পশ্চিম বংগত পুনৰ ৰক্তপাত, শুভেন্দু অধিকাৰীৰ পিএ-ক হত্যা

বুধবাৰে বিয়লি শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে

পশ্চিম বংগত এক ভয়ংকৰ তথা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে । বুধবাৰে বিয়লি বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক (PA) চন্দ্ৰনাথ ৰথক দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে । উত্তৰ ২৪ পৰগণা জিলাৰ মধ্যগ্ৰাম অঞ্চলত এই লোমহৰ্ষক কাণ্ডটো সংঘটিত হৈছে ।

তথ্য অনুসৰি, চন্দ্ৰনাথ ৰথ নিজৰ বাহনেৰে গৈ থকা অৱস্থাত এখন কাৰ আৰু এখন বাইকে তেওঁক অনুসৰণ কৰিছিল । মাজপথত দুষ্কৃতিকাৰীয়ে তেওঁৰ গাড়ীখন আগুৰি ধৰে আৰু লক্ষ্য কৰি চাৰি জাইকৈ গুলী বৰ্ষণ কৰে । এই আকস্মিক গুলীচালনাত চন্দ্ৰনাথ আৰু তেওঁৰ চালকজন গুৰুতৰভাৱে আহত হয় । লগে লগে তেওঁলোকক ওচৰৰ এখন হাস্পতালত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে চন্দ্ৰনাথ ৰথে মৃত্যুক সাৱটি লয় ।

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, আক্ৰমণকাৰীসকলে ব্যৱহাৰ কৰা বাইকখনত কোনো পঞ্জীয়ন নম্বৰ নাছিল । বৰ্তমান আৰক্ষীয়ে যশোহৰ ৰোডত থকা বিভিন্ন চিচিটিভি (CCTV) ফুটেজ পৰীক্ষা কৰি হত্যাকাৰীৰ সন্ধান চলাইছে । ঘটনাৰ খবৰ পোৱাৰ পিছতে শুভেন্দু অধিকাৰী নিজেই হাস্পতালত উপস্থিত হয় আৰু এই কথা নিশ্চিত কৰে ।

উল্লেখ্য যে, শেহতীয়া বিধানসভা নিৰ্বাচনত বিজেপিৰ বৃহৎ বিজয়ৰ পিছৰে পৰা ৰাজ্যখনত ৰাজনৈতিক হিংসা বৃদ্ধি পোৱা দেখা গৈছে । এই হত্যাকাণ্ডক লৈ এতিয়া তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিজেপিয়ে এই ঘটনাৰ আঁৰত তৃণমূল কংগ্ৰেছৰ (TMC) হাত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । নিৰ্বাচনী পৰাজয়ৰ পোতক তুলিবলৈকে এনেদৰে টাৰ্গেট কিলিং কৰা হৈছে বুলি বিজেপি নেতৃত্বই দাবী কৰিছে । বৰ্তমান সমগ্ৰ অঞ্চলটোত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ।

লগতে পঢ়ক : ‘যদি পদত্যাগ নকৰে বৰ্খাস্ত কৰা হ’ব’; মমতা বেনাৰ্জীক লৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য

পশ্চিম বংগৰ হিংসাক লৈ কঠোৰ নিৰ্বাচন আয়োগ; মুখ্য নিৰ্বাচন আয়ুক্তৰ নিৰ্দেশনা জাৰি

পশ্চিম বংগত নিৰ্বাচনৰ পিছৰ হিংসাত্মক ঘটনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে।

পশ্চিমবংগত নিৰ্বাচনী ফলাফলৰ পাছত হিংসাত্মক পৰিস্থিতি অব্যাহত আছে। বিজয় সমদলৰ সময়ত তৃণমূল কংগ্ৰেছ (TMC) আৰু বিজেপি কৰ্মীৰ মাজত হোৱা সংঘৰ্ষই এতিয়া প্ৰাণঘাটী ৰূপ ধাৰণ কৰিছে। মঙলবাৰে কলকাতাৰ নিউটাউনত এজন বিজেপি কৰ্মীক কোবাই কোবাই হত্যা কৰা হয়। তৃণমূল সমৰ্থকৰ বিৰুদ্ধে এই হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছে।

বিজেপি কৰ্মী মধু মণ্ডলৰ হত্যাৰ পাছতে ক্ষুব্ধ পৰিয়ালৰ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে, যাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰিবলগীয়া হয়।এনে পৰিপ্ৰেক্ষিতত এতিয়া দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে বিষয়াসকলক এক ডাঙৰ নিৰ্দেশ জাৰি কৰিছে।

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে পশ্চিমবংগত হিংসাৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিছে। মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে পশ্চিমবংগৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান (DGP), কলকাতাৰ আৰক্ষী আয়ুক্ত, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানৰ লগতে সকলো জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক (SP) আৰু আৰক্ষী বিষয়াসকলক ধাৰাবাহিকভাৱে টহলদাৰী অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিছে।

নিৰ্বাচন আয়োগে পশ্চিমবংগৰ মুখ্য নিৰ্বাচন বিষয়া, আৰক্ষী সঞ্চালক প্ৰধান (DGP) আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীক নিৰ্দেশ দিছে যাতে তেওঁলোকে পশ্চিমবংগত নিৰ্বাচন সন্দৰ্ভত যিকোনো ধৰণৰ হিংসাৰ প্ৰতি ‘জিৰো টলাৰেন্স’ (শূণ্য সহনশীলতা) নিশ্চিত কৰে।

কলকাতাৰ ৰাজাৰহাট-নিউটাউন সমষ্টিত এজন বিজেপি কৰ্মীক হত্যা কৰাৰ বিপৰীতে কলকাতাৰ হগ মাৰ্কেটত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ইয়াত তৃণমূল কংগ্ৰেছৰ (TMC) কাৰ্যালয় বুলডজাৰেৰে ভাঙি পেলোৱা হয়। কলকাতাৰ সমীপৱৰ্তী হাওৰাৰ জগতবল্লভপুৰত টিএমচি কাৰ্যালয়ত অগ্নিসংযোগ কৰা হয়। টিএমচি নেতা কল্যাণ বেনাৰ্জীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি বিজেপি সমৰ্থকৰ বিৰুদ্ধে এই অগ্নিসংযোগৰ অভিযোগ উত্থাপন কৰিছে।

লগতে পঢ়ক: বংগত হাইভল্টেজ ড্ৰামা : পৰাজয়ৰ পাছতো পদত্যাগ নকৰে মমতাই, কটাক্ষ শুভেন্দুৰ

বংগত হাইভল্টেজ ড্ৰামা : পৰাজয়ৰ পাছতো পদত্যাগ নকৰে মমতাই, কটাক্ষ শুভেন্দুৰ

বিজেপিৰ নৱ-নিৰ্বাচিত বিধায়ক শুভেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰে

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ৰাজ্যখনৰ ৰাজনীতিয়ে এক অভূতপূৰ্ব মোৰ লৈছে । এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে ২০৭খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰাৰ পাছতো মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পদত্যাগ কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছে । এই লৈ সৃষ্টি হোৱা সাংবিধানিক সংকটৰ মাজতে আজি বিজেপিৰ নৱ-নিৰ্বাচিত বিধায়ক শুভেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰে ।

মমতাক কটাক্ষ শুভেন্দুৰ-

ভৱানীপুৰ সমষ্টিত মমতা বেনাৰ্জীক পৰাস্ত কৰা শুভেন্দু অধিকাৰীয়ে আজি বিজেপি কাৰ্যালয়ৰ পৰা ওলাই অহাৰ সময়ত সংবাদ মাধ্যমৰ আগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । তেওঁ কয়, “সংবিধানত সকলো কথা উল্লেখ আছে । এই সন্দৰ্ভত মই বেছি একো কোৱাৰ প্ৰয়োজন নাই ।” তেওঁৰ এই ইংগিতে সূচাইছে যে জনমতক অৱজ্ঞা কৰি মুখ্যমন্ত্ৰীৰ আসনত বহি থকাটো এক সাংবিধানিক উলংঘন হ’ব পাৰে ।

মমতা বেনাৰ্জীৰ বিস্ফোৰক অভিযোগ-

আনহাতে, তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে এতিয়াও নিজৰ পৰাজয় স্বীকাৰ কৰা নাই । এক সংবাদমেলত তেওঁ কয়- “মই পদত্যাগ নকৰোঁ, মই পৰাজিত হোৱা নাই । আমি নৈতিকভাৱে জিকিছোঁ ।”

তেওঁ মুখ্য নিৰ্বাচনী আয়ুক্তক এই নিৰ্বাচনৰ ‘খলনায়ক’ আখ্যা দি ইভিএম লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ প্ৰশ্ন কৰে যে ভোটগ্ৰহণৰ পিছতো ইভিএমত কেনেকৈ ৮০-৯০ শতাংশ চাৰ্জ থাকে । লগতে বিজেপি আৰু নিৰ্বাচন আয়োগৰ মাজত ‘বেটিং’ চলা বুলি অভিযোগ কৰি তেওঁ কয় যে ইচ্ছাকৃতভাৱে আইপিএছ-আইএএছ বিষয়াসকলক বদলি কৰা হৈছিল আৰু ভোটাৰ তালিকাৰ পৰা ৯০ লাখ নাম কাটি দিয়া হৈছিল ।

মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে তেওঁক পেটত গোৰ মৰা হৈছিল আৰু সেই সময়ত চিচিটিভি কেমেৰা বন্ধ কৰি থোৱা হৈছিল ।

বিজেপিৰ চৰকাৰ গঠনৰ প্ৰস্তুতি-

নিৰ্বাচনী ফলাফল অনুসৰি বিজেপিয়ে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰি পশ্চিম বংগত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । ৰাজ্যখনত ১৫ বছৰীয়া টিএমচি শাসনৰ অৱসান ঘটিছে যদিও মমতা বেনাৰ্জীৰ এই বিদ্ৰোহী স্থিতিৰ বাবে শপত গ্ৰহণ অনুষ্ঠান আৰু পৰৱৰ্তী ৰাজনৈতিক প্ৰক্ৰিয়াক লৈ উত্তেজনা অব্যাহত আছে । বিজেপিয়ে ইতিমধ্যে তেওঁলোকৰ প্ৰথমখন চৰকাৰৰ শপত গ্ৰহণৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ।

লগতে পঢ়ক : আমি নিৰ্বাচনত পৰাজিত হোৱা নাইঃ পদত্যাগ নকৰাৰ হুংকাৰ মমতা বেনাৰ্জীয়ে

বংগ আৰু অসমত চৰকাৰ গঠনৰ প্ৰক্ৰিয়া তীব্ৰতৰ: অমিত শ্বাহ আৰু নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দায়িত্ব

কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক অসমত দলৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে মনোনীত কৰা হৈছে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক মঙলবাৰে পশ্চিম বংগৰ বাবে বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে কেন্দ্ৰীয় সহ-পৰ্যবেক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিব । ইয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক অসমত দলৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে মনোনীত কৰা হৈছে আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনীয়ে কেন্দ্ৰীয় সহ-পৰ্যবেক্ষকৰ দায়িত্ব পালন কৰিব ।

এদিন পূৰ্বে ঘোষণা কৰা বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে ইতিহাস ৰচনা কৰিছে । পশ্চিম বংগত দলে প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হোৱাৰ বিপৰীতে অসমত বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰিছে । ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, পশ্চিম বংগৰ ২৯৪ খন আসনৰ ভিতৰত বিজেপিয়ে ২০৭ খন আসন লাভ কৰিছে আৰু তৃণমূল কংগ্ৰেছে  ৮০ খন আসন লাভ কৰিছে ।

অসমত বিজেপিয়ে ৮২ খন আসন লাভ কৰি ৬৪ খনৰ সংখ্যাগৰিষ্ঠতাৰ সীমা ১৮ খন আসনৰ ব্যৱধানত অতিক্ৰম কৰিছে । বিজেপিৰ আঞ্চলিক মিত্ৰশক্তি অসম গণ পৰিষদ  আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টে ১০ খনকৈ আসন লাভ কৰিছে । আনহাতে কংগ্ৰেছে পাঁচটা দলৰ সৈতে মিত্ৰতা কৰা স্বত্বেও মাত্ৰ ১৯ খন আসনহে লাভ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : হুবহু সঁচা হ’ল মুখ্যমন্ত্রীৰ ভৱিষ্যদ্বাণী, চেঞ্চুৰী কোবাই অসমত এন ডি এৰ বিজয়ৰ হেট্ৰিক

কবিগুৰুৰ জন্মদিনত বংগত নতুন যুগৰ আৰম্ভণি, ৯ মে’ত শুভেন্দুৰ অভিষেক!

পশ্চিমবংগত এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰি ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে

পশ্চিমবংগত এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰি ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । অহা ৯ মে’ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মজয়ন্তী অৰ্থাৎ ‘পঁচিছ ব’হাগ’ৰ পবিত্ৰ দিনটোত ৰাজ্যখনৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব । ভৱানীপুৰ সমষ্টিত তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীক ১৫,১০৫ টা ভোটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰা শুভেন্দু অধিকাৰী বৰ্তমান মুখ্যমন্ত্ৰী পদৰ আটাইতকৈ শক্তিশালী দাবীদাৰ হিচাপে চৰ্চালৈ আহিছে ।

ৰাজ্যিক বিজেপিৰ সভাপতি শমিক ভট্টাচাৰ্যই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, “প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে ৯ মে’ৰ দিনটো নিৰ্ধাৰণ কৰিছে । কবি গুৰুৰ জন্মদিনৰ এই শুভ ক্ষণতে নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰিব ।” উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে তেওঁ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ পুনৰ কলকাতালৈ আহিব ।

বিজেপিৰ বিপুল বিজয়, ধৰাশায়ী তৃণমূল-

সোমবাৰে ঘোষিত নিৰ্বাচনী ফলাফলত বিজেপিয়ে মুঠ ২৯৪খন আসনৰ ভিতৰত ২০৬খন আসনত জয়লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰে । আনহাতে, বিগত এক দশক ধৰি শাসনত থকা মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে মাত্ৰ ৮১খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হয় । নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই অহা ৬ মে’ত ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰি আনুষ্ঠানিকভাৱে ফলাফলৰ প্ৰতিবেদন দাখিল কৰিব ।

২০২১ বনাম ২০২৬-

২০২১ চনৰ বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জীয়ে নন্দীগ্ৰামত শুভেন্দু অধিকাৰীৰ হাতত পৰাস্ত হৈছিল যদিও পিছত ভৱানীপুৰৰ উপ-নিৰ্বাচনত জয়ী হৈ মুখ্যমন্ত্ৰীৰ পদ ৰক্ষা কৰিছিল । সেইবাৰ টিএমচিয়ে ২১১খন আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল । কিন্তু এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে সেই পৰিসংখ্যা ওলোটা কৰি ২০১১ চনৰ পৰা চলি থকা তৃণমূলৰ শাসন ওফৰাই গেৰুৱা পতাকা উৰুৱাবলৈ সক্ষম হৈছে ।

এইবাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত (২৩ এপ্ৰিল আৰু ২৯ এপ্ৰিল) ৰাজ্যখনৰ ভোটাৰে বিজেপিৰ ‘পৰিৱৰ্তন’ৰ শ্লোগানত মোহৰ মাৰিলে । ৩৪ বছৰীয়া বামপন্থী শাসন ওফৰাই শাসনলৈ অহা তৃণমূল কংগ্ৰেছ এইবাৰ পুনৰ বিৰোধীৰ আসনত বহিবলগীয়া হোৱাটো বংগৰ ৰাজনীতিত এক বিৰল পৰিঘটনা হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : পশ্চিমবংগত গেৰুৱা ছুনামিত বিধ্বস্ত তৃণমূল, ধৰাশায়ী মমতা বেনাৰ্জীসহ ২২ গৰাকী মন্ত্ৰী

পশ্চিমবংগত গেৰুৱা ছুনামিত বিধ্বস্ত তৃণমূল, ধৰাশায়ী মমতা বেনাৰ্জীসহ ২২ গৰাকী মন্ত্ৰী

দীৰ্ঘদিনীয়া শাসনৰ অন্ত পেলাই এইবাৰ বংগবাসীয়ে শাসকীয় তৃণমূল কংগ্ৰেছক প্ৰত্যাখ্যান কৰে

২০২৬ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফলে ৰাজ্যখনৰ ৰাজনীতিত এক অভূতপূৰ্ব জোকাৰণিৰ সৃষ্টি কৰিছে । দীৰ্ঘদিনীয়া শাসনৰ অন্ত পেলাই এইবাৰ বংগবাসীয়ে শাসকীয় তৃণমূল কংগ্ৰেছক প্ৰত্যাখ্যান কৰে । ডাবল চেঞ্চুৰী কোবাই ৰাজ্যখনত ইতিহাস ৰচি শাসনৰ গাদী দখল কৰিছে বিজেপিয়ে । ইঈফালে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা শাসকীয় তৃণমূলৰ ৩৫ জন মন্ত্ৰীৰ ভিতৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীসহ ২২ গৰাকী মন্ত্ৰীয়েই নিজৰ সমষ্টিত পৰাজয়বৰণ কৰিছে ।

মন্ত্ৰীসভাৰ বিপৰ্যয় আৰু জনতাৰ ৰায়-

তৃণমূলৰ মন্ত্ৰীসভাৰ প্ৰায় ৬৩ শতাংশ সদস্যই এই নিৰ্বাচনত পৰাজিত হোৱাটোৱে দলটোৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ তীব্ৰ অসন্তুষ্টি প্ৰতিফলিত কৰিছে । এয়া কেৱল এজন বা দুজন নেতাৰ পৰাজয় নহয়, বৰঞ্চ তৃণমূলৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে এক সংগঠিত প্ৰত্যাখ্যান বুলি বিবেচিত হৈছে ।

পৰাজিত হোৱা হাই-প্ৰফাইল মন্ত্ৰীসকল :

ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰীসকল এইবাৰ ধৰাশায়ী হৈছে । ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল:

ৱানীপুৰ: মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ শোচনীয় পৰাজয় ।

টলীগঞ্জ: অৰূপ বিশ্বাস (গৃহ নিৰ্মাণ আৰু শক্তি মন্ত্ৰী)।

দমদম: ব্ৰাত্য বসু (শিক্ষা মন্ত্ৰী)।

উত্তৰ দমদম: চন্দ্ৰিমা ভট্টাচাৰ্য (বিত্ত আৰু পৰিৱেশ মন্ত্ৰী)।

শ্যামপুকুৰ: শশী পাঁজা (উদ্যোগ আৰু মহিলা-শিশু উন্নয়ন মন্ত্ৰী)।

দিনহাটা: উদয়ন গুহ (উত্তৰ বংগ উন্নয়ন মন্ত্ৰী)।

ইয়াৰ উপৰি সুজিত বসু, ইন্দ্ৰনীল সেন, বেচাৰাম মান্না, মলয় ঘটক আৰু ছিদ্দিকুল্লাহ চৌধুৰীৰ দৰে প্ৰভাৱশালী নেতাসকলেও নিজৰ আসন সুৰক্ষিত কৰিবলৈ ব্যৰ্থ হয় ।

বিজেপিৰ ঐতিহাসিক জয়-

ভাৰতীয় নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি, পশ্চিমবংগত বিজেপিয়ে এক বিশাল অগ্ৰগতি লাভ কৰি ইতিহাস সৃষ্টি কৰিছে । ২৯৪ খন আসনৰ ভিতৰত বিজেপিয়ে ২০৭ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছে । আনহাতে, তৃণমূল কংগ্ৰেছ মাত্ৰ ৮০ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হৈছে ।

ভোটৰ ব্যৱধান আৰু বিশেষ পৰাজয় :

-শ্যামপুকুৰত শশী পাঁজাক বিজেপিৰ পূৰ্ণিমা চক্ৰৱৰ্তীয়ে ১৪,৬০০ তকৈ অধিক ভোটত পৰাজিত কৰে।

-গগাটত নিৰ্মাল মাঝি প্ৰায় ৪৯,৫০০ ভোটৰ বৃহৎ ব্যৱধানত পৰাজিত হয়।

-দুৰ্গাপুৰ পূৰ্বত প্ৰদীপ মজুমদাৰ ৩০,৯০০ তকৈ অধিক ভোটত হাৰে।

এই ফলাফলে স্পষ্ট কৰি দিছে যে পশ্চিমবংগৰ ভোটাৰে এইবাৰ পৰিৱৰ্তনৰ সপক্ষে আৰু বিজেপিৰ সু-শাসনৰ প্ৰতি আস্থা প্ৰকট কৰিছে । ৰাজ্যখনত প্ৰথমবাৰৰ বাবে বিজেপিৰ চৰকাৰ গঠন হোৱাটো এতিয়া কেৱল আনুষ্ঠানিকতাহে মাত্ৰ ।

লগতে পঢ়ক : পশ্চিম বংগত বিজেপিৰ ছুনামী; ১৫ বছৰৰ পিছত মমতাৰ বিদায়

বংগত বিজেপিৰ ঐতিহাসিক জয়: “প্ৰতিশোধ নহয়, পৰিৱৰ্তনহে লক্ষ্য” – দিল্লীত হুংকাৰ প্ৰধানমন্ত্ৰী মোদীৰ

বংগৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব সফলতাৰ পিছত আজি নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ অভূতপূৰ্ব সফলতাৰ পিছত আজি নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় । বিজয় উৎসৱত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বংগৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এক নতুন ৰাজনৈতিক দিশৰ সূচনা কৰে । ভাষণ প্ৰসংগত তেওঁ স্পষ্টকৈ কয় যে এতিয়া সময় প্ৰতিশোধৰ নহয়, বৰঞ্চ বংগত প্ৰকৃত পৰিৱৰ্তন অনাৰহে ।

হিংসামুক্ত নিৰ্বাচনক আদৰণি-

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত বংগৰ নিৰ্বাচনী হিংসাৰ ইতিহাসক সোঁৱৰণ কৰি এইবাৰৰ শান্তিপূৰ্ণ ভোটদানক গণতন্ত্ৰৰ জয় বুলি অভিহিত কৰে । তেওঁ কয়, “এইবাৰ সমগ্ৰ দেশে এটা নতুন খবৰ শুনিবলৈ পালে- পশ্চিম বংগত এজনো নিৰীহ নাগৰিকৰ মৃত্যু নোহোৱাকৈ শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হ’ল । এয়া বন্দুকৰ শব্দ নহয়, জনসাধাৰণৰ কণ্ঠৰ জয় ।” ইয়াৰ লগতে তেওঁ সকলো ৰাজনৈতিক দলকে হিংসাৰ ৰাজনীতি চিৰদিনৰ বাবে ত্যাগ কৰিবলৈ আহ্বান জনায় ।

শ্যামা প্ৰসাদ মুখাৰ্জীৰ সপোন বাস্তৱায়িত-

দলৰ আদৰ্শপুৰুষ ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী আৱেগিক হৈ পৰে । তেওঁ কয় যে বংগৰ সন্তান মুখাৰ্জীয়ে যি সপোন দেখিছিল, আজি বংগত বিজেপিৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত হোৱাৰ লগে লগে তেওঁৰ আত্মাই শান্তি পাইছে ।

বংগৰ বাবে প্ৰতিশ্ৰুতি-

প্ৰধানমন্ত্ৰীয়ে বংগবাসীক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিয়ে :

সুৰক্ষা আৰু নিয়োগ: মহিলাৰ সুৰক্ষা নিশ্চিত কৰা আৰু যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰি প্ৰব্ৰজন ৰোধ কৰা ।

স্বাস্থ্যসেৱা: চৰকাৰ গঠনৰ প্ৰথমখন কেবিনেট বৈঠকতে ‘আয়ুষ্মান ভাৰত’ যোজনাৰ অনুমোদন জনোৱা হ’ব ।

অনুপ্ৰৱেশ ৰোধ : ৰাজ্যখনত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিজেপিৰ সফলতা-

বংগৰ উপৰিও অসম, কেৰালাম, তামিলনাডু আৰু পুডুচেৰীৰ নিৰ্বাচনী ফলাফলৰ বাবে মোদীয়ে দলীয় কৰ্মীসকলক অভিনন্দন জনায় । বিশেষকৈ নতুন ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নেতৃত্বত দলৰ এই প্ৰদৰ্শনক তেওঁ প্ৰশংসা কৰে । মহাৰাষ্ট্ৰৰ উপ-নিৰ্বাচনত সুনেত্ৰা পাৱাৰৰ বিপুল জয়ৰ লগতে গুজৰাট, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ উপ-নিৰ্বাচনতো বিজেপিৰ প্ৰাৰ্থীসকলৰ জয়ে দলটোক অধিক উৎসাহিত কৰি তুলিছে ।

প্ৰধানমন্ত্ৰীৰ ভাষ্য অনুসৰি, ২০২৬ চনৰ ৪ মে’ৰ এই দিনটো বংগৰ ইতিহাসত “ভয়ৰ পৰা মুক্তি আৰু উন্নয়নৰ দিশে যাত্ৰা” হিচাপে চিহ্নিত হ’ব ।

লগতে পঢ়ক : নির্বাচনী ফলাফল : ‘ঐতিহাসিক আৰু অভূতপূৰ্ব’ জয়ত উৎসাহিত প্ৰধানমন্ত্ৰী মোদী

পশ্চিম বংগত বিজেপিৰ ছুনামী;  ১৫ বছৰৰ পিছত মমতাৰ বিদায়

পশ্চিম বংগত এইবাৰ নচলিলে মমতা দিদিৰ যাদু। ১৫ বছৰীয়া শাসনক অন্ত পেলাই এইবাৰ পশ্চিম বংগত বিদায় দিয়া হ’ব মমতা বেনাৰ্জীক।

অৱশেষত পশ্চিম বংগত খেলা দেখুৱালে ভাৰতীয় জনতা পাৰ্টীয়ে। ১৫ বছৰীয়া শাসনক অন্ত পেলাই এইবাৰ বিদায় দিয়া হ’ব মমতা বেনাৰ্জীক।কাৰণ পশ্চিমবংগত সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে বিজেপি।  

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দুপৰীয়া ২:৪০ বজালৈকে ১৯২খন আসনত আগবাঢ়ি আছে বিজেপি।ইফালে তৃণমূল কংগ্ৰেছে ৯৫খন আসনত আগবাঢ়ি আছে।এই ফলাফলে পশ্চিম বংগৰ ৰাজনৈতিক পৰিৱেশ সলনি কৰিব।

পশ্চিম বংগত বিজেপিয়ে চৰকাৰ গঠনৰ প্ৰায় নিশ্চয়তা হোৱাৰ পিছতেই মমতা বেনাৰ্জীৰ বাসগৃহৰ বাহিৰত বিজেপিৰ কৰ্মকৰ্তাই বিজয় উল্লাস কৰে দেখিবলৈ পোৱা গৈছে।কৰ্মকৰ্তা সকলে জয় শ্ৰী ৰাম ধ্বনিৰ শ্লোগান দিয়ে।  

ভবানীপুৰত পাঁচ ৰাউণ্ডৰ ইভিএম ভোট গণনাৰ অন্তত মমতা বেনাৰ্জীয়ে ২৫,৯৪২ টা ভোট লাভ কৰি জয়ৰ দিশে অগ্ৰগতি স্থাপন কৰিছে।

লগতে পঢ়ক: যোৰহাটত মুখ ঠেকেচা বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ

বংগত মমতাৰ দুৰ্গ কঁপাই প্ৰচণ্ড বহুমতৰ দিশে বিজেপি

পশ্চিম বংগত গাদীচ্যুত হ’ব নেকি মমতা বেনাৰ্জী! ভৱানীপুৰত মমতা বেনাৰ্জীক পিছপেলাই আগবাঢ়িছে শুভেন্দু অধিকাৰী।

ভাৰতীয় নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি, পশ্চিমবংগত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন মিত্ৰজোঁটে ৯১ খন আসনত আগবাঢ়ি আছে । আনহাতে মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে ৪৮খন আসনত আৰু তেওঁলোকৰ সহযোগী বি.জি.পি.এম.-এ এখন আসনত অগ্ৰগতি লাভ কৰিছে।২৯৪ জনীয়া বিধানসভা আসনৰ বাবে বিজেপি ১৩৮খন আসনত অগ্ৰগতিৰ পূৰ্বানুমান কৰা হৈছে, যিটো সংখ্যা চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ১৪৮ খন আসনৰ পৰা মাত্ৰ দহখন কম । এই পূৰ্বানুমানত তৃণমূল কংগ্ৰেছে ১২০খন আসনত অগ্ৰগতি লাভ কৰিছে ।

ইফালে, বিধানসভা নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ মাজতে পশ্চিমবংগৰ বিৰোধী দলপতি তথা নন্দীগ্ৰাম আৰু ভৱানীপুৰৰ বিজেপি প্ৰাৰ্থী শুভেন্দু অধিকাৰীয়ে দলৰ প্ৰদৰ্শনক লৈ আত্মবিশ্বাস প্ৰকাশ কৰিছে । তেওঁ দাবী কৰে যে প্ৰাৰম্ভিক পৰ্যায়ত বিজেপিয়ে ১৩০খনতকৈ অধিক আসনত আগবাঢ়িছে আৰু তৃণমূল কংগ্ৰেছ ১০০খন আসনৰ ওচৰে-পাজৰে আছে । তেওঁ কয় যে ভৱানীপুৰত প্ৰাৰম্ভিক পৰ্যায়ত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব পাৰে যদিও পৰৱৰ্তী ৰাউণ্ডসমূহৰ পাছত তেওঁ অগ্ৰগতি লাভ কৰিব বুলি নিশ্চিত ।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দ্বিতীয় ৰাউণ্ডৰ গণনাৰ অন্তত বৰ্তমানলৈকে শুভেন্দু অধিকাৰীয়ে ৬৩৮০ টা ভোট লাভ কৰিছে আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৪৮২২ টা ভোট লাভ কৰিছে ।বৰ্তমান মমতা বেনাৰ্জীতকৈ ১৫৫৮ টা ভোটত আগবাঢ়ি আছে শুভেন্দু অধিকাৰী ।

উল্লেখ্য যে পশ্চিমবংগত স্বাধীনতাৰ পাছত এতিয়ালৈকে সৰ্বাধিক ভোটদানৰ হাৰ ৰেকৰ্ড কৰা হৈছে । বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত আকৰ্ষণীয় ৯১.৬৬ শতাংশ ভোটদান হৈছে । প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৯৩.১৯ শতাংশ, যাৰ ফলত দুয়োটা পৰ্যায়ৰ গড় ভোটদানৰ হাৰ ৯২.৪৭ শতাংশ হয় । ২০২১ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছে ২৯৪খন আসনৰ ভিতৰত ২১৩খন আসন লাভ কৰি এক নিৰ্ণায়ক জনদেশ লাভ কৰিছিল । সেইবাৰ তেওঁলোকে প্ৰায় ৪৮ শতাংশ ভোট লাভ কৰিছিল । আনহাতে ভাৰতীয় জনতা পাৰ্টিয়ে ৭৭খন আসন আৰু প্ৰায় ৩৮ শতাংশ ভোট লাভ কৰি প্ৰধান বিৰোধী দল হিচাপে আত্মপ্ৰকাশ কৰিছিল ।

লগতে পঢ়ক: কুংকি নে বিজয় গুপ্তা? কোন সমষ্টিত কাৰ অগ্ৰগতি