ফিফা বিশ্বকাপ ২০২৬ : ভাৰতত টিভি সম্প্ৰচাৰক লৈ ডাঙৰ খবৰ, অন্ত পৰিব অনিশ্চয়তাৰ

ফিফা বিশ্বকাপ ২০২৬ : ভাৰতত টিভি সম্প্ৰচাৰক লৈ ডাঙৰ খবৰ, অন্ত পৰিব অনিশ্চয়তাৰ

অনিশ্চয়তাৰ অৱসান ঘটাই অহা সপ্তাহতে ভাৰতত ফিফা বিশ্বকাপ ২০২৬ৰ অফিচিয়েল ব্ৰডকাষ্টিং পাৰ্টনাৰ বা সম্প্ৰচাৰ সহযোগীৰ নাম ঘোষণা কৰা হ’ব ভাৰতৰ ফুটবল অনুৰাগীসকলৰ বাবে এটা অতি সুখবৰ । দীৰ্ঘদিন ধৰি চলি থকা অনিশ্চয়তাৰ অৱসান ঘটাই অহা সপ্তাহতে ভাৰতত ফিফা বিশ্বকাপ ২০২৬ৰ অফিচিয়েল ব্ৰডকাষ্টিং পাৰ্টনাৰ বা সম্প্ৰচাৰ

অনিশ্চয়তাৰ অৱসান ঘটাই অহা সপ্তাহতে ভাৰতত ফিফা বিশ্বকাপ ২০২৬ৰ অফিচিয়েল ব্ৰডকাষ্টিং পাৰ্টনাৰ বা সম্প্ৰচাৰ সহযোগীৰ নাম ঘোষণা কৰা হ’ব

ভাৰতৰ ফুটবল অনুৰাগীসকলৰ বাবে এটা অতি সুখবৰ । দীৰ্ঘদিন ধৰি চলি থকা অনিশ্চয়তাৰ অৱসান ঘটাই অহা সপ্তাহতে ভাৰতত ফিফা বিশ্বকাপ ২০২৬ৰ অফিচিয়েল ব্ৰডকাষ্টিং পাৰ্টনাৰ বা সম্প্ৰচাৰ সহযোগীৰ নাম ঘোষণা কৰা হ’ব । অল ইণ্ডিয়া ফুটবল ফেডাৰেচন (AIFF)ৰ প্ৰাক্তন সাধাৰণ সম্পাদক শাজী প্ৰভাকৰণে শনিবাৰে এই গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰিছে ।

এছচিয়েশ্যন ফৰ স্প’ৰ্টছ ইণ্ডাষ্ট্ৰী প্ৰফেচনেলছ (ASIP)ৰ প্ৰতিষ্ঠাপক তথা সভাপতি শাজী প্ৰভাকৰণে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (X)ত লিখিছে— “ভাৰতীয় ফুটবল অনুৰাগীসকলৰ বাবে ডাঙৰ খবৰ! অৱশেষত দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিল । ভাৰতত ফিফা বিশ্বকাপ ২০২৬-ৰ সম্প্ৰচাৰৰ অধিকাৰ সম্পৰ্কীয় সকলো আলোচনা সফলভাৱে সমাপ্ত হৈছে আৰু অহা সপ্তাহতে ইয়াৰ চৰকাৰী ঘোষণা কৰা হ’ব । কেইবামাহৰো অনিশ্চয়তাৰ পিছত এতিয়া অনুৰাগীসকলে সকাহ পাব পাৰে । বিশ্বকাপখন ভাৰতত সম্পূৰ্ণৰূপে উপলব্ধ হ’ব ।”

উল্লেখ্য যে, আগন্তুক ১১ জুনৰ পৰা ১৯ জুলাই, ২০২৬ লৈ অনুষ্ঠিত হ’বলগীয়া এই মেগা ইভেণ্টখনৰ টিভি আৰু ডিজিটেল মিডিয়া অধিকাৰ ভাৰতত কোনেও ক্ৰয় নকৰাক লৈ শেহতীয়াকৈ ব্যাপক চিন্তাৰ সৃষ্টি হৈছিল । আনকি বিষয়টো আদালতৰ মজিয়াও পাইছিলগৈ । চলিত মাহৰ আৰম্ভণিতে অধিবক্তা অৱধেশ বাইৰৱাই সংবিধানৰ ২২৬ নং অনুচ্ছেদৰ অধীনত দিল্লী উচ্চ ন্যায়ালয়ত এখন ৰীট আবেদন দাখিল কৰিছিল । আবেদনখনত কোৱা হৈছিল যে ক্ৰীড়া সম্প্ৰচাৰ সংকেত আইন ২০০৭-ৰ অধীনত ফিফা বিশ্বকাপক ইতিমধ্যে “ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ ক্ৰীড়া ইভেণ্ট” হিচাপে ঘোষণা কৰা হৈছে । গতিকে চৰকাৰ আৰু প্ৰসাৰ ভাৰতীয়ে দূৰদৰ্শন বা ডিডি স্প’ৰ্টছৰ দৰে বিনামূলীয়া (free-to-air) প্লেটফৰ্মৰ জৰিয়তে জনসাধাৰণক এই খেলসমূহ দেখুওৱাটো নিশ্চিত কৰিব লাগে । এই আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পুৰুষেন্দ্ৰ কুমাৰ কৌৰৱে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰসাৰ ভাৰতীলৈ জাননীও জাৰি কৰিছিল ।

জানিব পৰা মতে, ফিফাই প্ৰথমতে ২০২৬ আৰু ২০৩০ চনৰ বিশ্বকাপৰ বাবে ভাৰতৰ সম্প্ৰচাৰ অধিকাৰ পেকেজৰ মূল্য প্ৰায় ১০০ নিযুত মাৰ্কিন ডলাৰ (প্ৰায় ৮৩০ কোটি টকা) নিৰ্ধাৰণ কৰিছিল । কিন্তু ভাৰতীয় কোম্পানীসমূহৰ মাজত বিশেষ আগ্ৰহ দেখা নোপোৱাত পিছলৈ ফিফাই এই মূল্য হ্ৰাস কৰি প্ৰায় ৩৫ নিযুত মাৰ্কিন ডলাৰ (প্ৰায় ২৯০ কোটি টকা) কৰিবলৈ বাধ্য হয় ।

মূল্য হ্ৰাসৰ পিছতো কোনো চুক্তি নোহোৱাত অনুৰাগীসকল হতাশ হৈ পৰিছিল । কিন্তু এতিয়া শাজী প্ৰভাকৰণৰ এই ভাষ্যই ফুটবলপ্ৰেমীসকলৰ মাজলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে । এতিয়া কেৱল অপেক্ষা অহা সপ্তাহৰ সেই চৰকাৰী ঘোষণালৈ, যাৰ পিছত স্পষ্ট হ’ব যে ভাৰতত কোনটো চেনেল বা অ’টিটি প্লেটফৰ্মত দেখা পোৱা যাব ইতিহাসৰ আটাইতকৈ ডাঙৰ ফিফা বিশ্বকাপ ।

লগতে পঢ়ক : আই পি এল ২০২৬ : দিল্লীৰ বিদায়! অন্তিমটো প্লে-অফ স্থানৰ বাবে তিনিটা দলৰ মাজত তীব্ৰ যুঁজ