ফিফা বিশ্বকাপ ২০২৬: উদ্বোধনী মেচত মেক্সিকোৰ হাতত ২-০ গলত পৰাস্ত দক্ষিণ আফ্ৰিকা

খেলৰ আৰম্ভণিৰে পৰাই আয়োজক দল মেক্সিকোৱে দক্ষিণ আফ্ৰিকাৰ ওপৰত সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰা দেখা গৈছিল

ফুটবল ইতিহাসৰ আটাইতকৈ বৃহৎ মহোৎসৱ ‘ফিফা বিশ্বকাপ ২০২৬’ৰ মেক্সিকোত এক চমকপ্ৰদ আৰম্ভণি ঘটিছে । বৃহস্পতিবাৰে মেক্সিকোৰ প্ৰতিষ্ঠিত এজটেকা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা টুৰ্নামেণ্টৰ উদ্বোধনী খেলখনত আয়োজক মেক্সিকোৱে দক্ষিণ আফ্ৰিকাক ২-০ গলত পৰাস্ত কৰি এক ঐতিহাসিক জয়ৰে নিজৰ অভিযান আৰম্ভ কৰে । এই উল্লাসপূৰ্ণ মেচখন উপভোগ কৰিবলৈ ষ্টেডিয়ামত ৮০,৮২৪ গৰাকী দৰ্শকৰ ভিৰ কৰিছিল ।

কুইননেছ আৰু জিমেনেজৰ চমকপ্ৰদ গল

খেলৰ আৰম্ভণিৰে পৰাই আয়োজক দল মেক্সিকোৱে দক্ষিণ আফ্ৰিকাৰ ওপৰত সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰা দেখা গৈছিল । খেলৰ মাত্ৰ ৯ম মিনিটতে লীগৰ এই ছিজনৰ টপ স্ক’ৰাৰ জুলিয়ান কুইননেছে এক আকৰ্ষণীয় গল দি মেক্সিকোক ১-০ ব্যৱধানত আগুৱাই লৈ যায় । কলম্বিয়াত জন্মগ্ৰহণ কৰা ২৯ বছৰীয়া ফৰৱাৰ্ড কুইননেছৰ বাবে এই মেচখন অতি বিশেষ আছিল, কাৰণ এই খেলৰ জৰিয়তেই তেওঁ মেক্সিকো দলৰ (এল ত্ৰী) হৈ বিশ্বকাপত অভিষেক ঘটায় ।

ইয়াৰ পিছত খেলৰ ৬৬ সংখ্যক মিনিটত অভিজ্ঞ ষ্ট্ৰাইকাৰ ৰাউল জিমেনেজে এক সুন্দৰ হেডাৰৰ জৰিয়তে দলৰ হৈ দ্বিতীয়টো গল কৰে আৰু স্ক’ৰ ২-০ লৈ বৃদ্ধি কৰে । এই গলটোৰ সৈতেই জিমেনেজে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ৪৬ সংখ্যক গল সম্পূৰ্ণ কৰে আৰু মেক্সিকোৰ সৰ্বাধিক গলদাতাসকলৰ তালিকাৰ দ্বিতীয় স্থানত থকা জাৰেড বৰ্গেটিৰ সমকক্ষ হয় । বৰ্তমান তেওঁ শীৰ্ষ স্থানত থকা জেভিয়াৰ “চিচাৰিটো” হাৰ্নাণ্ডেজতকৈ মাত্ৰ ছয়টা গল পিছপৰি আছে ।

ৰেড কাৰ্ডৰ বৰষুণ আৰু অনুশাসনহীনতা

তীব্ৰ উত্তেজনাপূৰ্ণ এই মেচখনত খেলুৱৈসকলৰ মাজত যথেষ্ট অনুশাসনহীনতাও দেখিবলৈ পোৱা যায় । খেলপথাৰত ফাউল কৰাৰ বাবে দক্ষিণ আফ্ৰিকাৰ স্পেফেলো চিথোল আৰু থেম্বা জ্ৱানে ৰেড কাৰ্ড লাভ কৰি খেলপথাৰ এৰিবলগীয়া হয় । ফলত দক্ষিণ আফ্ৰিকাই মাত্ৰ ৯ গৰাকী খেলুৱৈৰে খেলখন শেষ কৰিবলৈ বাধ্য হয় । ইপিনে, খেলৰ একেবাৰে শেষৰ মুহূৰ্তত অৰ্থাৎ ইঞ্জুৰী টাইমত মেক্সিকোৰ ডিফেণ্ডাৰ চিজাৰ মণ্টেছেও ৰেড কাৰ্ড লাভ কৰে ।

মেক্সিকো শিবিৰত সকাহ, দক্ষিণ আফ্ৰিকাৰ পৰৱৰ্তী লক্ষ্য চেক গণৰাজ্য

২০২২ চনৰ কাটাৰ বিশ্বকাপৰ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় লৈ হতাশ হোৱা মেক্সিকো দলটোৰ বাবে এই জয় অত্যন্ত গুৰুত্বপূৰ্ণ আছিল । এই বিজয়েৰে দলটোৱে ৩ পইণ্ট লাভ কৰি গ্ৰুপ ‘এ’ত সুন্দৰ স্থান দখল কৰিছে । আনহাতে, প্ৰথম মেচতে পৰাজয়ৰ মুখ দেখা দক্ষিণ আফ্ৰিকাৰ দলটোৱে অহা বৃহস্পতিবাৰে আটলাণ্টাত চেক গণৰাজ্যৰ বিৰুদ্ধে নিজৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ’ব ।

উল্লেখ্য যে, এইবাৰৰ ফিফা বিশ্বকাপ কেইবাটাও দিশৰ পৰা ঐতিহাসিক । ফুটবল ইতিহাসত প্ৰথমবাৰৰ বাবে সৰ্বাধিক ৪৮টা দলে এই টুৰ্নামেণ্টত অংশগ্ৰহণ কৰিছে । লগতে এই বৃহৎ প্ৰতিযোগিতাখন মেক্সিকো, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই যৌথভাৱে আয়োজন কৰিছে ।

লগতে পঢ়ক : ৪৮ টা দল, ১০৪ খন শ্বাসৰুদ্ধকৰ মেচ… আজিৰে পৰা আৰম্ভ ফিফা বিশ্বকাপৰ মহাৰণ

আজিৰে পৰা ফুটবলৰ মহাৰণঃ শ্বাকিৰা-নোৰাৰ পৰা কেটি পেৰীলৈ কঁপাব বিশ্বকাপৰ উদ্বোধনী মঞ্চ

এতিয়া সমগ্ৰ বিশ্ব ফুটবল জ্বৰত আক্ৰান্ত । আজিৰে পৰা আৰম্ভ হ’ব ফুটবলৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ৰোমাঞ্চকৰ মহোৎসৱ ‘ফিফা বিশ্বকাপ ২০২৬’ ।

৪ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত পৰিল! আজি, ১১ জুনৰ পৰা বিশ্বজুৰি আৰম্ভ হ’বলৈ গৈ আছে ফুটবলৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ৰোমাঞ্চকৰ মহোৎসৱ— ‘ফিফা বিশ্বকাপ ২০২৬’ । এইবাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে তিনিখন দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোই যৌথভাৱে আয়োজন কৰিছে এই মেগা ইভেণ্ট ।

কেৱল খেলপথাৰৰ তীব্ৰ উত্তেজনাই নহয়, খেল আৰম্ভ হোৱাৰ পূৰ্বে বিশ্বৰ জনপ্ৰিয় তাৰকাসকলৰ গ্লেমাৰ আৰু মেগা পাৰফৰমেন্সেৰে কঁপিব তিনিখন দেশৰ ক্ৰীড়াংগন ।

মেক্সিকোত শ্বাকিৰাৰ ধামাকা!

ঐতিহাসিক ‘মেক্সিকো চিটি ষ্টেডিয়াম’ত অনুষ্ঠিত হ’ব মেক্সিকোৰ উদ্বোধনী অনুষ্ঠান । বিশ্বমঞ্চত প্ৰথমবাৰৰ বাবে একেলগে ধুমুহা তুলিব পপ কুইন শ্বাকিৰা আৰু বাৰ্না বয়-এ । তেওঁলোকৰ শেহতীয়া হিট ট্ৰেক “Dai Dai”-ৰ লাইভ পাৰফৰমেন্সেৰে কঁপিব ষ্টেডিয়াম । ইয়াৰ উপৰিও টাইলা, জে বলভিন আৰু মানাৰ দৰে আন্তঃৰাষ্ট্ৰীয় তাৰকাই মেক্সিকান দৰ্শকক মতলীয়া কৰিব ।

কানাডাত নোৰা ফাতেহীৰ হট্ পাৰফৰমেন্স!

কানাডাৰ ‘বিএমঅ’ ফিল্ড’-ত বহিব সুৰ আৰু নৃত্যৰ মেলা । কানাডিয়ান-আমেৰিকান তাৰকা এলানিছ মৰিছেটৰ ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ হ’ব । কিন্তু আটাইতকৈ ডাঙৰ আকৰ্ষণ হ’ব বলীউডৰ হাৰ্টথ্ৰব নোৰা ফাতেহী, মাইকেল বুব্লে আৰু এলেচিয়া কাৰাৰ দৰে গ্লেমাৰাছ তাৰকাসকলৰ গতিশীল নৃত্য আৰু গীতৰ মায়াজাল!

আমেৰিকাত কেটি পেৰী আৰু পপ কুইন ‘লিছা’ৰ ধুমুহা!

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ ‘লছ এঞ্জেলছ ষ্টেডিয়াম’ত অনুষ্ঠিত হ’ব ফিফাৰ মূল আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠান । ইয়াত মঞ্চ কঁপাবলৈ সাজু হৈছে বিশ্বখ্যাত পপ আইকন কেটি পেৰী, ৰেপাৰ ফিউচাৰ, অনিতা আৰু কে-পপ বেণ্ড ‘ব্লেকপিংক’ৰ তাৰকা লিছা! উল্লেখ্য যে, আফ্ৰিকান পপ ষ্টাৰ টাইলা-ই এইবাৰ আমেৰিকা আৰু মেক্সিকো দুয়োখন দেশৰে উদ্বোধনী অনুষ্ঠানত নিজৰ যাদু দেখুৱাব ।

লগতে পঢ়ক : ৪৮ টা দল, ১০৪ খন শ্বাসৰুদ্ধকৰ মেচ… আজিৰে পৰা আৰম্ভ ফিফা বিশ্বকাপৰ মহাৰণ

৪৮ টা দল, ১০৪ খন শ্বাসৰুদ্ধকৰ মেচ… আজিৰে পৰা আৰম্ভ ফিফা বিশ্বকাপৰ মহাৰণ

আজিৰে পৰা ১৯ জুলাইলৈ ফুটবল উন্মাদনাত ডুব যাব সমগ্ৰ বিশ্ব । আজিৰে পৰা সমগ্ৰ বিশ্বক ফুটবলৰ যাদুৰে সন্মোহিত কৰিবলৈ আৰম্ভ হ’ব ফিফা বিশ্বকাপ ২০২৬ ।

প্ৰতীক্ষাৰ অৱসান! আজিৰে পৰা সমগ্ৰ বিশ্বক ফুটবলৰ যাদুৰে সন্মোহিত কৰিবলৈ আৰম্ভ হ’বলৈ গৈ আছে ফিফা বিশ্বকাপ ২০২৬ । কানাডা, মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া আয়োজনত হ’বলগীয়া এইবাৰৰ বিশ্বকাপ ইতিহাসৰ আটাইতকৈ বৃহৎ ক্ৰীড়া মহোৎসৱ, য’ত প্ৰথমবাৰৰ বাবে অংশ ল’ব ৪৮টা দলে আৰু অনুষ্ঠিত হ’ব মুঠ ১০৪খন শ্বাসৰুদ্ধকৰ মেচ । ফুটবল জগতৰ কেইবাজনো মহা তাৰকাৰ দুভৰিৰ যাদু চাবলৈ এতিয়া উদগ্ৰীৱ হৈ পৰিছে কোটি কোটি অনুৰাগী ।  

উদ্বোধনী খেলখনতে মুখামুখি হ’ব গ্ৰুপ ‘এ’ৰ দুই মহাশক্তি যুটীয়া আয়োজক মেক্সিকো আৰু আফ্ৰিকান শক্তি দক্ষিণ আফ্ৰিকা । ঘৰুৱা দৰ্শকৰ বিপুল সমৰ্থনৰ জোৰত মেক্সিকোৰ দল ‘এল ত্ৰি’ এই খেলখনত ফেভাৰিট হিচাপে খেলপথাৰত নামিব ।

আমোদজনক কথাটো হ’ল, এই খেলখনে অনুৰাগীক মনত পেলাই দিছে ২০১০ চনৰ দক্ষিণ আফ্ৰিকা বিশ্বকাপৰ উদ্বোধনী মেচখনলৈ । সেইবাৰ চিপিৱে চাবালালাৰ ঐতিহাসিক গ’লেৰে দক্ষিণ আফ্ৰিকাই অগ্ৰগতি লাভ কৰিছিল যদিও মেক্সিকোৰ তাৰকা ৰাফায়েল মাৰ্কেজে গ’ল পৰিশোধ কৰি খেলখন ১-১ ড্ৰ’ কৰিছিল ।

সেই সময়ৰ তাৰকা খেলুৱৈ ৰাফায়েল মাৰ্কেজ এইবাৰ খেলপথাৰত নহয়, বৰঞ্চ মেক্সিকোৰ মুখ্য প্ৰশিক্ষক হাভিয়াৰ এগুইৰেৰ সহকাৰী প্ৰশিক্ষক হিচাপে ডাগ-আউটত বহি ৰণনীতি প্ৰস্তুত কৰিব!

ইফালে এই বিশ্বকাপত ভাৰতৰ কোনো দল নাই যদিও লক্ষ লক্ষ ভাৰতীয় ফুটবল অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে এই ক্ৰীড়া মহোৎসৱৰ শুভাৰম্ভণিৰ ক্ষণলৈ বাট চাইছে । নিজৰ প্ৰিয় তাৰকাগৰাকীৰ দুভৰিৰ ছন্দত নাচি উঠিবলৈ সাজু হৈছে অনুৰাগী ।

ফিফা বিশ্বকাপ ২০২৬ ৰ লাইভ মেচ কেনেকৈ চাব ?

সকলোবোৰ মেচ টিভিত জি এণ্টাৰটেইনমেণ্টৰ (Zee Entertainment) নতুন স্পৰ্টচ নেটৱৰ্ক ‘ইউনাইট৮ স্পৰ্টচ’ (Unite8 Sports)-ত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব । আনহাতে, OTT প্লেটফৰ্মৰ কথা ক’বলৈ গ’লে, মেচসমূহৰ লাইভ ষ্ট্ৰীমিং জি৫-ত হ’ব । কোৱাৰ্টাৰ ফাইনেলৰ পৰা পৰৱৰ্তী আটাইকেইখন মেচৰ লগতে কেইখনমান নিৰ্বাচিত মেচ ডিডি স্পৰ্টচ-তো দেখুওৱা হ’ব ।

ইয়াত মন কৰিবলগীয়া এটা কথা হ’ল যে জি৫-ত মেচ চাবলৈ আপোনাৰ ওচৰত জি৫ চাবস্ক্ৰিপচন থকাটো প্ৰয়োজনীয় । যদি আপোনাৰ ওচৰত জি৫ চাবস্ক্ৰিপচন নাই, তেন্তে আপুনি এনেকুৱা যিকোনো ৰিচাৰ্জ প্লেন বাছি ল’ব পাৰে যাৰ সৈতে আপুনি জি৫-ৰ সুবিধা লাভ কৰে, অথবা আপুনি জি৫-ৰ অফিচিয়েল চাইটৰ জৰিয়তেও চাবস্ক্ৰিপচন প্লেন ক্ৰয় কৰিব পাৰে ।

কেতিয়া আৰু ক’ত হ’ব উদ্বোধনী মেচ ?

ফিফা বিশ্বকাপ ২০২৬-ৰ প্ৰথমখন খেল ১১ জুনৰ নিশা ভাৰতীয় সময় অনুসৰি ১২:৩০ বজাত আৰম্ভ হ’ব, য’ত মেক্সিকো চিটি ষ্টেডিয়ামত মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত মুখামুখি হ’ব । ইয়াৰ পৰৱৰ্তী খেলখন দক্ষিণ কোৰিয়া আৰু চেকিয়াৰ মাজত অনুষ্ঠিত হ’ব । এই মেচখন শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ৭:৩০ বজাত আৰম্ভ হ’ব । ১৩ জুনত ভাৰতীয় সময় অনুসৰি নিশা ১২:৩০ বজাত কানাডাৰ মুখামুখি হ’ব বছনিয়া আৰু হাৰ্জেগোভিনা আৰু ইয়াৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পেৰাগুৱেৰ মাজত অনুষ্ঠিত হ’ব মেচ, যিখন লচ এঞ্জেলছ ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি পুৱা ৬:৩০ বজাত আৰম্ভ হ’ব ।

লগতে পঢ়ক : একমাত্ৰ টেষ্টত ঐতিহাসিক জয় ভাৰতৰ : এক ইনিংছ আৰু ৩০০ ৰানৰ বৃহৎ ব্যৱধানত ধূলিস্যাৎ আফগানিস্তান

ফিফা বিশ্বকাপ ২০২৬ত ৰাজনীতি! আমেৰিকাৰ বিৰুদ্ধে ইৰানে উত্থাপন কৰিলে গুৰুতৰ অভিযোগ

২০২৬ চনৰ ফিফা বিশ্বকাপ আৰম্ভ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ক্ৰীড়াক্ষেত্ৰত এক তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে

আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ ফিফা বিশ্বকাপ আৰম্ভ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ক্ৰীড়াক্ষেত্ৰত এক তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে । ইৰানে অভিযোগ উত্থাপন কৰিছে যে আমেৰিকা চৰকাৰে তেওঁলোকৰ ৰাষ্ট্ৰীয় ফুটবল দলটোৰ সৈতে জড়িত এক বৃহৎ সংখ্যক গুৰুত্বপূৰ্ণ বিষয়া আৰু সহযোগী কৰ্মচাৰীক ভিছা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে । ইয়াৰ ফলত প্ৰতিযোগিতাখনত দলটোৰ প্ৰথমখন মেচৰ পূৰ্বেই দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে বুলি ‘এবিচি নিউজ’এ এক প্ৰতিবেদনত প্ৰকাশ কৰিছে ।

এই সমগ্ৰ বিতৰ্কৰ সূত্ৰপাত হয় তুৰস্কত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত টম বাৰাকৰ এটা ছচিয়েল মিডিয়া প’ষ্টক কেন্দ্ৰ কৰি । বাৰাকে আংকাৰাত থকা আমেৰিকাৰ দূতাবাসৰ বিষয়া তথা কৰ্মচাৰীসকলক ইৰানৰ ৰাষ্ট্ৰীয় দলৰ ভিছা প্ৰক্ৰিয়াকৰণ কৰাৰ বাবে প্ৰশংসা কৰিছিল । তেওঁ ‘এক্স’ (পূৰ্বৰ টুইটাৰ)ত লিখিছিল যে খেল-ধেমালিয়ে সকলো সীমা অতিক্ৰম কৰে আৰু আমেৰিকাই সমগ্ৰ বিশ্বৰ প্ৰতিযোগী তথা অনুৰাগীসকলক আদৰিবলৈ উন্মুখ হৈ আছে ।

অৱশ্যে, তুৰস্কস্থিত ইৰানৰ দূতাবাসে এই বক্তব্যক তীব্ৰভাৱে খণ্ডন কৰে আৰু ক্ষোভ প্ৰকাশ কৰে । তেওঁলোকে অভিযোগ কৰে যে ইৰানৰ প্ৰতিনিধি দলটোৰ কেইবাজনো গুৰুত্বপূৰ্ণ সদস্যক প্ৰৱেশাধিকাৰ বা ভিছা দিয়া হোৱা নাই । দূতাবাছটোৱে নিজৰ প’ষ্টত কয় যে কেৱল নিজৰ প্ৰশংসা নিজে কৰি আমেৰিকাই ফিফাৰ নিয়ম উলংঘা কৰা আৰু আয়োজক দেশ হিচাপে নিজৰ দায়িত্বক অৱহেলা কৰা কাৰ্য লুকুৱাব নোৱাৰে । তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে যে মেনেজমেণ্ট, কাৰ্যবাহী কৰ্মচাৰী আৰু কাৰিকৰী উপদেষ্টাৰ দৰে দলৰ এক অবিচ্ছেদ্য অংশস্বৰূপ লোকসকলৰ এটা ডাঙৰ অংশক ভিছা নাকচ কৰাৰ কথাটো কিয় লুকুৱাই ৰখা হৈছে । ইৰানৰ মতে, এয়া ক্ৰীড়াক্ষেত্ৰত ৰাজনৈতিকভাৱে পক্ষপাতদুষ্ট হস্তক্ষেপৰ আটাইতকৈ বেয়া ৰূপ আৰু ইয়াৰ বাবে ফিফাই আমেৰিকাক জবাবদিহি কৰিব লাগিব ।

একেদৰে, দক্ষিণ আফ্ৰিকাত থকা ইৰানৰ দূতাবাসেও আমেৰিকাক এক “অযোগ্য আয়োজক” বুলি আখ্যা দি তীব্ৰ সমালোচনা কৰে।  ‘এবিচি নিউজ’ৰ মতে, প্ৰতিযোগিতাখন অতি সোনকালেই আৰম্ভ হ’বলগীয়া থকা স্বত্বেও দলটোৰ মেনেজমেণ্ট আৰু কাৰিকৰী দলৰ এক বৃহৎ অংশই এতিয়াও ভিছা পোৱা নাই ।

এই প্ৰত্যাহ্বানমূলক পৰিস্থিতি আৰু পশ্চিম এছিয়াৰ আঞ্চলিক উত্তেজনাৰ মাজতে ইৰানৰ দলটোৱে নিজৰ প্ৰস্তুতি চলাই গৈছে । শেহতীয়া প্ৰস্তুতিমূলক মেচত তেওঁলোকে মালি, কষ্টা ৰিকা আৰু গাম্বিয়াৰ বিৰুদ্ধে জয়লাভ কৰিছে, যদিও নাইজেৰিয়াৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল ।

নিৰ্ধাৰিত সূচী অনুসৰি, ইৰানৰ দলটো দেওবাৰে মেক্সিকোৰ টিজুৱানাত উপস্থিত হ’ব আৰু তাৰ পিছত গ্ৰুপ পৰ্যায়ৰ মেচসমূহ খেলিবলৈ আমেৰিকাত প্ৰৱেশ কৰিব । ইৰানে ১৫ জুনত কেলিফৰ্ণিয়াৰ ইংলেউডত নিউজিলেণ্ডৰ বিৰুদ্ধে নিজৰ বিশ্বকাপ অভিযান আৰম্ভ কৰিব । অৱশ্যে, ইৰানৰ সহযোগী কৰ্মচাৰীসকলৰ ভিছাৰ স্থিতি সম্পৰ্কে উত্থাপিত এই গুৰুতৰ অভিযোগৰ সন্দৰ্ভত ফিফা বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ্তৃপক্ষই বৰ্তমানলৈকে ৰাজহুৱাভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক : ঐতিহাসিক ২০২৬ ফিফা বিশ্বকাপ : ৪৮ টা দল আৰু ১,২৪৮ জন খেলুৱৈৰে হ’ব সৰ্ববৃহৎ ফুটবল মহোৎসৱ

ঐতিহাসিক ২০২৬ ফিফা বিশ্বকাপ : ৪৮ টা দল আৰু ১,২৪৮ জন খেলুৱৈৰে হ’ব সৰ্ববৃহৎ ফুটবল মহোৎসৱ

সমগ্ৰ তালিকাখনত ৩৫৭ জন খেলুৱৈ এনে আছে, যিয়ে পূৰ্বতেও ফিফা বিশ্বকাপৰ দলৰ অংশ আছিল

আগন্তুক ২০২৬ চনৰ ফিফা বিশ্বকাপৰ বাবে বিশ্ব ফুটবল এক অভূতপূৰ্ব পৰিৱৰ্তনৰ দিশে অগ্ৰসৰ হৈছে । ফিফাৰ অফিচিয়েল ৱেবছাইট অনুসৰি, এইবাৰৰ বিশ্বকাপ হ’ব ইতিহাসৰ আটাইতকৈ ডাঙৰ ক্ৰীড়া মহোৎসৱ । এই বৰ্ধিত গোলকীয় প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে চূড়ান্ত স্কোৱাড ঘোষণা কৰা হৈছে, য’ত মুঠ ৪৮ খন দেশৰ ১,২৪৮ জন খেলুৱৈয়ে প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত যৌথভাৱে অনুষ্ঠিত হ’বলগীয়া এই সংস্কৰণত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি সৰ্বমুঠ ১০৪ খন খেল অনুষ্ঠিত হ’ব । এই নতুন ফৰ্মেটে বিশ্বৰ অধিক দেশ, খেলুৱৈ আৰু ফুটবল অনুৰাগীক একগোট কৰাৰ এক সোণালী সুযোগ আনি দিছে ।

অভিজ্ঞতা আৰু নতুন প্ৰতিভাৰ সংমিশ্ৰণ-

ঘোষিত দলসমূহৰ পৰিসংখ্যাই স্পষ্ট কৰিছে যে এইবাৰ অনুৰাগীয়ে ধাৰাবাহিকতা আৰু নতুন মুখৰ এক সুন্দৰ সংমিশ্ৰণ দেখিবলৈ পাব । সমগ্ৰ তালিকাখনত ৩৫৭ জন খেলুৱৈ এনে আছে, যিয়ে পূৰ্বতেও ফিফা বিশ্বকাপৰ দলৰ অংশ আছিল । আনহাতে, ৮৯১ জন খেলুৱৈয়ে এইবাৰ বিশ্বমঞ্চত প্ৰথমবাৰৰ বাবে খোজ পেলাই অভিষেক ঘটাব । ইয়াৰ উপৰি পূৰ্বৰ বিশ্বকাপ বিজয়ী দলৰ ২২ জন খেলুৱৈয়েও এইবাৰ পুনৰ বিশ্বমঞ্চ কঁপাবলৈ সাজু হৈছে ।

৪ খন দেশৰ ঐতিহাসিক আত্মপ্ৰকাশ-

বিশ্বকাপৰ এই বৰ্ধিত ফৰ্মেটৰ বাবেই কেইবাখনো দেশে ইতিহাস ৰচনা কৰাৰ সুযোগ পাইছে । কেবো ভাৰ্দে, কুৰাকাও, জৰ্ডান আৰু উজবেকিস্তানে এইবাৰ প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপত অংশগ্ৰহণ কৰিব । বিশেষকৈ উজবেকিস্তানৰ প্ৰথমবাৰৰ অংশগ্ৰহণক এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে গণ্য কৰা হৈছে, য’ত মানচেষ্টাৰ চিটিৰ ডিফেণ্ডাৰ আব্দুকোদিৰ খুছানভৰ দৰে খেলুৱৈয়ে দেশৰ ফুটবলক বিশ্বদৰবাৰত প্ৰতিনিধিত্ব কৰিব ।

বয়সৰ বিশাল ব্যৱধান আৰু ষষ্ঠ বিশ্বকাপৰ অভিলেখ-

এইবাৰ খেলুৱৈসকলৰ বয়সৰ পৰিসৰও আটাইৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, য’ত সৰ্বাধিক বয়সৰ ব্যৱধান ২৫ বছৰতকৈও অধিক ।

আটাইতকৈ বয়োজ্যেষ্ঠ খেলুৱৈ : স্কটলেণ্ডৰ গ’লকীপাৰ ক্ৰেগ গৰ্ডন (৪৩ বছৰ আৰু ১৬২ দিন)।

আটাইতকৈ কনিষ্ঠ খেলুৱৈ : মেক্সিকোৰ গিলবাৰ্টো ম’ৰা (১৭ বছৰ আৰু ২৪০ দিন)।

প্ৰতিযোগিতাখনত ২০ বছৰৰ অনুৰ্ধৰ ২২ জন খেলুৱৈ আৰু ৪০ বছৰ বা তাতকৈ অধিক বয়সৰ ৭ জন খেলুৱৈ আছে ।

আনহাতে, বিশ্ব ফুটবলৰ তিনিজন মহান তাৰকা আৰ্জেণ্টিনাৰ লিয়েনেল মেছি, পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু মেক্সিকোৰ গ’লকীপাৰ গুইলেৰ্মো ওচোৱাই নিজৰ কেৰিয়াৰৰ অভিলেখ সৃষ্টিকাৰী ষষ্ঠখন বিশ্বকাপত অংশ ল’ব । বৰ্তমান পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ সৰ্বাধিক গ’লদাতা (২২০ তকৈও অধিক মেচত ১৪০+ গ’ল) তথা ক্লাব আৰু দেশ মিলি সামগ্ৰিকভাৱে ৯৭০ তকৈও অধিক অফিচিয়েল গ’ল কৰা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ প্ৰদৰ্শনৰ ওপৰত সকলোৰে চকু থাকিব ।

ঘৰুৱা বনাম বিদেশী ক্লাবৰ খেলুৱৈ-

আধুনিক ফুটবলৰ গোলকীয় প্ৰকৃতি প্ৰতিফলিত কৰি এইবাৰ বিশ্বৰ ৭১ খন দেশৰ ৪৪৯ টা ক্লাবৰ খেলুৱৈয়ে বিভিন্ন দলৰ হৈ খেলিব । কাটাৰ আৰু চৌদি আৰৱৰ দৰে দলসমূহ সম্পূৰ্ণৰূপে নিজৰ ঘৰুৱা লীগৰ খেলুৱৈৰে গঠিত হোৱাৰ বিপৰীতে চেনেগাল, উৰুগুৱে, কেবো ভাৰ্দে আৰু কুৰাকাওৰ দৰে দলসমূহৰ আটাইকেইজন খেলুৱৈয়েই বিদেশৰ বিভিন্ন ক্লাবত খেলি থকা খেলুৱৈ ।

প্ৰশিক্ষক কাৰ্লোছ কুইৰোজৰ বিশ্ব ৰেকৰ্ড-

কোচিং বিভাগতো এক নতুন ইতিহাস ৰচিত হ’ব । ঘানাৰ প্ৰশিক্ষক কাৰ্লোছ কুইৰোজে এইবাৰ একেৰাহে পঞ্চমখন বিশ্বকাপত প্ৰশিক্ষণ দিব । ইয়াৰ পূৰ্বে তেওঁ পৰ্তুগাল আৰু ইৰানক একাধিক বিশ্বকাপত নেতৃত্ব দিছিল । ইয়াৰ সৈতে তেওঁ বোৰা মিলুটিনোভিকৰ পিছত একেৰাহে পাঁচখন বিশ্বকাপত প্ৰশিক্ষক হিচাপে অংশ লোৱা ইতিহাসৰ দ্বিতীয়গৰাকী ব্যক্তি হিচাপে পৰিগণিত হ’ব ।

ফিফাৰ কঠোৰ নিয়ম-

বৰ্তমানৰ ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই ২০২২ চনত মেছিৰ অনবদ্য নেতৃত্বত ফ্ৰান্সক হৰুৱাই (পেনাল্টিত ৪-২) ৩৬ বছৰীয়া অপেক্ষাৰ অন্ত পেলাইছিল । এইবাৰো তেওঁলোকে খিতাপ ধৰি ৰখাৰ লক্ষ্যৰে নামিব । ফিফাই স্পষ্ট কৰি দিছে যে উদ্বোধনী মেচ আৰম্ভ হোৱাৰ ২৪ ঘণ্টা পূৰ্বলৈকে কেৱল গুৰুতৰ আঘাত বা অসুস্থতাৰ ক্ষেত্ৰতহে কোনো খেলুৱৈ সলনি কৰিব পৰা যাব, যাৰ বাবে ফিফাৰ বিশেষ অনুমতিৰ প্ৰয়োজন হ’ব ।

লগতে পঢ়ক : ২০২৬ৰ ফিফা বিশ্বকাপত ইতিহাস ৰচনাৰ দিশে ভাৰতৰ তাহচিন মহম্মদ জামছিদ

২০২৬ৰ ফিফা বিশ্বকাপত ইতিহাস ৰচনাৰ দিশে ভাৰতৰ তাহচিন মহম্মদ জামছিদ

২০২৬ চনৰ ফিফা বিশ্বকাপ ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে অধিক বিশেষ হ’বলৈ গৈ আছে


১২ জুনৰ পৰা অনুষ্ঠিত হ’ব ফিফা ফুটবল বিশ্বকাপ । অৱশ্যে এই প্ৰতিযোগিতাত আনুষ্ঠানিকভাৱে ভাৰতৰ দল নাই যদিও সমগ্ৰ দেশতে ফুটবল বিশ্বকাপক লৈ এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । ক্ৰিকেট উন্মাদনাৰ মাজতে চাহ দোকানৰ পৰা কাৰ্যালয়লৈকে এই সময়ছোৱাত কেৱল ফুটবলৰেই চৰ্চা চলে । কিন্তু এইবাৰৰ, ২০২৬ চনৰ ফিফা বিশ্বকাপ ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে অধিক বিশেষ হ’বলৈ গৈ আছে । ভাৰতীয় মূলৰ, বিশেষকৈ কেৰেলা আৰু তামিলনাডুৰ সৈতে সম্পৰ্ক থকা দুজন প্ৰতিভাশালী যুৱ ফুটবলাৰে এইবাৰ বিশ্বমঞ্চত ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে ।

কাটাৰৰ দলত কেৰেলাৰ তাহচিন : এক ঐতিহাসিক যাত্ৰা

কাটাৰৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক হুলেন লোপেটেগুইয়ে ঘোষণা কৰা ২৬ জনীয়া বিশ্বকাপ দলত স্থান লাভ কৰিছে ভাৰতীয় মূলৰ ১৯ বছৰীয়া তৰুণ ফুটবলাৰ তাহচিন মহম্মদ জামছিদে । তাহচিনৰ এই নিৰ্বাচনে কেৰেলাৰ ফুটবল অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে । যদি তেওঁ খেলপথাৰত নামিবলৈ সুযোগ পায়, তেন্তে তেওঁ হ’ব ফিফা বিশ্বকাপৰ মূল পৰ্বত খেলা কেৰেলাৰ শিপা থকা তথা ভাৰতীয় মূলৰ সৰ্বপ্ৰথম খেলুৱৈ ।

কান্নুৰৰ পৰা দোহালৈ :

তাহচিনৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল দোহাত । তেওঁৰ পিতৃ জামছিদ কেৰেলাৰ থলাছেৰীৰ আৰু মাতৃ শ্বাইমা কান্নুৰ জিলাৰ ভালা পট্টনমৰ বাসিন্দা । ১৯৯৬ চনতে তেওঁলোকৰ পৰিয়ালটো কাটাৰলৈ স্থানান্তৰিত হৈছিল ।

এচ্পায়াৰ একাডেমীৰ উৎপাদন :

কাটাৰৰ বিখ্যাত ‘এচ্পায়াৰ একাডেমী’ৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত তাহচিনে ইতিমধ্যে কাটাৰৰ ১৭ বছৰ আৰু ১৯ বছৰ অনুৰ্ধ দলক প্ৰতিনিধিত্ব কৰিছে । ইয়াৰ উপৰি, তেওঁ দেশখনৰ শীৰ্ষ ফুটবল লীগ ‘কাটাৰ ষ্টাৰ্ছ লীগ’ত অল দুহাইল (Al Duhail) দলৰ হৈ খেলি ইতিহাস সৃষ্টি কৰিছিল ।

খেলৰ শৈলী :

বাওঁ উইংগাৰ (Left Winger) হিচাপে খেলা তাহচিন তেওঁৰ দ্ৰুত গতি আৰু উৎকৃষ্ট ড্ৰিবলিং ক্ষমতাৰ বাবে পৰিচিত । আফগানিস্তানৰ বিৰুদ্ধে বিশ্বকাপ কোৱালিফায়াৰ মেচত তেওঁৰ জ্যেষ্ঠ দলত অভিষেক ঘটিছিল ।

দৌৰত আছে অষ্ট্ৰেলিয়াৰ নিশান ভেলুপিল্লাইও-

কেৰেলাৰ তাহচিনৰ সমান্তৰালভাৱে ভাৰতীয় মূলৰ আন এজন খেলুৱৈয়ো এইবাৰ বিশ্বকাপৰ মঞ্চ কঁপাবলৈ সাজু হৈছে । অষ্ট্ৰেলিয়াৰ ২৬ জনীয়া বিশ্বকাপ দলত স্থান লাভ কৰিছে মেলবৰ্ণ ভিক্টৰীৰ ২৫ বছৰীয়া গতিশীল উইংগাৰ নিশান ভেলুপিল্লাই । নিশানৰ পূৰ্বপুৰুষৰ শিপা কেৰেলাৰ চুবুৰীয়া ৰাজ্য তামিলনাডুৰ সৈতে জড়িত ।

ঐতিহাসিক মুহূৰ্তৰ অপেক্ষা-

যদিও ভাৰতীয় ফুটবল দলটোৱে ৪৮ টা দলৰ এই বৰ্ধিত বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে, তথাপিও তাহচিন আৰু নিশানৰ দৰে খেলুৱৈৰ জৰিয়তে ভাৰতৰ নাম বিশ্বমঞ্চত উচ্চাৰিত হ’ব । এতিয়া ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসুকতা বৃদ্ধি পাইছে যে তহচিন নে নিশান, কোনে প্ৰথমে বিশ্বকাপৰ মূল খেলপথাৰত ভৰি দি ইতিহাসৰ স্বৰ্ণিল পৃষ্ঠাত নাম লিপিৱদ্ধ কৰিব ?  তাৰ বাবে এতিয়া সমগ্ৰ ক্ৰীড়া বিশ্বই অপেক্ষা কৰিব লাগিব ।

লগতে পঢ়ক : “বিশ্ব অভিযান”ৰ বাবে সাজু ক্ৰিষ্টিয়ানো ৰোনাল্ডো; ষষ্ঠবাৰৰ বাবে খেলিব বিশ্বকাপ

মেছিৰ ষষ্ঠ বিশ্বকাপ অভিযান : ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাৰ দল ঘোষণা

১১ জুনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোক কেন্দ্ৰ কৰি আৰম্ভ হ’বলগীয়া এই বিশ্বকাপৰ বাবে ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই চূড়ান্ত দল ঘোষণা কৰিছে

২০২৬ চনৰ ফিফা বিশ্বকাপক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীৰ মাজত ব্যাপক উত্তেজনা বিৰাজ কৰিছে । ১১ জুনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোক কেন্দ্ৰ কৰি আৰম্ভ হ’বলগীয়া এই মহাকাব্যিক প্ৰতিযোগিতাখনৰ বাবে ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই তেওঁলোকৰ ২৬ জনীয়া চূড়ান্ত দল ঘোষণা কৰিছে । দলৰ মুখ্য প্ৰশিক্ষক লিওনেল স্কালোনিয়ে ঘোষণা কৰা এই তালিকাত অভিজ্ঞ খেলুৱৈৰ লগতে নতুন প্ৰতিভাকো সুযোগ দিয়া হৈছে ।

মেছিৰ ষষ্ঠ বিশ্বকাপ অভিযান-

দলৰ নেতৃত্বৰ দায়িত্বত থাকিব কিংবদন্তি ফুটবল খেলুৱৈ লিওনেল মেছি । ৩৮ বছৰীয়া এই তাৰকা খেলুৱৈগৰাকীৰ বাবে এইটো হ’ব ষষ্ঠটো বিশ্বকাপ । ইণ্টাৰ মায়ামিৰ হৈ খেলাৰ সময়ত বাওঁফালৰ হেমষ্ট্ৰীংত আঘাত পোৱা স্বত্বেও, মেছি দলৰ মূল শক্তি হিচাপে অৱতীৰ্ণ হ’ব বুলি আশা কৰা হৈছে । উল্লেখ্য যে, ২০২২ চনৰ কাটাৰ বিশ্বকাপত আৰ্জেণ্টিনাক খিতাপ জিকাই দিয়াৰ ক্ষেত্ৰত মেছিয়ে সাতটা গ’ল আৰু তিনিটা সহায়কাৰী গ’লৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

বিশ্বকাপৰ পূৰ্বে প্ৰস্তুতি-

মহাযুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে দলটোৱে নিজৰ প্ৰস্তুতি তুংগত ৰখাৰ লক্ষ্য লৈছে । স্কালোনিৰ শিষ্যসকলে ৬ জুনত হন্দুৰাছ আৰু ৯ জুনত আইচলেণ্ডৰ বিৰুদ্ধে দুখন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ মেচ খেলিব । এই মেচ দুখনৰ পিছতে দলটোৱে কানছাছ চিটিত নিজৰ বেইচ কেম্প স্থাপন কৰিব ।

গ্ৰুপ ‘জে’-ত আৰ্জেণ্টিনাৰ অভিযান-

ফিফা বিশ্বকাপ ২০২৬-ৰ গ্ৰুপ ‘জে’-ত স্থান পোৱা আৰ্জেণ্টিনাই ১৬ জুনত আলজেৰিয়াৰ বিৰুদ্ধে নিজৰ প্ৰথমখন মেচ খেলি বিশ্বকাপ অভিযানৰ শুভাৰম্ভ কৰিব । গ্ৰুপৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ক্ৰমে অষ্ট্ৰিয়া আৰু জৰ্ডানৰ দৰে দলৰ মুখামুখি হ’ব ।

আৰ্জেণ্টিনাৰ ঘোষিত দল :

গ’লৰক্ষক : এমিলিয়ানো মাৰ্টিনেজ, জেৰোনিমো ৰুলি আৰু হুৱান মুছো ।

ডিফেণ্ডাৰ্ছ : গঞ্জালো মন্টিয়েল, নাহুৱেল মলিনা, লিছান্দ্রো মাৰ্টিনেজ, নিকোলাছ অটামেন্দি, লিঅ’নাৰ্ডো ব্যালার্ডি, ক্রিষ্টিয়ান ৰোমেৰো, নিকোলাছ টাগলিয়াফি’কো, ফাকুন্দো মেডিনা ।

মিড ফিল্ডাৰ্ছ : জিওভানি লো চেলছো, লিয়েন্দ্ৰো পারেদেছ, ৰড্রিগো ডি পল, এক্সেকুয়েল পালাচিঅ’ছ, এনজো ফাৰ্নান্দেজ, এলেক্সিস মেক এলিষ্টাৰ, ভেলেন্টিন বার্কো।

ফৰৱাৰ্ড : লিওনেল মেছি, নিকোলাছ গঞ্জালেজ, জুলিয়ানো ছিমিওনে, লাউতাৰো মাৰ্টিনেজ, হোজে মেনুৱেল লোপেজ, জুলিয়ান আলভাৰেজ, থিয়াগো আলমাডা, নিকো পাছ ।

বিশ্বকাপৰ এই খিতাপ বৰ্তাই ৰাখিবলৈ আৰ্জেণ্টিনাৰ এই দলটো কিমান সফল হ’ব, সেয়া এতিয়া সময়তহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক : ইংলেণ্ডক ৩৮ ৰানত পৰাস্ত কৰি ১-০ ত অগ্ৰগতি ভাৰতীয় মহিলা দলৰ

ফিফা বিশ্বকাপ ২০২৬ : ভাৰতত টিভি সম্প্ৰচাৰক লৈ ডাঙৰ খবৰ, অন্ত পৰিব অনিশ্চয়তাৰ

অনিশ্চয়তাৰ অৱসান ঘটাই অহা সপ্তাহতে ভাৰতত ফিফা বিশ্বকাপ ২০২৬ৰ অফিচিয়েল ব্ৰডকাষ্টিং পাৰ্টনাৰ বা সম্প্ৰচাৰ সহযোগীৰ নাম ঘোষণা কৰা হ’ব

ভাৰতৰ ফুটবল অনুৰাগীসকলৰ বাবে এটা অতি সুখবৰ । দীৰ্ঘদিন ধৰি চলি থকা অনিশ্চয়তাৰ অৱসান ঘটাই অহা সপ্তাহতে ভাৰতত ফিফা বিশ্বকাপ ২০২৬ৰ অফিচিয়েল ব্ৰডকাষ্টিং পাৰ্টনাৰ বা সম্প্ৰচাৰ সহযোগীৰ নাম ঘোষণা কৰা হ’ব । অল ইণ্ডিয়া ফুটবল ফেডাৰেচন (AIFF)ৰ প্ৰাক্তন সাধাৰণ সম্পাদক শাজী প্ৰভাকৰণে শনিবাৰে এই গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰিছে ।

এছচিয়েশ্যন ফৰ স্প’ৰ্টছ ইণ্ডাষ্ট্ৰী প্ৰফেচনেলছ (ASIP)ৰ প্ৰতিষ্ঠাপক তথা সভাপতি শাজী প্ৰভাকৰণে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (X)ত লিখিছে— “ভাৰতীয় ফুটবল অনুৰাগীসকলৰ বাবে ডাঙৰ খবৰ! অৱশেষত দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিল । ভাৰতত ফিফা বিশ্বকাপ ২০২৬-ৰ সম্প্ৰচাৰৰ অধিকাৰ সম্পৰ্কীয় সকলো আলোচনা সফলভাৱে সমাপ্ত হৈছে আৰু অহা সপ্তাহতে ইয়াৰ চৰকাৰী ঘোষণা কৰা হ’ব । কেইবামাহৰো অনিশ্চয়তাৰ পিছত এতিয়া অনুৰাগীসকলে সকাহ পাব পাৰে । বিশ্বকাপখন ভাৰতত সম্পূৰ্ণৰূপে উপলব্ধ হ’ব ।”

উল্লেখ্য যে, আগন্তুক ১১ জুনৰ পৰা ১৯ জুলাই, ২০২৬ লৈ অনুষ্ঠিত হ’বলগীয়া এই মেগা ইভেণ্টখনৰ টিভি আৰু ডিজিটেল মিডিয়া অধিকাৰ ভাৰতত কোনেও ক্ৰয় নকৰাক লৈ শেহতীয়াকৈ ব্যাপক চিন্তাৰ সৃষ্টি হৈছিল । আনকি বিষয়টো আদালতৰ মজিয়াও পাইছিলগৈ । চলিত মাহৰ আৰম্ভণিতে অধিবক্তা অৱধেশ বাইৰৱাই সংবিধানৰ ২২৬ নং অনুচ্ছেদৰ অধীনত দিল্লী উচ্চ ন্যায়ালয়ত এখন ৰীট আবেদন দাখিল কৰিছিল । আবেদনখনত কোৱা হৈছিল যে ক্ৰীড়া সম্প্ৰচাৰ সংকেত আইন ২০০৭-ৰ অধীনত ফিফা বিশ্বকাপক ইতিমধ্যে “ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ ক্ৰীড়া ইভেণ্ট” হিচাপে ঘোষণা কৰা হৈছে । গতিকে চৰকাৰ আৰু প্ৰসাৰ ভাৰতীয়ে দূৰদৰ্শন বা ডিডি স্প’ৰ্টছৰ দৰে বিনামূলীয়া (free-to-air) প্লেটফৰ্মৰ জৰিয়তে জনসাধাৰণক এই খেলসমূহ দেখুওৱাটো নিশ্চিত কৰিব লাগে । এই আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পুৰুষেন্দ্ৰ কুমাৰ কৌৰৱে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰসাৰ ভাৰতীলৈ জাননীও জাৰি কৰিছিল ।

জানিব পৰা মতে, ফিফাই প্ৰথমতে ২০২৬ আৰু ২০৩০ চনৰ বিশ্বকাপৰ বাবে ভাৰতৰ সম্প্ৰচাৰ অধিকাৰ পেকেজৰ মূল্য প্ৰায় ১০০ নিযুত মাৰ্কিন ডলাৰ (প্ৰায় ৮৩০ কোটি টকা) নিৰ্ধাৰণ কৰিছিল । কিন্তু ভাৰতীয় কোম্পানীসমূহৰ মাজত বিশেষ আগ্ৰহ দেখা নোপোৱাত পিছলৈ ফিফাই এই মূল্য হ্ৰাস কৰি প্ৰায় ৩৫ নিযুত মাৰ্কিন ডলাৰ (প্ৰায় ২৯০ কোটি টকা) কৰিবলৈ বাধ্য হয় ।

মূল্য হ্ৰাসৰ পিছতো কোনো চুক্তি নোহোৱাত অনুৰাগীসকল হতাশ হৈ পৰিছিল । কিন্তু এতিয়া শাজী প্ৰভাকৰণৰ এই ভাষ্যই ফুটবলপ্ৰেমীসকলৰ মাজলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে । এতিয়া কেৱল অপেক্ষা অহা সপ্তাহৰ সেই চৰকাৰী ঘোষণালৈ, যাৰ পিছত স্পষ্ট হ’ব যে ভাৰতত কোনটো চেনেল বা অ’টিটি প্লেটফৰ্মত দেখা পোৱা যাব ইতিহাসৰ আটাইতকৈ ডাঙৰ ফিফা বিশ্বকাপ ।

লগতে পঢ়ক : আই পি এল ২০২৬ : দিল্লীৰ বিদায়! অন্তিমটো প্লে-অফ স্থানৰ বাবে তিনিটা দলৰ মাজত তীব্ৰ যুঁজ

ফিফা বিশ্বকাপতো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ, ইৰানে ল’লে ডাঙৰ সিদ্ধান্ত

ফিফা বিশ্বকাপতো এতিয়া আমেৰিকা আৰু ইৰানৰ মাজত সংঘটিত হোৱা যুদ্ধৰ প্ৰৱাভ পৰা পৰিলক্ষিত হৈছে

ইজৰাইল, আমেৰিকা আৰু ইৰানৰ মাজত সংঘটিত হোৱা ভয়াৱহ যুদ্ধৰ প্ৰভাৱ এতিয়া ক্ৰীড়া জগততো পৰিছে । ইৰানে ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ কথা ঘোষণা কৰিছে । ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে আক্ৰমণ সংঘটিত কৰাৰ পিছত মধ্যপ্ৰাচ্য আৰু সমগ্ৰ বিশ্বতে উত্তেজনা অব্যাহত থকাৰ সময়তে এই সিদ্ধান্ত গ্ৰহণ কৰিছে দেশখনে ।

চৰকাৰী টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইৰানৰ ক্ৰীড়া মন্ত্ৰী আহমদ দুনিয়ামালিয়ে কয় যে যিখন দেশে তেওঁলোকৰ সৰ্বোচ্চ নেতাক হত্যা কৰিছে, সেইখন দেশত খেলাটো অসম্ভৱ । তেওঁ স্পষ্টভাৱে কয় যে বৰ্তমানৰ পৰিস্থিতিত দলটোৰ সুৰক্ষা নিশ্চিত কৰিব পৰা নাযায় ।

শেহতীয়াকৈ আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওপৰত কৰা বিমান আক্ৰমণত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই নিহত হয় । ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোত সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে ।

ইৰানৰ ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে এই আক্ৰমণত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে আৰু দেশখনত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । এনে পৰিস্থিতিত বিশ্বকাপলৈ দল পঠোৱাটো অনুচিত হ’ব । উল্লেখ্য যে, ১১ জুনৰ পৰা ১৯ জুলাইলৈ আমেৰিকা, মেক্সিকো, কানাডাত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত ৪৮টা দলে অংশগ্ৰহণ কৰিব ।

ইয়াৰ পূৰ্বে বিশ্ব ফুটবল গভৰ্নিং ব’ডিৰ সভাপতি জিয়ানি ইনফান্টিনোৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে বাৰ্তালাপ কৰা বুলি কয় । ট্ৰাম্পে ইৰানৰ দলটোক আশ্বাস দিয়ে যে তেওঁলোকক আদৰণি জনোৱা হ’ব আৰু প্ৰতিযোগিতাখনত প্ৰৱেশ নিশ্চিত কৰা হ’ব ।

যোৱা বছৰৰ ড্ৰ’ত ইৰানক বেলজিয়াম, ইজিপ্ত আৰু নিউজীলেণ্ডৰ সৈতে গ্ৰুপ জিত স্থান দিয়া হৈছিল । এই গ্ৰুপৰ সকলো মেচ আমেৰিকাত অনুষ্ঠিত হোৱাৰ কথা আছিল, দুখন লছ এঞ্জেলছত আৰু এখন ছিয়াটলত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : আমেৰিকাৰ যুদ্ধ জাহাজ আব্ৰাহাম লিংকনত মিছাইল আক্ৰমণৰ দাবী ইৰানৰ