৫৬ বছৰীয়া হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা

কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক ৫৫৬ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে নিজৰ ৫৬ বছৰীয়া জন্মদিন উদযাপন কৰিছে । বিৰোধী নেতাগৰাকীক ওপজা দিনটোত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শুভেচ্ছা জ্ঞাপন কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত সাংসদগৰাকীক শুভেচ্ছা জনাই লিখিছে-“লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী জীক তেওঁৰ জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ । তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ।”

উল্লেখ্য যে, ৰাহুল গান্ধীৰ জন্ম ১৯৭০ চনৰ ১৯ জুনত দিল্লীৰ হোলী ফেমিলী হাস্পতালত হৈছিল । তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীৰ জ্যেষ্ঠ সন্তান ।

ইফালে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়েও ৰাহুল গান্ধীক জন্মদিনৰ ওলগ জনাইছে আৰু সাংবিধানিক মূল্যবোধৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি তথা সমাজৰ বঞ্চিত শ্ৰেণীৰ বাবে কৰা ওকালতিৰ প্ৰশংসা কৰিছে ।

লগতে পঢ়ক : ভাৰত-ফ্ৰান্সৰ অনন্য ফুটবল প্ৰেম!প্ৰধানমন্ত্ৰী মোদীৰ ভাষণত প্ৰকাশ পালে ঐতিহাসিক তথ্য

জি-৭ সন্মিলনৰ অন্তত পেৰিচত প্ৰধানমন্ত্ৰী মোদী : প্ৰৱাসী ভাৰতীয়ৰ উষ্ম আদৰণি

প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণক কেন্দ্ৰ কৰি পেৰিচত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে

ফ্ৰান্স ভ্ৰমণৰ অন্তিম পৰ্যায়ৰ বাবে বুধবাৰে ফ্ৰান্সৰ ৰাজধানী পেৰিচত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । পেৰিচত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীগৰাকীক তাত থকা স্থানীয় ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে এক অভূতপূৰ্ব উষ্ম আদৰণি জনায় । তেওঁ থকা হোটেলখনৰ সন্মুখত সমবেত হোৱা শ শ উৎসাহী সমৰ্থকে জয়ধ্বনি আৰু শুভেচ্ছাৰে প্ৰধানমন্ত্ৰীক আদৰি লয় ।

প্ৰৱাসী ভাৰতীয়সকলৰ (ডায়েছপ’ৰা) এই আদৰণিত আপ্লুত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স-ত কয়, “কিছু সময়ৰ পূৰ্বে পেৰিচত উপস্থিত হৈছোঁ আৰু ভাৰতীয় ডায়েছপ’ৰাৰ পৰা এক উষ্ম আদৰণি লাভ কৰিছোঁ । ভাৰত আৰু ফ্ৰান্সৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টাক লৈ মই গৌৰৱান্বিত । গোলকীয় প্ৰগতিৰ বাবে ভাৰত-ফ্ৰান্স অংশীদাৰিত্ব অতি গুৰুত্বপূৰ্ণ ।”

জি-৭ সন্মিলনৰ গুৰুত্বপূৰ্ণ আলোচনা

পেৰিচ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এভিয়ানত অনুষ্ঠিত জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিছিল । তাত তেওঁ বিশ্বৰ শাসন প্ৰণালী, নীতি প্ৰণয়ন, কৃত্ৰিম বুদ্ধিমত্তা আৰু ‘গ্ল’বেল চাউথ’-ৰ সৈতে সহযোগিতা বৃদ্ধিৰ দৰে গুৰুত্বপূৰ্ণ গোলকীয় বিষয়সমূহৰ ওপৰত এলানি বৈঠকত মিলিত হয় । বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত অনুষ্ঠিত অধিৱেশনত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে নৈতিক আৰু মানৱ-কেন্দ্ৰিক এআই বিকাশৰ ওপৰত জোৰ দিয়ে, যাতে ইয়াৰ সুফল উন্নয়নশীল দেশসমূহেও লাভ কৰিব পাৰে ।

ভিভাটেক সন্মিলন আৰু ডায়েছপ’ৰা অনুষ্ঠান

পেৰিচত প্ৰধানমন্ত্ৰী মোদীয়ে ইউৰোপৰ আটাইতকৈ ডাঙৰ প্ৰযুক্তি আৰু ষ্টাৰ্টআপ ইভেণ্ট ‘ভিভাটেক সন্মিলন’-ত অংশগ্ৰহণ কৰিব । এই সন্মিলনত তেওঁ ভাৰতৰ ক্ৰমবৰ্ধমান উদ্ভাৱনী পৰিৱেশ তন্ত্ৰ আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ কথা বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিব । ইয়াৰ উপৰি, তেওঁ ভাৰতীয় সম্প্ৰদায়ৰ এক বিশেষ অনুষ্ঠানতো ভাষণ প্ৰদান কৰিব । প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক লৈ স্থানীয় ভাৰতীয়সকল অত্যন্ত উৎসাহিত হৈ পৰিছে । ডায়েছপ’ৰাৰ এজন সদস্যই কয় যে তেওঁলোকে ভাৰত আৰু ফ্ৰান্সৰ যৌথ এআই প্ৰকল্পত কাম কৰিবলৈ আগ্ৰহী ।

ৰাজস্থানী সংস্কৃতিৰে আদৰণিৰ প্ৰস্তুতি

প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণক কেন্দ্ৰ কৰি পেৰিচত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে । বিখ্যাত সাংস্কৃতিক দল ‘ধোৱাদ জিপছীজ অৱ ৰাজস্থান’, ‘জয়পুৰ মহাৰাজা ব্ৰাছ বেণ্ড’ আৰু ‘বলীউড মছলা অৰ্কেষ্ট্ৰা’ৰ সঞ্চালক ৰাহীছ ভাৰতীয়ে ইয়াক এক গৌৰৱৰ ক্ষণ বুলি অভিহিত কৰিছে । বিগত ২৬ বছৰত ১১৯খন দেশত অনুষ্ঠান পৰিৱেশন কৰা ধোৱাদ গ্ৰুপে প্ৰধানমন্ত্ৰীৰ আদৰণি অনুষ্ঠানত ৰাজস্থানৰ চহকী শিল্প আৰু সংস্কৃতি প্ৰদৰ্শন কৰিব । ভাৰতীয়ে কয়, “ইয়াত আমি যেনেকৈ দেৱালী উদযাপন কৰোঁ, ঠিক তেনেদৰেই প্ৰধানমন্ত্ৰী মোদীৰ আদৰণিৰ বাবে আমি প্ৰস্তুতি চলাইছোঁ ।”

লগতে পঢ়ক : “মোদী প্ৰধানমন্ত্ৰী হৈ থকা লৈকে ভাৰতত আক্ৰমণ হ’লে আমি একেলগে থিয় দিম”; ট্ৰাম্পৰ ডাঙৰ দাবী

‘ধুৰন্ধৰ’ৰ গীতেৰে প্ৰধানমন্ত্ৰী মোদীক আদৰিলে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে

প্ৰধানমন্ত্ৰী মোদীৰ Nice ভ্ৰমণৰ গুৰুত্বপূৰ্ণ মুহূৰ্তসমূহ ছচিয়েল মিডিয়াত তুলি ধৰিবলৈ ৰাষ্ট্ৰপতি মেক্ৰনে এই ছবিখনৰ জনপ্ৰিয় গীত ‘আৰি আৰি’ ব্যৱহাৰ কৰে ।

ভাৰত আৰু ফ্ৰান্সৰ মাজত গঢ়ি উঠা প্ৰযুক্তি, উদ্ভাৱন আৰু প্ৰতিৰক্ষাৰ সুদৃঢ় সম্পৰ্কই এতিয়া বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে । এই ভ্ৰমণৰ মাজতে দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী দৃশ্য, য’ত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ওপৰত বলীউডৰ জনপ্ৰিয় চলচ্চিত্ৰৰ প্ৰভাৱ স্পষ্ট হৈ পৰিল । পৰিচালক আদিত্য ধৰৰ ছবি ‘ধুৰন্ধৰ’ৰ জ্বৰে এতিয়া ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীকো বাৰুকৈয়ে আকৰ্ষিত কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীৰ নিচ (Nice) ভ্ৰমণৰ গুৰুত্বপূৰ্ণ মুহূৰ্তসমূহ ছচিয়েল মিডিয়াত তুলি ধৰিবলৈ ৰাষ্ট্ৰপতি মেক্ৰনে এই ছবিখনৰ জনপ্ৰিয় গীত ‘আৰি আৰি’ ব্যৱহাৰ কৰে । এক্স হেণ্ডেলত এই হিট গীতটোৰ সৈতে কৰা পোষ্টটোৰ পূৰ্বে মেক্ৰনে আন এটা পোষ্টত লিখিছিল, “ফ্ৰান্সৰ হাতত সকলো সম্পদ আছে: ইয়াত প্ৰতিভা বা শক্তি কাৰোৰে অভাৱ নাই!” উল্লেখ্য যে, এই গীতটিত আত্মাৰ মিলন আৰু বতাহৰ গতি পৰিৱৰ্তনৰ কথা কোৱা হৈছে, যিয়ে বৰ্তমানৰ জটিল ভূ-ৰাজনৈতিক পৰিৱৰ্তনৰ প্ৰেক্ষাপটত ভাৰত-ফ্ৰান্সৰ গভীৰ বন্ধুত্বক সুন্দৰভাৱে প্ৰতিফলি কৰিছে ।

‘বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্ব’ৰ প্ৰথম বৈঠক :

প্ৰধানমন্ত্ৰী মোদীয়ে নিচৰ ‘ভিলা কেৰিলচ’ত ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে এক গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক আলোচনাত মিলিত হয় । এই বছৰৰ আৰম্ভণিতে ভাৰত-ফ্ৰান্সৰ সম্পৰ্কক ‘বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্ব’ৰ পৰ্যায়লৈ উন্নীত কৰাৰ পিছত দুই বিশ্ব নেতাৰ মাজত এয়া আছিল প্ৰথমখন আনুষ্ঠানিক বৈঠক । বৈঠকত প্ৰধানমন্ত্ৰী মোদীক ৰাষ্ট্ৰপতি মেক্ৰনে উষ্ম আদৰণি জনায় আৰু দুয়োগৰাকী নেতাই সাৱটি ধৰি তথা কৰমৰ্দন কৰি আন্তৰিকতা প্ৰকাশ কৰে ।

প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডত বৃহৎ বুজাবুজি :

দুই নেতাৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সামৰি বিস্তৃত আলোচনা অনুষ্ঠিত হয় ।

প্ৰতিৰক্ষা উৎপাদন : সকলো ক্ষেত্ৰতে দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ উৎকৃষ্ট বৃদ্ধিক লৈ তেওঁলোকে সন্তোষ প্ৰকাশ কৰে । প্ৰতিৰক্ষা প্লেটফৰ্ম আৰু উন্নত প্ৰযুক্তিৰ সহ-ডিজাইন, সহ-বিকাশ আৰু সহ-উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াক আৰু অধিক শক্তিশালী কৰিবলৈ দুয়োপক্ষ সন্মত হয় ।

মহাকাশ বিজ্ঞান : মহাকাশ খণ্ডত সহযোগিতাৰ চহকী ঐতিহ্যৰ কথা সুঁৱৰি তেওঁলোকে মানৱ মহাকাশ উড়ণ আৰু মহাকাশ পৰিস্থিতিগত সজাগতাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লয় । লগতে, মহাকাশ খণ্ডত ব্যক্তিগত কোম্পানীসমূহৰ অংশগ্ৰহণ বৃদ্ধিৰ ওপৰতো আলোচনা কৰা হয় ।

অসামৰিক পাৰমাণৱিক শক্তি আৰু ‘শান্তি আইন’:

অসামৰিক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত দুই নেতাই মত প্ৰকাশ কৰে যে ভাৰতৰ ‘শান্তি আইন’-এ সৰু আৰু উন্নত মডুলৰ ৰিয়েক্টৰকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ এক নতুন সুযোগৰ সৃষ্টি কৰিছে ।

‘ভাৰত ইনোভেটছ ২০২৬’ সন্মিলনৰ শুভাৰম্ভ :

এই ভ্ৰমণৰ আটাইতকেই আকৰ্ষণীয় দিশটো আছিল প্ৰযুক্তি আৰু উদ্ভাৱন। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মেক্ৰনে যুটীয়াভাৱে ঐতিহাসিক ‘ভাৰত ইনোভেটছ ২০২৬’ সন্মিলন উদ্বোধন কৰে । ভাৰত, ফ্ৰান্স আৰু বিশ্বৰ শীৰ্ষ উদ্ভাৱনীমূলক ষ্টাৰ্টআপসমূহক একত্ৰিত কৰা এই হাই-প্ৰফাইল অনুষ্ঠানটোৱে চলি থকা ‘ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ’ৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু ই দুই দেশৰ মাজত দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰযুক্তিগত অংশীদাৰিত্বক এক নতুন মাত্ৰা প্ৰদান কৰিছে ।

লগতে পঢ়ক : ‘ভাৰত ইনোভেটছ’ৰ উদ্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক সাৱটি উষ্ম আদৰণি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ

‘ভাৰত ইনোভেটছ’ৰ উদ্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক সাৱটি উষ্ম আদৰণি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ

তিনিদিনীয়া কাৰ্যসূচীৰে ১৪ জুনৰ পৰা ১৬ জুনলৈ অনুষ্ঠিত হ’বলগীয়া এই মেগা সন্মিলনখন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে যুটীয়াভাৱে উদ্বোধন কৰে

প্ৰযুক্তি আৰু উদ্ভাৱনক মূল বিষয়বস্তু হিচাপে লৈ আজি ফ্ৰান্সৰ নিচ (Nice) চহৰত উলহ-মালহেৰে আৰম্ভ হৈছে ঐতিহাসিক ‘ভাৰত ইনোভেটছ ২০২৬’ সন্মিলন । তিনিদিনীয়া কাৰ্যসূচীৰে ১৪ জুনৰ পৰা ১৬ জুনলৈ অনুষ্ঠিত হ’বলগীয়া এই মেগা সন্মিলনখন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে যুটীয়াভাৱে উদ্বোধন কৰে ।

উষ্ম আদৰণি আৰু দ্বিপাক্ষিক বৈঠক :

দেওবাৰে নিচত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে উষ্ম আদৰণি জনায় । এক গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকৰ পূৰ্বে দুয়োগৰাকী বিশ্ব নেতাই ইজনে সিজনক সাৱটি ধৰি আৰু কৰমৰ্দন কৰি অভিবাদন বিনিময় কৰে ।

গোলকীয় মঞ্চত ভাৰতীয় ষ্টাৰ্টআপ-

‘ভাৰত ইনোভেটছ’ হৈছে এনে এক বৃহৎ গোলকীয় মঞ্চ, যিয়ে ভাৰত, ফ্ৰান্স আৰু বিশ্বৰ অন্যান্য প্ৰান্তৰ অগ্ৰণী ষ্টাৰ্টআপ তথা ভেঞ্চাৰ কেপিটেল ফাণ্ডসমূহক একেটা চালিৰ তললৈ আনিছে । বৰ্তমান চলি থকা ‘ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ’ৰ অংশ হিচাপে এই হাই-প্ৰফাইল অনুষ্ঠানটোক এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে । এই সন্মিলনে ভাৰতীয় উদ্ভাৱকসকলক গোলকীয় বিনিয়োগকাৰী, উদ্যোগ জগতৰ শীৰ্ষ নেতা আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপনৰ এক শক্তিশালী সুযোগ প্ৰদান কৰিব ।

প্ৰযুক্তি আৰু অংশীদাৰিত্বৰ নতুন শিখৰ: প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মেক্ৰনৰ এই যুটীয়া পদক্ষেপে ভাৰত-ফ্ৰান্সৰ ক্ৰমবৰ্ধমান সম্পৰ্কত প্ৰযুক্তিৰ গুৰুত্বক পুনৰ প্ৰমাণিত কৰিছে । শেহতীয়া বছৰবোৰত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডৰ পৰা আৰম্ভ কৰি ডিজিটেল প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI) লৈকে সহযোগিতা গভীৰ হৈ পৰিছে ।

ভাৰতৰ বিশাল অংশগ্ৰহণ: এই সন্মানীয় অনুষ্ঠানত ভাৰতৰ তৰফৰ পৰা ১২০ টাতকৈও অধিক প্ৰতিশ্ৰুতিবান ‘ডিপ-টেক’ ষ্টাৰ্টআপ আৰু দেশৰ প্ৰথম শাৰীৰ আইআইটি আদিকে ধৰি ১৫ টাতকৈও অধিক উচ্চ শিক্ষা তথা গৱেষণা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে । এই সন্মিলনে অনাগত দিনত ভাৰত আৰু ফ্ৰান্সৰ প্ৰযুক্তিগত অংশীদাৰিত্বক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : ফ্ৰান্সত উপস্থিত প্ৰধানমন্ত্ৰী মোদী; বিমানবন্দৰৰ পৰা হোটেললৈ উষ্ম আদৰণি

জি-৭ সন্মিলনত পুনৰ হ’ব মোদী-ট্ৰাম্পৰ মুখামুখি, ফ্ৰান্সত অনুষ্ঠিত হ’ব গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠক

ফ্ৰান্সত উপস্থিত হোৱাৰ পিছত সোমবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰথমখন দ্বিপাক্ষিক বৈঠক ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে মিলিত হ’ব

ফ্ৰান্সত অনুষ্ঠিত হ’বলগীয়া জি-৭ সন্মিলনৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত এক অত্যন্ত গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব । আমেৰিকান প্ৰশাসনে এই কথা নিশ্চিত কৰি জানিবলৈ দিছে যে সন্মিলনৰ অন্তিম দিনা অৰ্থাৎ ১৭ জুনত দুয়োগৰাকী বিশ্ব নেতাৰ এই বৈঠকৰ দিন স্থিৰ কৰা হৈছে । বৰ্তমান সময়ত সমগ্ৰ বিশ্বই বিভিন্ন জটিল প্ৰত্যাহ্বানৰ সন্মুখীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই বৈঠকক এক বিশেষ তাৎপৰ্যপূৰ্ণ পদক্ষেপ বুলি গণ্য কৰা হৈছে ।

হোৱাইট হাউচৰ সূত্ৰ অনুসৰি, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সোমবাৰে পুৱা ৱাশ্বিংটনৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু ‘ইউএছচি ফ্ৰীডম ২৫০’ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ ফ্ৰান্সৰ এভিয়ানত উপস্থিত হ’ব । তাত স্থানীয় সময় অনুসৰি সোমবাৰে বিয়লি তেওঁ G7 সন্মিলনত যোগ দিব । এই সমগ্ৰ ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতি ট্ৰাম্পে বিশ্বৰ প্ৰধান অৰ্থনীতিসমূহৰ নেতাসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশ ল’ব বুলি জানিব পৰা গৈছে ।

ফ্ৰান্সত উপস্থিত হোৱাৰ পিছত সোমবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰথমখন দ্বিপাক্ষিক বৈঠক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে মিলিত হ’ব । ইয়াৰ পিছত মঙলবাৰে পুৱা তেওঁ G7 নেতাসকলৰ সৈতে আনুষ্ঠানিক আদৰণি অনুষ্ঠান আৰু ৱৰ্কিং ডিনাৰত অংশ ল’ব । একেদিনাই তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিকে ধৰি আন বহুকেইগৰাকী নেতাৰ সৈতে এক বিশেষ কাৰ্যক্ৰমণিকাত ভাগ ল’ব ।

মঙলবাৰৰ দিনটোত ট্ৰাম্পে কাটাৰৰ আমিৰ আৰু সংযুক্ত আৰব আমিৰাতৰ ৰাষ্ট্ৰপতিৰ সৈতেও পৃথকে পৃথকে দ্বিপাক্ষিক বৈঠকত বহিব ।

বুধবাৰৰ কাৰ্যসূচী আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে, য’ত তেওঁ অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ ওপৰত কেন্দ্ৰিত এক অতিৰিক্ত অধিবেশনত অংশ লোৱাৰ পিছত ইজিপ্তৰ ৰাষ্ট্ৰপতি আবদেল ফাত্তাহ আল-চিচিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ইয়াৰ পিছতেই অনুষ্ঠিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত বহু প্ৰত্যাশিত দ্বিপাক্ষিক বাৰ্তালাপ, যাৰ ওপৰত এতিয়া সমগ্ৰ বিশ্বৰে চকু নিবদ্ধ হৈ আছে ।

ধাৰণা কৰা হৈছে যে এই বৈঠকত বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, প্ৰতিৰক্ষা সহযোগিতা, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ নিৰাপত্তা আৰু গোলকীয় ৰণনীতিগত অংশীদাৰিত্বৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহে স্থান পাব । প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকৰ পিছত ট্ৰাম্পে প্ৰধান প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ মুখ্য কাৰ্যবাহী বিষয়া অৰ্থাৎ চিইঅ’সকলৰ সৈতে উদ্ভাৱন আৰু এআইৰ ওপৰত আয়োজিত এক বিশেষ মধ্যাহ্নভোজনত অংশ ল’ব ।

লগতে পঢ়ক : ‘ভাৰতীয় জাহাজত আক্ৰমণ সহ্য কৰা নহ’ব’; ইৰাণক সকীয়নি ট্ৰাম্পৰ

১২ জুন ঐতিহাসিক দিন: প্ৰধানমন্ত্ৰী মোদীৰ সাফল্যক হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে প্ৰধানমন্ত্ৰীগৰাকীৰ সাফল্যক তীব্ৰ প্ৰশংসা কৰে আৰু ১২ জুনৰ দিনটোক ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত এক ঐতিহাসিক দিন বুলি অভিহিত কৰে

ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত সৃষ্টি হ’ল এক নতুন অভিলেখ । প্ৰথম সাধাৰণ নিৰ্বাচনৰ পিছত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নামত থকা একেৰাহে আটাইতকৈ দীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰাৰ অভিলেখ অতিক্ৰম কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ১১ জুনত কাৰ্যকালৰ একেৰাহে ৪,৩৯৯ দিন সম্পূৰ্ণ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে নেহৰুৰ ৪,৩৯৮ দিনৰ অভিলেখ ভংগ কৰে ।

প্ৰধানমন্ত্ৰীগৰাকীৰ এই সাফল্যক শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলযোগে তীব্ৰ প্ৰশংসা কৰে আৰু ১২ জুনৰ দিনটোক ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত এক “ঐতিহাসিক দিন” বুলি অভিহিত কৰে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিনন্দন

মুখ্যমন্ত্ৰী ড° শৰ্মাই সংবাদমেলত কয় : “ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত ১২ জুন এক ঐতিহাসিক দিন আছিল কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আটাইতকৈ দীৰ্ঘকাল ধৰি একেৰাহে কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হৈ পৰিছে । নৰেন্দ্ৰ মোদীয়ে জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ কৰিছে । ১১ জুনত নীতি আয়োগৰ এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে তেওঁক অভিনন্দন জ্ঞাপন কৰে আৰু অসমৰ হৈ ময়ো তেওঁক অভিনন্দন জনাইছোঁ ।”

লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বেই অসমৰ জিলাই-জিলাই ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীৰ বাবেই আজি অসমৰ সাংস্কৃতিক সম্পদ বিহু, গামোচা, বাগুৰুম্বা, আৰনাই, ঝুমুৰ নৃত্য বিশ্বত জিলিকিছে বুলি মন্তব্য কৰে তেওঁ । এইদৰে সংবাদমেলত অসমৰ প্ৰতি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অপত্য স্নেহ আৰু দৃষ্টিভংগী দোহাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : ১ জুলাইৰ পৰা অসমত আৰম্ভ হ’ব ‘VB-G RAM G’ আঁচনি

ফ্ৰান্স ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী; জি-৭ শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ

ইউৰোপীয় দেশসমূহৰ সৈতে সম্পৰ্ক অধিক গভীৰ আৰু অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্স আৰু শ্লোভাকিয়া ৰাজ্যিক ভ্ৰমণৰ বাবে ৰাওনা হয়।

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্স আৰু শ্লোভাকিয়া ভ্ৰমণৰ বাবে যাত্ৰা কৰিছে। ইউৰোপীয় দেশসমূহৰ সৈতে সম্পৰ্ক অধিক গভীৰ কৰা আৰু অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে ফ্ৰান্সলৈ তেওঁৰ চৰকাৰী ভ্ৰমণ আৰু শ্ল’ভাকিয়ালৈ ৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে যাত্ৰা কৰিছে। নিজৰ যাত্ৰাৰ বিবৃতিত তেওঁ উল্লেখ কৰে যে ভাৰতৰ কৌশলগত দৃষ্টিভংগীত ফ্ৰান্সে এক বিশেষ স্থান অধিকাৰ কৰি আহিছে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, “এই বছৰৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি মেক্ৰনে ভাৰত ভ্ৰমণ কৰিছিল আৰু আমি আমাৰ সম্পৰ্কক এক ‘বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰিছিলোঁ। যেতিয়া মই নিচ (Nice) চহৰত ৰাষ্ট্ৰপতি মেক্ৰনক লগ পাম, আমি ফেব্ৰুৱাৰী মাহৰ পৰা হ’ব লগীয়া প্ৰগতিৰ পৰ্যালোচনা কৰিম আৰু আমাৰ সহযোগিতাৰ পৰৱৰ্তী পদক্ষেপসমূহ নিৰ্ধাৰণ কৰিম। মই পাৰস্পৰিক স্বাৰ্থজড়িত গুৰুত্বপূৰ্ণ গোলকীয় বিষয়সমূহৰ ওপৰত আমাৰ আলোচনাৰ বাবেও আগ্ৰহেৰে বাট চাইছোঁ,”।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ১৪ জুন ২০২৬ ত তেওঁ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে নিচ চহৰত ‘ভাৰত ইনোভেটেটছ্’ উদ্বোধন কৰিব। ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষৰ পটভূমিত অনুষ্ঠিত হ’বলগীয়া এই ঐতিহাসিক অনুষ্ঠানে ভাৰতৰ আটাইতকৈ প্ৰতিশ্ৰুতিপূৰ্ণ ষ্টাৰ্ট-আপসমূহক গোলকীয় বিনিয়োগৰ সৈতে সংযোগ কৰিব আৰু ভাৰতৰ উচ্চ শিক্ষা ব্যৱস্থাৰ পৰা আত্মপ্ৰকাশ কৰা উদ্ভাৱনসমূহৰ বাবে এক ডাঙৰ ত্বৰক হিচাপে কাম কৰিব।

নিচ চহৰৰ পৰা তেওঁ ১৪-১৫ জুন ২০২৬ লৈ এক ৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে শ্ল’ভাকিয়া প্ৰজাতন্ত্ৰলৈ ৰাওনা হ’ব। ১৯৯৩ চনত শ্ল’ভাকিয়াই স্বাধীনতা লাভ কৰাৰ পিছত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমটো ভ্ৰমণ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় “এই ঐতিহাসিক ভ্ৰমণে আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ শক্তিশালী গতিশীলতাক অধিক মজবুত কৰিব। মই ব্ৰাটিচলাভাত ৰাষ্ট্ৰপতি পেলেগ্ৰিনি আৰু প্ৰধানমন্ত্ৰী ফিচোৰ সৈতে বৈঠকত মিলিত হ’বলৈ আগ্ৰহী। ইয়াৰ উপৰিও মই শ্ল’ভাকিয়াৰ ব্যৱসায়িক নেতাসকলৰ সৈতেও বাৰ্তালাপ কৰাৰ সুযোগ পাম। ভাৰত-ইউৰোপীয় ইউনিয়ন মুক্ত বাণিজ্য চুক্তিৰ গতিশীলতাক ভিত্তি কৰি এই ভ্ৰমণে ইউৰোপীয় ইউনিয়নৰ সৈতে আমাৰ কৌশলগত অংশীদাৰিত্বক অধিক সজীৱ কৰি তুলিব, যাৰ ভিতৰত শ্ল’ভাকিয়া এক গুৰুত্বপূৰ্ণ আৰু মূল্যবান সদস্য,” ।

“শ্ল’ভাকিয়াৰ পৰা মই এভিয়ানলৈ যাত্ৰা কৰিম, য’ত মই ১৬ আৰু ১৭ জুন ২০২৬ ত অনুষ্ঠিত হ’বলগীয়া জি-৭ (G7) সন্মিলনত অংশগ্ৰহণ কৰিম। জি-৭ ত ভাৰতৰ উপস্থিতিয়ে আমাৰ অংশীদাৰসকলে আমাৰ ওপৰত ৰখা বিশ্বাস আৰু আমাৰ ক্ৰমবৰ্ধমান গোলকীয় মৰ্যাদাক প্ৰতিফলিত কৰে। ভাৰতক একেৰাহে অষ্টমবাৰৰ বাবে জি-৭ সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে। জি-৭ ত ভাৰতে কেৱল নিজৰ বাবেই কথা নকয়, বৰঞ্চ ই গ্ল’বেল চাউথৰ (Global South – বিশ্বৰ উন্নয়নশীল দেশসমূহ) প্ৰত্যাশাবোৰকো কণ্ঠ প্ৰদান কৰিব বুলিও প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁ ১৮ জুন ২০২৬ ত পেৰিছত ফ্ৰান্স ভ্ৰমণৰ সামৰণি মাৰিব, য’ত তেওঁ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে ‘ভিভাটেনেক ২০২৬’ (VivaTech 2026) ত অংশগ্ৰহণ কৰিব। ভিভাটেনেক হৈছে প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ইউৰোপৰ আটাইতকৈ আগশাৰীৰ সমাৱেশ, আৰু এই সংস্কৰণত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় পেভিলিয়ন থাকিব, যিটো ভাৰতীয় আৰু ইউৰোপীয় উদ্ভাৱন ব্যৱস্থাৰ মাজত থকা অংশীদাৰিত্বৰ বিশাল সম্ভাৱনাৰ এক উপযুক্ত প্ৰতীক।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় “মই নিশ্চিত যে ফ্ৰান্স আৰু শ্ল’ভাকিয়া ভ্ৰমণে ইউৰোপ আৰু জি-৭ ৰ সৈতে ভাৰতৰ গভীৰ সম্পৰ্কক অধিক শক্তিশালী কৰিব, আৰু সমগ্ৰ মহাদেশখন তথা তাৰ বাহিৰেও আমাৰ অংশীদাৰিত্বৰ পৰিসৰ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত আমাৰ অটল প্ৰতিশ্ৰুতিক প্ৰদৰ্শন কৰিব।”

লগতে পঢ়ক: পুৱাই অভিষেক বেনাৰ্জীৰ ঘৰত কলকাতা আৰক্ষীৰ দল; মমতা বেনাৰ্জীও উপস্থিত

প্ৰধানমন্ত্ৰী মোদীৰ ঐতিহাসিক ইউৰোপ ভ্ৰমণ: অংশ ল’ব জি-৭ সন্মিলনত

ভ্ৰমণৰ প্ৰথম ভাগত প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ নিচ চহৰত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ জুনৰ পৰা ১৮ জুনলৈ ইউৰোপৰ এক গুৰুত্বপূৰ্ণ চৰকাৰী ভ্ৰমণসূচী হাতত ল’ব । এই ভ্ৰমণকালত তেওঁ ফ্ৰান্স আৰু স্লোভাকিয়া ভ্ৰমণ কৰাৰ লগতে বহুপক্ষীয় জি-৭ সন্মিলনতো অংশগ্ৰহণ কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত প্ৰকাশ পাইছে । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু স্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ বিশেষ আমন্ত্ৰণমৰ্মে এই ভ্ৰমণসূচী যুগুত কৰা হৈছে ।

ভ্ৰমণসূচীৰ গুৰুত্বপূৰ্ণ পৰ্যায়সমূহ:

প্ৰথম পৰ্যায় (১৪ জুন, নিচ, ফ্ৰান্স): ভ্ৰমণৰ প্ৰথম চৰণত প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ নিচ চহৰত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব । এই বছৰৰ আৰম্ভণিতে দুয়োখন দেশৰ সম্পৰ্ক ‘বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত হোৱাৰ পিছত এইয়া হ’ব প্ৰথমখন পৰ্যালোচনা বৈঠক । ইয়াত দুয়োগৰাকী নেতাই যুটীয়াভাৱে “ভাৰত ইনোভেটছ” অনুষ্ঠান মুকলি কৰিব, যিটোৱে দুয়োখন দেশৰ ষ্টাৰ্ট-আপ আৰু প্ৰযুক্তি খণ্ডক নতুন গতি প্ৰদান কৰিব ।

দ্বিতীয় পৰ্যায় (১৪-১৬ জুন, স্লোভাকিয়া): ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে স্লোভাকিয়া ভ্ৰমণ কৰিব । ১৯৯৩ চনত স্লোভাকিয়াই স্বাধীনতা লাভ কৰাৰ পিছত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এইয়া হ’ব প্ৰথম ঐতিহাসিক ভ্ৰমণ । ইয়াত তেওঁ স্লোভাক প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকো আৰু ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰীনিক সাক্ষাৎ কৰি বাণিজ্য, বিনিয়োগ, মটৰ গাড়ী নিৰ্মাণ আৰু ৰে’লৱে খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে আলোচনা কৰিব ।

জি-৭ সন্মিলন (১৬-১৭ জুন, এভিয়ান, ফ্ৰান্স): ভ্ৰমণৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত হ’বলগীয়া জি-৭ সন্মিলনত অংশ ল’ব । সন্মিলনত তেওঁ গোলকীয় সংহতি পুনৰ নিৰ্মাণ, বহনক্ষম অৰ্থনৈতিক বিকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সুৰক্ষিত তথা দক্ষ সম্প্ৰসাৰণ আদি গুৰুত্বপূৰ্ণ বিষয়ৰ অধিৱেশনসমূহত অংশগ্ৰহণ কৰিব ।

অন্তিম পৰ্যায় (১৮ জুন, পেৰিছ): ভ্ৰমণৰ শেষৰ দিনা প্ৰধানমন্ত্ৰীয়ে পেৰিছত ইউৰোপৰ সৰ্ববৃহৎ প্ৰযুক্তি তথা ষ্টাৰ্ট-আপ ইভেণ্ট ‘ভিভাটেক ছামিট’ত অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰি তেওঁ পেৰিছত থকা প্ৰবাসী ভাৰতীয়সকলক উদ্দেশ্যিও এক ভাষণ প্ৰদান কৰিব ।

লগতে পঢ়ক : পশ্চিম এছিয়া সংকটৰ মাজতে অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

ফিলিপাইনছৰ ভয়াৱহ ভূমিকম্পক লৈ প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

ৰিখটাৰ স্কেলত ৭.৮ প্ৰাবল্যৰ এই ভূমিকম্পটোৰ ফলত সমগ্ৰ অঞ্চলটোত ব্যাপক ধ্বংসলীলা সংঘটিত হৈছে

দক্ষিণ ফিলিপাইনছৰ মিন্দানাও উপকূলত সোমবাৰে পুৱা এক ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় । ৰিখটাৰ স্কেলত ৭.৮ প্ৰাবল্যৰ এই ভূমিকম্পটোৰ ফলত সমগ্ৰ অঞ্চলটোত ব্যাপক ধ্বংসলীলা সংঘটিত হৈছে । শেষতীয়া খবৰ অনুসৰি, এই প্ৰাকৃতিক দুৰ্যোগত কমেও ৩২ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৩৪ জনতকৈও অধিক লোক আহত হৈছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি, বিগত ৫০ বছৰৰ ভিতৰত ফিলিপাইনছত আঘাত হনা এইটোৱেই আটাইতকৈ শক্তিশালী ভূমিকম্প । সোমবাৰে পুৱা প্ৰায় ৭:৩৭ বজাত (স্থানীয় সময়) এই জোকাৰণি অনুভূত হৈছিল ।

প্ৰধানমন্ত্ৰী মোদীৰ শোকবাৰ্তা-

এই দুৰ্ভাগ্যজনক ঘটনাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে । সামাজিক মাধ্যম এক্স (পূৰ্বৰ টুইটাৰ) যোগে এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় :

“ফিলিপাইনছৰ মিন্দানাওত আজি সংঘটিত ভূমিকম্পৰ ফলত হোৱা প্ৰাণহানি আৰু ধ্বংসলীলাত মই মৰ্মাহত হৈছোঁ । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ অন্তৰংগ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ । এই সংকটৰ সময়ত ভাৰত ফিলিপাইনছৰ জনসাধাৰণ আৰু চৰকাৰৰ সৈতে দৃঢ়তাৰে থিয় দিছে ।”

ক্ষয়-ক্ষতিৰ খতিয়ান

দেশখনৰ নাগৰিক সুৰক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, কেৱল সাৰাংগানী আৰু দক্ষিণ কটাবেটো প্ৰদেশতে ১৯ জন লোকৰ মৃত্যু হৈছে । আনহাতে, ভূমিকম্পৰ ফলত হোৱা তীব্ৰ ভূমিস্খলনৰ বাবে সাৰাংগানীৰ গ্লান নামৰ ঠাই টুকুৰাত আন ১৩ জন লোক মাটিৰ তলত পোত খাই মৃত্যুবৰণ কৰে ।

ৰাষ্ট্ৰীয় অসামৰিক প্ৰতিৰক্ষা কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া ৰড্ৰিগো অ’ ছচমেনে সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে ক্ষয়-ক্ষতিৰ প্ৰকৃত ছবিখন এতিয়াও সম্পূৰ্ণৰূপে স্পষ্ট হোৱা নাই । বহুতো ডাঙৰ অট্টালিকা আৰু পথত ডাঙৰ ফাঁট মেলিছে । বৰ্তমানলৈকে প্ৰায় ৭০,০০০ বাসিন্দা সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হ’বলগীয়া হৈছে আৰু বহু লোক এতিয়াও সন্ধানহীন হৈ থকাৰ বাবে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰা হৈছে ।

লগতে পঢ়ক : ৭.৮ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্প : মৃত্যুৰ সংখ্যা ১৫লৈ বৃদ্ধি, চুনামীৰ সতৰ্কবাণী জাৰি