ভাৰত-ৰাছিয়াৰ সম্পৰ্ক ‘ভাতৃত্ববোধ আৰু বিশ্বাসৰ’: আমেৰিকাৰ চাপক নেওচি মোদীৰ নেতৃত্বক পুটিনৰ প্ৰশংসা

ৰাছিয়াৰ পৰা খাৰুৱা তেল তথা শক্তি আমদানি কৰাক লৈ ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অবিৰত কূটনৈতিক চাপৰ সন্মুখীন হৈ থকাৰ সময়তে পুটিনৰ এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ পাইছে

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মস্কো আৰু নতুন দিল্লীৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্কক তীব্ৰ প্ৰশংসা কৰি ইয়াক সকলো অৰ্থতে “ভাতৃত্ববোধ” আৰু “পাৰস্পৰিক বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত” বুলি বৰ্ণনা কৰিছে । ৰাছিয়াৰ পৰা খাৰুৱা তেল তথা শক্তি আমদানি কৰাক লৈ ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অবিৰত কূটনৈতিক চাপৰ সন্মুখীন হৈ থকাৰ সময়তে পুটিনৰ এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ পাইছে ।

ছেইণ্ট পিটাৰ্ছবাৰ্গ আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক মঞ্চত ভাষণ দি ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ মানৱ সম্পদ আৰু কাৰিকৰী প্ৰযুক্তিৰ ভূয়সী প্ৰশংসা কৰে । বিশেষকৈ ক’ডিং আৰু চফ্টৱেৰ ইঞ্জিনিয়াৰিং ক্ষেত্ৰত ভাৰতীয়সকলৰ থকা অসাধাৰণ দক্ষতাক তেওঁ গোলকীয় স্বীকৃতিপ্ৰাপ্ত বুলি অভিহিত কৰে ।

হৰমুজ প্ৰণালীৰ সংকট আৰু ভাৰত-ৰাছিয়াৰ সহযোগিতা

পশ্চিম এছিয়াৰ ভূ-ৰাজনৈতিক উত্তেজনা আৰু হৰমুজ প্ৰণালীত পৰিবহণ ব্যৱঘাতৰ আশংকাই যেতিয়া বিশ্বৰ শক্তি (ইন্ধন) বজাৰত তীব্ৰ অস্থিৰতাৰ সৃষ্টি কৰিছে, তেনে সময়ত ভাৰত-ৰাছিয়াৰ কৌশলগত মিত্ৰতাই দুয়োখন দেশকে সুৰক্ষা দিছে বুলি পুটিনে উল্লেখ কৰে । তেওঁ কয়, “প্ৰধানমন্ত্ৰী মোদীয়ে হৰমুজ প্ৰণালীৰ সংকটৰ বাবে দেশত ব্যক্তিগত গাড়ী কমকৈ ব্যৱহাৰ কৰিবলৈ বা দীৰ্ঘ দূৰত্বৰ যাত্ৰা পৰিহাৰ কৰিবলৈ কিছুমান পদক্ষেপ ল’বলগীয়া হৈছিল । কিন্তু আমাৰ আৰু ভাৰতৰ কোম্পানীসমূহে ঘনিষ্ঠ সহযোগিতাৰ সঠিক পথ বাছি ল’লে । আজি আমি ভাৰত তথা সমগ্ৰ এছিয়াৰ বজাৰত ইন্ধনৰ যোগান বৃদ্ধি কৰি সহায়ৰ হাত আগবঢ়াইছোঁ ।”

তেওঁ কয়- “কোনেও আমাক চৰ্ত জাপি দিব নোৱাৰে, আৰু কোনেও তেনে কৰিবলৈ চেষ্টাও নকৰে । আমি আমাৰ অংশীদাৰসকলৰ ওচৰত কৰা প্ৰতিশ্ৰুতি সদায় ৰক্ষা কৰিম, বিশেষকৈ ভাৰতৰ দৰে বিশ্বাসী বন্ধুৰ ক্ষেত্ৰত ।”

প্ৰতিৰক্ষা মিত্ৰতা আৰু ছোভিয়েট যুগৰ পৰম্পৰা

দুয়োখন দেশৰ সামৰিক সহযোগিতাৰ কথা উল্লেখ কৰি পুটিনে কয় যে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এক বুজন অংশই আজিও ৰাছিয়াৰ মূল সামৰিক সঁজুলি (হাৰ্ডৱেৰ) ব্যৱহাৰ কৰে । এয়া ছোভিয়েট যুগৰে পৰা চলি অহা এটা সুদৃঢ় পৰম্পৰা । তেওঁ স্পষ্ট কৰি দিয়ে যে এই সম্পৰ্ক কেৱল ক্ৰয়-বিক্ৰয় বা ব্যৱসায়তে সীমাবদ্ধ নহয়, বৰঞ্চ বৰ্তমান দুয়োখন দেশে যৌথ গৱেষণা আৰু প্ৰতিৰক্ষা প্ৰযুক্তিৰ উন্নয়নৰ ওপৰতো সমানে গুৰুত্ব দিছে ।

মোদীৰ নেতৃত্ব আৰু ভাৰতৰ সাৰ্বভৌমত্বক স্বীকৃতি

ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতি পুতিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্ণায়ক নেতৃত্বৰ শলাগ লয় । তেওঁ সকীয়াই দিয়ে যে ভাৰতক লক্ষ্য কৰি লোৱা যিকোনো শাস্তিমূলক বা নিষেধাজ্ঞামূলক ব্যৱস্থাই অৱশেষত তেনে কৰিবলৈ যোৱা দেশসমূহৰ ওপৰতে ওলোটাকৈ প্ৰভাৱ পেলাব ।

একে সময়তে, ভাৰত আৰু আমেৰিকাৰ মাজত গঢ়ি উঠা ঘনিষ্ঠ সম্পৰ্ককো ৰাছিয়াই ইতিবাচক দৃষ্টিৰে চাইছে বুলি তেওঁ কয় । পুটিনে স্পষ্টকৈ কয় যে নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষা কৰি যিকোনো আন্তঃৰাষ্ট্ৰীয় সিদ্ধান্ত ল’বলৈ নতুন দিল্লীৰ সম্পূৰ্ণ সাৰ্বভৌম অধিকাৰ আৰু স্বতন্ত্ৰতা আছে । মূল্য আৰু গুণগত মানৰ দিশৰ পৰা নিজৰ বাবে আটাইতকৈ উন্নত সামগ্ৰী বিধ বাছি ল’বলৈ ভাৰত সম্পূৰ্ণ স্বাধীন ।

লগতে পঢ়ক : ভাৰত-ৰাছিয়াৰ সম্পৰ্ক অভেদ্য, মোদীৰ ওপৰত চাপ সৃষ্টি কৰাটো ক্ষতিকাৰক: ভ্লাদিমিৰ পুটিন

পশ্চিম এছিয়া সংকটৰ মাজতে অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্যসকলৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত মিলিত হয়

সমগ্ৰ বিশ্বই যেতিয়া ভূ-ৰাজনৈতিক উত্তেজনা, বাণিজ্যৰ অনিশ্চয়তা আৰু অৰ্থনৈতিক মন্থৰতাৰ সৈতে যুঁজি আছে, তেনে সময়তে ভাৰতীয় অৰ্থনীতিয়ে এক অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে । সদ্যপ্ৰকাশিত চৰকাৰী তথ্য অনুসৰি, ২০২৫-২৬ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰে বজাৰৰ সকলো প্ৰত্যাশাকে অতিক্ৰম কৰি ৭.৮ শতাংশ স্পৰ্শ কৰিছে । এই ডাঙৰ সফলতাৰ পটভূমিত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদ’ৰ সদস্যসকলৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত মিলিত হয় ।

বিশ্বজনীন সংকট আৰু দেশীয় সংস্কাৰৰ ওপৰত আলোচনা-

বৈঠকত প্ৰধানমন্ত্ৰী আৰু উপদেষ্টা পৰিষদৰ সদস্যসকলে গোলকীয় অস্থিৰতাৰ মাজতেও ভাৰতৰ অৰ্থনৈতিক বিকাশক কেনেকৈ অধিক গতিশীল কৰিব পাৰি, সেই সন্দৰ্ভত বিভিন্ন নতুন ধাৰণা আৰু কৌশলগত পদক্ষেপৰ বিষয়ে বিশদভাৱে আলোচনা কৰে । বিশেষকৈ দেশত ‘জীৱন ধাৰণৰ সহজতা’ আৰু ‘ব্যৱসায় কৰাৰ সহজতা’ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় সংস্কাৰসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয় । ইয়াৰ উপৰিও, বৰ্তমান চলি থকা পশ্চিম এছিয়াৰ সংঘাতৰ ফলত ভাৰত তথা বিশ্ব অৰ্থনীতিত কি প্ৰভাৱ পৰিব পাৰে, সদস্যসকলে তাৰো এক সামগ্ৰিক মূল্যায়ন প্ৰধানমন্ত্ৰীৰ সন্মুখত দাঙি ধৰে । এই বৈঠকখন এনে এক গুৰুত্বপূৰ্ণ সময়ত অনুষ্ঠিত হৈছে যেতিয়া বিশ্বৰ অন্যান্য উন্নত অৰ্থনীতিসমূহ অসমান বিকাশৰ ধাৰাৰে গতি কৰিছে ।

অৰ্থনৈতিক স্থিতিস্থাপকতাৰ বাবে প্ৰধানমন্ত্ৰীৰ ৭ টা বিশেষ আহ্বান-

পশ্চিম এছিয়াৰ সংঘাতৰ পৰা সৃষ্টি হ’ব পৰা ইন্ধনৰ নাটনি আৰু মূল্যবৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ যোৱা মাহতে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক এক বিশেষ ৭ দফীয়া আহ্বান জনাইছিল । তেওঁ অৰ্থনৈতিক স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে নাগৰিকসকলক ঘৰৰ পৰা কাম কৰা প্ৰক্ৰিয়াক অগ্ৰাধিকাৰ দিবলৈ, ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আৰু এবছৰৰ বাবে বিদেশ ভ্ৰমণ পৰিহাৰ কৰিবলৈ অনুৰোধ জনায় । ইয়াৰ উপৰিও তেওঁ স্বদেশী সামগ্ৰী গ্ৰহণ কৰা, ৰন্ধন তেলৰ ব্যৱহাৰ হ্ৰাস কৰা, প্ৰাকৃতিক কৃষিক আকোৱালি লোৱা আৰু সোণ ক্ৰয় সীমিত কৰাৰ ওপৰত গুৰুত্ব দিয়ে ।

পেট্ৰ’ল-ডিজেলৰ নিৰ্ভৰশীলতা আৰু মূল্যৰ তাৰতম্য কমাবলৈ তেওঁ ভাৰতৰ পৰিবহণ ব্যৱস্থাত পৰিৱৰ্তন অনাৰ আহ্বান জনায় । প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক উপলব্ধ স্থানত মেট্ৰ’ আৰু ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিবলৈ, ব্যক্তিগত বাহনৰ প্ৰয়োজন হ’লে কাৰপুলিং কৰিবলৈ, সামগ্ৰী কঢ়িয়াবলৈ ৰেল পৰিবহণক অগ্ৰাধিকাৰ দিবলৈ আৰু সম্ভৱপৰ ঠাইত বৈদ্যুতিক বাহনৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ বিশেষ অনুৰোধ জনায় ।

পৰিসংখ্যাত ভাৰতৰ অৰ্থনৈতিক সফলতা-

৫ জুনত চৰকাৰে মুকলি কৰা চৰকাৰী তথ্যই ভাৰতৰ মজবুত অৰ্থনৈতিক ভেটিৰ কথাকে প্ৰমাণ কৰিছে । ২০২৬ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত ভাৰতৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন (GDP) বছৰি ৭.৮ শতাংশ হাৰত বৃদ্ধি পাইছে, আনহাতে সমগ্ৰ বছৰটোৰ বিকাশৰ হাৰ ৭.৭ শতাংশ নিৰ্ধাৰণ কৰা হৈছে । স্থিৰ মূল্যত প্ৰকৃত জিডিপি চতুৰ্থ ত্ৰৈমাসিকত ৮৭.৭৭ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে, যিটো যোৱা বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত ৮১.৪০ লাখ কোটি টকা আছিল । আনহাতে এই ত্ৰৈমাসিকৰ বাবে নামমাত্ৰ জিডিপি ৯৪.৬৫ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে, যিয়ে ৯.১ শতাংশ বিকাশ প্ৰদৰ্শন কৰিছে ।

সমগ্ৰ ২০২৬ বিত্তীয় বৰ্ষৰ বাবে, প্ৰকৃত জিডিপি ৩২৩.১২ লাখ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ৭.৭ শতাংশ বিকাশৰ হাৰ প্ৰতিফলিত কৰে । একেদৰে নামমাত্ৰ জিডিপি ৩৪6.৩৬ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে, যিটো পূৰ্বৱৰ্তী বৰ্ষৰ তুলনাত ৮.৯ শতাংশ বৃদ্ধি পাইছে ।

অৰ্থনৈতিক কাৰ্যকলাপৰ এক গুৰুত্বপূৰ্ণ মাপকাঠি অৰ্থাৎ মুঠ মূল্য সংযোজনৰ ক্ষেত্ৰতো সুন্দৰ প্ৰদৰ্শন দেখা গৈছে । পূৰ্ণ বিত্তীয় বৰ্ষত প্ৰকৃত জিভিএ ৭.৯ শতাংশ আৰু নামমাত্ৰ জিভিএ ৯.১ শতাংশ বৃদ্ধি পাব বুলি আশা কৰা হৈছে । কেৱল চতুৰ্থ ত্ৰৈমাসিকতে প্ৰকৃত জিভিএ বৃদ্ধিৰ হাৰ আছিল ৭.৯ শতাংশ আৰু নামমাত্ৰ জিভিএ ৯.৯ শতাংশ বৃদ্ধি পাইছিল ।

কোনবোৰ খণ্ডই ধৰি ৰাখিলে বিকাশৰ গতি ?

চৰকাৰী তথ্য অনুসৰি, ভাৰতৰ এই ক্ষিপ্ৰ বিকাশৰ মূল চালিকা শক্তি আছিল অৰ্থনীতিৰ দ্বিতীয়ক (ম্যানুফেকচাৰিং) আৰু তৃতীয়ক (সেৱা) খণ্ড । স্থিৰ মূল্যত এই খণ্ড দুটাৰ বিকাশৰ হাৰ আছিল ক্ৰমে ৮.৮ শতাংশ আৰু ৯.৩ শতাংশ । আনহাতে, মূলতঃ কৃষি আৰু মীনপালনৰ সৱল সমৰ্থনত প্ৰাথমিক খণ্ডই ৩.২ শতাংশ বিকাশ পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে ।

অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে, বিশ্বজুৰি চলি থকা তীব্ৰ অৰ্থনৈতিক মন্থৰতা আৰু ভূ-ৰাজনৈতিক উত্তেজনাৰ মাজত ভাৰতৰ এই বাৰ্ষিক বিকাশ সঁচাকৈয়ে প্ৰশংসনীয় । এই প্ৰদৰ্শনে অনাগত দিনত ভাৰতক বিশ্বৰ এক অন্যতম সুস্থিৰ আৰু শক্তিশালী অৰ্থনীতি হিচাপে প্ৰতিষ্ঠা কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ সংকল্প প্ৰধানমন্ত্ৰী মোদীৰ, ‘এক পেড় মা কে নাম’ পদক্ষেপৰ প্ৰশংসা

নতুন দিল্লীত মোদী-ৰড্ৰিগোজৰ উচ্চস্তৰীয় বৈঠক; ভাৰত-ভেনিজুৱেলাৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ সংকল্প

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ৰাজধানীৰ হায়দৰাবাদ হাউচত ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজক সাক্ষাৎ কৰে

ভাৰত আৰু দক্ষিণ আমেৰিকাৰ দেশ ভেনিজুৱেলাৰ মাজত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ৰাজধানীৰ হায়দৰাবাদ হাউচত ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজক সাক্ষাৎ কৰে । এই উচ্চস্তৰীয় বৈঠকত দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ সামগ্ৰিক দিশ পৰ্যালোচনা কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে বিশদ আলোচনাত মিলিত হয় ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় (MEA)এ প্ৰকাশ কৰা অনুসায়ী, এই বৈঠকত বিশেষকৈ শক্তি সুৰক্ষা, বাণিজ্য আৰু বিনিয়োগ, ফাৰ্মাচিউটিকেল, স্বাস্থ্যসেৱা, পৰিবহন আৰু নৱীকৰণযোগ্য শক্তি খণ্ডৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে । এই আলোচনাই আগন্তুক দিনবোৰত দুয়োখন দেশৰ অংশীদাৰিত্বক এক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সৈতে বৈঠক-

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পূৰ্বে ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰৰ সৈতেও এক বৈঠকত মিলিত হয় । বৈঠকৰ অন্তত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে চচিয়েল মিডিয়া প্লেটফৰ্ম X-ত (পূৰ্বৰ টুইটাৰ) এক পোষ্টৰ জৰিয়তে সন্তোষ প্ৰকাশ কৰে । তেওঁ উল্লেখ কৰে যে নতুন দিল্লীত কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজক সাক্ষাৎ কৰি তেওঁ অত্যন্ত আনন্দিত । ভাৰত-ভেনিজুৱেলা সম্পৰ্কৰ প্ৰতি ৰড্ৰিগোজৰ দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিক তেওঁ গভীৰভাৱে শলাগ লয় । জয়শংকৰে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা এই বৈঠকে দুয়োখন দেশৰ মাজৰ পাৰস্পৰিক সহযোগিতাক এক নতুন মাত্ৰা দিব ।

৫ দিনীয়া আনুষ্ঠানিক ভাৰত ভ্ৰমণ-

উল্লেখযোগ্য যে, দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে যোৱা বুধবাৰে এক ৫ দিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীত উপস্থিত হৈছিল । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জাননী অনুসায়ী, ৩ জুনৰ পৰা ৭ জুনলৈ তেওঁৰ এই আনুষ্ঠানিক ভ্ৰমণসূচী নিৰ্ধাৰণ কৰা হৈছে । নতুন দিল্লীত উপস্থিত হোৱাৰ পিছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তেওঁক উষ্ম আদৰণি জনায় আৰু কয় যে এই ভ্ৰমণে দুয়োখন দেশৰ বাবে দ্বিপাক্ষিক অংশীদাৰিত্বৰ গতিবেগ বৃদ্ধি কৰাৰ এক সোণালী সুযোগ আনিব ।

পূৰ্বৰ পৰিকল্পনা অনুসায়ী, ৰড্ৰিগোজে ১ জুনত অনুষ্ঠিত হ’বলগীয়া ‘আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স’ সন্মিলনত অংশ লবলৈ ভাৰতলৈ অহাৰ কথা আছিল । কিন্তু কিছু অপৰিহাৰ্য কাৰণবশতঃ উক্ত সন্মিলন পিছুৱাই দিয়াৰ বাবে তেওঁ বৰ্তমান এই আনুষ্ঠানিক কৰ্মৰত ভ্ৰমণসূচী হাতত লৈছে ।

উচ্চস্তৰীয় প্ৰতিনিধি দলৰ অংশগ্ৰহণ-

ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে এই ভ্ৰমণত দেশখনৰ এক উচ্চস্তৰীয় প্ৰতিনিধি দলো ভাৰতলৈ আহিছে । এই দলটোত ভেনিজুৱেলাৰ :

-বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

-অৰ্থনীতি আৰু বিত্ত মন্ত্ৰী

-বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী

-যোগাযোগ আৰু তথ্য মন্ত্ৰী, আৰু

-পৰিবহন মন্ত্ৰী অন্তৰ্ভুক্ত আছে

ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, এই উচ্চস্তৰীয় প্ৰতিনিধি দলটোৰ উপস্থিতিয়ে স্পষ্ট কৰে যে ভেনিজুৱেলাই ভাৰতৰ সৈতে অৰ্থনৈতিক, প্ৰযুক্তিগত আৰু কূটনৈতিক সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে । আগন্তুক দিনত দুই দেশৰ মাজত বাণিজ্যিক লেনদেন আৰু কৌশলগত সহযোগিতা আৰু অধিক মজবুত হ’ব বুলি ৰাজনৈতিক মহলত চৰ্চা হৈছে ।

লগতে পঢ়ক : ভাৰত-নেপাল সীমান্ত বিবাদ : ‘কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ গ্ৰহণ কৰা নহ’ব’, নতুন দিল্লীৰ স্পষ্ট হুংকাৰ

‘মন কী বাত’ত প্ৰধানমন্ত্ৰী: ইতিহাস ৰচা স্প্ৰীণ্টাৰ গুৰিন্দৰবীৰ আৰু অনিমেষক মোদীৰ প্ৰশংসা!

অনাতাৰ অনুষ্ঠান ‘মন কী বাত’ত দেশৰ ক্ৰীড়াক্ষেত্ৰৰ এক অভূতপূৰ্ব সাফল্যৰ কথাৰে নিজৰ বক্তব্য আৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তেওঁৰ জনপ্ৰিয় অনাতাৰ অনুষ্ঠান ‘মন কী বাত’ত দেশৰ ক্ৰীড়াক্ষেত্ৰৰ এক অভূতপূৰ্ব সাফল্যৰ কথাৰে নিজৰ বক্তব্য আৰম্ভ কৰে । অলপতে ৰাঁচীত অনুষ্ঠিত ২৯ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিক্ছ ফেডাৰেচন প্ৰতিযোগিতা ২০২৬ ত ভাৰতীয় এথলিটসকলৰ অনবদ্য প্ৰদৰ্শনক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মাত্ৰ দুদিনৰ ভিতৰতে ১০০ মিটাৰ দৌৰৰ ৰাষ্ট্ৰীয় অভিলেখ তিনিবাৰকৈ ভংগ হৈছে । এই ঐতিহাসিক ক্ষণক চুই চাই প্ৰধানমন্ত্ৰীয়ে দেশৰ দুই তাৰকা স্প্ৰীণ্টাৰ গুৰিন্দৰবীৰ সিং আৰু অনিমেষ কুজুৰৰ সৈতে পোনপটীয়া বাৰ্তালাপত মিলিত হয় ।

প্ৰধানমন্ত্ৰীৰ সৈতে ক্ৰীড়াবিদদ্বয়ৰ বাৰ্তালাপ :

ক্ৰীড়াংগনৰ প্ৰতিদ্বন্দ্বিতা আৰু বন্ধুত্ব অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বাৰ্তালাপত গুৰিন্দৰবীৰ সিং আৰু অনিমেষ কুজুৰে তেওঁলোকৰ কঠিন অনুশীলন, পাৰস্পৰিক বন্ধুত্ব আৰু ট্ৰেকৰ স্বাস্থ্যকৰ প্ৰতিযোগিতাৰ বিষয়ে মুকলিকৈ কথা পাতে । ভাৰতীয় নৌসেনাত কৰ্মৰত গুৰিন্দৰবীৰে প্ৰধানমন্ত্ৰীক কয় যে খেলপথাৰৰ বাহিৰত তেওঁলোক অত্যন্ত ভাল বন্ধু আৰু অনুশীলনীৰ সময়ত ইজনে সিজনক সহায় কৰে, কিন্তু যেতিয়াই ট্ৰেকত দৌৰ আৰম্ভ হয়, তেতিয়া তেওঁলোক কেৱল নিষ্ঠাবান প্ৰতিদ্বন্দ্বী ।

প্ৰধানমন্ত্ৰীৰ আগত গুৰিন্দৰবীৰে শ্বেয়াৰ কৰিলে ল’ৰালিৰ আৱেগিক কাহিনী কথা প্ৰসংগত ২৫ বছৰীয়া খেলুৱৈ গুৰিন্দৰবীৰে প্ৰধানমন্ত্ৰী মোদীৰ আগত নিজৰ ল’ৰালি কালৰ এটা আৱেগিক স্মৃতি ৰোমন্থন কৰে । তেওঁ জনায় যে সৰুতে যেতিয়া তেওঁৰ মতাকে দূৰদৰ্শন (টিভি) চোৱাত বাধা দি পঢ়া-শুনাত গুৰুত্ব দিবলৈ কৈছিল, তেতিয়া তেওঁ মাকক দৃঢ়তাৰে কৈছিল যে এদিন মাকে তেওঁক দূৰদৰ্শনৰ পৰ্দাত দেখিবলৈ পাব । আজি সমগ্ৰ দেশে তেওঁৰ সাফল্য টিভিত দেখা পাইছে । ক্ৰীড়াবিদগৰাকীয়ে আনন্দৰে কয়, “আজি যেতিয়া তেওঁলোকে মোক দূৰদৰ্শনত দেখে, মোৰ বৰ ভাল লাগে ।”

ৰাঁচীত কেনেকৈ সৃষ্টি হৈছিল ইতিহাস ?

ৰাঁচীৰ ট্ৰেকত এইবাৰ এক বিৰল ড্ৰামা দেখিবলৈ পোৱা গৈছিল । প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত গুৰিন্দৰবীৰে ১০.১৭ ছেকেণ্ড লৈ সাময়িকভাৱে এটা নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল, কিন্তু তাৰ কিছু সময় পিছতে সতীৰ্থ স্প্ৰীণ্টাৰ অনিমেষ কুজুৰে ১০.১৫ ছেকেণ্ডৰ প্ৰচেষ্টাৰে তাক অতিক্ৰম কৰে । অৱশ্যে ফাইনেলত গুৰিন্দৰবীৰে ১০.০৯ ছেকেণ্ডৰ এক চাঞ্চল্যকৰ আৰু ঐতিহাসিক সমাপ্তিৰে দৃঢ়তাৰে নিজৰ অভিলেখ পুনৰ ঘূৰাই আনে । ইয়াৰ লগে লগে তেওঁ ১০.১০ ছেকেণ্ডৰ সীমা অতিক্ৰম কৰা ভাৰতৰ প্ৰথমগৰাকী পুৰুষ স্প্ৰীণ্টাৰ হিচাপে পৰিগণিত হয় ।

কমনৱেলথ-এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন আৰু ক্ৰীড়া মন্ত্ৰীৰ অভিনন্দন গুৰিন্দৰবীৰৰ এই উল্লেখনীয় প্ৰচেষ্টাই কেৱল ৰাষ্ট্ৰীয় অভিলেখেই নতুনকৈ নিলিখিলে, বৰঞ্চ ইয়াৰ জৰিয়তে তেওঁ আৰু অনিমেষ দুয়োজনে গ্লাছগো কমনৱেলথ গেমছ আৰু এছিয়ান গেমছৰ বাবেও যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

এই অভূতপূৰ্ব সাফল্যৰ পিছতে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডৱীয়ায়ো ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘X’ (পূৰ্বৰ টুইটাৰ) ত খেলুৱৈগৰাকীক অভিনন্দন জনায়। মন্ত্ৰীগৰাকীয়ে লিখে— “১০.০৯ ছেকেণ্ড! গুৰিন্দৰবীৰ সিং, আপুনি ইতিহাস পুনৰ লিখিলে। সমগ্ৰ দেশে আপোনাক লৈ অত্যন্ত গৌৰৱি !” প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ত আজি এই দুই ক্ৰীড়াবিদৰ কাহিনীয়ে সমগ্ৰ দেশবাসীক অনুপ্ৰাণিত কৰি তুলিছে ।

লগতে পঢ়ক : দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে

অসমৰ সৰ্বাংগীন উন্নয়নৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে ।

দিল্লীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (PMO) এই সাক্ষাতৰ বিষয়ে ‘এক্স’ যোগে তথ্য প্ৰকাশ কৰিছে । উল্লেখ্য যে, দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীক প্ৰথমবাৰৰ বাবে সাক্ষাৎ কৰে ।

প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাতৰ পিছত এক্স-ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লিখিছে- ‘আজি নতুন দিল্লীত সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাক্ষাৎ কৰিবলৈ পাই মই অতি গৌৰৱান্বিত অনুভৱ কৰিছোঁ । মই তেখেতক এন ডি এ ৩.০ চৰকাৰৰ অধীনত অসমত আমি আৰম্ভ কৰা কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰিলোঁ, তেখেতৰ নিৰন্তৰ সমৰ্থনৰ বাবে ধন্যবাদ জনালোঁ আৰু অনাগত দিনবোৰত তেখেতৰ আশীৰ্বাদ তথা দিহা-পৰামৰ্শ লাভৰ বাবে প্ৰাৰ্থনা জনালোঁ ।‘

ইয়াৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই এক্স-ত জনায়- ‘সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱক ডাঙৰীয়াৰ সৈতে সাক্ষাৎ সদায় আনন্দদায়ক আৰু জ্ঞানবৰ্ধক । অসমত ৰে’ল নেটৱৰ্ক আৰু ৰে’ল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ সন্দৰ্ভত আমি আলোচনা কৰিলোঁ- ইয়াৰ ভিতৰত চলি থকা ১,৩০০ কিলোমিটাৰৰো অধিক ট্ৰেক সম্প্ৰসাৰণ আৰু ৫০টাতকৈও অধিক অমৃত ভাৰত ষ্টেচনৰ কাম অন্তৰ্ভুক্ত আছে ।‘

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২৩ মে’ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই দিল্লীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰিছিল । মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতিপথ সন্দৰ্ভত আলোচনাত মিলিত হয় ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিগত পাঁচ বছৰ ধৰি অসমৰ উন্নয়নত কেন্দ্ৰীয় চৰকাৰে আগবঢ়াই অহা নিৰন্তৰ সমৰ্থনৰ বাবে বিত্ত মন্ত্ৰীগৰাকীক ধন্যবাদ জনায় । তেওঁ লগতে এক্স-ত কয়, “আজি কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি অনাগত দিনবোৰত অসমৰ বিকাশ আৰু উন্নয়নৰ যাত্ৰাৰ ৰোডমেপ সন্দৰ্ভত ফলপ্ৰসূ আলোচনা কৰিলোঁ ।”

লগতে পঢ়ক : ‘এক জিলা, তিনি প্ৰতিষ্ঠান’: প্ৰতিখন জিলাতে চিকিৎসা, অভিযান্ত্ৰিক আৰু বিশ্ববিদ্যালয় স্থাপনৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ

নৰৱেৰ সৰ্বোচ্চ সন্মান ‘গ্ৰেণ্ড ক্ৰছ’ৰে বিভূষিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী মোদী বৰ্তমান ১৫ ৰ পৰা ২০ মে’লৈ আয়োজিত এক গুৰুত্বপূৰ্ণ পাঁচখন দেশৰ ভ্ৰমণসূচীত আছে

পাঁচদিনীয়া বিদেশ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত নৰৱেত উপস্থিত হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সোমবাৰে দেশখনৰ এক সৰ্বোচ্চ সন্মানেৰে বিভূষিত কৰা হয় । নৰৱেৰ ৰজা হাৰাল্ড পঞ্চমে প্ৰধানমন্ত্ৰী মোদীক ‘গ্ৰেণ্ড ক্ৰছ অৱ দি ৰয়েল নৰৱেজিয়ান অৰ্ডাৰ অৱ মেৰিট’ (Grand Cross of the Royal Norwegian Order of Merit) সন্মান প্ৰদান কৰে ।

নৰৱে আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ সেৱা আৰু বিশেষ অৱদানৰ স্বীকৃতিস্বৰূপ প্ৰধানমন্ত্ৰীগৰাকীক এই সৰ্বোচ্চ সন্মান আগবঢ়োৱা হয় । উল্লেখ্য যে, এই নতুন স্বীকৃতিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ কাৰ্যকালত বিভিন্ন বিদেশী ৰাষ্ট্ৰৰ পৰা লাভ কৰা আন্তঃৰাষ্ট্ৰীয় সন্মানৰ সংখ্যা ৩২ খনলৈ বৃদ্ধি পালে ।

ৰয়েল নৰৱেজিয়ান অৰ্ডাৰ অৱ মেৰিটৰ ইতিহাস আৰু নিয়ম-

১৯৮৫ চনত নৰৱেৰ তদানীন্তন ৰজা ওলাভ পঞ্চমে এই সন্মানৰ প্ৰতিষ্ঠা কৰিছিল । নৰৱে তথা সমগ্ৰ মানৱজাতিৰ স্বাৰ্থত ব্যতিক্ৰমী সেৱা আগবঢ়োৱা দেশখনৰ নাগৰিকৰ লগতে বিদেশী বিশিষ্ট ব্যক্তিসকলকো এই সন্মানেৰে ভূষিত কৰা হয় । এই সন্মানৰ প্ৰতীকচিহ্ন বা ইনচিগ্নিয়াটো সোণ বা ৰূপৰে নিৰ্মিত ‘ছেইণ্ট ওলাভৰ ক্ৰছ’ আৰ্হিৰ, যাৰ চাৰিওটা চুকত মুকুট আৰু কেন্দ্ৰভাগত ৰজা ওলাভ প্ৰথমৰ মনোগ্ৰাম সম্বলিত এটা ৰঙা ক্ৰছ থাকে ।

প্ৰট’কল অনুসৰি, এই অৰ্ডাৰৰ বিভিন্ন স্তৰসমূহ পিন্ধাৰ সুকীয়া নিয়ম আছে । ‘নাইটছ ক্ৰছ’ বুকৰ বাওঁফালে পিন্ধা হয় আৰু ‘কমাণ্ডাৰ্ছ ক্ৰছ’ ডিঙিত ফিতাৰে ওলমাই দিয়া হয় । আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা সৰ্বোচ্চ স্তৰ ‘গ্ৰেণ্ড ক্ৰছ’ সোঁ কান্ধৰ পৰা বাওঁফাললৈ বিস্তৃত এখন বহল কাপোৰ বা সেশ্বৰ (Sash) সৈতে পিন্ধা হয় । মহিলা প্ৰাপকসকলৰ ক্ষেত্ৰত অৱশ্যে এইসমূহ বাওঁ বুকুত এটা ধেনু আকৃতিৰ ফিতাৰ (Ribbon bow) সৈতে সংলগ্ন কৰাৰ পৰম্পৰা আছে ।

পাঁচদিনীয়া বিদেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী-

প্ৰধানমন্ত্ৰী মোদী বৰ্তমান ১৫ ৰ পৰা ২০ মে’লৈ আয়োজিত এক গুৰুত্বপূৰ্ণ পাঁচখন দেশৰ ভ্ৰমণসূচীত আছে । ইউ এ ই, নেদাৰলেণ্ড আৰু চুইডেন ভ্ৰমণ সমাপ্ত কৰি চতুৰ্থ পৰ্যায়ত তেওঁ নৰৱেৰ ৰাজধানী অছ’ল’ত উপস্থিত হৈছে । ইয়াৰ পূৰ্বে চুইডেন ভ্ৰমণকালতো প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ সৰ্বোচ্চ সন্মান “ৰয়েল অৰ্ডাৰ অৱ পোলাৰ ষ্টাৰ কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ” প্ৰদান কৰা হৈছিল, যিটো চুইডেন চৰকাৰে কোনো বিদেশী চৰকাৰৰ মুৰব্বীক প্ৰদান কৰা সৰ্বোচ্চ স্বীকৃতি ।

নৰৱে ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে তৃতীয় ‘ভাৰত-নৰ্ডিক সন্মিলন’ত অংশগ্ৰহণ কৰিব । নৰৱেৰ কাৰ্যসূচী অন্ত পৰাৰ পিছত, তেওঁ এই ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত ইটালী অভিমুখে ৰাওনা হ’ব ।

লগতে পঢ়ক : ৪৩ বছৰৰ পাছত নৰৱেত ভাৰতৰ প্ৰধানমন্ত্ৰী; ওচলোত উষ্ম আদৰণি নৰেন্দ্ৰ মোদীক

অসমৰ বাবে এক মহান দিন: দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা হিমন্ত বিশ্ব শৰ্মাক প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড° শৰ্মাক অভিনন্দন জ্ঞাপন কৰে

অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি আজি ড° হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এক বৰ্ণাঢ্য অনুষ্ঠানত তেওঁক এই পদৰ শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপালে ।

প্ৰধানমন্ত্ৰীৰ অভিনন্দন-

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড° শৰ্মাক অভিনন্দন জ্ঞাপন কৰে । সামাজিক মাধ্যম ‘এক্স’ত প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখে, “অসমৰ বাবে এক মহান দিন! ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে এনডিএ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছে । ড° হিমন্ত বিশ্ব শৰ্মা জীক শপত গ্ৰহণৰ বাবে অভিনন্দন । তেওঁ এজন দক্ষ প্ৰশাসক হিচাপে পৰিচয় দিছে আৰু ৰাজ্যখনৰ বাবে অগ্ৰণী কাম কৰিছে ।”

নতুন মন্ত্ৰীসভাৰ সদস্যসকল-

মুখ্যমন্ত্ৰীৰ সৈতে আন চাৰিজন মন্ত্ৰীয়েও আজি শপত গ্ৰহণ কৰে । তেওঁলোকৰ ভিতৰত আছে :

-ৰামেশ্বৰ তেলী (বিজেপি)

-অজন্তা নেওগ (বিজেপি)

-অতুল বৰা (অসম গণ পৰিষদ)

-চৰণ বড়ো (বড়োলেণ্ড পিপলছ ফ্ৰণ্ট)

প্ৰধানমন্ত্ৰীয়ে নৱনিযুক্ত মন্ত্ৰীসকলকো অভিনন্দন জনাই অসমৰ উন্নয়নৰ গতিধাৰা অধিক শক্তিশালী কৰিবলৈ আহ্বান জনায় । উল্লেখ্য যে, বিজেপিৰ জ্যেষ্ঠ নেতা ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে ।

ভিআইপিৰ উপস্থিতিত উখল-মাখল খানাপাৰা-

আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত দেশৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে । প্ৰধানমন্ত্ৰী মোদীৰ উপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ সভাপতি নীতিন নবীনৰ লগতে এনডিএ শাসিত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলে এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰয় ।

উল্লেখ্য যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটে অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে । ১২৬ খন আসনৰ ভিতৰত ১০২ খন আসন লাভ কৰি মিত্ৰজোঁটে তিনি-চতুৰ্থাংশ সংখ্যাগৰিষ্ঠতা দখল কৰিবলৈ সক্ষম হয় । ড° হিমন্ত বিশ্ব শৰ্মাই নিজেও নিজৰ সমষ্টিত ৮০,০০০ তকৈ অধিক ভোটৰ বৃহৎ ব্যৱধানত জয়ী হৈ ৰাজ্যিক ৰাজনীতিত তেওঁৰ অপ্ৰতিৰোধ্য স্থিতি প্ৰমাণ কৰিছে ।

বিজয়োৎসৱৰ ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই এই সফলতাৰ কৃতিত্ব প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত চলা “ডাবল ইঞ্জিন” চৰকাৰক প্ৰদান কৰে আৰু আগন্তুক দিনত অসমক দেশৰ ভিতৰতে এক আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্প দোহাৰে ।

লগতে পঢ়ক : অসমত এন ডি এ ৩.০: পুনৰ হিমন্ত যুগৰ আৰম্ভণি, মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ

দৈনন্দিন জীৱনত আমদানিকৃত সামগ্ৰীৰ নিৰ্ভৰশীলতা ত্যাগ কৰিবলৈ দেশবাসীক প্ৰধানমন্ত্ৰীৰ আহ্বান

প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ সম্পদৰ ওপৰত পৰা বোজা হ্ৰাস কৰিবলৈ সকলোকে সামূহিক দায়িত্ব ল’বলৈ অনুৰোধ জনায়

পশ্চিম এছিয়াৰ বৰ্তমানৰ উত্তপ্ত পৰিস্থিতি আৰু ইয়াৰ ফলত দেশৰ অৰ্থনীতিত পৰিব পৰা প্ৰভাৱক লৈ দেশবাসীক সজাগ হ’বলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । সোমবাৰে গুজৰাটৰ বদোদৰাত এক বিশাল জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ সম্পদৰ ওপৰত পৰা বোজা হ্ৰাস কৰিবলৈ সকলোকে সামূহিক দায়িত্ব ল’বলৈ অনুৰোধ জনায় ।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ক’ভিড মহামাৰী আৰু গোলকীয় অৰ্থনৈতিক প্ৰত্যাহ্বানৰ পিছত পশ্চিম এছিয়াৰ শেহতীয়া সংঘাত বিশ্বৰ বাবে আন এক ডাঙৰ সংকট । তেওঁ কয়, “ভাৰত এই অশান্ত পৰিস্থিতিৰ পৰা অস্পৰ্শ নহয় । গোলকীয় যোগান শৃংখলা ব্যাহত হোৱাৰ লগতে আমদানি কৰা সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে । এনে সময়ত আমি সকলোৱে একগোট হৈ বৈদেশিক মুদ্ৰাৰ ব্যয় হ্ৰাস কৰাটো প্ৰয়োজনীয় ।”

আমদানি হ্ৰাস আৰু স্বনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব-

প্ৰধানমন্ত্ৰী মোদীয়ে খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা কম কৰিবলৈ পেট্ৰ’ল-ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হ’বলৈ পৰামৰ্শ দিয়ে । তেওঁ ৰাইজক ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰা, কাৰ-পুলিং কৰা আৰু বৈদ্যুতিক বাহনক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায় । ইয়াৰ উপৰিও, বৈদেশিক মুদ্ৰা ৰাহি কৰিবলৈ বৰ্তমানৰ বাবে সোণ ক্ৰয় স্থগিত ৰাখিবলৈও তেওঁ দেশবাসীক অনুৰোধ কৰে ।

দৈনন্দিন জীৱনত সৰু সংকল্পৰ শক্তি-

“যিদৰে টোপাল টোপাল পানীৰে কলহ ভৰে, তেনেদৰে আমাৰ সৰু সৰু পদক্ষেপে দেশৰ অৰ্থনীতি সবল কৰিব,”—প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে । তেওঁ চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডতে ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰি ভাৰ্চুৱেল মিটিং আৰু ‘ৱৰ্ক ফ্ৰম হোম’ সংস্কৃতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে ।

‘ভোকাল ফৰ লোকেল’ক জনআন্দোলন কৰাৰ আহ্বান-

বিদেশী সামগ্ৰীৰ পৰিৱৰ্তে স্থানীয় সামগ্ৰী আদৰি ল’বলৈ আহ্বান জনাই মোদীয়ে কয় যে ‘ভোকাল ফৰ লোকেল’ক কেৱল শ্লোগান নহয়, বৰঞ্চ এক জনআন্দোলনত পৰিণত কৰিব লাগে । ইয়াৰ দ্বাৰা দেশৰ থলুৱা উদ্যোগীসকল উপকৃত হ’ব আৰু আমদানিৰ নিৰ্ভৰশীলতা হ্ৰাস পাব ।

প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আশ্বাস দি কয় যে যিদৰে ভাৰতে ক’ভিডৰ দৰে ভয়াবহ সংকট অতিক্ৰম কৰিছিল, একেদৰে সমূহীয়া প্ৰচেষ্টাৰে এই বৰ্তমানৰ প্ৰত্যাহ্বানো অতিক্ৰম কৰিবলৈ সক্ষম হ’ব । চৰকাৰে জনসাধাৰণৰ ওপৰত যাতে গোলকীয় সংকটৰ প্ৰভাৱ নূন্যতম হয়, তাৰ বাবে অহৰহ কাম কৰি আছে বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : পশ্চিম এছিয়াৰ সংকটক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী; দেশবাসীক পুনৰ “ভকেল ফৰ লোকেল” হোৱাৰ আহ্বান

বিজেপিৰ জয়যাত্ৰাত উৎফুল্লিত প্ৰধানমন্ত্ৰী: ‘পশ্চিম বংগ-অসমৰ ফলাফলে দেশজুৰি সৃষ্টি কৰিছে উৎসাহৰ জোৱাৰ’

প্ৰধানমন্ত্ৰীয়ে কয়, পশ্চিম বংগ, অসম আৰু পুডুচেৰীৰ ফলাফলে কেৱল জয়কে সূচোৱা নাই, বৰঞ্চ সমগ্ৰ দেশতে এক নতুন উৎসাহৰ সঞ্চাৰ কৰিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে পশ্চিম বংগ, অসম আৰু পুডুচেৰীৰ নিৰ্বাচনী ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ কৰি কয় যে এই ফলাফলে সমগ্ৰ দেশতে এক ইতিবাচক আৰু উৎসাহজনক পৰিৱেশৰ সৃষ্টি কৰিছে । গুজৰাটৰ বদোদৰাত চৰ্দাৰধাম হোষ্টেল উদ্বোধন কৰি আগবঢ়োৱা ভাষণত তেওঁ দলীয় কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমক প্ৰশংসা কৰাৰ লগতে গুজৰাটৰ শেহতীয়া স্থানীয় নিকায় আৰু পঞ্চায়ত নিৰ্বাচনৰ সাফল্যকো সোঁৱৰণ কৰে ।

প্ৰধানমন্ত্ৰীয়ে কয়, “পশ্চিম বংগ, অসম আৰু পুডুচেৰীৰ ফলাফলে কেৱল জয়কে সূচোৱা নাই, বৰঞ্চ সমগ্ৰ দেশতে এক নতুন উৎসাহৰ সঞ্চাৰ কৰিছে । আপোনালোক সকলোৱে মিলি এক ইতিহাস ৰচনা কৰিছে। গুজৰাটৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলবোৰো আছিল অতি আশ্চৰ্যকৰ আৰু এইবোৰৰ চৰ্চা এতিয়া সমগ্ৰ দেশতে চলিছে ।”

ৰাজনৈতিক স্থিৰতা আৰু অৰ্থনৈতিক বিকাশ-

গুজৰাটৰ জনসাধাৰণৰ ৰাজনৈতিক দূৰদৰ্শিতাৰ শলাগ লৈ মোদীয়ে কয় যে গুজৰাটে সদায় ৰাজনৈতিক স্থিৰতাক অগ্ৰাধিকাৰ দি আহিছে । তেওঁৰ মতে, য’তেই স্থিৰ চৰকাৰ থাকে, তাতেই অৰ্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত হয় । গুজৰাটে এই সত্যটো বহু আগতেই বুজি পাইছিল বাবেই আজি ৰাজ্যখনৰ উন্নয়ন আৰু নিৰ্বাচনী ফলাফলত ইয়াৰ প্ৰতিফলন ঘটিছে । নিজৰ গৃহ ৰাজ্যলৈ আহি তেওঁ যথেষ্ট আৱেগিক হৈ পৰে আৰু কয়, “আপোনালোকৰ মাজলৈ অহাটো মোৰ বাবে ঘৰলৈ উভতি অহাৰ দৰে এক গভীৰ আনন্দৰ অভিজ্ঞতা ।”

সোমনাথত অমৃত মহোৎসৱ-

বদোদৰাৰ অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে পবিত্ৰ সোমনাথ মন্দিৰত ‘সোমনাথ অমৃত মহোৎসৱ’ত অংশগ্ৰহণ কৰে । পুনৰ নিৰ্মিত সোমনাথ মন্দিৰ উদ্বোধনৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এই বিশেষ অনুষ্ঠানত তেওঁ বিশেষ মহাপূজাত অংশ লয় । ইয়াৰ উপৰিও কুম্ভাভিষেক আৰু ধ্বজাৰোহণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ দেশৰ সমৃদ্ধি আৰু শান্তিৰ বাবে প্ৰাৰ্থনা জনায়। ভাৰতীয় সভ্যতাৰ ঐতিহ্যৰ প্ৰতীক হিচাপে সোমনাথ মন্দিৰৰ গুৰুত্বৰ কথা উল্লেখ কৰি তেওঁ এই দিনটোক ঐতিহাসিক বুলি অভিহিত কৰে ।

লগতে পঢ়ক : পশ্চিম এছিয়াৰ সংকটক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী; দেশবাসীক পুনৰ “ভকেল ফৰ লোকেল” হোৱাৰ আহ্বান