ফিফা বিশ্বকাপৰ ইতিহাসত লিঅ’নেল মেছিৰ মহাকাব্যিক অভিলেখ

বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ মেচত অ’ষ্ট্ৰিয়াৰ বিৰুদ্ধে চমৎকাৰ প্ৰদৰ্শন কৰি মেছিয়ে বিশ্বকাপ ইতিহাসৰ আটাইতকৈ ডাঙৰ ৰেকৰ্ড নিজৰ নামত কৰে

ফুটবল বিশ্বৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ লিঅ’নেল মেছিয়ে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে কিয় তেওঁক ফুটবলৰ যাদুকৰ বুলি কোৱা হয় । ডালাছত অনুষ্ঠিত হোৱা বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ মেচত অ’ষ্ট্ৰিয়াৰ বিৰুদ্ধে চমৎকাৰ প্ৰদৰ্শন কৰি মেছিয়ে বিশ্বকাপ ইতিহাসৰ আটাইতকৈ ডাঙৰ ৰেকৰ্ড নিজৰ নামত কৰে । মেচখনত আৰ্জেণ্টিনাৰ অধিনায়কগৰাকীয়ে দুটাকৈ গ’ল কৰি জাৰ্মানীৰ প্ৰাক্তন তাৰকা মিৰ’শ্লাভ ক্ল’ছাক পিছ পেলাই বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ’ল কৰা একমাত্ৰ খেলুৱৈ হিচাপে পৰিগণিত হয় ।

মেছিৰ এই অনবদ্য প্ৰদৰ্শনৰ সহায়ত আৰ্জেণ্টিনাই অ’ষ্ট্ৰিয়াক ২-০ ব্যৱধানত পৰাস্ত কৰি কোনো মেচত পৰাজিত নোহোৱাকৈয়ে বিশ্বকাপৰ নকআউট ৰাউণ্ডত প্ৰৱেশ কৰে ।

পেনাল্টী মিছৰ পিছত মেছিৰ মেজিক

খেলৰ আৰম্ভণি অৱশ্যে আৰ্জেণ্টিনা আৰু মেছিৰ বাবে বৰ সুখকৰ নাছিল । মেচৰ প্ৰথম ভাগতেই লাউটাৰ’ মাৰ্টিনেশ্যক বক্সৰ ভিতৰত ফাউল কৰাৰ বাবে আৰ্জেণ্টিনাই এটা পেনাল্টী লাভ কৰিছিল । ষ্টেডিয়ামত উপস্থিত ৭০ হাজাৰতকৈও অধিক দৰ্শকে ভাবিছিল যে মেছিয়ে পেনাল্টীৰ জৰিয়তেই ইতিহাস সৃষ্টি কৰিব, কিন্তু মেছিৰ কিকটো গ’ল প’ষ্টৰ সোঁফালেদি বাহিৰলৈ গুচি যায় । মেছিৰ এই পেনাল্টী মিছত অ’ষ্ট্ৰিয়াৰ শিবিৰে সকাহ পাই যদিও আৰ্জেণ্টিনাৰ অনুৰাগীসকল কিছু নিৰাশ হয় ।

কিন্তু মেছিৰ দৰে মহান খেলুৱৈক এটা পেনাল্টী মিছে বেছি সময় ধৰি ৰাখিব নোৱাৰে । হাফ টাইম শেষ হোৱাৰ ঠিক আগে আগে মেছিয়ে ডি-বক্সৰ কাষৰ পৰা বল লৈ অ’ষ্ট্ৰিয়াৰ ডিফেণ্ডাৰক ফাকি দি এটা সুন্দৰ গ’লেৰে দলক ১-০ ত আগুৱাই নিয়ে । এইটো আছিল মেছিৰ ১৭ নম্বৰ বিশ্বকাপ গ’ল, যাৰ লগে লগে তেওঁ ক্ল’ছাক অতিক্ৰম কৰি বিশ্ব ৰেকৰ্ড গঢ়ে ।

জাষ্ট ফণ্টেইন আৰু জাইৰাজিনহোৰ ক্লাবত মেছি

এই ঐতিহাসিক গ’লটোৰ সৈতে মেছিয়ে আন এক অনন্য অভিলেখো স্পৰ্শ কৰে । তেওঁ বিশ্বকাপৰ একেৰাহে ছয়খন মেচত গ’ল কৰা ইতিহাসৰ মাত্ৰ তৃতীয়গৰাকী খেলুৱৈ হৈ পৰে । ইয়াৰ পূৰ্বে ফ্ৰান্সৰ জাষ্ট ফণ্টেইন আৰু ব্ৰাজিলৰ জাইৰাজিনহোৱেহে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

ষ্টপেজ টাইমত ১৮ নম্বৰ বিশ্বকাপ গ’ল

হাফ টাইমৰ পিছত অ’ষ্ট্ৰিয়াই ছাবিটজাৰ আৰু মাৰ্কো আৰ্নাউটোভিচৰ আক্ৰমণৰ সহায়ত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাইছিল যদিও আৰ্জেণ্টিনাৰ গ’লৰক্ষক এমিলিয়ানো মাৰ্টিনেশ্যৰ সজাগতাৰ বাবে তেওঁলোক সফল হ’ব নোৱাৰিলে । মেচৰ একেবাৰে শেষ মুহূৰ্তত অৰ্থাৎ ষ্টপেজ টাইমত মেছিয়ে সুযোগৰ সদ্ব্যৱহাৰ কৰি নিজৰ দ্বিতীয়টো আৰু বিশ্বকাপ কেৰিয়াৰৰ ১৮ নম্বৰটো গ’ল কৰে । চলিত টুৰ্নামেণ্টত এয়া মেছিৰ পঞ্চমটো গ’ল ।

নকআউটত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা

গ্ৰুপ ‘জে’ত একেৰাহে দ্বিতীয়টো জয়ৰ সৈতে ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই নকআউট পৰ্যায় সুনিশ্চিত কৰিলে । এই জয়ে প্ৰমাণ কৰিলে যে আৰ্জেণ্টিনা এইবাৰো বিশ্বকাপ জয়ৰ আটাইতকৈ ডাঙৰ দাবীদাৰ । গ্ৰুপ পৰ্যায়ৰ শেষৰখন খেলত অহা ২৭ জুনত জৰ্ডানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব আৰ্জেণ্টিনা ।

লগতে পঢ়ক : বিশ্বকাপৰ ড্ৰেছিং ৰুমত ইৰান ফুটবল দলৰ আৱেগিক বাৰ্তা; চকু সেমেকিল বিশ্ববাসীৰ!

বিশ্বকাপৰ ড্ৰেছিং ৰুমত ইৰান ফুটবল দলৰ আৱেগিক বাৰ্তা; চকু সেমেকিল বিশ্ববাসীৰ!

এই পত্ৰখনে এতিয়া সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীসকলক ভাবুক তথা আৱেগিক কৰি তুলিছে । ইৰান ফুটবল ফেডাৰেচনে পিছত এই নোটটো ছ’চিয়েল মিডিয়াত ৰাজহুৱা কৰাৰ লগে লগেই ই ব্যাপকভাৱে ভাইৰেল হৈ পৰে ।

চলিত ফিফা ৱৰ্ল্ড কাপ ২০২৬-ত খেলপথাৰৰ বাহিৰত ইৰানৰ ফুটবল দলে গ্ৰহণ কৰা এটা অভূতপূৰ্ব পদক্ষেপে এতিয়া জোকাৰি গৈছে সমগ্ৰ ক্ৰীড়াবিশ্ব । সোমবাৰে (২১ জুন) শক্তিশালী বেলজিয়ামৰ বিৰুদ্ধে ০-০ গলত ড্ৰ খেলাৰ পিছত, ইৰানী খেলুৱৈসকলে লছ এঞ্জেলছৰ বিখ্যাত ছ’ফাই ষ্টেডিয়ামৰ (SoFi Stadium) ড্ৰেছিং ৰুমত এটা অতি আৱেগিক নোট এৰি থৈ যায় । এই পত্ৰখনে এতিয়া সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীসকলক ভাবুক তথা আৱেগিক কৰি তুলিছে ।

এই নোটটো কেৱল আয়োজকসকলক ধন্যবাদ জনোৱাতে আৱদ্ধ নাছিল, বৰঞ্চ ইয়াত নিজৰ দেশ, সমৰ্থক আৰু বিশ্ব শান্তিৰ প্ৰতি থকা গভীৰ ভাৱনাও প্ৰতিফলিত হৈছিল । ইৰান ফুটবল ফেডাৰেচনে পিছত এই নোটটো ছ’চিয়েল মিডিয়াত ৰাজহুৱা কৰাৰ লগে লগেই ই ব্যাপকভাৱে ভাইৰেল হৈ পৰে ।

নোটটোত কি লিখা আছিল ?

ষ্টেডিয়ামৰ কৰ্তৃপক্ষক উদ্দেশ্যি ইৰানী দলটোৱে লিখা নোটটোত উল্লেখ আছিল :

‘হাজাৰ হাজাৰ বছৰ পুৰণি প্ৰাচীন পাৰস্যৰ পৰা আদি কৰি আজিলৈকে, ইৰানৰ আত্মা আজিও জীৱন্ত আৰু অদম্য । লছ এঞ্জেলছ, আপোনালোকৰ আতিথ্যৰ বাবে অশেষ ধন্যবাদ । আমি গৰ্বেৰে ইয়ালৈ আহিছিলো, সন্মানেৰে খেলিলো আৰু সন্মানেৰে বিদায় লৈছো ।’

ইৰানী দলটোৱে সেই হাজাৰ হাজাৰ প্ৰশংসককো ধন্যবাদ জ্ঞাপন কৰে, যিসকলে খেলৰ সময়ত ষ্টেডিয়ামখনক প্ৰায় নিজৰ ঘৰুৱা খেলপথাৰৰ দৰে কৰি তুলিছিল । উল্লেখ্য যে, লছ এঞ্জেলছ হৈছে বিশ্বৰ অন্যতম বৃহত্তম ইৰানী সম্প্ৰদায়ৰ বাসস্থান আৰু ইয়াৰ প্ৰভাৱ খেলপথাৰৰ ষ্টেণ্ডত স্পষ্টকৈ দেখা গৈছিল । দলটোৱে আৰু লিখিছে- ‘প্ৰতিগৰাকী ইৰানীক ধন্যবাদ, যিয়ে এই ১৮০ মিনিটৰ সময়ছোৱাত নিজৰ হৃদয়, কণ্ঠ আৰু আত্মেৰে আমাক সমৰ্থন কৰিলে ।’

বিশ্বৰ সন্মুখত দাঙি ধৰিলে দেশৰ বেদনা

এই নোটটোৰ শেষৰ অংশত বিশ্ববাসীৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ আৰু বিশেষ বাৰ্তা আছিল । খেলুৱৈসকলে লিখিছিল, “আমি কামনা কৰোঁ যাতে সকলো দেশৰ মাজত শান্তি, সন্মান আৰু বন্ধুত্ব অটুট থাকে ।”

এই আৱেগিক বাৰ্তাটোত #168 আৰু #Minab ৰ দৰে হেচটেগো ব্যৱহাৰ কৰা হৈছিল । আচলতে এইবোৰে কিছু দিন পূৰ্বে ইৰানৰ মিনাৱ চহৰৰ এখন বিদ্যালয়ত হোৱা এক ভয়ংকৰ আক্ৰমণৰ দিশটো আঙুলিয়াই দিয়ে, যিয়ে সমগ্ৰ দেশখনক জোকাৰি গৈছিল । এইদৰে খেলুৱৈসকলে ক্ৰীড়া মঞ্চ ব্যৱহাৰ কৰি নিজৰ দেশৰ বেদনাও বিশ্বৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰে ।

চৰম প্ৰত্যাহ্বানৰ মাজত ইৰানৰ বিশ্বকাপ যাত্ৰা

প্ৰণিধানযোগ্য যে, চলিত ফিফা বিশ্বকাপত ইৰান দলৰ অভিযান সহজ নাছিল । আমেৰিকা যুক্তৰাষ্ট্ৰত বলবৎ থকা কঠোৰ ভ্ৰমণ নিষেধাজ্ঞা বাবে দলটোক ৪৮ ঘণ্টাতকৈ অধিক সময় আমেৰিকাৰ সীমান্তৰ ভিতৰত থকাৰ অনুমতি দিয়া হোৱা নাছিল । এই কাৰণেই খেলুৱৈসকলে নিজৰ বেচ কেম্প আমেৰিকাৰ পৰিৱৰ্তে মেক্সিকোৰ টিজুয়ানা চহৰত বনাবলগীয়া হৈছিল ।

প্ৰতিখন খেলৰ বাবে দলটোৱে সীমান্ত পাৰ হৈ আমেৰিকালৈ অহা-যোৱা কৰিবলগীয়া হৈছিল । কেৱল ইমানেই নহয়, একাংশ বিষয়া আৰু সহযোগী কৰ্মচাৰীয়েও ভিছা সম্পৰ্কীয় চৰম সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল । দলৰ তাৰকা উইংগাৰ মেহদী তোৰাবিয়ে আনকি নতুন ভিছা ল’বলৈ আমেৰিকাৰ দূতাবাসলৈকো দৌৰাদৌৰি কৰিবলগীয়া হৈছিল ।

লগতে পঢ়ক : ৯২ বছৰীয়া অপেক্ষাৰ অৱসান; বিশ্বকাপত ইজিপ্তৰ প্ৰথমটো জয়

চলিত ফিফা বিশ্বকাপত দ্বিতীয়টো হেটট্ৰিকঃ কাটাৰক ৬-০ ব্যৱধানত ধূলিস্যাৎ আয়োজক কানাডাৰ

ঘৰুৱা মাটিত কাটাৰক ধূলিস্যাৎ কৰি কেইবাটাও অভিলেখ গঢ়িছে আয়োজক কানাডাই । লগতে চলিত ফিফা বিশ্বকাপত দ্বিতীয়টো হেটট্ৰিক অৰ্জন কৰিছে কানাডাৰ তাৰকা জনাথন ডেভিদে ।

ফিফা বিশ্বকাপ ২০২৬-ৰ গ্ৰুপ ‘বি’ৰ এখন গুৰুত্বপূৰ্ণ মেচত আয়োজক কানাডাই এক অভূতপূৰ্ব আৰু অভিলেখ সৃষ্টিকাৰী প্ৰদৰ্শন দাঙি ধৰিছে । ঘৰুৱা মাটিত কাটাৰক ৬-০ ব্যৱধানত ধূলিস্যাৎ কৰি কানাডাই বিশ্বকাপৰ ইতিহাসত তেওঁলোকৰ প্ৰথমটো জয় পঞ্জীয়ন কৰে । অত্যন্ত আধিপত্যশীলভাৱে খেলা এই মেচখনত কানাডাৰ তাৰকা খেলুৱৈ জনাথন ডেভিদে এক চমকপ্ৰদ হেট্ৰিক অৰ্জন কৰি ফুটবল ইতিহাসৰ কেইবাটাও ডাঙৰ অভিলেখ নিজৰ নামত কৰে ।

জনাথন ডেভিডৰ মেজিকেল হেট্ৰিক : মেছিৰ সৈতে একলগে নাম

মেচখনৰ ২৯ মিনিট, প্ৰথমাৰ্ধৰ অতিৰিক্ত সময় (৪৫+৩) আৰু একেবাৰে শেষৰ ফালে ৯০+২ মিনিটত গ’ল দি জনাথন ডেভিদে নিজৰ চিৰস্মৰণীয় হেট্ৰিক সম্পূৰ্ণ কৰে । ইয়াৰ লগে লগে তেওঁ চলিত বিশ্বকাপত হেট্ৰিক অৰ্জন কৰা খেলুৱৈৰ তালিকাত আৰ্জেণ্টিনাৰ কিংবদন্তি লিয়নেল মেছিৰ সৈতে চামিল হয় ।

কেৱল সেয়াই নহয়, ১৯৩০ চনৰ প্ৰথম বিশ্বকাপত আমেৰিকাৰ বাৰ্ট প্যাটেনাউডে পেৰাগুৱেৰ বিৰুদ্ধে হেট্ৰিক কৰাৰ পিছত, ডেভিড হ’ল ইউৰোপ বা দক্ষিণ আমেৰিকাৰ বাহিৰৰ আন কোনো মহাদেশীয় দলৰ হৈ বিশ্বকাপত হেট্ৰিক কৰা ইতিহাসৰ মাত্ৰ দ্বিতীয়জন খেলুৱৈ । উল্লেখ্য যে, খেলৰ ১৬ মিনিটতে কাইল লাৰিনে গ’ল দি কানাডাৰ হৈ প্ৰথম খাতা খুলিছিল ।

ভংগ হ’ল কেইবাটাও ঐতিহাসিক অভিলেখ

কানাডা আৰু কাটাৰৰ এই মেচখনে ফুটবল ইতিহাসত কেইবাটাও নতুন মাইলৰ খুঁটি স্থাপন কৰিলে :

-পাঁচ বা ততোধিক গ’লৰ অভিলেখ : ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ বাহিৰৰ প্ৰথমটো দল হিচাপে কানাডাই বিশ্বকাপৰ এখন মেচত ৫ বা তাতকৈ বেছি গ’ল দিয়াৰ বিৰল কৃতিত্ব অৰ্জন কৰে ।

-পেনাল্টী বক্সত ৯৭ টা টাচ : ১৯৬৬ চনত ফুটবলত ডাটা ট্ৰেকিং আৰম্ভ হোৱাৰ পিছত বিশ্বকাপৰ যিকোনো এখন মেচত বিপক্ষৰ পেনাল্টী বক্সৰ ভিতৰত আটাইতৈ বেছি টাচ কৰাৰ অভিলেখ গঢ়িলে কানাডাই । তেওঁলোকে কাটাৰৰ বক্সত ৯৭ বাৰ বল স্পৰ্শ কৰে ।

-প্ৰথম অৰ্ধতে আক্ৰমণৰ ধুমুহা : কেৱল প্ৰথম ৪৫ মিনিটতে কানাডাই লক্ষ্য থৈ ৮ টা শ্বট মাৰে । ১৯৯৪ চনত আৰ্জেণ্টিনাৰ বিৰুদ্ধে ৰোমানিয়াই কৰা সৰ্বাধিক শ্বটৰ অভিলেখৰ সৈতে এয়া সমকক্ষ ।

আয়োজক দেশৰ ডাঙৰ জয় : ১৯৭৮ চনৰ বিশ্বকাপত পেৰুৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ ৬-০ ব্যৱধানৰ জয়ৰ পিছত, কানাডাই প্ৰথম আয়োজক দেশ হিচাপে বিশ্বকাপৰ এখন মেচত ৬ টা গ’ল দিয়াৰ অভিলেখ গঢ়ে ।

কাটাৰৰ লজ্জাজনক ৰেকৰ্ড : একেখন মেচতে দুখন ৰেড কাৰ্ড

আনহাতে, কাটাৰৰ বাবে এই মেচখন আছিল অতি দুৰ্ভাগ্যজনক । দুৰ্বল ৰক্ষণভাগৰ উপৰিও খেলপথাৰত অনুশাসনহীনতাৰ বাবে দলটোৱে চৰম মূল্য ভৰিবলগীয়া হয় । ফুটবল পৰিসংখ্যা সংস্থা ‘অপ্টাজোছে’ জনোৱা মতে, ফিফা বিশ্বকাপৰ ইতিহাসত কাটাৰ হ’ল একেখন মেচতে দুখন ৰেড কাৰ্ড পোৱা প্ৰথমটো এছিয়ান দল ।

তদুপৰি, ১৯৬৬ চনৰ পিছত খেলৰ প্ৰথম এক ঘণ্টাৰ (৬০ মিনিট) ভিতৰতে এখন মেচত কোনো দলৰ দুজন খেলুৱৈ ৰেড কাৰ্ড পাই বহিষ্কৃত হোৱাৰ এয়া মাত্ৰ তৃতীয়টো ঘটনা । ইয়াৰ পূৰ্বে ২০০৬ চনত ইটালীৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ১৯৬৬ চনত জাৰ্মানীৰ বিৰুদ্ধে উৰুগুৱেৰ খেলুৱৈ এনেদৰে বহিষ্কৃত হৈছিল ।

এই ঐতিহাসিক আৰু একপক্ষীয় জয়েৰে কানাডাই এতিয়া বিশ্বকাপ ২০২৬-ৰ গ্ৰুপ ‘বি’ত নিজৰ শক্তিশালী স্থিতি ঘোষণা কৰিলে ।

লগতে পঢ়ক : নিস্তেজ ৰোনাল্ডোঃ ফেভাৰিট পৰ্তুগালক ৰোধিলে ডি আৰ কংগোৱে!

ভাৰত-ফ্ৰান্সৰ অনন্য ফুটবল প্ৰেম!প্ৰধানমন্ত্ৰী মোদীৰ ভাষণত প্ৰকাশ পালে ঐতিহাসিক তথ্য

ভাৰত-ফ্ৰান্সৰ মাজত আছে এক অনন্য ফুটবল সংযোগ । কেৱল ৰাজনীতি বা অৰ্থনীতিতে সীমাবদ্ধ নহয়, বৰঞ্চ ক্ৰীড়া জগতৰ এক অনন্য আবেগেও এই দুই দেশক সংযোগ কৰি ৰাখিছে ।

ভাৰত আৰু ফ্ৰান্সৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক কেৱল ৰাজনীতি বা অৰ্থনীতিতে সীমাবদ্ধ নহয়, বৰঞ্চ ক্ৰীড়া জগতৰ এক অনন্য আবেগেও এই দুই দেশক সংযোগ কৰি ৰাখিছে । শেহতীয়াকৈ পেৰিছত আয়োজিত এক বিশেষ অনুষ্ঠানত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ফুটবল প্ৰেমৰ বিষয়ে আলোকপাত কৰে । তেওঁ উল্লেখ কৰে যে বৰ্তমান সমগ্ৰ বিশ্বতে ফুটবলৰ জ্বৰ চলি থকাৰ সময়তে ভাৰততো ইয়াৰ উন্মাদনা চৰম পৰ্যায়ত উপনীত হৈছে । বিশেষকৈ ভাৰতত ফৰাচী ফুটবল দল আৰু ইয়াৰ তাৰকাসকলৰ এক বিশাল অনুৰাগী থকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে চলি থকা ফিফা বিশ্বকাপত এক জয়ৰে সুন্দৰ আৰম্ভণি কৰা ফ্ৰান্স দলটোক শুভেচ্ছা জ্ঞাপন কৰে ।

১৯৪৮ চনৰ সেই ঐতিহাসিক মেচ : খালী ভৰিৰে ফ্ৰান্সক ভয় খুৱাইছিল ভাৰতে

ভাৰত আৰু ফ্ৰান্সৰ এই ফুটবল সংযোগৰ ইতিহাস অতি পুৰণি । ১৯৪৮ চনৰ ৩১ জুলাইত এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ভাৰতে নিজৰ প্ৰথমখন চৰকাৰী আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল ফ্ৰান্সৰ বিৰুদ্ধে । সেই খেলখনত এক অভূতপূৰ্ব দৃশ্য দেখা গৈছিল- উদ্যমী ভাৰতীয় দলটোৰ বেছিভাগ খেলুৱৈয়েই খালী ভৰিৰে খেলপথাৰত নামিছিল । খেলখনত ভাৰতে দুটাকৈ পেনাল্টী মিছ কৰাৰ পিছতো শক্তিশালী ফৰাচী দলটোক এক বৃহৎ প্ৰত্যাহ্বানৰ মুখলৈ ঠেলি দিছিল । যদিও শেষত ভাৰত ২-১ গ’লত পৰাস্ত হৈছিল, তথাপিও ভাৰতীয় দলটোৰ সেই সাহস আৰু খেলুৱৈ সুলভ মনোভাৱক সন্মান জনাই ষ্টেডিয়ামত উপস্থিত থকা সমগ্ৰ দৰ্শকে থিয় হৈ হাত চাপৰি বজাইছিল ।

বিশ্বকাপ খেলা প্ৰথমজন ভাৰতীয় মূলৰ খেলুৱৈ: বিকাশ ধোৰাছু

ভাৰত-ফ্ৰান্সৰ ফুটবল ইতিহাসত আন এক স্মৰণীয় নাম হ’ল বিকাশ ধোৰাছু । ইণ্ডো-মৰিচিয়ান বংশোদ্ভূত এই প্ৰাক্তন ফৰাচী পেছাদাৰী ফুটবলাৰজন আছিল ফিফা বিশ্বকাপত অংশগ্ৰহণ কৰা ভাৰতীয় মূলৰ প্ৰথমগৰাকী খেলুৱৈ । ধোৰাছুৰ পূৰ্বপুৰুষসকল আছিল বৰ্তমানৰ অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰমৰ তেলেগু ভাষী লোক, যিসকলে ব্ৰিটিছ ঔপনিৱেশিক শাসনকালত কুঁহিয়াৰ খেতিত কাম কৰিবলৈ মৰিচাছলৈ প্ৰব্ৰজন কৰিছিল । পৰৱৰ্তী সময়ত তেওঁৰ পিতৃ-মাতৃ ফ্ৰান্সলৈ স্থানান্তৰিত হয় আৰু ১৯৭৩ চনত তাতেই বিকাশৰ জন্ম হয় ।

২০০৬ চনৰ জাৰ্মানী বিশ্বকাপত ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দলৰ স্কোয়াডত স্থান লাভ কৰা ধোৰাছুই ছুইজাৰলেণ্ড আৰু দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে বিকল্প খেলুৱৈ হিচাপে খেলিছিল । সদায় নিজৰ তেলেগু ঐতিহ্য আৰু ভাৰতীয় শিপাক লৈ গৌৰৱ প্ৰকাশ কৰা ধোৰাছু অন্তৰ্ভুক্ত থকা ফ্ৰান্স দলটোৱে সেইবাৰ ফাইনেলত ইটালীত হাতত পৰাস্ত হৈ ৰানাৰ্ছ-আপ খিতাপ অৰ্জন কৰিছিল ।

ভাৰতত ফৰাচী তাৰকাৰ জনপ্ৰিয়তা আৰু এমবাপেৰ নতুন ৰেকৰ্ড

ভাৰতত কেৱল ঘৰুৱা ফুটবলেই নহয়, বৰঞ্চ ইংলেণ্ডৰ প্ৰিমিয়াৰ লীগ, জাৰ্মানীৰ বুণ্ডেছলিগা, স্পেইনৰ লা লিগা আৰু ফ্ৰান্সৰ ‘লিগ ১’ৰ দৰে শীৰ্ষ পৰ্যায়ৰ লীগসমূহৰ লাখ লাখ অনুৰাগী আছে । ফ্ৰান্সৰ কিংবদন্তী খেলুৱৈ থিয়েৰী হেনৰী, জিনেদিন জিদান আৰু বৰ্তমানৰ ছুপাৰষ্টাৰ কিলিয়ান এমবাপে ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ মাজত অত্যন্ত জনপ্ৰিয় ।

লগতে পঢ়ক : নিস্তেজ ৰোনাল্ডোঃ ফেভাৰিট পৰ্তুগালক ৰোধিলে ডি আৰ কংগোৱে!

ফিফা বিশ্বকাপ ২০২৬: সুদীৰ্ঘ ৬৮ বছৰৰ পাছত ঘটিল এই অঘটন!

বিশ্বকাপৰ মঞ্চলৈ প্ৰথমবাৰৰ বাবে যোগ্যতা অৰ্জন কৰা কেপ ভাৰ্ডেৰ মুখামুখি হৈছিল বৰ্তমানৰ ইউৰোপীয় চেম্পিয়ন স্পেইন

চলিত ফিফা বিশ্বকাপত সৃষ্টি হৈছে এক বিৰল অভিলেখ । ক্ৰীড়া পত্ৰিকা ‘দ্য এথলেটিক’-অৰ এক প্ৰতিবেদন অনুসৰি, সুদীৰ্ঘ ৬৮ বছৰৰ পাছত বিশ্বকাপৰ ইতিহাসত একেটা দিনতে চাৰিখনকৈ মেচ ড্ৰ’ হোৱাৰ ঘটনা ঘটিছে । ইয়াৰ পূৰ্বে ১৯৫৮ চনৰ ১৫ জুনত একেটা দিনতে অনুষ্ঠিত আঠখন মেচৰ ভিতৰত চাৰিখন খেল ড্ৰ’ হৈছিল । এই ঐতিহাসিক দিনটোত বিশ্ববাসীয়ে লাভ কৰিলে কেইবাটাও ৰোমাঞ্চকৰ ফুটবল মূহূৰ্ত ।

স্পেইনক ৰোধিলে নৱাগত কেপ ভাৰ্ডেয়ে

দিনটোৰ আটাইতকৈ ডাঙৰ বিপৰ্যয় দেখিবলৈ পোৱা গ’ল প্ৰথমখন মেচত । বিশ্বকাপৰ মঞ্চলৈ প্ৰথমবাৰৰ বাবে যোগ্যতা অৰ্জন কৰা কেপ ভাৰ্ডে (Cape Verde)ৰ মুখামুখি হৈছিল বিশ্বৰ দুই নম্বৰ স্থান প্ৰাপ্ত তথা বৰ্তমানৰ ইউৰোপীয় চেম্পিয়ন স্পেইন । কিন্তু আটলাণ্টাত অনুষ্ঠিত এই খেলখনত নৱাগত দলটোৱে এক অনবদ্য ডিফেঞ্চিভ মাষ্টাৰক্লাছ প্ৰদৰ্শন কৰি তাৰকাখচিত স্পেইনক ০-০ গ’লহীন ড্ৰ’ত ৰখিবলৈ সক্ষম হয় । সোমবাৰে খেলা এই খেলখনৰ পাছত ‘গ্ৰুপ এইচ’-ৰ সমীকৰণ এতিয়া সম্পূৰ্ণ মুকলি হৈ পৰিছে ।

অন্তিম মূহূৰ্তত জয়ৰ পৰা বঞ্চিত ইজিপ্ত

দিনটোৰ দ্বিতীয়খন খেলত ছিয়াটলত মুখামুখি হৈছিল ইজিপ্ত আৰু বেলজিয়াম । খেলৰ আৰম্ভণিতে ইমান আশুৰৰ এক ক্ষিপ্ৰ গ’লৰ সহায়ত ইজিপ্তে অগ্ৰগতি লাভ কৰি ইতিহাসৰ প্ৰথমটো বিশ্বকাপ জয়ৰ দিশে আগবাঢ়িছিল । কিন্তু দ্বিতীয়াৰ্ধত বেলজিয়ামৰ তাৰকা ষ্ট্ৰাইকাৰ ৰোমেলু লুকা কুৱে খেলপথাৰত প্ৰৱেশ কৰিয়েই ১ মিনিটৰ ভিতৰত ইজিপ্তৰ ডিফেণ্ডাৰক এটা অ’ন-গ’ল কৰিবলৈ বাধ্য কৰে । ফলত মেচখন ১-১ গ’লত ড্ৰ’ হয় ।

ৰোমাঞ্চকৰ মেচৰ অন্তত পইণ্ট ভগাই ল’লে উৰুগুৱে-চৌদি আৰৱ আৰু ইৰানে

মঙলবাৰে মায়ামীত অনুষ্ঠিত অন্য এখন হাই-ভল্টেজ মেচত উৰুগুৱে আৰু চৌদি আৰৱে ১-১ গ’লত ড্ৰ’ খেলে । খেলৰ ৮০ মিনিটত মেক্সিমিলিয়ানো আৰাউজোৰ গুৰুত্বপূৰ্ণ সমতা স্থাপনকাৰী গ’লটোৰ সহায়ত উৰুগুৱে পৰাজয়ৰ পৰা ৰক্ষা পৰে । এই ড্ৰ’ৰ ফলত ‘গ্ৰুপ এইচ’ৰ আটাইকেইটা দল ক্ৰমে স্পেইন, কেপ ভাৰ্ডে, উৰুগুৱে আৰু চৌদি আৰৱ ১ পইণ্টকৈ লাভ কৰি বৰ্তমান সমস্থানত আছে ।

আনহাতে, লছ এঞ্জেলছৰ ছ’ফাই ষ্টেডিয়ামত অনুষ্ঠিত দিনটোৰ অন্তিমখন খেলত ইৰান আৰু নিউজিলেণ্ডৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা যায় । এই ৰোমাঞ্চকৰ মেচখন শেষত ২-২ গ’লত ড্ৰ’ হয় । বিশ্বকাপত নিজৰ সপ্তমখন মেচ খেলাৰ পিছতো নিউজিলেণ্ডে এতিয়ালৈকে প্ৰথম জয়ৰ সোৱাদ পাবলৈ সক্ষম হোৱা নাই ।

দেওবাৰে পৰৱৰ্তী যুঁজ

‘গ্ৰুপ জি’-ৰ পৰৱৰ্তী মেচসমূহ অহা দেওবাৰে অনুষ্ঠিত হ’ব । নকআউট পৰ্যায়ত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিবলৈ লক্ষ্য স্থিৰ কৰা ইৰানে বেলজিয়ামৰ বিৰুদ্ধে খেলিবলৈ পুনৰ লছ এঞ্জেলছলৈ উভতি আহিব । আনহাতে, নিউজিলেণ্ডে ভেংকুভাৰত ইজিপ্তৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব ।

লগতে পঢ়ক : বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন মেচৰ পৰাই বাহিৰ নেইমাৰ!

ফিফা বিশ্বকাপৰ মঞ্চত বিশ্ববাসীৰ হৃদয় জিনিলে জাপানৰ অনুৰাগীয়ে

এক তীব্ৰ উত্তেজনাপূৰ্ণ খেলৰ পিছত ডালাছ ষ্টেডিয়ামৰ গেলাৰী পৰিষ্কাৰ কৰি জাপানৰ অনুৰাগীসকলে পুনৰবাৰ বিশ্বজুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে

২০২৬ চনৰ ফিফা বিশ্বকাপৰ মজিয়াত কেৱল খেলুৱৈয়েই নহয়, বৰঞ্চ নিজৰ মহানুভৱতাৰে বিশ্ববাসীৰ হৃদয় জয় কৰিছে জাপানৰ সমৰ্থকসকলে । নেদাৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এক তীব্ৰ উত্তেজনাপূৰ্ণ খেলৰ পিছত ডালাছ ষ্টেডিয়ামৰ গেলাৰী পৰিষ্কাৰ কৰি জাপানৰ অনুৰাগীসকলে পুনৰবাৰ বিশ্বজুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । আৱৰ্জনা সংগ্ৰহ কৰি থকা ‘চামুৰাই ব্লু’ৰ সমৰ্থকসকলৰ এই ছবি আৰু ভিডিঅ’সমূহ বৰ্তমান ছচিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে ।

খেলপথাৰত ৰোমাঞ্চকৰ ড্ৰ’

গ্ৰুপ-এফৰ এই উদ্বোধনী মেচখনত জাপানে নেদাৰলেণ্ডৰ বিৰুদ্ধে ২-২ গ’লত এক ৰোমাঞ্চকৰ ড্ৰ’ খেলে । খেলৰ আৰম্ভণিতে ভাৰ্জিল ভান ডাইক আৰু ক্ৰাইচেনচিঅ’ চামৰভিলৰ গ’লেৰে ডাচ দলটোৱে দুবাৰকৈ অগ্ৰগতি লাভ কৰিছিল । কিন্তু জাপানী দলটোৱেও হাৰ নমনা মনোভাব প্ৰদৰ্শন কৰি দুয়োবাৰেই প্ৰত্যুত্তৰ দিয়ে । খেলৰ শেষৰ মুহূৰ্তত, অৰ্থাৎ ৮৮ মিনিটত দাইচি কামাদাই এটা সুন্দৰ হেডাৰেৰে গ’ল পৰিশোধ কৰি খেলখন ড্ৰ’ কৰিবলৈ সক্ষম হয় ।

খেলৰ শেষত অনুৰাগীৰ চমক

মেচখনে ফুটবল প্ৰেমীক পৰিপূৰ্ণ মনোৰঞ্জন দিয়াৰ বিপৰীতে, খেলৰ শেষৰ হুইছেল বজোৱাৰ পিছত ষ্টেডিয়ামত যি দৃশ্য দেখা গ’ল, তাক লৈহে সমগ্ৰ বিশ্বৰ অনুৰাগীসকল অধিক আপ্লুত হৈ পৰিছে । জাপানৰ জাৰ্চি পিন্ধা সমৰ্থকসকলে খেল শেষ হোৱাৰ পিছতো ষ্টেডিয়াম এৰি নগৈ গেলাৰীত পৰি থকা বটল, প্লাষ্টিক, খাদ্যৰ পেকেট আৰু অন্যান্য আৱৰ্জনাসমূহ নিজ হাতেৰে বুটলি বেগৰ ভিতৰত ভৰাবলৈ আৰম্ভ কৰে ।

সাংস্কৃতিক পৰম্পৰা আৰু সামূহিক দায়িত্ব-

বহু দেশৰ বাবে এয়া আচৰিত যেন লাগিলেও, জাপানী সমৰ্থকসকলৰ বাবে এয়া আছিল ডাঙৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাবোৰত তেওঁলোকে বছৰ বছৰ ধৰি মানি অহা এক স্বাভাৱিক নিয়ম । জাপানৰ এই অভ্যাসে তেওঁলোকৰ উন্নত সংস্কৃতি, পৰিষ্কাৰ-পৰিচ্ছন্নতা, অংশীদাৰী স্থানৰ প্ৰতি সন্মান আৰু সামূহিক দায়িত্ববোধকে প্ৰতিফলিত কৰে ।

পূৰ্বৰ বিশ্বকাপতো দেখুৱাইছিল এই আদৰ্শ

উল্লেখ্য যে, ২০২২ চনৰ কাটাৰ বিশ্বকাপতো জাপানী অনুৰাগীৰ এই কাৰ্যই বিশ্বজুৰি তোলপাৰ লগাইছিল । সেইবাৰ জাপানে শক্তিশালী জাৰ্মানীক ২-১ গ’লত পৰাস্ত কৰি এক ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছতো উল্লাস কৰাৰ পৰিৱৰ্তে ষ্টেডিয়ামৰ নিজৰ অংশটো পৰিষ্কাৰ কৰিহে খেলপথাৰ এৰিছিল । আনকি নিজৰ দলৰ খেল নথকা মেচ যেনে— কাটাৰ আৰু ইকুৱেডৰৰ মাজৰ উদ্বোধনী খেলখনৰ পিছতো জাপানী সমৰ্থকক ষ্টেডিয়াম পৰিষ্কাৰ কৰা দেখা গৈছিল ।

২০২৬ চনৰ বিশ্বকাপতো জাপানী অনুৰাগীৰ এই অনন্য কাৰ্যই পুনৰ প্ৰমাণ কৰিলে যে খেল কেৱল জয়-পৰাজয়ৰে নহয়, বৰঞ্চ এক সুন্দৰ মানসিকতাৰো পৰিচায়ক ।

লগতে পঢ়ক : কুৰাকাওক ৭-১ গ’লত পৰাস্ত কৰি ইতিহাস ৰচনা জাৰ্মানীৰ; ব্ৰাজিলৰ অভিলেখ ভংগ

নেইমাৰ অবিহনেই আজি বিশ্বকাপৰ অভিযানত নামিব পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিল

তাৰকা খেলুৱৈ তথা দলৰ মেৰুদণ্ড স্বৰূপ নেইমাৰৰ অবিহনেই আজি মৰক্কোৰ বিৰুদ্ধে ফিফা বিশ্বকাপ ২০২৬ৰ অভিযান আৰম্ভ কৰিব পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলে

উত্তৰ আমেৰিকাত তীব্ৰ উত্তেজনাৰ মাজত অব্যাহত থকা ফিফা বিশ্বকাপত শনিবাৰে হাইপ্ৰ’ফাইল মেচত অবতীৰ্ণ হ’ব পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিল । গ্ৰুপ পৰ্যায়ৰ এই আকৰ্ষণীয় মেচখনত ব্ৰাজিলৰ মুখামুখি হ’ব শক্তিশালী মৰক্কো । শনিবাৰে হ’বলগীয়া আন তিনিখন খেলত কাতাৰে ছুইজাৰলেণ্ডৰ, হাইটিয়ে স্কটলেণ্ডৰ আৰু অষ্ট্ৰেলিয়াই তুৰস্কৰ বিৰুদ্ধে খেলি নিজ নিজ বিশ্বকাপ অভিযান আৰম্ভ কৰিব ।

শীৰ্ষ ১০ ৰ যুঁজ: ইতিহাস আৰু পৰিসংখ্যা

বৰ্তমানৰ ফিফা ৰেংকিঙত ব্ৰাজিল ষষ্ঠ আৰু মৰক্কো অষ্টম স্থানত আছে । গ্ৰুপ পৰ্যায়ত শীৰ্ষ ১০ টা স্থানৰ ভিতৰত থকা দুটা দলৰ মাজত হ’বলগীয়া এইখনেই একমাত্ৰ খেল ।

ইতিহাসলৈ চালে দেখা যায় যে বিশ্বকাপত ব্ৰাজিল আৰু মৰক্কো মাত্ৰ এবাৰহে মুখামুখি হৈছে । ১৯৯৮ চনৰ সেই খেলখনত ৰোণাল্ডো, ৰিভালডো আৰু বেবেটোৰ দৰে তাৰকাৰে সজ্জিত ব্ৰাজিলে মৰক্কোক ৩-০ ব্যৱধানত পৰাস্ত কৰিছিল । অৱশ্যে, শেহতীয়াকৈ ২০২৩ চনৰ এখন প্ৰীতি মেচত মৰক্কোৱে ব্ৰাজিলক ২-১ গলত হৰুৱাই এক চমকপ্ৰদ প্ৰতিশোধ লৈছিল ।

সাধাৰণতে আফ্ৰিকান দলসমূহৰ বিৰুদ্ধে ব্ৰাজিলৰ অভিলেখ অতি সুন্দৰ । বিশ্বকাপত আফ্ৰিকান দলৰ বিৰুদ্ধে খেলা ৮ খন মেচৰ ভিতৰত ৭ খনতে তেওঁলোকে জয়লাভ কৰিছে । তেওঁলোকৰ একমাত্ৰ পৰাজয় হৈছিল ২০২২ চনৰ কাটাৰ বিশ্বকাপত কেমেৰুণৰ বিৰুদ্ধে ।

“কোনো দলেই ফেভাৰিট নহয়” – আশ্ৰাফ হাকিমী

মৰক্কোৱে আজিলৈকে বিশ্বকাপত নিজৰ কোনো উদ্বোধনী খেল জিকিব পৰা নাই । তথাপিও, মেচৰ পূৰ্বে এক সংবাদ মেলত মৰক্কোৰ অধিনায়ক আশ্ৰাফ হাকিমীয়ে নিজৰ দলক ‘আণ্ডাৰডগ’ বুলি ভাবিবলৈ অস্বীকাৰ কৰে । ব্ৰাজিলৰ ৫ টা বিশ্ব খিতাপৰ তুলনাত মৰক্কোৰ মাত্ৰ ৫ খন মেচ জয়ৰ ইতিহাস থকাৰ প্ৰসংগত তেওঁ কয় :

“বিশ্বকাপৰ দৰে এটা মঞ্চলৈ আহিলে কোনো ফেভাৰিট দল নাথাকে । খেলখন ৫০-৫০ হ’ব । যিটো দলে সুযোগসমূহ সঠিকভাৱে ব্যৱহাৰ কৰি নিখুঁত ফুটবল খেলিব, তেওঁলোকেই জিকিব । আমি আশাবাদী যে সেই দলটো আমিয়েই হ’ম ।”

প্ৰথম মেচৰ পৰা বাদ পৰিল নেইমাৰ

ব্ৰাজিল শিবিৰৰ বাবে আটাইতকৈ ডাঙৰ খবৰটো হ’ল দলৰ তাৰকা ফৰৱাৰ্ড নেইমাৰে মৰক্কোৰ বিৰুদ্ধে উদ্বোধনী খেলখনত অংশ ল’ব নোৱাৰিব । ব্ৰাজিলৰ মুখ্য প্ৰশিক্ষক কাৰ্লো আনচেলট্টিয়ে শনিবাৰে এই কথা নিশ্চিত কৰিছে । টুৰ্নামেণ্টৰ পূৰ্বে ভৰিৰ ডিম্বাকৃতিৰ মাংসপেশীত লাভ কৰা আঘাতৰ বাবে নেইমাৰ সম্পূৰ্ণ সুস্থ হৈ উঠা নাই ।

প্ৰশিক্ষক আনচেলট্টিয়ে সংবাদ মাধ্যমৰ আগত কয় :

“নেইমাৰে খেলপথাৰলৈ সোনকালে ঘূৰি আহিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে । আশা কৰিছোঁ অহা সপ্তাহৰ পৰা তেওঁ দলৰ সৈতে সম্পূৰ্ণ প্ৰশিক্ষণত ভাগ ল’ব পাৰিব ।”

অৱশ্যে ব্ৰাজিলৰ পৰৱৰ্তী মেচসমূহ ক্ৰমে ১৯ জুনত হাইটি আৰু ২৪ জুনত স্কটলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । প্ৰশিক্ষকগৰাকীয়ে আশা প্ৰকাশ কৰিছে যে এই দুয়োখন খেলত নেইমাৰক দলে লাভ কৰিব ।

খিতাপৰ অন্বেষণত ব্ৰাজিল

২০০২ চনৰ পিছত ব্ৰাজিলে পুনৰ এবাৰ বিশ্বকাপ খিতাপ দখল কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব । যোৱা কেইবাটাও সংস্কৰণত ব্ৰাজিল কোৱাৰ্টাৰ ফাইনেলৰ পৰাই বিদায় ল’বলগীয়া হৈছে, কেৱল ২০১৪ চনত ঘৰুৱা মাটিত তেওঁলোকে ছেমিফাইনাল খেলিছিল ।

লগতে পঢ়ক : মেক্সিকোৰ জয় বনাম ৰেড কাৰ্ডৰ অভিলেখ! বিশ্বকাপৰ উদ্বোধনী মেচতে ইতিহাস

ফুটবল বিশ্বকাপত চুৰিকাণ্ড; ইংলেণ্ড ফুটবল টীমৰ খেলুৱৈৰ চুৰি হ’ল জোতা

ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ আৰম্ভণিৰ খেলখনৰ মাত্ৰ কেইদিনমান পূৰ্বে ইংলেণ্ড দলটোৱে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়।ফ্ল’ৰিডাৰ পৰা কেনছাছ চিটিলৈ যোৱাৰ পথত খেলুৱৈৰ বুট, ফুটবল আৰু অন্যান্য সঁজুলি চুৰি হয়।

ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ উদ্বোধনী মেচৰ পূৰ্বে ইংলেণ্ড ফুটবল দলটো এক বিপৰ্যয়ৰ  সন্মুখীন হয়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, দলটোৰ কেইবাগৰাকীও খেলুৱৈৰ জোতা, ফুটবল আৰু অন্যান্য প্ৰয়োজনীয় সঁজুলি পথৰ পৰা চুৰি হৈছে। এই ঘটনাটোক এটা ডাঙৰ চুৰিকাণ্ড বুলি অভিহিত কৰা হৈছে, যিয়ে ইংলেণ্ড শিবিৰৰ প্ৰস্তুতিত ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি কৰিছে।

প্ৰতিবেদন অনুসৰি, ইংলেণ্ড দলটোৱে বিশ্বকাপৰ পূৰ্বে ফ্ল’ৰিডাত প্ৰাক-টুৰ্ণামেণ্ট প্ৰশিক্ষণ শিবিৰ পাতিছিল। এই সময়ছোৱাত দলটোৱে নিউজিলেণ্ড, কষ্টাৰিকা আৰু স্থানীয় ক্লাব মিয়ামি ইউনাইটেডৰ বিৰুদ্ধে অনুশীলন মেচো খেলিছিল। প্ৰশিক্ষণ শিবিৰ শেষ হোৱাৰ পিছত শনিবাৰে পুৱা খেলুৱৈসকল বিমানেৰে আমেৰিকাৰ কানছাছ চিটীত থকা দলীয় হোটেলত উপস্থিত হয়, আনহাতে তেওঁলোকৰ সা-সামগ্ৰীসমূহ আগতীয়াকৈ পথ পৰিবহণেৰে পঠিওৱা হৈছিল।

এই যাত্ৰাৰ মাজতে পথৰ পৰা দলটোৰ কিছু সামগ্ৰী চুৰি হয়। ‘দিলী মেইল’ৰ প্ৰতিবেদন অনুসৰি,  ৰিপৰ্ট কৰা অনুসৰি চোৰে খেলুৱৈসকলৰ বুট, ফুটবল আৰু অন্যান্য সঁজুলি লৈ পলাই যায়। এই ঘটনা পোহৰলৈ অহাৰ পিছতে ইংলেণ্ড দলৰ সহযোগী কৰ্মচাৰীসকলৰ (Support Staff) মাজত হাহাকাৰ লাগিছে।

জানিব পৰা মতে, কৰ্মচাৰীসকলে এতিয়া খেলুৱৈসকলৰ বাবে নতুন বুট আৰু প্ৰয়োজনীয় সামগ্ৰীৰ যোগাৰ কৰাত ব্যস্ত হৈ পৰিছে, যাতে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে হ’বলগীয়া উদ্বোধনী মেচৰ প্ৰস্তুতিত কোনো প্ৰভাৱ নপৰে। অৱশ্যে এতিয়ালৈকে এইটো স্পষ্ট হোৱা নাই যে কিমানজন খেলুৱৈৰ সামগ্ৰী চুৰি হৈছে আৰু ক্ষয়-ক্ষতিৰ পৰিমাণ কিমান।

এই সমগ্ৰ বিষয়টো সন্দৰ্ভত ইংলেণ্ড ফুটবল এছ’চিয়েশ্যন (FA)ৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা হোৱা নাই। আনহাতে, এই ঘটনাই বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে ইংলেণ্ড দলৰ প্ৰস্তুতিত অপ্ৰত্যাশিত সমস্যাৰ সৃষ্টি কৰিছে।

এতিয়া সকলোৰে চকু এফএ (FA)ৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া আৰু দলটোৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত নিৱদ্ধ হৈ আছে। প্ৰতিবেদন অনুসৰি, দলটোৰ গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহ ফ্ল’ৰিডাৰ পৰা মিজুৰীলৈ লৈ যোৱাৰ সময়ত চুৰি হয়। এতিয়া ইংলেণ্ড ফুটবল এছ’চিয়েশ্যন (FA) আৰু দলৰ কৰ্মচাৰীসকলে চুৰি হোৱা সামগ্ৰীসমূহ বিচাৰি উলিয়াবলৈ আৰু তাৰ ক্ষতিপূৰণ কৰিবলৈ চেষ্টা চলাইছে।

লগতে পঢ়ক: ‘তেৰা য়াৰ হু মে’; কেন উইলিয়ামছনৰ অৱসৰক লৈ আৱেগিক বিৰাট কোহলী

মেক্সিকোৰ জয় বনাম ৰেড কাৰ্ডৰ অভিলেখ! বিশ্বকাপৰ উদ্বোধনী মেচতে ইতিহাস

ফিফা বিশ্বকাপ ২০২৬-ৰ উদ্বোধনী মেচতে সৃষ্টি হয় পূৰ্বে নোহোৱা এক অভিলেখ । মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা এই মেচখন ফুটবল বিশ্বকাপৰ ইতিহাসত এক এক অভূতপূৰ্ব আৰু বিৰল ক্ষণৰ সাক্ষী হৈ ৰ’ল ।

চলিত বিশ্বকাপৰ উদ্বোধনী মেচখনেই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ ইতিহাসত এক অভূতপূৰ্ব আৰু বিৰল ক্ষণৰ সাক্ষী হৈ ৰ’ল । মেক্সিকোৰ বিখ্যাত আছটেকা ষ্টেডিয়ামত (Azteca Stadium) অনুষ্ঠিত খেলখনত তীব্ৰ উত্তেজনাৰ মাজতে ৩ গৰাকীকৈ খেলুৱৈক ৰেড কাৰ্ড দেখুৱাই খেলপথাৰৰ পৰা বহিষ্কাৰ কৰা হয় । বিশ্বকাপৰ ইতিহাসত ইয়াৰ পূৰ্বে উদ্বোধনী মেচত কেতিয়াও এনে ঘটনা ঘটা নাই ।

খেলখনত সহ-আয়োজক মেক্সিকোৱে দক্ষিণ আফ্ৰিকাক ২-০ গলত পৰাস্ত কৰে যদিও সমগ্ৰ খেলখনত খেলুৱৈৰ আক্ৰমণাত্মক আচৰণ আৰু ৰেড কাৰ্ডৰ বিষয়টোহে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

উদ্বোধনী মেচত প্ৰথমবাৰ : আটাইকেইখন পোনপটীয়া ৰেড কাৰ্ড

ফুটবল বিশ্বকাপৰ ইতিহাসত এইয়াই প্ৰথমবাৰৰ বাবে উদ্বোধনী মেচতে তিনিগৰাকী খেলুৱৈ বহিষ্কৃত হৈছে । আশ্চৰ্যজনকভাৱে, আটাইকেইখন কাৰ্ডেই আছিল পোনপটীয়া । অৰ্থাৎ, কোনো এগৰাকী খেলুৱৈয়েই দুখন হালধীয়া কাৰ্ডৰ ফলত নহয়, বৰঞ্চ গুৰুতৰ ফাউলৰ বাবে পোনপটীয়াকৈ খেলপথাৰ এৰিবলগীয়া হয় । ইয়াৰ ফলত দক্ষিণ আফ্ৰিকাৰ স্পেফেলো চিথোল আৰু থেম্বা জোৱানে তথা মেক্সিকোৰ চেছাৰ মণ্টেছ অতি কমেও পৰৱৰ্তী এখন মেচৰ বাবে নিলম্বিত হৈছে ।

প্ৰথম ৰেড কাৰ্ড : দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে দক্ষিণ আফ্ৰিকাৰ স্পেফেলো চিথোলে মেক্সিকোৰ ব্ৰায়ান গুটিয়ৰেজক ডি-বক্সৰ ঠিক বাহিৰতে বিপজ্জনকভাৱে বগৰাই দিয়াত প্ৰথম ৰেড কাৰ্ডখন লাভ কৰে ।

দ্বিতীয় ৰেড কাৰ্ড : খেলৰ ৮৪ মিনিটত দক্ষিণ আফ্ৰিকাৰ বিপদ আৰু বৃদ্ধি পায় । ভিডিঅ’ ৰিভিউৰ সহায় লৈ ৰেফ্ৰীয়ে থেম্বা জোৱানক মেক্সিকোৰ ৰবাৰ্টো আলভাৰাডোক মুখত আঘাত কৰাৰ অপৰাধত খেলপথাৰৰ পৰা উলিয়াই দিয়ে ।

তৃতীয় ৰেড কাৰ্ড : খেলৰ একেবাৰে শেষৰ ফালে, অৰ্থাৎ ষ্টপেজ টাইমত মেক্সিকোৰ ডিফেণ্ডাৰ চেছাৰ মণ্টেছে দক্ষিণ আফ্ৰিকাৰ খুলিছো মুডাউক ফাউল কৰাৰ বাবে ৰেড কাৰ্ডৰ সন্মুখীন হয় ।

ভংগ হ’ল বিগত বিশ্বকাপৰ অভিলেখ-

সংখ্যাৰ দিশৰ পৰা চালে, ২০২২ চনৰ কাটাৰ বিশ্বকাপৰ সমগ্ৰ প্ৰতিযোগিতাখনত মাত্ৰ ৪ খনহে ৰেড কাৰ্ড দেখুওৱা হৈছিল । কিন্তু এইবাৰ প্ৰথমখন মেচতে ৩ খন ৰেড কাৰ্ড প্ৰদৰ্শন কৰা হ’ল । ইয়াৰ পূৰ্বে ২০০৬ চনৰ জাৰ্মানী বিশ্বকাপত পৰ্তুগাল আৰু নেডাৰলেণ্ডৰ মাজৰ বিখ্যাত খেলখনত সৰ্বাধিক ৪ গৰাকী খেলুৱৈক ৰেড কাৰ্ড (যাক ‘বেটেল অৱ নুৰেমবাৰ্গ’ বুলি জনা যায়) দেখুওৱা হৈছিল । সেই খেলখনত ১৬ খন হালধীয়া কাৰ্ডো ব্যৱহাৰ হৈছিল । ২০০৬ চনৰ সেই মেচখনৰ পিছত এইখনেই বিশ্বকাপৰ আটাইতকৈ আক্ৰমণাত্মক খেল হিচাপে পৰিগণিত হৈছে ।

পৰৱৰ্তী মেচৰ সমীকৰণ

এই খেলখনৰ পিছত দক্ষিণ আফ্ৰিকাই তেওঁলোকৰ পৰৱৰ্তী মেচখন চেক গণৰাজ্যৰ বিৰুদ্ধে খেলিব । আনহাতে, বিজয়ী দল মেক্সিকোৱে গুৱাদালাজাৰাত দক্ষিণ কোৰিয়াৰ মুখামুখি হ’ব । অৱশ্যে গুৰুত্বপূৰ্ণ খেলুৱৈৰ নিলম্বনে দুয়োটা দলকে পৰৱৰ্তী মেচত কিছু চিন্তাত পেলাব ।

লগতে পঢ়ক : ফিফা বিশ্বকাপ ২০২৬: উদ্বোধনী মেচত মেক্সিকোৰ হাতত ২-০ গলত পৰাস্ত দক্ষিণ আফ্ৰিকা