ফিফা বিশ্বকাপৰ মঞ্চত বিশ্ববাসীৰ হৃদয় জিনিলে জাপানৰ অনুৰাগীয়ে

এক তীব্ৰ উত্তেজনাপূৰ্ণ খেলৰ পিছত ডালাছ ষ্টেডিয়ামৰ গেলাৰী পৰিষ্কাৰ কৰি জাপানৰ অনুৰাগীসকলে পুনৰবাৰ বিশ্বজুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে

২০২৬ চনৰ ফিফা বিশ্বকাপৰ মজিয়াত কেৱল খেলুৱৈয়েই নহয়, বৰঞ্চ নিজৰ মহানুভৱতাৰে বিশ্ববাসীৰ হৃদয় জয় কৰিছে জাপানৰ সমৰ্থকসকলে । নেদাৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এক তীব্ৰ উত্তেজনাপূৰ্ণ খেলৰ পিছত ডালাছ ষ্টেডিয়ামৰ গেলাৰী পৰিষ্কাৰ কৰি জাপানৰ অনুৰাগীসকলে পুনৰবাৰ বিশ্বজুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । আৱৰ্জনা সংগ্ৰহ কৰি থকা ‘চামুৰাই ব্লু’ৰ সমৰ্থকসকলৰ এই ছবি আৰু ভিডিঅ’সমূহ বৰ্তমান ছচিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে ।

খেলপথাৰত ৰোমাঞ্চকৰ ড্ৰ’

গ্ৰুপ-এফৰ এই উদ্বোধনী মেচখনত জাপানে নেদাৰলেণ্ডৰ বিৰুদ্ধে ২-২ গ’লত এক ৰোমাঞ্চকৰ ড্ৰ’ খেলে । খেলৰ আৰম্ভণিতে ভাৰ্জিল ভান ডাইক আৰু ক্ৰাইচেনচিঅ’ চামৰভিলৰ গ’লেৰে ডাচ দলটোৱে দুবাৰকৈ অগ্ৰগতি লাভ কৰিছিল । কিন্তু জাপানী দলটোৱেও হাৰ নমনা মনোভাব প্ৰদৰ্শন কৰি দুয়োবাৰেই প্ৰত্যুত্তৰ দিয়ে । খেলৰ শেষৰ মুহূৰ্তত, অৰ্থাৎ ৮৮ মিনিটত দাইচি কামাদাই এটা সুন্দৰ হেডাৰেৰে গ’ল পৰিশোধ কৰি খেলখন ড্ৰ’ কৰিবলৈ সক্ষম হয় ।

খেলৰ শেষত অনুৰাগীৰ চমক

মেচখনে ফুটবল প্ৰেমীক পৰিপূৰ্ণ মনোৰঞ্জন দিয়াৰ বিপৰীতে, খেলৰ শেষৰ হুইছেল বজোৱাৰ পিছত ষ্টেডিয়ামত যি দৃশ্য দেখা গ’ল, তাক লৈহে সমগ্ৰ বিশ্বৰ অনুৰাগীসকল অধিক আপ্লুত হৈ পৰিছে । জাপানৰ জাৰ্চি পিন্ধা সমৰ্থকসকলে খেল শেষ হোৱাৰ পিছতো ষ্টেডিয়াম এৰি নগৈ গেলাৰীত পৰি থকা বটল, প্লাষ্টিক, খাদ্যৰ পেকেট আৰু অন্যান্য আৱৰ্জনাসমূহ নিজ হাতেৰে বুটলি বেগৰ ভিতৰত ভৰাবলৈ আৰম্ভ কৰে ।

সাংস্কৃতিক পৰম্পৰা আৰু সামূহিক দায়িত্ব-

বহু দেশৰ বাবে এয়া আচৰিত যেন লাগিলেও, জাপানী সমৰ্থকসকলৰ বাবে এয়া আছিল ডাঙৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাবোৰত তেওঁলোকে বছৰ বছৰ ধৰি মানি অহা এক স্বাভাৱিক নিয়ম । জাপানৰ এই অভ্যাসে তেওঁলোকৰ উন্নত সংস্কৃতি, পৰিষ্কাৰ-পৰিচ্ছন্নতা, অংশীদাৰী স্থানৰ প্ৰতি সন্মান আৰু সামূহিক দায়িত্ববোধকে প্ৰতিফলিত কৰে ।

পূৰ্বৰ বিশ্বকাপতো দেখুৱাইছিল এই আদৰ্শ

উল্লেখ্য যে, ২০২২ চনৰ কাটাৰ বিশ্বকাপতো জাপানী অনুৰাগীৰ এই কাৰ্যই বিশ্বজুৰি তোলপাৰ লগাইছিল । সেইবাৰ জাপানে শক্তিশালী জাৰ্মানীক ২-১ গ’লত পৰাস্ত কৰি এক ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছতো উল্লাস কৰাৰ পৰিৱৰ্তে ষ্টেডিয়ামৰ নিজৰ অংশটো পৰিষ্কাৰ কৰিহে খেলপথাৰ এৰিছিল । আনকি নিজৰ দলৰ খেল নথকা মেচ যেনে— কাটাৰ আৰু ইকুৱেডৰৰ মাজৰ উদ্বোধনী খেলখনৰ পিছতো জাপানী সমৰ্থকক ষ্টেডিয়াম পৰিষ্কাৰ কৰা দেখা গৈছিল ।

২০২৬ চনৰ বিশ্বকাপতো জাপানী অনুৰাগীৰ এই অনন্য কাৰ্যই পুনৰ প্ৰমাণ কৰিলে যে খেল কেৱল জয়-পৰাজয়ৰে নহয়, বৰঞ্চ এক সুন্দৰ মানসিকতাৰো পৰিচায়ক ।

লগতে পঢ়ক : কুৰাকাওক ৭-১ গ’লত পৰাস্ত কৰি ইতিহাস ৰচনা জাৰ্মানীৰ; ব্ৰাজিলৰ অভিলেখ ভংগ

শান্তি চুক্তিৰ পিছতেই প্ৰথমবাৰলৈ আমেৰিকাত প্ৰৱেশ ইৰাণৰ ফুটবল টীম…

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি ঘোষণাৰ কিছু সময়ৰ পূৰ্বে ইৰাণৰ ফুটবল দলটোৱে বিশ্বকাপৰ বাবে আমেৰিকাত উপস্থিত হৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে ঘোষণা কৰি জনায় যে ইৰাণৰ সৈতে শান্তি চুক্তি সম্পন্ন হৈছে। এই ঘোষণাৰ মাত্ৰ কেইটামান ঘণ্টা পূৰ্বে ইৰাণৰ ৰাষ্ট্ৰীয় ফুটবল দলটো ফিফা বিশ্বকাপ ২০২৬-ত অংশগ্ৰহণ কৰিবলৈ আমেৰিকাত উপস্থিত হয়। ইৰাণে ১৫ জুনত কেলিফৰ্ণিয়াৰ ইংলউড চহৰত নিউজিলেণ্ডৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেল খেলিব।

ইৰাণৰ ফুটবল দলটোৱে মেক্সিকোত প্ৰশিক্ষণ শিবিৰ পাতিছিল আৰু এতিয়ালৈকে সমগ্ৰ দলটো মেক্সিকোতে আছিল। আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি হোৱাৰ কেইঘণ্টামান পূৰ্বে ইৰাণৰ দলটোৱে মেক্সিকোৰ টিজুয়ানাৰ পৰা উৰা মাৰি লছ এঞ্জেলছত উপস্থিত হয়।

আমেৰিকা আৰু ইৰাণৰ মাজৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিলৈ চাই ইৰাণৰ দলটো আমেৰিকালৈ অহাটো অনিশ্চিত হৈ পৰিছিল।প্ৰথমবাৰলৈ এনে হৈছে যেতিয়া বিশ্বকাপৰ সময়ত ইৰাণী দল এটা আমেৰিকাৰ মাটিত ভৰি দিয়ে। দলটো থকা হোটেলখনৰ আশে-পাশে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে আৰু নিৰাপত্তা বাহিনীয়ে একাংশ পথত যাতায়ত বন্ধ কৰি দিছে।

বিশ্বকাপৰ প্ৰথমখন খেল খেলাৰ পূৰ্বৰে পৰা ইৰাণৰ দলটোৱে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। প্ৰথম অৱস্থাত দলটোৰ প্ৰশিক্ষণ শিবিৰ এৰিজোনাত হোৱাৰ কথা আছিল, কিন্তু ইৰাণ আৰু আমেৰিকাৰ মাজত সম্পৰ্কৰ অৱনতি ঘটাৰ বাবে দলটোৱে মেক্সিকোত প্ৰশিক্ষণ শিবিৰ স্থাপন কৰে।

ইফালে, বিশ্বকাপৰ প্ৰথমখন খেলৰ পূৰ্বে ইৰাণৰ ষ্ট্ৰাইকাৰ তথা অধিনায়ক মেহদী তাৰেমীয়ে কয় যে এই উত্তেজনাপূৰ্ণ পৰিৱেশৰ বাবে আনন্দৰ পৰিৱেশ গঢ়ি উঠিব পৰা নাই। তেওঁ লগতে কয় যে ইৰাণৰ বাহিৰেও আন পক্ষসমূহৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছে। তাৰেমীয়ে আৰু কয় যে এই বিশ্বকাপৰ বাবে আমেৰিকা মহাদেশত উপস্থিত হোৱাৰ পৰা খেলুৱৈসকলৰ মাজত উত্তেজনা আৰু ভয়ৰ পৰিৱেশ বিৰাজ কৰিছে।

ফিফা বিশ্বকাপত ইৰাণৰ দলটোক গ্ৰুপ ‘জি’ (Group G)-ত ৰখা হৈছে। এই একেটা গ্ৰুপতে নিউজিলেণ্ড, ইজিপ্ত আৰু বেলজিয়ামো আছে। ইৰাণৰ প্ৰথমখন খেল ১৫ জুনত (ভাৰতীয় সময় অনুসৰি ১৬ জুন) নিউজিলেণ্ডৰ বিৰুদ্ধে হ’ব। দ্বিতীয়খন খেল ২১ জুনত বেলজিয়ামৰ সৈতে আৰু ২৬ জুনত ইজিপ্তৰ বিৰুদ্ধে খেলা হ’ব।

উল্লেখযোগ্য যে, ফিফা বিশ্বকাপ ২০২৬ যুটীয়াভাৱে আমেৰিকা, কানাডা আৰু মেক্সিকোৱে আয়োজন কৰিছে। আনহাতে, ইৰাণ দলৰ আটাইকেইখন গ্ৰুপ পৰ্যায়ৰ খেল আমেৰিকাতে খেলা হ’ব।

লগতে পঢ়ক: কুৰাকাওক ৭-১ গ’লত পৰাস্ত কৰি ইতিহাস ৰচনা জাৰ্মানীৰ; ব্ৰাজিলৰ অভিলেখ ভংগ

কুৰাকাওক ৭-১ গ’লত পৰাস্ত কৰি ইতিহাস ৰচনা জাৰ্মানীৰ; ব্ৰাজিলৰ অভিলেখ ভংগ

ফিফা বিশ্বকাপ ২০২৬ত জাৰ্মানীয়ে অভিযান অতি দুৰ্দান্ত প্ৰদৰ্শনেৰে আৰম্ভ কৰে। জাৰ্মানীয়ে কুৰাকাওক ৭-১ গ’লত পৰাস্ত কৰি ব্ৰাজিলৰ অভিলেখ ভংগ কৰে।

ফিফা বিশ্বকাপ ২০২৬ ত জাৰ্মানীয়ে ধুমুহাৰ দৰে নিজৰ অভিযান আৰম্ভ কৰি প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা কুৰাকাও দলক ৭-১ ব্যৱধানত পৰাস্ত কৰে। এই বিজয়ৰ সৈতে জাৰ্মানীয়ে কেৱল তিনি পইণ্টেই অৰ্জন কৰা নাই, বৰঞ্চ বিশ্বকাপৰ ইতিহাসত এতিয়ালৈকে ব্ৰাজিলৰ দখলত থকা এটা অনন্য ৰেকৰ্ডো নিজৰ নামত কৰিবলৈ সক্ষম হৈছে। গ্ৰুপ ই-ৰ খেলখনত জাৰ্মান দলটো আৰম্ভণিৰে পৰাই সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰা দেখা গ’ল। দলটোৱে সেই পুৰণি আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰিলে, যাৰ বাবে তেওঁলোক বিশ্বৰ আটাইতকৈ সফল ফুটবল দলসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হয়। কৌতূহলৰ বিষয় এয়ে যে জাৰ্মানীয়ে পুনৰ এবাৰ ৭-১ স্ক’ৰ কৰিলে। ইয়াৰ ফলত ২০১৪ চনৰ বিশ্বকাপ ছেমিফাইনেলৰ স্মৃতি সজীৱ হৈ পৰিল। সেই খেলখনতো জাৰ্মানীয়ে ব্ৰাজিলক ৭-১ গলত পৰাস্ত কৰি ইতিহাস ৰচনা কৰিছিল।

কুৰাকাওৰ বিৰুদ্ধে সাতটা গ’ল দিয়াৰ লগে লগে জাৰ্মানী ফিফা বিশ্বকাপৰ ইতিহাসত আটাইতকৈ বেছি গ’ল কৰা দল হিচাপে পৰিগণিত হয়। এতিয়া বিশ্বকাপত জাৰ্মানীৰ নামত মুঠ ২৩৯ টা গ’ল হৈছে, আনহাতে ব্ৰাজিল ২৩৮ টা গ’লেৰে দ্বিতীয় স্থানলৈ অৱনমিত হৈছে। এতিয়া জাৰ্মানীৰ লক্ষ্য হৈছে বিশ্বকাপৰ ইতিহাসত ২৫০ টা গ’ল সম্পূৰ্ণ কৰা।

ফিফা বিশ্বকাপৰ ইতিহাসত আটাইতকৈ বেছি গ’ল কৰা দলসমূহ:

  • জাৰ্মানী – ২৩৯
  • ব্ৰাজিল – ২৩৮
  • আৰ্জেণ্টিনা – ১৫২

কেৱল এয়াই নহয়, এই লৈ চতুৰ্থবাৰৰ বাবে জাৰ্মানীয়ে কোনো বিশ্বকাপৰ মেচত ৭ বা তাতকৈ অধিক গ’ল দিছে। ইয়াৰ পূৰ্বে এই ৰেকৰ্ড হাংগেৰীৰ নামত আছিল, যিয়ে তিনিবাৰ এই কৃতিত্ব অৰ্জন কৰিছিল।

জাৰ্মানীয়ে খেলখন অত্যন্ত দ্ৰুত গতিৰে আৰম্ভ কৰিছিল। ষষ্ঠ মিনিটতে ফেলিক্স নেমেচাই সুন্দৰ গ’ল দি দলটোক অগ্ৰগতি প্ৰদান কৰে। অৱশ্যে, ২১ তম মিনিটত কুৰাকাওৱে সমতা স্থাপনকাৰী গ’ল দি সকলোকে আচৰিত কৰি তোলে। এক দ্ৰুত কাউণ্টাৰ এটেকৰ সময়ত লিভানো কোমেঞ্চিয়াৰ শ্বটটো ডিফ্লেক্ট হৈ মেনুৱেল নোয়াৰক প্ৰতাৰিত কৰি গ’লপোষ্টত সোমাই পৰে। এইটো কুৰাকাওৰ ইতিহাসৰ প্ৰথমটো ফিফা বিশ্বকাপৰ গ’ল আছিল। কিন্তু ইয়াৰ পিছত জাৰ্মানীয়ে খেলখন সম্পূৰ্ণৰূপে নিজৰ নিয়ন্ত্ৰণলৈ আনিলে। ৩৮ তম মিনিটত নিকো শ্লটাৰবেকৰ কৰ্নাৰৰ এক সুন্দৰ হেডৰে দলটোক পুনৰ অগ্ৰগতি দিলে। হাফ-টাইমৰ ঠিক আগে আগে কাই হাভাৰ্টজে লাভ কৰা পেনাল্টিটোক গ’ললৈ ৰূপান্তৰ কৰি স্ক’ৰ ৩-১ কৰে। দ্বিতীয় হাফ আৰম্ভ হোৱাৰ মাত্ৰ ৬৯ ছেকেণ্ডৰ পিছতে জামাল মুচিয়ালাই গ’ল দি খেলখন প্ৰায় শেষ কৰি পেলায়। ইয়াৰ পিছত নাথানিয়েল ব্ৰাউন, ডেনিছ উণ্ডাভ আৰু কাই হাভাৰ্টজে গ’লৰ বৰষুণ অব্যাহত ৰাখে আৰু জাৰ্মানীয়ে ৭-১ ব্যৱধানত এক ঐতিহাসিক জয় সাব্যস্ত কৰে।

লগতে পঢ়ক: চিৰবৈৰী পাকিস্তানক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ ভাৰতৰ

বিশ্বকাপত আশা কৰা ধৰণৰ নহ’ল ব্ৰাজিলৰ আৰম্ভণি; কথমপি পৰাজয়ৰ পৰা ৰক্ষা পাঁচবাৰৰ চেম্পিয়ন দলটো

মৰক্কোৱে স্পষ্ট কৰি দিছে যে ফিফা বিশ্বকাপত কেৱল অংশগ্ৰহণৰ বাবেই নহয়, তেওঁলোকে ইতিহাস ৰচনা কৰিবলৈহে প্ৰৱেশ কৰিছে। ইফালে ব্ৰাজিলেও নিশ্চয় উপলব্ধি কৰিছে যে এইবাৰো খিতাপৰ পথ সহজ নহ’ব।

ফিফা বিশ্বকাপ ২০২৬ত ব্ৰাজিলৰ আৰম্ভণি আশা কৰা ধৰণৰ নহ’ল। পাঁচবাৰৰ বিশ্ব চেম্পিয়ন দলটোৱে প্ৰথমখন খেলতে মৰক্কোৰ বিৰুদ্ধে এক কঠিন পৰীক্ষাৰ সম্মুখীন হ’বলগীয়া হয়। ১৪ জুন (দেওবাৰ) নিউ জাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ-চি (Group-C)ৰ খেলখনত মৰক্কোৱে ব্ৰাজিলক ১-১ গ’লৰ সমতাত ৰখাই দিয়ে। খেলৰ অন্তিম মুহূৰ্তত যদি গ’লকীপাৰ আলিসন বেকাৰে সুন্দৰভাৱে গ’ল ৰোধ নকৰিলেহেঁতেন, তেন্তে ব্ৰাজিলে পৰাজয়ৰো সন্মুখীন হ’বলগীয়া হ’ব পাৰিলেহেঁতেন।

এই হাইভল্টেজ মেচখনত মৰক্কোৱে আৰম্ভণিৰে পৰাই ব্ৰাজিলৰ ওপৰত চাপ সৃষ্টি কৰি ৰাখিছিল। চাৰি বছৰ পূৰ্বে বিশ্বকাপৰ চেমীফাইনেলত প্ৰৱেশ কৰা আফ্ৰিকান দলটোৱে দেখুৱাই দিলে যে এইবাৰো তেওঁলোকৰ হাতত ডাঙৰ দল ওলট-পালট কৰাৰ ক্ষমতা আছে। খেলখনৰ প্ৰথম ২০ মিনিটত ব্ৰাজিলে নিজৰ ছন্দ বিচাৰি হাবাথুৰি খাই থকাৰ বিপৰীতে মৰক্কোৱে ধাৰাবাহিকভাৱে আক্ৰমণাত্মভাৱে খেলি আছিল।

ইয়াৰ সুফল তেওঁলোকে ২১ মিনিটত লাভ কৰে। ব্ৰাজিলৰ মিডফিল্ডাৰ লুকাছ পাকুৱেটাৰ  ভুলৰ সুযোগ লৈ মৰক্কোৱে এটা তীব্ৰ কাউণ্টাৰ আক্ৰমণ আৰম্ভ কৰে। ব্ৰাহিম ডিয়াজৰ সুন্দৰ থ্ৰু বলত ইছমাইল ছাইবাৰীয়ে গ’লকীপাৰ আলিসন বেকাৰৰ মূৰৰ ওপৰেৰে বলটো নেটত সুমুৱাই মৰক্কোক ১-০ ব্যৱধানত আগুৱাই লৈ যায়। গ’লটোৰ পিছতে ষ্টেডিয়ামত উপস্থিত মৰক্কোৰ সমৰ্থকসকলৰ উছাহ চৰম পৰ্যায়ত উপনীত হয়, আনহাতে ব্ৰাজিলৰ অনুৰাগীসকল আচৰিত হৈ পৰে।

অৱশ্যে মৰক্কোৰ এই অগ্ৰগতি বেছি সময় স্থায়ী নহ’ল। ৩২ মিনিটত ব্ৰাজিলৰ অন্যতম তাৰকা ভিনিচিয়াছ জুনিয়ৰে নিজৰ চমক দেখুৱায়। ব্ৰুনো গুইমাৰেছৰ সৈতে সুন্দৰ বুজাবুজিৰে ভিনিচিয়াছে বাওঁফালৰ পৰা আগবাঢ়ি যায়। তেওঁ ডিফাণ্ডাৰসকলক প্ৰতাৰিত কৰি সোঁ ভৰিৰে এনে এটা আকৰ্ষণীয় শ্বট মাৰে যে ইয়াক ৰোধ কৰাৰ চেষ্টাত ইয়াছিন বোনো সম্পূৰ্ণ অসহায় হৈ পৰে। বলটো পোনপটীয়াকৈ গ’লপোষ্টৰ চুকত সোমাই পৰে আৰু স্ক’ৰ ১-১ হয়। ভিনিচিয়াছৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ এয়া আছিল ১০ নম্বৰ গ’ল।

দ্বিতীয় অৰ্ধত দুয়োটা দলেই জয়ৰ বাবে চেষ্টা চলায়, কিন্তু মৰক্কোক অধিক বিপজ্জনক ৰূপত দেখা গৈছিল। ইঞ্জুৰী টাইমত আফ্ৰিকান দলটোৱে মেচ জিকাৰ সোণালী সুযোগ লাভ কৰিছিল। নীল এল আইনাউইৰ শ্বটটো আলিসনে সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। ৰিবাউণ্ড বলত আয়ুব আমাইমৌনীৰ হাতত গ’ল কৰাৰ সুযোগ আছিল, কিন্তু ব্ৰাজিলৰ গ’লকীপাৰ গৰাকীয়ে মাটিত বাগৰি পৰি এক অবিশ্বাস্য ৰক্ষণাবেক্ষণ কৰি নিজৰ দলক পৰাজয়ৰ পৰা ৰক্ষা কৰে। এই ৰক্ষাই মেচখনৰ নিৰ্ণায়ক মুহূৰ্ত হিচাপে প্ৰমাণিত হয়।

ব্ৰাজিলে এই মেচখনত নিজৰ তাৰকা খেলুৱৈ নেইমাৰ জুনিয়ৰৰ অবিহনে খেলপথাৰত নামিছিল। ভৰিৰ পতাৰ আঘাতৰ পৰা সুস্থ হৈ উঠা নেইমাৰ দলৰ অংশ হ’ব নোৱাৰিলে। তেওঁৰ অনুপস্থিতিত ব্ৰাজিলৰ আক্ৰমণাত্মক বাহিনী কেইবাবাৰো ভাৰসাম্যহীন দেখা গৈছিল। প্ৰশিক্ষক কাৰ্লো আনচেলট্টিৰ নেতৃত্বত বিশ্বকাপ খেলি থকা ব্ৰাজিল দলটোক লৈ অনুৰাগীসকলৰ বহুত আশা আছে, কিন্তু প্ৰথমখন মেচে কেইবাটাও প্ৰশ্নৰ উত্থাপন কৰিছে।

যদিও ব্ৰাজিলে এই মেচত জয়লাভ কৰিব নোৱাৰিলে, তথাপিও দলটোৱে বিশ্বকাপৰ উদ্বোধনী মেচসমূহৰ এক বিশেষ অভিলেখ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়। ব্ৰাজিল এতিয়া ধাৰাবাহিকভাৱে ২১ খন বিশ্বকাপৰ উদ্বোধনী মেচত অপৰাজেয় হৈ আছে। ১৯৩৪ চনত স্পেইনৰ বিৰুদ্ধে খেলা উদ্বোধনী মেচত ব্ৰাজিলে শেষবাৰৰ বাবে পৰাজয়ৰ সোৱাদ পাইছিল। অৰ্থাৎ ৯২ বছৰতকৈও অধিক সময় ধৰি ব্ৰাজিলে নিজৰ বিশ্বকাপ অভিযান পৰাজয়েৰে আৰম্ভ কৰা নাই।

লগতে পঢ়ক: ৰোহিত শৰ্মাই ৰচিলে নতুন ইতিহাস; এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ত জেক কেলিছৰ অভিলেখ ভংগ

নেইমাৰ অবিহনেই আজি বিশ্বকাপৰ অভিযানত নামিব পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিল

তাৰকা খেলুৱৈ তথা দলৰ মেৰুদণ্ড স্বৰূপ নেইমাৰৰ অবিহনেই আজি মৰক্কোৰ বিৰুদ্ধে ফিফা বিশ্বকাপ ২০২৬ৰ অভিযান আৰম্ভ কৰিব পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলে

উত্তৰ আমেৰিকাত তীব্ৰ উত্তেজনাৰ মাজত অব্যাহত থকা ফিফা বিশ্বকাপত শনিবাৰে হাইপ্ৰ’ফাইল মেচত অবতীৰ্ণ হ’ব পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিল । গ্ৰুপ পৰ্যায়ৰ এই আকৰ্ষণীয় মেচখনত ব্ৰাজিলৰ মুখামুখি হ’ব শক্তিশালী মৰক্কো । শনিবাৰে হ’বলগীয়া আন তিনিখন খেলত কাতাৰে ছুইজাৰলেণ্ডৰ, হাইটিয়ে স্কটলেণ্ডৰ আৰু অষ্ট্ৰেলিয়াই তুৰস্কৰ বিৰুদ্ধে খেলি নিজ নিজ বিশ্বকাপ অভিযান আৰম্ভ কৰিব ।

শীৰ্ষ ১০ ৰ যুঁজ: ইতিহাস আৰু পৰিসংখ্যা

বৰ্তমানৰ ফিফা ৰেংকিঙত ব্ৰাজিল ষষ্ঠ আৰু মৰক্কো অষ্টম স্থানত আছে । গ্ৰুপ পৰ্যায়ত শীৰ্ষ ১০ টা স্থানৰ ভিতৰত থকা দুটা দলৰ মাজত হ’বলগীয়া এইখনেই একমাত্ৰ খেল ।

ইতিহাসলৈ চালে দেখা যায় যে বিশ্বকাপত ব্ৰাজিল আৰু মৰক্কো মাত্ৰ এবাৰহে মুখামুখি হৈছে । ১৯৯৮ চনৰ সেই খেলখনত ৰোণাল্ডো, ৰিভালডো আৰু বেবেটোৰ দৰে তাৰকাৰে সজ্জিত ব্ৰাজিলে মৰক্কোক ৩-০ ব্যৱধানত পৰাস্ত কৰিছিল । অৱশ্যে, শেহতীয়াকৈ ২০২৩ চনৰ এখন প্ৰীতি মেচত মৰক্কোৱে ব্ৰাজিলক ২-১ গলত হৰুৱাই এক চমকপ্ৰদ প্ৰতিশোধ লৈছিল ।

সাধাৰণতে আফ্ৰিকান দলসমূহৰ বিৰুদ্ধে ব্ৰাজিলৰ অভিলেখ অতি সুন্দৰ । বিশ্বকাপত আফ্ৰিকান দলৰ বিৰুদ্ধে খেলা ৮ খন মেচৰ ভিতৰত ৭ খনতে তেওঁলোকে জয়লাভ কৰিছে । তেওঁলোকৰ একমাত্ৰ পৰাজয় হৈছিল ২০২২ চনৰ কাটাৰ বিশ্বকাপত কেমেৰুণৰ বিৰুদ্ধে ।

“কোনো দলেই ফেভাৰিট নহয়” – আশ্ৰাফ হাকিমী

মৰক্কোৱে আজিলৈকে বিশ্বকাপত নিজৰ কোনো উদ্বোধনী খেল জিকিব পৰা নাই । তথাপিও, মেচৰ পূৰ্বে এক সংবাদ মেলত মৰক্কোৰ অধিনায়ক আশ্ৰাফ হাকিমীয়ে নিজৰ দলক ‘আণ্ডাৰডগ’ বুলি ভাবিবলৈ অস্বীকাৰ কৰে । ব্ৰাজিলৰ ৫ টা বিশ্ব খিতাপৰ তুলনাত মৰক্কোৰ মাত্ৰ ৫ খন মেচ জয়ৰ ইতিহাস থকাৰ প্ৰসংগত তেওঁ কয় :

“বিশ্বকাপৰ দৰে এটা মঞ্চলৈ আহিলে কোনো ফেভাৰিট দল নাথাকে । খেলখন ৫০-৫০ হ’ব । যিটো দলে সুযোগসমূহ সঠিকভাৱে ব্যৱহাৰ কৰি নিখুঁত ফুটবল খেলিব, তেওঁলোকেই জিকিব । আমি আশাবাদী যে সেই দলটো আমিয়েই হ’ম ।”

প্ৰথম মেচৰ পৰা বাদ পৰিল নেইমাৰ

ব্ৰাজিল শিবিৰৰ বাবে আটাইতকৈ ডাঙৰ খবৰটো হ’ল দলৰ তাৰকা ফৰৱাৰ্ড নেইমাৰে মৰক্কোৰ বিৰুদ্ধে উদ্বোধনী খেলখনত অংশ ল’ব নোৱাৰিব । ব্ৰাজিলৰ মুখ্য প্ৰশিক্ষক কাৰ্লো আনচেলট্টিয়ে শনিবাৰে এই কথা নিশ্চিত কৰিছে । টুৰ্নামেণ্টৰ পূৰ্বে ভৰিৰ ডিম্বাকৃতিৰ মাংসপেশীত লাভ কৰা আঘাতৰ বাবে নেইমাৰ সম্পূৰ্ণ সুস্থ হৈ উঠা নাই ।

প্ৰশিক্ষক আনচেলট্টিয়ে সংবাদ মাধ্যমৰ আগত কয় :

“নেইমাৰে খেলপথাৰলৈ সোনকালে ঘূৰি আহিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে । আশা কৰিছোঁ অহা সপ্তাহৰ পৰা তেওঁ দলৰ সৈতে সম্পূৰ্ণ প্ৰশিক্ষণত ভাগ ল’ব পাৰিব ।”

অৱশ্যে ব্ৰাজিলৰ পৰৱৰ্তী মেচসমূহ ক্ৰমে ১৯ জুনত হাইটি আৰু ২৪ জুনত স্কটলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । প্ৰশিক্ষকগৰাকীয়ে আশা প্ৰকাশ কৰিছে যে এই দুয়োখন খেলত নেইমাৰক দলে লাভ কৰিব ।

খিতাপৰ অন্বেষণত ব্ৰাজিল

২০০২ চনৰ পিছত ব্ৰাজিলে পুনৰ এবাৰ বিশ্বকাপ খিতাপ দখল কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব । যোৱা কেইবাটাও সংস্কৰণত ব্ৰাজিল কোৱাৰ্টাৰ ফাইনেলৰ পৰাই বিদায় ল’বলগীয়া হৈছে, কেৱল ২০১৪ চনত ঘৰুৱা মাটিত তেওঁলোকে ছেমিফাইনাল খেলিছিল ।

লগতে পঢ়ক : মেক্সিকোৰ জয় বনাম ৰেড কাৰ্ডৰ অভিলেখ! বিশ্বকাপৰ উদ্বোধনী মেচতে ইতিহাস

ফিফা বিশ্বকাপত আমেৰিকাৰ ইতিহাস; ৩২ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ঘৰুৱা ক্ষেত্ৰত উদ্বোধনী মেচত জয়লাভ

আয়োজক আমেৰিকাই ফিফা বিশ্বকাপ ২০২৬ত ইতিহাস সৃষ্টি কৰিছে।প্ৰথমখন খেলত পাৰাগুৱেক ৪-১ গ’লত পৰাস্ত কৰি বিশ্বকাপত সৰ্ববৃহৎ জয়ৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় আমেৰিকাই।

প্ৰথমাৰ্ধত ফ’লাৰিন বালোগুনৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বলত আয়োজক আমেৰিকাই নিজৰ প্ৰথম মেচখনত পাৰাগুৱেৰ বিৰুদ্ধে ৪-১ ব্যৱধানত এক দুৰ্দান্ত জয় সাব্যস্ত কৰে। এইদৰে আমেৰিকাই নিজৰ ঘৰুৱা মাটিত ৩২ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ফুটবল বিশ্বকাপত পাৰাগুৱেৰ বিৰুদ্ধে জয়লাভ কৰি নিজৰ অভিযানৰ এক সুন্দৰ আৰম্ভণি কৰে। বিশ্বকাপত এয়া আমেৰিকাৰ আটাইতকৈ ডাঙৰ জয়। ইয়াৰ পূৰ্বে দলটোৱে এই টুৰ্ণামেণ্টত কেতিয়াও তিনিটাতকৈ অধিক গ’ল কৰিব পৰা নাছিল। কেৱল এয়াই নহয়, আমেৰিকান দলটোৱে প্ৰথম হাফতে তিনিটা গ’ল কৰে, যিটো বিশ্বকাপত তেওঁলোকৰ এটা অভিলেখ।

ক্ৰিষ্টিয়ান পুলিচিচে প্ৰথম হাফত সুন্দৰ খেল প্ৰদৰ্শন কৰি এটা গ’ল কৰাত সহায় কৰে। আমেৰিকাই আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক মনোভাৱ গ্ৰহণ কৰিছিল যদিও এটা গ’লেৰেহে তেওঁলোকে নিজৰ খাটা খুলিছিল। বালোগুনে ৩১ মিনিটত আৰু প্ৰথমাৰ্ধৰ আঘাতৰ সময়ত গ’ল দি হাফটাইমত আমেৰিকাক ৩-০ গ’লত অগ্ৰগতি প্ৰদান কৰে। দ্বিতীয় হাফৰ ইনজুৰী টাইমৰ অন্তিম ক্ষণত জিঅ’ ৰেনাই আন এটা গ’ল দিয়ে। এইদৰে আমেৰিকান দলটোৱে বিশ্বকাপৰ কোনো এখন খেলত প্ৰথমবাৰৰ বাবে চাৰিটা গ’ল কৰিবলৈ সক্ষম হয়।

আমেৰিকাই চাৰি বছৰ পূৰ্বে কাটাৰত অনুষ্ঠিত হোৱা বিশ্বকাপৰ নিজৰ চাৰিখন খেলত মুঠ মাত্ৰ তিনিটাহে গ’ল কৰিছিল। নতুন প্ৰশিক্ষক মৰিচিঅ’ পচেটিনোৰ নিৰ্দেশনাত এক ভিন্ন শৈলীত খেলা আমেৰিকাৰ দলটোৱে নিজৰ খেলেৰে ষ্টেডিয়ামত উপস্থিত থকা ৭০,৪৯২ জন দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে। পাৰাগুৱেৰ হৈ একমাত্ৰ গ’লটো ৭৩ মিনিটত মৰিচিঅ’ই কৰে, কিন্তু ১৬ বছৰৰ পাছত নিজৰ প্ৰথমখন বিশ্বকাপ খেলা দক্ষিণ আমেৰিকাৰ এই দলটোৱে আৰম্ভণিতে পিছপৰি যোৱাৰ পিছত কোনো সময়তে প্ৰত্যাৱৰ্তন কৰিব নোৱাৰিলে।

পুলিচিচৰ সুন্দৰ খেলখনৰ ফলত ডেমিয়ান ব’বাডিলাই সপ্তম মিনিটতে এটা গ’ল কৰি দিয়ে। ইয়াৰ পিছত বালোগুনে ৩১ সংখ্যক মিনিটত আৰু তাৰ পিছত প্ৰথম হাফৰ ইনজুৰী টাইমৰ পঞ্চম মিনিটত গ’ল দিয়ে। নিউয়ৰ্কত জন্মগ্ৰহণ কৰা আৰু লণ্ডনত ডাঙৰ-দীঘল হোৱা ষ্ট্ৰাইকাৰ বালোগুনে বিশ্বকাপত অভিষেক ঘটাই ১৯৩০ চনৰ পিছত টুৰ্ণামেণ্টখনত কোনো এগৰাকী আমেৰিকান খেলুৱৈৰ দ্বাৰা এটাতকৈ অধিক গ’ল কৰাৰ কৃতিত্ব অৰ্জন কৰে। বালোগুনে ইংলেণ্ডৰ হৈ খেলাৰ পৰিৱৰ্তে তিনি বছৰ পূৰ্বে আমেৰিকাক প্ৰতিনিধিত্ব কৰাৰ সিদ্ধান্ত লৈছিল। যদি তেওঁ ইংলেণ্ডৰ হৈ খেলিব বিচাৰিলেহেঁতেন, তেন্তে হয়তো তেওঁ দলত স্থান নাপালেহেঁতেন। কিন্তু এতিয়া তেওঁ আমেৰিকাৰ ফুটবল নায়ক হৈ পৰিছে।

লগতে পঢ়ক: ফুটবল বিশ্বকাপত চুৰিকাণ্ড; ইংলেণ্ড ফুটবল টীমৰ খেলুৱৈৰ চুৰি হ’ল জোতা

মেক্সিকোৰ জয় বনাম ৰেড কাৰ্ডৰ অভিলেখ! বিশ্বকাপৰ উদ্বোধনী মেচতে ইতিহাস

ফিফা বিশ্বকাপ ২০২৬-ৰ উদ্বোধনী মেচতে সৃষ্টি হয় পূৰ্বে নোহোৱা এক অভিলেখ । মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা এই মেচখন ফুটবল বিশ্বকাপৰ ইতিহাসত এক এক অভূতপূৰ্ব আৰু বিৰল ক্ষণৰ সাক্ষী হৈ ৰ’ল ।

চলিত বিশ্বকাপৰ উদ্বোধনী মেচখনেই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ ইতিহাসত এক অভূতপূৰ্ব আৰু বিৰল ক্ষণৰ সাক্ষী হৈ ৰ’ল । মেক্সিকোৰ বিখ্যাত আছটেকা ষ্টেডিয়ামত (Azteca Stadium) অনুষ্ঠিত খেলখনত তীব্ৰ উত্তেজনাৰ মাজতে ৩ গৰাকীকৈ খেলুৱৈক ৰেড কাৰ্ড দেখুৱাই খেলপথাৰৰ পৰা বহিষ্কাৰ কৰা হয় । বিশ্বকাপৰ ইতিহাসত ইয়াৰ পূৰ্বে উদ্বোধনী মেচত কেতিয়াও এনে ঘটনা ঘটা নাই ।

খেলখনত সহ-আয়োজক মেক্সিকোৱে দক্ষিণ আফ্ৰিকাক ২-০ গলত পৰাস্ত কৰে যদিও সমগ্ৰ খেলখনত খেলুৱৈৰ আক্ৰমণাত্মক আচৰণ আৰু ৰেড কাৰ্ডৰ বিষয়টোহে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

উদ্বোধনী মেচত প্ৰথমবাৰ : আটাইকেইখন পোনপটীয়া ৰেড কাৰ্ড

ফুটবল বিশ্বকাপৰ ইতিহাসত এইয়াই প্ৰথমবাৰৰ বাবে উদ্বোধনী মেচতে তিনিগৰাকী খেলুৱৈ বহিষ্কৃত হৈছে । আশ্চৰ্যজনকভাৱে, আটাইকেইখন কাৰ্ডেই আছিল পোনপটীয়া । অৰ্থাৎ, কোনো এগৰাকী খেলুৱৈয়েই দুখন হালধীয়া কাৰ্ডৰ ফলত নহয়, বৰঞ্চ গুৰুতৰ ফাউলৰ বাবে পোনপটীয়াকৈ খেলপথাৰ এৰিবলগীয়া হয় । ইয়াৰ ফলত দক্ষিণ আফ্ৰিকাৰ স্পেফেলো চিথোল আৰু থেম্বা জোৱানে তথা মেক্সিকোৰ চেছাৰ মণ্টেছ অতি কমেও পৰৱৰ্তী এখন মেচৰ বাবে নিলম্বিত হৈছে ।

প্ৰথম ৰেড কাৰ্ড : দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে দক্ষিণ আফ্ৰিকাৰ স্পেফেলো চিথোলে মেক্সিকোৰ ব্ৰায়ান গুটিয়ৰেজক ডি-বক্সৰ ঠিক বাহিৰতে বিপজ্জনকভাৱে বগৰাই দিয়াত প্ৰথম ৰেড কাৰ্ডখন লাভ কৰে ।

দ্বিতীয় ৰেড কাৰ্ড : খেলৰ ৮৪ মিনিটত দক্ষিণ আফ্ৰিকাৰ বিপদ আৰু বৃদ্ধি পায় । ভিডিঅ’ ৰিভিউৰ সহায় লৈ ৰেফ্ৰীয়ে থেম্বা জোৱানক মেক্সিকোৰ ৰবাৰ্টো আলভাৰাডোক মুখত আঘাত কৰাৰ অপৰাধত খেলপথাৰৰ পৰা উলিয়াই দিয়ে ।

তৃতীয় ৰেড কাৰ্ড : খেলৰ একেবাৰে শেষৰ ফালে, অৰ্থাৎ ষ্টপেজ টাইমত মেক্সিকোৰ ডিফেণ্ডাৰ চেছাৰ মণ্টেছে দক্ষিণ আফ্ৰিকাৰ খুলিছো মুডাউক ফাউল কৰাৰ বাবে ৰেড কাৰ্ডৰ সন্মুখীন হয় ।

ভংগ হ’ল বিগত বিশ্বকাপৰ অভিলেখ-

সংখ্যাৰ দিশৰ পৰা চালে, ২০২২ চনৰ কাটাৰ বিশ্বকাপৰ সমগ্ৰ প্ৰতিযোগিতাখনত মাত্ৰ ৪ খনহে ৰেড কাৰ্ড দেখুওৱা হৈছিল । কিন্তু এইবাৰ প্ৰথমখন মেচতে ৩ খন ৰেড কাৰ্ড প্ৰদৰ্শন কৰা হ’ল । ইয়াৰ পূৰ্বে ২০০৬ চনৰ জাৰ্মানী বিশ্বকাপত পৰ্তুগাল আৰু নেডাৰলেণ্ডৰ মাজৰ বিখ্যাত খেলখনত সৰ্বাধিক ৪ গৰাকী খেলুৱৈক ৰেড কাৰ্ড (যাক ‘বেটেল অৱ নুৰেমবাৰ্গ’ বুলি জনা যায়) দেখুওৱা হৈছিল । সেই খেলখনত ১৬ খন হালধীয়া কাৰ্ডো ব্যৱহাৰ হৈছিল । ২০০৬ চনৰ সেই মেচখনৰ পিছত এইখনেই বিশ্বকাপৰ আটাইতকৈ আক্ৰমণাত্মক খেল হিচাপে পৰিগণিত হৈছে ।

পৰৱৰ্তী মেচৰ সমীকৰণ

এই খেলখনৰ পিছত দক্ষিণ আফ্ৰিকাই তেওঁলোকৰ পৰৱৰ্তী মেচখন চেক গণৰাজ্যৰ বিৰুদ্ধে খেলিব । আনহাতে, বিজয়ী দল মেক্সিকোৱে গুৱাদালাজাৰাত দক্ষিণ কোৰিয়াৰ মুখামুখি হ’ব । অৱশ্যে গুৰুত্বপূৰ্ণ খেলুৱৈৰ নিলম্বনে দুয়োটা দলকে পৰৱৰ্তী মেচত কিছু চিন্তাত পেলাব ।

লগতে পঢ়ক : ফিফা বিশ্বকাপ ২০২৬: উদ্বোধনী মেচত মেক্সিকোৰ হাতত ২-০ গলত পৰাস্ত দক্ষিণ আফ্ৰিকা

ফিফা বিশ্বকাপ ২০২৬: উদ্বোধনী মেচত মেক্সিকোৰ হাতত ২-০ গলত পৰাস্ত দক্ষিণ আফ্ৰিকা

খেলৰ আৰম্ভণিৰে পৰাই আয়োজক দল মেক্সিকোৱে দক্ষিণ আফ্ৰিকাৰ ওপৰত সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰা দেখা গৈছিল

ফুটবল ইতিহাসৰ আটাইতকৈ বৃহৎ মহোৎসৱ ‘ফিফা বিশ্বকাপ ২০২৬’ৰ মেক্সিকোত এক চমকপ্ৰদ আৰম্ভণি ঘটিছে । বৃহস্পতিবাৰে মেক্সিকোৰ প্ৰতিষ্ঠিত এজটেকা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা টুৰ্নামেণ্টৰ উদ্বোধনী খেলখনত আয়োজক মেক্সিকোৱে দক্ষিণ আফ্ৰিকাক ২-০ গলত পৰাস্ত কৰি এক ঐতিহাসিক জয়ৰে নিজৰ অভিযান আৰম্ভ কৰে । এই উল্লাসপূৰ্ণ মেচখন উপভোগ কৰিবলৈ ষ্টেডিয়ামত ৮০,৮২৪ গৰাকী দৰ্শকৰ ভিৰ কৰিছিল ।

কুইননেছ আৰু জিমেনেজৰ চমকপ্ৰদ গল

খেলৰ আৰম্ভণিৰে পৰাই আয়োজক দল মেক্সিকোৱে দক্ষিণ আফ্ৰিকাৰ ওপৰত সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰা দেখা গৈছিল । খেলৰ মাত্ৰ ৯ম মিনিটতে লীগৰ এই ছিজনৰ টপ স্ক’ৰাৰ জুলিয়ান কুইননেছে এক আকৰ্ষণীয় গল দি মেক্সিকোক ১-০ ব্যৱধানত আগুৱাই লৈ যায় । কলম্বিয়াত জন্মগ্ৰহণ কৰা ২৯ বছৰীয়া ফৰৱাৰ্ড কুইননেছৰ বাবে এই মেচখন অতি বিশেষ আছিল, কাৰণ এই খেলৰ জৰিয়তেই তেওঁ মেক্সিকো দলৰ (এল ত্ৰী) হৈ বিশ্বকাপত অভিষেক ঘটায় ।

ইয়াৰ পিছত খেলৰ ৬৬ সংখ্যক মিনিটত অভিজ্ঞ ষ্ট্ৰাইকাৰ ৰাউল জিমেনেজে এক সুন্দৰ হেডাৰৰ জৰিয়তে দলৰ হৈ দ্বিতীয়টো গল কৰে আৰু স্ক’ৰ ২-০ লৈ বৃদ্ধি কৰে । এই গলটোৰ সৈতেই জিমেনেজে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ৪৬ সংখ্যক গল সম্পূৰ্ণ কৰে আৰু মেক্সিকোৰ সৰ্বাধিক গলদাতাসকলৰ তালিকাৰ দ্বিতীয় স্থানত থকা জাৰেড বৰ্গেটিৰ সমকক্ষ হয় । বৰ্তমান তেওঁ শীৰ্ষ স্থানত থকা জেভিয়াৰ “চিচাৰিটো” হাৰ্নাণ্ডেজতকৈ মাত্ৰ ছয়টা গল পিছপৰি আছে ।

ৰেড কাৰ্ডৰ বৰষুণ আৰু অনুশাসনহীনতা

তীব্ৰ উত্তেজনাপূৰ্ণ এই মেচখনত খেলুৱৈসকলৰ মাজত যথেষ্ট অনুশাসনহীনতাও দেখিবলৈ পোৱা যায় । খেলপথাৰত ফাউল কৰাৰ বাবে দক্ষিণ আফ্ৰিকাৰ স্পেফেলো চিথোল আৰু থেম্বা জ্ৱানে ৰেড কাৰ্ড লাভ কৰি খেলপথাৰ এৰিবলগীয়া হয় । ফলত দক্ষিণ আফ্ৰিকাই মাত্ৰ ৯ গৰাকী খেলুৱৈৰে খেলখন শেষ কৰিবলৈ বাধ্য হয় । ইপিনে, খেলৰ একেবাৰে শেষৰ মুহূৰ্তত অৰ্থাৎ ইঞ্জুৰী টাইমত মেক্সিকোৰ ডিফেণ্ডাৰ চিজাৰ মণ্টেছেও ৰেড কাৰ্ড লাভ কৰে ।

মেক্সিকো শিবিৰত সকাহ, দক্ষিণ আফ্ৰিকাৰ পৰৱৰ্তী লক্ষ্য চেক গণৰাজ্য

২০২২ চনৰ কাটাৰ বিশ্বকাপৰ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় লৈ হতাশ হোৱা মেক্সিকো দলটোৰ বাবে এই জয় অত্যন্ত গুৰুত্বপূৰ্ণ আছিল । এই বিজয়েৰে দলটোৱে ৩ পইণ্ট লাভ কৰি গ্ৰুপ ‘এ’ত সুন্দৰ স্থান দখল কৰিছে । আনহাতে, প্ৰথম মেচতে পৰাজয়ৰ মুখ দেখা দক্ষিণ আফ্ৰিকাৰ দলটোৱে অহা বৃহস্পতিবাৰে আটলাণ্টাত চেক গণৰাজ্যৰ বিৰুদ্ধে নিজৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ’ব ।

উল্লেখ্য যে, এইবাৰৰ ফিফা বিশ্বকাপ কেইবাটাও দিশৰ পৰা ঐতিহাসিক । ফুটবল ইতিহাসত প্ৰথমবাৰৰ বাবে সৰ্বাধিক ৪৮টা দলে এই টুৰ্নামেণ্টত অংশগ্ৰহণ কৰিছে । লগতে এই বৃহৎ প্ৰতিযোগিতাখন মেক্সিকো, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই যৌথভাৱে আয়োজন কৰিছে ।

লগতে পঢ়ক : ৪৮ টা দল, ১০৪ খন শ্বাসৰুদ্ধকৰ মেচ… আজিৰে পৰা আৰম্ভ ফিফা বিশ্বকাপৰ মহাৰণ

আজিৰে পৰা ফুটবলৰ মহাৰণঃ শ্বাকিৰা-নোৰাৰ পৰা কেটি পেৰীলৈ কঁপাব বিশ্বকাপৰ উদ্বোধনী মঞ্চ

এতিয়া সমগ্ৰ বিশ্ব ফুটবল জ্বৰত আক্ৰান্ত । আজিৰে পৰা আৰম্ভ হ’ব ফুটবলৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ৰোমাঞ্চকৰ মহোৎসৱ ‘ফিফা বিশ্বকাপ ২০২৬’ ।

৪ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত পৰিল! আজি, ১১ জুনৰ পৰা বিশ্বজুৰি আৰম্ভ হ’বলৈ গৈ আছে ফুটবলৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ৰোমাঞ্চকৰ মহোৎসৱ— ‘ফিফা বিশ্বকাপ ২০২৬’ । এইবাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে তিনিখন দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোই যৌথভাৱে আয়োজন কৰিছে এই মেগা ইভেণ্ট ।

কেৱল খেলপথাৰৰ তীব্ৰ উত্তেজনাই নহয়, খেল আৰম্ভ হোৱাৰ পূৰ্বে বিশ্বৰ জনপ্ৰিয় তাৰকাসকলৰ গ্লেমাৰ আৰু মেগা পাৰফৰমেন্সেৰে কঁপিব তিনিখন দেশৰ ক্ৰীড়াংগন ।

মেক্সিকোত শ্বাকিৰাৰ ধামাকা!

ঐতিহাসিক ‘মেক্সিকো চিটি ষ্টেডিয়াম’ত অনুষ্ঠিত হ’ব মেক্সিকোৰ উদ্বোধনী অনুষ্ঠান । বিশ্বমঞ্চত প্ৰথমবাৰৰ বাবে একেলগে ধুমুহা তুলিব পপ কুইন শ্বাকিৰা আৰু বাৰ্না বয়-এ । তেওঁলোকৰ শেহতীয়া হিট ট্ৰেক “Dai Dai”-ৰ লাইভ পাৰফৰমেন্সেৰে কঁপিব ষ্টেডিয়াম । ইয়াৰ উপৰিও টাইলা, জে বলভিন আৰু মানাৰ দৰে আন্তঃৰাষ্ট্ৰীয় তাৰকাই মেক্সিকান দৰ্শকক মতলীয়া কৰিব ।

কানাডাত নোৰা ফাতেহীৰ হট্ পাৰফৰমেন্স!

কানাডাৰ ‘বিএমঅ’ ফিল্ড’-ত বহিব সুৰ আৰু নৃত্যৰ মেলা । কানাডিয়ান-আমেৰিকান তাৰকা এলানিছ মৰিছেটৰ ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ হ’ব । কিন্তু আটাইতকৈ ডাঙৰ আকৰ্ষণ হ’ব বলীউডৰ হাৰ্টথ্ৰব নোৰা ফাতেহী, মাইকেল বুব্লে আৰু এলেচিয়া কাৰাৰ দৰে গ্লেমাৰাছ তাৰকাসকলৰ গতিশীল নৃত্য আৰু গীতৰ মায়াজাল!

আমেৰিকাত কেটি পেৰী আৰু পপ কুইন ‘লিছা’ৰ ধুমুহা!

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ ‘লছ এঞ্জেলছ ষ্টেডিয়াম’ত অনুষ্ঠিত হ’ব ফিফাৰ মূল আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠান । ইয়াত মঞ্চ কঁপাবলৈ সাজু হৈছে বিশ্বখ্যাত পপ আইকন কেটি পেৰী, ৰেপাৰ ফিউচাৰ, অনিতা আৰু কে-পপ বেণ্ড ‘ব্লেকপিংক’ৰ তাৰকা লিছা! উল্লেখ্য যে, আফ্ৰিকান পপ ষ্টাৰ টাইলা-ই এইবাৰ আমেৰিকা আৰু মেক্সিকো দুয়োখন দেশৰে উদ্বোধনী অনুষ্ঠানত নিজৰ যাদু দেখুৱাব ।

লগতে পঢ়ক : ৪৮ টা দল, ১০৪ খন শ্বাসৰুদ্ধকৰ মেচ… আজিৰে পৰা আৰম্ভ ফিফা বিশ্বকাপৰ মহাৰণ