তেওঁক প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে।

আনহাতে জয়প্ৰিয় কণ্ঠশিল্পী মৈথিলী ঠাকুৰে বিহাৰ বিধানসভা নিৰ্বাচনত নিজৰ ভাগ্য চেষ্টা কৰিছে।ভোটগণনাত বৰ্তমানলৈকে আলিনগৰ সমষ্টিত RJD ৰ বিনোদ মিশ্ৰক পিছ পেলাই আগবাঢ়ি আছে বিজেপিৰ মৈথিলী ঠাকুৰ। এয়া মৈথিলী ঠাকুৰৰ প্ৰথম বিধানসভা নিৰ্বাচন।

লগতে পঢ়ক: শ্ৰেয়া ঘোষালৰ লাইভ শ্ব’ত অঘটন; নিয়ন্ত্ৰণহীন দৰ্শক

বিহাৰত কোনে মাৰিব শেষ হাঁহি? ৮ বজাৰ লগে লগেই আৰম্ভ হ’ব ভোটগণনা

বিহাৰত কোনে মাৰিব শেষ হাঁহি?

আৰু মাত্ৰ কেইটামান ক্ষণ আৰু তাৰ পিছতেই আৰম্ভ হ’ব বিহাৰ বিধানসভা নিৰ্বাচনত ভোটগণনা। বিহাৰত আৰম্ভ হৈছে কাউণ্টডাউন।নিৰ্বাচনৰ ফলাফলৰ পিছত এইবাৰ বিহাৰত কোনে মাৰিব শেষ হাঁহি সেই কথা স্পষ্ট হৈ পৰিব।

নিৰ্বাচনৰ পিছৰ প্ৰায় সকলো সমীক্ষাতে এন ডি এৰ জয়ৰ ভৱিষ্যদ্বাণী কৰা হৈছে।ফলাফলৰ পূৰ্বে আৰজেডি নেতা তেজস্বী যাদৱেও চৰকাৰ গঠনৰ দাবী কৰিছে।

বিহাৰৰ ৰোহতাছৰ গণনা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা। অৰ্ধসামৰিক বাহিনী আৰু ৰাজ্যিক আৰক্ষী মোতায়েন কৰা হৈছে।নিৰাপদ গণনা নিশ্চিত কৰিবলৈ দণ্ডাধীশ নিযুক্তি দিয়া হৈছে।

নাগৰিক আৰু যান-বাহনৰ সুবিধা আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে পথ সলনি কৰা হৈছে।শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে ভোট গণনাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিয়ে।

বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ উপৰিও ৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮খন বিধানসভা আসনত অনুষ্ঠিত উপ-নিৰ্বাচনৰ ফলাফলো ঘোষণা কৰিবলৈ গৈ আছে।

এই আটাইকেইখন আসনৰ বাবে ১১ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল।এই ৰাজ্য সমূহ জম্মু-কাশ্মীৰ, ৰাজস্থান, ঝাৰখণ্ড, তেলেংগানা, পঞ্জাব, মিজোৰাম, আৰু ওড়িশাত বিভিন্ন কাৰণত চলিত বৰ্ষত খালী হোৱা আসনসমূহৰ বাবে ভোটদান কৰা হৈছিল।

লগতে পঢ়ক: ‘প্ৰশাসনে নিজৰ সীমা অতিক্ৰম কৰিলে জনসাধাৰণে উপযুক্ত উত্তৰ দিব’; তেজস্বী যাদৱ

আজি বিহাৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ…

আজি বিহাৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

পুৱা ৭ বজাৰ পৰাই আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।পুৱাৰে পৰা বিভিন্ন ভোটকেন্দ্ৰত দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে।

বিহাৰৰ ১২২খন বিধানসভা আসনৰ বাবে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে।বিহাৰ বিধানসভা নিৰ্বাচনৰ উপৰি ৬খন ৰাজ্য আৰু ১খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮খন বিধানসভাৰ আসনত উপ-নিৰ্বাচনৰ বাবেও ভোটদান আৰম্ভ হৈছে।

আজি জম্মু-কাশ্মীৰৰ বুডগাম আৰু নাগ্ৰোটা, ৰাজস্থানৰ আন্তা, ঝাৰখণ্ডৰ ঘাটশিলা, তেলেংগানাৰ জুবিলী হিলছ, পঞ্জাৱৰ তৰ্ণ তৰণ, মিজোৰামৰ ডাম্পা আৰু ওড়িশাৰ নুৱাপাদাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

ৰাষ্ট্ৰীয় লোক মৰ্চাৰ মুৰব্বী উপেন্দ্ৰ কুশৱাহাই কয়, ‘ভোটকেন্দ্ৰত বিপুল জনসমাগম দেখিবলৈ পোৱা গৈছে।জনসাধাৰণে যে এন ডি এৰ বাবে উৎসাহেৰে ভোটদান কৰিছে সেয়া স্পষ্ট। এন ডি এৰ বাবে সকলো দিশতে জিলিকি আছে।’

প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমত লিখিছে, “আজি বিহাৰ বিধানসভা নিৰ্বাচনত দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটদান”।

“সকলো ভোটাৰকে অংশগ্ৰহণ কৰি ভোটদানৰ এক নতুন অভিলেখ সৃষ্টি কৰিবলৈ অনুৰোধ জনালোঁ।প্ৰথমবাৰৰ বাবে ভোট দিবলৈ যোৱা ৰাজ্যখনৰ যুৱ বন্ধুসকললৈ মোৰ বিশেষ অনুৰোধ, যে তেওঁলোকে কেৱল নিজে ভোটদান কৰাই নহয়, আনকো ভোটদান কৰিবলৈ অনুপ্ৰাণিত কৰক।”

বিহাৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত পূৰ্ণিয়াৰ নিৰ্দলীয় সাংসদ পাপ্পু যাদৱে কয়, ‘SIR ত ৬৯ লাখ ভোট কৰ্তন কৰা হ’ল, তেতিয়াহ’লে ভোট বৃদ্ধি কেনেকৈ হ’ব”।

“ভোটাৰৰ ভোটদানৰ হাৰ হ্ৰাস পাইছে। এক বৃহৎ পৰিৱৰ্তনৰ পথত বিহাৰ। বিহাৰৰ ৰাইজে পৰিৱৰ্তন বিচাৰে। নতুন প্ৰজন্মই নতুন সপোন দেখিছে।”

লগতে পঢ়ক: বিহাৰ নিৰ্বাচন: দ্বিতীয় পৰ্যায়ত নিৰ্ণয় হ’ব এন ডি এৰ ১২২, মহাগঠবন্ধনৰ ১২৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

স্থগিত ৰখা হ’ল NIOS 2025 পৰীক্ষা; শীঘ্ৰে ঘোষণা হ’ব তাৰিখ

স্থগিত ৰখা হ’ল NIOS 2025 পৰীক্ষা

NIOS 2025 পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে।পিছুৱাই দিয়া হৈছে এন আই অ’ এছ ২০২৫ ৰ পৰীক্ষা।

নেশ্যনেল ইনষ্টিটিউট অৱ মুক্ত বিদ্যালয়ে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰ ৬ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰখা হৈছে।

এই সন্দৰ্ভত এক অধিসূচনাও জাৰি কৰা হৈছে।এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীয়ে অফিচিয়েল ৱেবছাইটত গৈ পৰীক্ষা কৰিব পাৰিব।

এন আই অ’ এছৰ অধিসূচনাত কোৱা হৈছে যে, “বিহাৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৬ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এন আই অ’ এছৰ পৰীক্ষা প্ৰশাসনিক আৰু লজিষ্টিক কাৰণত সমগ্ৰ ভাৰততে অনুষ্ঠিত নহ’ব।”

লগতে পঢ়ক: JNU ত অধ্যক্ষ পদসহ চাৰিওটা পদতে বাওঁপন্থীৰ জয়লাভ…

বিহাৰ নিৰ্বাচন: মুকেশ সাহনিৰ দল VIP এ প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা

VIP এ প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা

মহামিত্ৰযুঁজৰ অংশ বিকাশশীল ইনছান পাৰ্টি (VIP )য়ে তেওঁলোকৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে। এই তালিকাত ছয়জন প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰা হৈছে।

বিকাশশীল ইনছান পাৰ্টি (VIP )ৰ ৰাষ্ট্ৰীয় সভাপতি তথা মুকেশ সাহনিৰ কনিষ্ঠ ভাতৃ সন্তোষ সাহনীক গৌৰা বাউৰামৰ পৰা টিকট দিয়া হৈছে।একে সময়তে দৰভঙা চহৰৰ পৰা উমেশ সাহনীক দলৰ প্ৰাৰ্থী হিচাপে নিযুক্তি দিয়া হৈছে।

মুকেশ সাহনীয়ে কয় যে বিকাশশীল ইনছান পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু মোৰ কনিষ্ঠ ভাই সন্তোষ সাহনীয়ে গৌৰ বাউৰাম বিধানসভা সমষ্টিত গ্ৰেণ্ড এলায়েন্সৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে।

এই মুহূৰ্তটো দলৰ সংগ্ৰাম, দায়বদ্ধতা আৰু জনসাধাৰণৰ সেৱাৰ সংকল্পৰ প্ৰতীক।একে সময়তে বিকাশশীল ইনছান পাৰ্টিৰ নিষ্ঠাবান কৰ্মী উমেশ সাহনীয়েও দৰভংগা নগৰ বিধানসভা সমষ্টিৰ পৰা গ্ৰেণ্ড এলায়েন্সৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে।

লগতে পঢ়ক: ভূপেন্দ্ৰ পেটেলৰ নতুন মন্ত্ৰীসভা: ৰিভাবা জাদেজাকে ধৰি ১৯গৰাকী নতুন মন্ত্ৰীৰ শপতগ্ৰহণ

বিহাৰ নিৰ্বাচন: কংগ্ৰেছে প্ৰকাশ কৰিলে ৪৮ জনীয়া প্ৰথমখন প্ৰাৰ্থীৰ তালিকা

কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা

বিহাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। প্ৰথম তালিকাত ৪৮ জন প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰা হৈছে।

অৱশ্যে মহা মিত্ৰযুঁজৰ আসন ভাগ-বতৰা সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।কিন্তু আৰজেডি, কংগ্ৰেছ, বাওঁপন্থী আৰু অন্যান্য সমষ্টিৰ দলসমূহে বহু প্ৰাৰ্থীক প্ৰতীক বিতৰণ কৰিছে।

তাৰ মাজতে বৃহস্পতিবাৰে গভীৰ নিশা কংগ্ৰেছে ৪৮ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে।প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ঘোষণা কৰা হৈছে ২৪ গৰাকী প্ৰাৰ্থীৰ নাম।

এই তালিকাখনত দলটোৰ বিহাৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰাজেশ ৰাম, জ্যেষ্ঠ নেতা শকীল আহমেদ খান, অজিত কুমাৰ শৰ্মাৰ দৰে বিশিষ্ট ব্যক্তিৰ নাম সন্নিবিষ্ট কৰা হৈছে। খগড়িয়াৰ পৰা বৰ্তমানৰ বিধায়কজনৰ টিকট কাটি চন্দন যাদৱক টিকট দিছে দলটোৱে।

লগতে পঢ়ক: বিহাৰ নিৰ্বাচন : বিজেপিয়ে প্ৰকাশ কৰিলে ১৮ জনীয়া তৃতীয়খন প্ৰাৰ্থীৰ তালিকা

বিহাৰ বিধানসভা নিৰ্বাচন; জন সূৰজ দলে প্ৰকাশ কৰিলে প্ৰথমখন তালিকা

জন সূৰজ দলে প্ৰকাশ কৰিলে প্ৰথমখন তালিকা

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰশান্ত কিশোৰৰ জন সূৰজ পাৰ্টিয়ে বৃহস্পতিবাৰে প্ৰথমখন তালিকা প্ৰকাশ কৰে।এখন সংবাদমেল যোগে দলটোৱে ৫১ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰে।

জন সূৰজৰ হৈ ৰাজ্যিক সভাপতি মনোজ ভাৰতী আৰু ৰাষ্ট্ৰীয় সভাপতি পাপ্পু সিঙে সংবাদমেল সম্বোধন কৰে।ইয়াৰ মাজতে ৫১ জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে।

তেওঁলোকে ঘোষণা কৰিছে যে, প্ৰশান্ত কিশোৰে নিজেই ১১ অক্টোবৰত তেজস্বী যাদৱৰ বিধান সভা সমষ্টি ৰাঘোপুৰৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব।

এই পদক্ষেপে দেখুৱাইছে যে জন সূৰজে এতিয়া নিজৰ ৰাজনৈতিক যাত্ৰা নিৰ্বাচনী ক্ষেত্ৰলৈ লৈ যাবলৈ সম্পূৰ্ণ সাজু হৈছে।

উল্লেখ্য যে, ৬ আৰু ১১ নৱেম্বৰত বিহাৰত দুটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ১৪ নৱেম্বৰত ফলাফল ঘোষণা কৰা হ’ব। বিহাৰত প্ৰথম পৰ্যায়ত ১২১খন আৰু দ্বিতীয় পৰ্যায়ত ১২২খন আসনত ভোটগ্ৰহণ হ’ব।

লগতে পঢ়ক: ব্ৰিটিছ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ