বংগত বিজেপিৰ নতুন যুগ : শুভেন্দুৰ নেতৃত্বত শপত ল’লে পাঁচ ‘সাৰথি’য়ে

ৰাজ্যখনত বিজেপিৰ বিশাল বিজয়ৰ পিছত শনিবাৰে এক ভব্য অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে

পশ্চিমবংগৰ ৰাজনীতিত আজি এক ঐতিহাসিক দিন । ৰাজ্যখনত বিজেপিৰ বিশাল বিজয়ৰ পিছত শনিবাৰে এক ভব্য অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে । গুৰুত্বপূৰ্ণ কথাটো হ’ল, অধিকাৰীৰ এই নতুন কেবিনেটত ব্ৰাহ্মণ, মহিলা, মতুয়া আৰু আদিবাসী— প্ৰতিটো সম্প্ৰদায়ৰে প্ৰতিনিধিত্ব সুনিশ্চিত কৰি বিজেপিয়ে এক শক্তিশালী সামাজিক বাৰ্তা প্ৰেৰণ কৰিছে ।

শুভেন্দুৰ পৰা নিশিথলৈ : কেবিনেটৰ গুৰুত্বপূৰ্ণ মুখসমূহ

শুভেন্দু অধিকাৰী (মুখ্যমন্ত্ৰী): এসময়ৰ তৃণমূলৰ বলিষ্ঠ নেতা আৰু মমতা বেনাৰ্জীৰ ঘনিষ্ঠ সহযোগী শুভেন্দু অধিকাৰীয়ে আজি মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে । উল্লেখ্য যে, তেওঁ মমতা বেনাৰ্জীক তেওঁৰ নিজৰ গড়তে দুবাৰকৈ পৰাস্ত কৰি একপ্ৰকাৰ অপ্ৰতিৰোধ্য প্ৰমাণিত কৰিছে ।

দিলীপ ঘোষ: ৰাজ্যিক বিজেপিৰ অন্যতম স্তম্ভ তথা খড়গপুৰৰ বিধায়ক দিলীপ ঘোষে মন্ত্ৰী হিচাপে শপত লয় । তেওঁৰ সাংগঠনিক দক্ষতাই চৰকাৰখনক অধিক গতিশীল কৰিব বুলি ধাৰণা কৰা হৈছে ।

অগ্নিমিত্ৰা পাল: ফেশ্বন ডিজাইনাৰৰ পৰা ৰাজনীতিবিদ হোৱা আছানচোল দক্ষিণৰ বিধায়িকা অগ্নিমিত্ৰা পালে কেবিনেটত মহিলাৰ কণ্ঠ প্ৰতিনিধিত্ব কৰিব ।

অশোক কীৰ্তনীয়া: বনগাঁ উত্তৰৰ পৰা একেৰাহে দুবাৰকৈ নিৰ্বাচিত হোৱা কীৰ্তনীয়াই চৰকাৰত মতুয়া সম্প্ৰদায়ৰ কল্যাণৰ বাবে কাম কৰিব ।

ক্ষুদিৰাম টুডু: ৰাণীবাঁধৰ বিধায়ক তথা বৃত্তিত শিক্ষক ক্ষুদিৰাম টুডুৱে কেবিনেটত আদিবাসী সম্প্ৰদায়ৰ মুখ হিচাপে স্থান লাভ কৰিছে । তেওঁ প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈয়েই মন্ত্ৰীত্বৰ সুযোগ লাভ কৰিছে ।

নিশিথ প্ৰমাণিক: কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ অভিজ্ঞতা থকা কোচবিহাৰৰ প্ৰাক্তন সাংসদ তথা বৰ্তমান মাথাভাঙ্গাৰ বিধায়ক নিশিথ প্ৰমাণিকেও আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

এই ভব্য শপত গ্ৰহণ অনুষ্ঠানে বংগৰ ৰাজনীতিত এক নতুন ধাৰাৰ সূচনা কৰিছে । সকলোৰে সমাহাৰ থকা এই চৰকাৰখনে ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়নত কেনে ভূমিকা পালন কৰে, সেয়া এতিয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক : পশ্চিম বংগ নতুন ৰাজনৈতিক যুগৰ সূচনা, মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে শুভেন্দু অধিকাৰীয়ে

পশ্চিম বংগ নতুন ৰাজনৈতিক যুগৰ সূচনা, মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে শুভেন্দু অধিকাৰীয়ে

পশ্চিম বংগৰ প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে শুভেন্দু অধিকাৰীয়ে ।

পশ্চিম বংগত এক নতুন ৰাজনৈতিক যুগৰ সূচনা কৰি আজি ভাৰতীয় জনতা পাৰ্টিৰ বিধায়িনী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনৰ প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ঐতিহাসিক বিজয়ৰ পিছত অনুষ্ঠিত হোৱা এই শপত গ্ৰহণ অনুষ্ঠানত দেশৰ ৰাজনৈতিক শিবিৰৰ বহু হেভিৱেট নেতা উপস্থিত থাকে ।

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, জে পি নাড্ডা আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে । ইয়াৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ মাণিক সাহা, উত্তৰাখণ্ডৰ পুষ্কৰ ধামী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা অন্যতম ।

শুভেন্দুৰ ধামাকা-

এই নিৰ্বাচনত শুভেন্দু অধিকাৰীয়ে এক অভূতপূৰ্ব সাফল্য অৰ্জন কৰিছে । তেওঁ ৰাজ্যখনৰ আটাইতকৈ হাই-প্ৰফাইল দুটা সমষ্টি— ভৱানীপুৰ আৰু নন্দীগ্ৰামত জয়লাভ কৰি নিজৰ আধিপত্য প্ৰমাণ কৰিছে । ভৱানীপুৰত মমতা বেনাৰ্জীক ১৫,১০৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে নন্দীগ্ৰামতো তেওঁ বিপুল ভোটত বিজয়ী হয় । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, নন্দীগ্ৰামত তেওঁ ১,২৭,৩০১ টা ভোট লাভ কৰিবলৈ সক্ষম হয় ।

নিৰ্বাচনী ফলাফল-

২০২৬ চনৰ এই নিৰ্বাচনত বিজেপিয়ে ২০৭ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে ১৫ বছৰ ধৰি শাসনত থকা তৃণমূল কংগ্ৰেছে মাত্ৰ ৮০ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হয় । আন এক উল্লেখযোগ্য দিশ হ’ল এইবাৰ পশ্চিম বংগত স্বাধীনতাৰ পিছত সৰ্বাধিক ৯২.৪৭ শতাংশ ভোটদান সাব্যস্ত হৈছে ।

মমতা বেনাৰ্জীৰ দীৰ্ঘদিনীয়া আধিপত্যৰ অন্ত পেলাই বিজেপিৰ এই উত্থানে দেশৰ ৰাজনীতিত এক নতুন সমীকৰণৰ সৃষ্টি কৰিছে । পৰাজয়ৰ ফলত তৃণমূল কংগ্ৰেছৰ বাবে এয়া এক ডাঙৰ মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : বংগত বিজেপিৰ সূৰ্য্যোদয়ঃ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী উত্থাপন শুভেন্দু অধিকাৰীৰ

বংগত শপত গ্ৰহণৰ পিছত সমগ্ৰ পূৰ্বাঞ্চলতে স্থাপন হ’ব বিজেপি-এন ডি এৰ আধিপত্যঃ হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বিশ্ব শৰ্মাৰ মতে ৯ মে’ৰ পৰা ঝাৰখণ্ডক বাদ দি সমগ্ৰ পূৰ্বাঞ্চল বিজেপি তথা এন ডি এ চৰকাৰৰ দখললৈ আহিব

দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ ইংগিত দি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ৯ মে’ৰ পৰা ঝাৰখণ্ডক বাদ দি সমগ্ৰ পূৰ্ব আৰু উত্তৰ-পূব ভাৰত বিজেপি তথা এন ডি এ চৰকাৰৰ দখললৈ আহিব । শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগ আৰু অসমত চৰকাৰ গঠনৰ বিস্তৃত পৰিকল্পনাৰ কথা সদৰী কৰে ।

পশ্চিমবংগত ঐতিহাসিক মুহূৰ্ত-

মুখ্যমন্ত্ৰী ড০ শৰ্মাই জনোৱা অনুসৰি, শনিবাৰে পশ্চিমবংগত এক ঐতিহাসিক মুহূৰ্তৰ সূচনা হ’ব । বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱা শুভেন্দু অধিকাৰীয়ে শনিবাৰে ৰাজ্যখনৰ প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । উল্লেখ্য যে, এই শপত গ্ৰহণ অনুষ্ঠান বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তীৰ দিনাই অনুষ্ঠিত হ’ব । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দেশৰ ২১খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব । ড০ শৰ্মাই আশা প্ৰকাশ কৰে যে নতুন চৰকাৰ গঠনৰ লগে লগে পশ্চিমবংগৰ আইন-শৃংখলা পৰিস্থিতি পুনৰ স্বাভাৱিক হৈ পৰিব ।

অসমত ১২ মে’ত শপত গ্ৰহণ-

পশ্চিমবংগৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ লৈ গুৱাহাটীলৈ উভতি অহাৰ পিছতেই মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজ ৰাজ্যৰ চৰকাৰ গঠনৰ প্ৰক্ৰিয়াত ব্যস্ত হ’ব । তেওঁ ঘোষণা কৰা মতে, ১০ মে’ত বিজেপি বিধায়িনী দলৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব য’ত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং ছৈইনী উপস্থিত থাকিব ।

বিধায়িনী দলে নেতা নিৰ্বাচন কৰাৰ পিছত এন ডি এ-ৰ সমৰ্থনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী উত্থাপন কৰা হ’ব । অহা ১২ মে’ৰ পুৱা ১১ বজাত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত অসমৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব । ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লৈছে ।

পূৰ্বাঞ্চল হ’ব ‘বিজেপিময়’-

মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি, কাইলৈৰ পৰা সমগ্ৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলত বিজেপি আৰু সহযোগী দলৰ আধিপত্য স্থাপন হ’ব । কেৱল ঝাৰখণ্ডক বাদ দি এই অঞ্চলৰ প্ৰতিখন ৰাজ্যই এতিয়াৰে পৰা এন ডি এ-ৰ শাসনৰ অধীনলৈ আহিব, যাক তেওঁ এক বিশেষ ‘বিজয়ৰ দিন’ হিচাপে অভিহিত কৰিছে ।

লগতে পঢ়ক : ১২ মে’ত শপত গ্ৰহণ : কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত নিৰ্বাচিত হ’ব এন ডি এৰ নতুন নেতা

বংগত বিজেপিৰ সূৰ্য্যোদয়ঃ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী উত্থাপন শুভেন্দু অধিকাৰীৰ

শুকুৰবাৰে সন্ধিয়া ৰাজ্যখনৰ নৱ-নিৰ্বাচিত বিধায়িনী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰে

পশ্চিমবংগৰ ৰাজনৈতিক ইতিহাসত এক অভূতপূৰ্ব পৰিৱৰ্তনৰ সূচনা কৰি শুকুৰবাৰে সন্ধিয়া ৰাজ্যখনৰ নৱ-নিৰ্বাচিত বিধায়িনী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰে । এই সাক্ষাৎকালত তেওঁ চৰকাৰ গঠনৰ বাবে আনুষ্ঠানিকভাৱে দাবী উত্থাপন কৰে । ইয়াৰ লগে লগে ৰাজ্যখনত প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ শাসন প্ৰতিষ্ঠা হোৱাটো নিশ্চিত হৈ পৰিল ।

নেতৃত্ব নিৰ্বাচন আৰু ৰাজভৱন যাত্ৰা-

শুকুৰবাৰে কলকাতাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত বিজেপি বিধায়িনী দলৰ গুৰুত্বপূৰ্ণ বৈঠকত শুভেন্দু অধিকাৰীক সৰ্বসন্মতিক্ৰমে নেতা নিৰ্বাচিত কৰা হয় । ইয়াৰ পাছতেই দিলীপ ঘোষ, লকেট চেতাৰ্জী আৰু তাপস ৰায়ৰ দৰে জ্যেষ্ঠ নেতাসকলক লগত লৈ অধিকাৰীয়ে ৰাজভৱনলৈ গৈ চৰকাৰ গঠনৰ দাবী জনায় ।

ৰাইজৰ প্ৰতিশ্ৰুতি পূৰণৰ সংকল্প-

নেতা নিৰ্বাচিত হোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত শুভেন্দু অধিকাৰীয়ে কয়, “মই ৰাষ্ট্ৰীয় সভাপতি আৰু অমিত শ্বাহৰ প্ৰতি কৃতজ্ঞ । প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ আৰু বিধায়কসকলৰ সমৰ্থনত মই এই দায়িত্ব লাভ কৰিছোঁ । নিৰ্বাচনৰ সময়ত আমি যিবোৰ প্ৰতিশ্ৰুতি দিছিলোঁ, সেই সকলোবোৰ জনকল্যাণৰ স্বাৰ্থত পূৰণ কৰা হ’ব ।”

নিশিথ প্ৰমাণিকৰ সমৰ্থন-

বিজেপি নেতা নিশিথ প্ৰমাণিকে অধিকাৰীক সমৰ্থন কৰি কয় যে বংগক বৰ্তমান শুভেন্দু অধিকাৰীৰ দৰে এজন বলিষ্ঠ নেতাৰ প্ৰয়োজন । তেওঁ উল্লেখ কৰে যে সীমান্ত সুৰক্ষা আৰু অনুপ্ৰৱেশ ৰোধ কৰাটোৱেই নতুন চৰকাৰৰ প্ৰধান লক্ষ্য হ’ব ।

ঐতিহাসিক জয়ৰ খতিয়ান-

২০২৬ চনৰ এই বিধানসভা নিৰ্বাচনত বিজেপিয়ে মুঠ ২০৭খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰে । আনহাতে, বিগত ১৫ বছৰ ধৰি শাসনত থকা তৃণমূল কংগ্ৰেছ মাত্ৰ ৮০খন আসনতে সীমাবদ্ধ থাকে । উল্লেখযোগ্য যে, শুভেন্দু অধিকাৰীয়ে ভৱানীপুৰ সমষ্টিত বিদায়ী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ১৫,০০০ তকৈও অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি এক ৰাজনৈতিক চমক সৃষ্টি কৰিছে ।

শপত গ্ৰহণ অনুষ্ঠান বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তীৰ পবিত্ৰ দিনটোতে অৰ্থাৎ শনিবাৰে শুভেন্দু অধিকাৰীয়ে পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । এই অনুষ্ঠানক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি উছাহৰ পৰিৱেশ বিৰাজ কৰিছে ।

লগতে পঢ়ক : বিজেপিৰ কান্ধত ‘সোণাৰ বাংলা’ গঢ়াৰ দায়িত্ব, পশ্চিমবংগৰ ভৱিষ্যতক লৈ অমিত শ্বাহৰ ডাঙৰ ঘোষণা

বিজেপিৰ কান্ধত ‘সোণাৰ বাংলা’ গঢ়াৰ দায়িত্ব, পশ্চিমবংগৰ ভৱিষ্যতক লৈ অমিত শ্বাহৰ ডাঙৰ ঘোষণা

২০২৬ চনৰ এই বিধানসভা নিৰ্বাচনত বিজেপিয়ে ২০৭ খন আসন লাভ কৰি এক চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছে

পশ্চিমবংগত এক নতুন ৰাজনৈতিক যুগৰ সূচনা কৰি ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যখনত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । শুকুৰবাৰে কলকাতাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে নৱ-নিৰ্বাচিত বিধায়িনী দলৰ নেতা হিচাপে শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব ।

‘সোণাৰ বাংলা’ৰ সপোন সাৰ্থক কৰাৰ প্ৰতিশ্ৰুতি-

দলীয় বৈঠকত সভাপতিত্ব কৰি অমিত শ্বাহে শুভেন্দু অধিকাৰীক “সোণাৰ বাংলা” গঢ়াৰ মূল কাণ্ডাৰী হিচাপে অভিহিত কৰে । তেওঁ কয়, “আপোনালোকৰ বিশ্বাস আৰু আশীৰ্বাদৰ বাবেই আজি শুভেন্দু অধিকাৰী বংগৰ ভৱিষ্যত মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে । আমি ৰাইজৰ এই বিপুল জনদেশক সন্মান জনাই ৰাজ্যখনত সুশাসন আৰু উন্নয়নৰ এক নতুন ধাৰা আৰম্ভ কৰিম ।”

মমতা বেনাৰ্জীৰ বিৰুদ্ধে ঐতিহাসিক জয়-

২০২৬ চনৰ এই বিধানসভা নিৰ্বাচনত বিজেপিয়ে ২০৭ খন আসন লাভ কৰি এক চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছে । আনহাতে, বিগত ১৫ বছৰ ধৰি শাসনত থকা তৃণমূল কংগ্ৰেছে মাত্ৰ ৮০ খন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হয় । বিশেষভাৱে লক্ষণীয় যে, শুভেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীৰ দুৰ্গ হিচাপে পৰিচিত ভৱানীপুৰ সমষ্টিত ১৫,০০০ তকৈও অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি এক ইতিহাস ৰচনা কৰে ।

ৰবীন্দ্ৰ জয়ন্তীত শপত গ্ৰহণ অমিত শ্বাহে তেওঁৰ ভাষণত বংগৰ জনসাধাৰণক ধন্যবাদ জনাই কয় যে কমিউনিষ্ট আৰু তৃণমূলৰ দিনত যি ভয়ৰ পৰিৱেশ আছিল, এতিয়া তাৰ অন্ত পৰিল । কাইলৈ অৰ্থাৎ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তীৰ পৱিত্ৰ দিনটোতে শুভেন্দু অধিকাৰীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ।

আজি অধিকাৰীয়ে দলৰ নৱ-নিৰ্বাচিত বিধায়কসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰু ভৱিষ্যতৰ কৰ্মপন্থা সম্পৰ্কে আলোচনা কৰে । ৰাজ্যখনত বিজেপিৰ এই জয়ে ৰাষ্ট্ৰীয় ৰাজনীতিতো এক বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক : পশ্চিমবংগৰ ইতিহাসত প্ৰথমবাৰলৈ বিজেপিৰ চৰকাৰ, মুখ্যমন্ত্ৰী হ’ব শুভেন্দু অধিকাৰী

পশ্চিমবংগৰ ইতিহাসত প্ৰথমবাৰলৈ বিজেপিৰ চৰকাৰ, মুখ্যমন্ত্ৰী হ’ব শুভেন্দু অধিকাৰী

শুকুৰবাৰে শুভেন্দু অধিকাৰীক বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় ।

পশ্চিমবংগৰ ৰাজনীতিত এক নতুন যুগৰ সূচনা কৰি শুকুৰবাৰে শুভেন্দু অধিকাৰীক বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় । ইয়াৰ লগে লগে ৰাজ্যখনৰ ইতিহাসত প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত ল’বলৈ সাজু হৈছে শুভেন্দু অধিকাৰী ।

আজি কলকাতাত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ দলীয় বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক অমিত শ্বাহে আনুষ্ঠানিকভাৱে অধিকাৰীৰ নাম ঘোষণা কৰে । শ্বাহে কয়, “মই শুভেন্দু অধিকাৰীক পশ্চিমবংগ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰিছো ।” উল্লেখযোগ্য যে, কাইলৈ অৰ্থাৎ শনিবাৰে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তীৰ পবিত্ৰ দিনটোতে তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ।

নিৰ্বাচনী ফলাফলত বিজেপিৰ চমকপ্ৰদ জয়-

২০২৬ চনৰ এই বিধানসভা নিৰ্বাচনত বিজেপিয়ে অভূতপূৰ্ব সাফল্য অৰ্জন কৰিছে । ২৯৪ খন আসনৰ ভিতৰত বিজেপিয়ে অকলেই ২০৭ খন আসন লাভ কৰি বৃহৎ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে, বিগত ১৫ বছৰ ধৰি শাসনত থকা মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ মাত্ৰ ৮০ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হয় ।

শুভেন্দু অধিকাৰীয়ে নন্দীগ্ৰাম আৰু ভৱানীপুৰ দুয়োটা সমষ্টিৰ পৰাই জয়লাভ কৰিছে । বিশেষকৈ ভৱানীপুৰত বিদায়ী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ১৫,০০০ তকৈও অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি তেওঁ নিজৰ শক্তি প্ৰদৰ্শন কৰে । আজি তেওঁ নৱ-নিৰ্বাচিত বিধায়কসকলৰ সৈতেও এক বৈঠকত মিলিত হয় ।

লগতে পঢ়ক : বংগত বিজেপিৰ ঐতিহাসিক উত্থান: চৰকাৰ গঠনৰ ব্লুপ্ৰিণ্ট যুগুতাবলৈ কলকাতাত অমিত শ্বাহ

বংগত বিজেপিৰ ঐতিহাসিক উত্থান: চৰকাৰ গঠনৰ ব্লুপ্ৰিণ্ট যুগুতাবলৈ কলকাতাত অমিত শ্বাহ

এইবাৰৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পশ্চিমবংগত ইতিহাস ৰচনা কৰিছে

পশ্চিমবংগত প্ৰথমবাৰৰ বাবে বিজেপিৰ চৰকাৰ গঠনক লৈ ৰাজনৈতিক তৎপৰতা তুংগত উঠিছে । এই ঐতিহাসিক ক্ষণত বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে শুকুৰবাৰে কলকাতাত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । আজি বিয়লি অনুষ্ঠিত হ’বলগীয়া দলৰ বিধানয়িনী বৈঠকৰ তেওঁ পৌৰোহিত্য কৰিব ।

জানিব পৰা মতে, নিৰ্বাচনোত্তৰ কৌশল আৰু নতুন চৰকাৰ গঠনৰ আলোচনাৰ এই সন্ধিক্ষণত শ্বাহৰ ভ্ৰমণক অতি তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে । কলকাতাত উপস্থিত হোৱাৰ পাছতেই গৃহমন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ দলীয় নেতা আৰু কোৰ কমিটিৰ সদস্যসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকত বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ মূল্যায়ন, সাংগঠনিক পৰ্যালোচনা আৰু পৰৱৰ্তী পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰা হয় ।

বিধায়িনী দলৰ বৈঠকৰ পূৰ্বে শ্বাহে ৰাজ্যখনৰ আগন্তুক শপত গ্ৰহণ অনুষ্ঠান সন্দৰ্ভত দলীয় নেতাসকলৰ সৈতে বিতং আলোচনা কৰিব । ইয়াৰ উপৰিও নতুন কেবিনেটৰ ৰূপৰেখা কেনেকুৱা হ’ব, দপ্তৰসমূহৰ বিতৰণ আৰু সামগ্ৰিক শাসনৰ অগ্ৰাধিকাৰ সম্পৰ্কেও পৰিকল্পনা কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, পশ্চিমবংগৰ বাবে অমিত শ্বাহক কেন্দ্ৰীয় পৰ্যবেক্ষক আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিক কেন্দ্ৰীয় সহ-পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । একেদৰে, অসমত বিধানমণ্ডলীয় দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক পৰ্যবেক্ষক আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং চাইনীক সহ-পৰ্যবেক্ষকৰ দায়িত্ব অৰ্পণ কৰা হৈছে ।

উল্লেখ্য যে, এইবাৰৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পশ্চিমবংগত ইতিহাস ৰচনা কৰিছে । ভাৰতীয় নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি, ২৯৪খন আসনৰ ভিতৰত বিজেপিয়ে ২০৬খন আসন লাভ কৰি চমকপ্ৰদ সফলতা অৰ্জন কৰিছে । আনহাতে, যোৱাবাৰ ২১২খন আসন লাভ কৰা তৃণমূল কংগ্ৰেছে এইবাৰ মাত্ৰ ৮০খন আসনতে সন্তুষ্ট থাকিবলগীয়া হৈছে । ইফালে, চুবুৰীয়া ৰাজ্য অসমতো বিজেপি নেতৃত্বাধীন এন ডি এ দলে জয়েৰে হেট্ৰিক অৰ্জন কৰি নিজৰ স্থিতি পুনৰ দৃঢ় কৰিছে ।

লগতে পঢ়ক : পশ্চিম বংগত ভংগ হ’ল বিধানসভা; শেষ হ’ল ১৫ বছৰীয়া মমতা ৰাজ

পশ্চিম বংগত ভংগ হ’ল বিধানসভা;  শেষ হ’ল ১৫ বছৰীয়া মমতা ৰাজ  

ৰাজ্যপালে ভংগ কৰিলে পশ্চিম বংগৰ বিধানসভা।বংগত নতুন চৰকাৰ গঠনৰ পথ এতিয়া মুকলি হৈছে।

 এখন জাননী আৰু পশ্চিমবংগত এক বৃহৎ ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে।২০২৬ চনৰ বিধানসভা নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত পশ্চিম বংগৰ গৱৰ্ণৰ আৰ.এন. ৰবিয়ে সমগ্ৰ কেবিনেট ভংগ কৰে।গেজেট অধিসূচনা অনুসৰি, ভাৰতীয় সংবিধানৰ ১৭৪(২) অনুচ্ছেদৰ উপ-দফা (খ)ৰ অধীনত তেওঁৰ হাতত থকা ক্ষমতা প্ৰয়োগ কৰি ৰাজ্যপাল গৰাকীয়ে পশ্চিম বংগ বিধানসভা ভংগ কৰাৰ নিৰ্দেশ দিছে।

ইয়াৰ লগে লগে মমতা বেনাৰ্জী আৰু এতিয়া পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হৈ থকা নাই। উল্লেখযোগ্য যে পদত্যাগক লৈ চলি থকা ৰাজনৈতিক উত্তেজনাৰ মাজতে এই সিদ্ধান্ত পোনপটীয়াকৈ সাংবিধানিক প্ৰক্ৰিয়াৰ অধীনত লোৱা হৈছিল।ইয়াৰ লগে লগে বংগত তৃণমূল কংগ্ৰেছৰ ১৫ বছৰীয়া ক্ষমতাৰ অধ্যায়ৰ অন্ত পৰিল।

মুখ্য সচিব দূষমন্ত নাৰিয়ালাই ৰাজ্যপালৰ স্বাক্ষৰ থকা এই আদেশ জনস্বাৰ্থত প্ৰকাশ কৰিছিল।নিৰ্বাচনৰ পিছত নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে বিদায়ী বিধানসভা ভংগ কৰাটো সাংবিধানিক পৰম্পৰা।

এই নিৰ্দেশৰ লগে লগে পশ্চিম বংগত সপ্তদশ বিধানসভাৰ কাৰ্যকালৰ অন্ত পৰিল আৰু নৱনিৰ্বাচিত প্ৰতিনিধিৰ সৈতে ১৮ নং বিধানসভা গঠনৰ পথ মুকলি হৈছে।অহা কেইদিনমানৰ ভিতৰত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ আৰু বিধানসভাৰ প্ৰথমখন অধিৱেশন আহ্বানৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

লগতে পঢ়ক: ‘ৰাজ্যপালে বিজেপিৰ পক্ষ লৈছে’; দ্বিতীয়বাৰ ৰাজভৱনৰ পৰা খালী হাতেৰে উভতিল থালাপথী বিজয়

বংগত ১৫ বছৰীয়া তৃণমূল শাসনৰ অন্ত : ৯ মে’ত ব্ৰিগেডত বিজেপি চৰকাৰৰ বিশাল শপত গ্ৰহণ

বিজেপিয়ে এককভাৱে ২০৭খন আসন লাভ কৰি ৰাজ্যখনত প্ৰচণ্ড বিজয় সাব্যস্ত কৰে

পশ্চিমবংগৰ ৰাজনীতিত এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰি অহা ৯ মে’ত ৰাজ্যখনত গঠন হ’বলৈ গৈ আছে নতুন বিজেপি চৰকাৰ । ৰাজ্যিক বিজেপিৰ সভাপতি শমিক ভট্টাচাৰ্যই বুধবাৰে ঘোষণা কৰা অনুসৰি, কলকাতাৰ ঐতিহাসিক ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত পুৱা ১০ বজাৰ পৰা এই ভব্য শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব ।

পৰিবৰ্তনৰ নিৰ্বাচনী ফলাফল-

উল্লেখ্য যে ৪ মে’ত ঘোষণা কৰা বিধানসভা নিৰ্বাচনৰ ফলাফলত শাসকীয় তৃণমূল কংগ্ৰেছৰ শোচনীয় পৰাজয় ঘটে । যোৱাবাৰ ২১৫খন আসন লাভ কৰা মমতা বেনাৰ্জীৰ দলটোৱে এইবাৰ মাত্ৰ ৮০খন আসনত সীমাবদ্ধ থাকিবলগীয়া হয় । আনহাতে, বিজেপিয়ে এককভাৱে ২০৭খন আসন লাভ কৰি ৰাজ্যখনত প্ৰচণ্ড বিজয় সাব্যস্ত কৰে । এই ফলাফলে ৰাজ্যখনত তৃণমূলৰ ১৫ বছৰীয়া শাসনৰ যৱনিকা পেলাইছে ।

শপত গ্ৰহণৰ বিশেষ দিন আৰু অতিথি-

বিজেপিয়ে শপত গ্ৰহণৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ সংখ্যক জয়ন্তী অৰ্থাৎ ২৫ ব’হাগৰ দিনটো বাচনি কৰিছে । বাঙালী আবেগ আৰু সংস্কৃতিৰ সৈতে একাত্ম হ’বলৈকে এই বিশেষ দিনটো নিৰ্ধাৰণ কৰা হৈছে বুলি চৰ্চা চলিছে । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে এন ডি এৰ সকলো মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত থাকিব । নতুন চৰকাৰখনত দুকুৰিৰো অধিক মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা আছে ।

মুখ্যমন্ত্ৰীৰ দৌৰত শুভেন্দু অধিকাৰী-

নতুন চৰকাৰৰ নেতৃত্ব কোনে দিব, তাক লৈ চৰ্চা তুংগত উঠিছে । চৰ্চা অনুসৰি নিৰ্বাচনত দলৰ মুখ্য মুখ হৈ থকা শুভেন্দু অধিকাৰীয়েই হ’ব পাৰে বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী । নতুন নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক মুখ্য পৰ্যবেক্ষক আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিক সহ-পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । অহা বৃহস্পতিবাৰৰ ভিতৰত বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব, য’ত চৰকাৰীভাৱে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ’ব ।

লগতে পঢ়ক : মোক বৰ্খাস্ত কৰক, কিন্তু মই পদত্যাগ নকৰোঃ শোচনীয় পৰাজয়ৰ পাছতো নাচোৰবান্দা মমতা বেনাৰ্জী