কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা
বিহাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। প্ৰথম তালিকাত ৪৮ জন প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰা হৈছে।
অৱশ্যে মহা মিত্ৰযুঁজৰ আসন ভাগ-বতৰা সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।কিন্তু আৰজেডি, কংগ্ৰেছ, বাওঁপন্থী আৰু অন্যান্য সমষ্টিৰ দলসমূহে বহু প্ৰাৰ্থীক প্ৰতীক বিতৰণ কৰিছে।
তাৰ মাজতে বৃহস্পতিবাৰে গভীৰ নিশা কংগ্ৰেছে ৪৮ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে।প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ঘোষণা কৰা হৈছে ২৪ গৰাকী প্ৰাৰ্থীৰ নাম।
এই তালিকাখনত দলটোৰ বিহাৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰাজেশ ৰাম, জ্যেষ্ঠ নেতা শকীল আহমেদ খান, অজিত কুমাৰ শৰ্মাৰ দৰে বিশিষ্ট ব্যক্তিৰ নাম সন্নিবিষ্ট কৰা হৈছে। খগড়িয়াৰ পৰা বৰ্তমানৰ বিধায়কজনৰ টিকট কাটি চন্দন যাদৱক টিকট দিছে দলটোৱে।
লগতে পঢ়ক: বিহাৰ নিৰ্বাচন : বিজেপিয়ে প্ৰকাশ কৰিলে ১৮ জনীয়া তৃতীয়খন প্ৰাৰ্থীৰ তালিকা









