ইজৰাইলৰ বিৰুদ্ধে ক্ষুদ্ধ ইৰাণৰ বৃহৎ প্ৰত্যুত্তৰ; কেইবাখনো চহৰত জৰুৰী অৱস্থা

ইজৰাইলৰ বিৰুদ্ধে ক্ষুদ্ধ ইৰাণৰ বৃহৎ প্ৰত্যুত্তৰ

ইৰাণৰ তিনিটাকৈ পাৰমাণৱিক স্থানত আক্ৰমণ কৰিছে আমেৰিকাই । এই আক্ৰমণৰ পিছতে ক্ষুদ্ধ ইৰাণে ইজৰাইলক ডাঙৰ প্ৰত্যুত্তৰ দিছে । ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি বিপুল ধ্বংসলীলাৰ সৃষ্টি কৰিছে ইৰাণে । ইজৰাইল চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ পৰা ইজৰাইললৈ কমেও ৩০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে । আই ডি এফে টেলিগ্ৰামযোগে কয় যে, “ইজৰাইল ৰাষ্ট্ৰৰ ফালে আন এক ক্ষেপণাস্ত্ৰৰ ঢৌ নিক্ষেপ কৰা হৈছে । জনসাধাৰণক হোম ফ্ৰন্ট কমাণ্ডৰ নিৰ্দেশনা অনুসৰণ কৰি যাবলৈ অনুৰোধ কৰা হৈছে ।”

আই ডি এফে এই আক্ৰমণৰ ফুটেজ আৰু স্থানসমূহ শ্বেয়াৰ কৰিব নালাগে বুলিও জোৰ দিয়ে । ইৰাণৰ এই বেৰেজ আক্ৰমণৰ শব্দ টেল আভিভ, হাইফা আৰু জেৰুজালেমত শুনা যায় । লগতে ইজৰাইলৰ বহু অঞ্চলক সতৰ্ক কৰি দিয়া হৈছে আৰু চাইৰেন বাজিছে ।

আমেৰিকাৰ আক্ৰমণৰ পিছত ইৰাণৰ আগ্ৰাসনে সৃষ্টি কৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি বিষয়াসকলে জনসাধাৰণক হোম ফ্ৰন্ট কমাণ্ডৰ নিৰ্দেশনা মানি চলিবলৈ কৈছে । বৰ্তমান বায়ুসেনাই য’তেই প্ৰয়োজন হয় তাতেই বাধা আৰু আক্ৰমণ কৰি ভাবুকি নিষ্ক্ৰিয় কৰিবলৈ কাম কৰি আছে ।

ইজৰাইলৰ প্ৰতিৰক্ষা বিষয়াসকলে কয় যে আকাশত এই আক্ৰমণ সম্পূৰ্ণৰূপে বন্ধ কৰিব নোৱাৰি, গতিকে জনসাধাৰণে হোম ফ্ৰন্ট কমাণ্ডৰ নিৰ্দেশনা মানি চলিব লাগে ।

ইজৰাইলৰ সংবাদ মাধ্যমে ইৰাণৰ শেহতীয়া আক্ৰমণত প্ৰায় ২৫টা ক্ষেপণাস্ত্ৰৰ বাতৰি প্ৰকাশ কৰিছে । ইৰাণৰ পৰা ইজৰাইলৰ ভূখণ্ডৰ ফালে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ চিনাক্ত কৰা বুলি ইজৰাইলী সেনাই কয় আৰু তেওঁলোকৰ প্ৰতিৰক্ষা ব্যৱস্থাই এই ভাবুকি ৰোধৰ বাবে কাম কৰি আছে বুলি কয় । বাংকাৰ আৰু সংৰক্ষিত অঞ্চললৈ গৈ পৰৱৰ্তী জাননী নিদিয়ালৈকে তাত থাকিবলৈও কোৱা হৈছে ।

লগতে পঢ়ক : আমেৰিকাৰ আক্ৰমণত ক্ষতি হোৱা নাই কোনো পাৰমাণৱিক ঘাটীৰ; ইৰাণৰ দাবী

আমেৰিকাৰ আক্ৰমণত ক্ষতি হোৱা নাই কোনো পাৰমাণৱিক ঘাটীৰ; ইৰাণৰ দাবী

আমেৰিকাৰ আক্ৰমণত ক্ষতি হোৱা নাই কোনো পাৰমাণৱিক ঘাটী

ইজৰাইল আৰু ইৰাণৰ মাজত হোৱা যুদ্ধত এনে এটা ঘটনা সংঘটিত হৈছে যাৰ ওপৰত সমগ্ৰ বিশ্বৰ চকু আছিল । এতিয়া আমেৰিকাও এই যুদ্ধত প্ৰৱেশ কৰিছে । ইৰাণৰ পাৰমাণৱিক ঘাটী ফৰ্ডো, ইছফাহান আৰু নাটাঞ্জ আক্ৰমণ কৰিছে আমেৰিকাই । এই আক্ৰমণ নিশা প্ৰায় ২:৩০ বজাত সংঘটিত হৈছিল, য’ত আমেৰিকাই ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সম্পূৰ্ণৰূপে ধ্বংস কৰা বুলি দাবী কৰিছিল । আনহাতে, এই আক্ৰমণৰ ফলত হোৱা ক্ষতি সন্দৰ্ভত ইৰাণৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে । ইৰাণৰ ৰাষ্ট্ৰীয় পাৰমাণৱিক সুৰক্ষা ব্যৱস্থা কেন্দ্ৰই প্ৰকাশ কৰিছে যে এই আক্ৰমণৰ পিছত ক’তো তেজস্ক্ৰীয় বিকিৰণৰ কোনো লক্ষণ পোৱা নগ’ল । আনহাতে ছৌদি আৰবেও ইৰাণৰ এই দাবী নিশ্চিত কৰি তাত কোনো ধৰণৰ বিকিৰণ পোৱা নাই বুলি দাবী কৰে ।

ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে, কেন্দ্ৰটোত থকা সকলো ৰেডিয়চন ডিটেক্টৰৰ অৱস্থা স্বাভাৱিক আৰু এতিয়ালৈকে কোনো ধৰণৰ ৰেডিয়েশ্যন লিক ৰেকৰ্ড কৰা হোৱা নাই । ইৰাণৰ সংবাদ মাধ্যমে দাবী কৰিছে যে ফৰ্ডোৰ ওচৰত বাস কৰা লোকসকলে কোনো ডাঙৰ বিস্ফোৰণ শুনা নাছিল আৰু অঞ্চলটোৰ পৰিস্থিতি স্বাভাৱিক হৈয়ে আছে ।

দেওবাৰে পুৱা এই আক্ৰমণৰ পিছত মাটিৰ ভিতৰৰ গভীৰতাত নিৰ্মিত এই সুবিধাৰ গুৰুতৰ ক্ষতি হ’ব পাৰে আৰু বিকিৰণৰ বিপদ হ’ব পাৰে বুলি আশংকা কৰা হৈছিল । আনহাতে, ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ গালিবাফৰ শীৰ্ষ উপদেষ্টা মেহদি মহম্মদীয়ে প্ৰকাশ কৰে যে ইৰাণে দীৰ্ঘদিন ধৰি ফৰ্ডো পাৰমাণৱিক ঘাটীৰ ওপৰত আক্ৰমণৰ আশংকা কৰি আছিল । সেয়েহে বহু আগতেই এই স্থান খালী কৰা হৈছিল ।

আমেৰিকাৰ আক্ৰমণৰ আটাইতকৈ ডাঙৰ লক্ষ্য আছিল ফৰ্ডো পাৰমাণৱিক ঘাটী । ৰাজধানী তেহৰাণৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ফৰ্ডো পাৰমাণৱিক ঘাটি । এই পাৰমাণৱিক ঘাটিটো অতি গুৰুত্বপূৰ্ণ আৰু ইয়াক মাটিৰ পৰা প্ৰায় ৮০ৰ পৰা ১০০ মিটাৰ তলত অৰ্থাৎ প্ৰায় ৩০ মহলীয়া অট্টালিকাৰ গভীৰতাত নিৰ্মাণ কৰা হৈছে, য’ত ইৰাণৰ জীৱন বাস কৰে । এই সমগ্ৰ অঞ্চলটো পাহাৰীয়া, গতিকে মাটিৰ তলত অৱস্থিত এই পাৰমাণৱিক ঘাটিটোত প্ৰৱেশ কৰাটো সহজ নাছিল । কিন্তু এতিয়া আমেৰিকাই এই পাৰমাণৱিক ঘাটিটোক নিজৰ লক্ষ্য হিচাপে লৈছে ।

লগতে পঢ়ক : ইজৰাইলৰ সৈতে যুদ্ধত প্ৰৱেশ আমেৰিকাৰ ! ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ

‘আপুনি আৰম্ভ কৰিলে, আমি শেষ কৰিম’… ড’নাল্ড ট্ৰাম্পক খোমেইনীৰ সতৰ্কবাণী

ড’নাল্ড ট্ৰাম্পক খোমেইনীৰ সতৰ্কবাণী

ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধত এইবাৰ প্ৰৱেশ কৰিলে আমেৰিকাই । অৱশেষত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সশস্ত্ৰ বাহিনীক সেউজ সংকেত দিয়ে আৰু শনিবাৰে মাজনিশাৰ পিছত আমেৰিকাৰ ষ্টীলথ্ বি-২ বোমাৰু বিমানে ইৰাণৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি হাজাৰ হাজাৰ কিলোগ্ৰাম বাংকাৰ বাষ্টাৰ বোমা জি বি ইউ-৫৭ নিক্ষেপ কৰে ।

দাবী কৰা হৈছে যে আমেৰিকাৰ এই আক্ৰমণত ফৰ্ডো, নাটানজ আৰু ইছফাহানৰ পাৰমাণৱিক উদ্যোগ সম্পূৰ্ণৰূপে ধ্বংস হৈছে । ইৰাণেও আমেৰিকাৰ এই আক্ৰমণসমূহ নিশ্চিত কৰিছে । এতিয়া ইৰাণ তথা খোমেইনীয়ে ড’নাল্ড ট্ৰাম্পক প্ৰত্যক্ষ সতৰ্কবাণী দিছে আৰু কৈছে যে- আপুনি আৰম্ভ কৰিলে, এতিয়া আমি শেষ কৰিম ।

ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানক লক্ষ্য কৰি সম্পূৰ্ণৰূপে ধ্বংস কৰা বুলি দাবী কৰিছে আমেৰিকাই । ‘নিউয়ৰ্ক টাইমছ’ৰ প্ৰতিবেদন অনুসৰি ইৰাণেও আমেৰিকাৰ আক্ৰমণক স্বীকাৰ কৰি লৈছে । আমেৰিকাৰ আক্ৰমণৰ পিছত ইৰাণৰ চৰকাৰী টেলিভিছনে প্ৰত্যক্ষ সতৰ্কবাণী জাৰি কৰিছে । চৰকাৰী টিভি চেনেলত ড’নাল্ড ট্ৰাম্পক সকীয়াই কোৱা হৈছে যে আপুনি আৰম্ভ কৰিলে, এতিয়া আমি শেষ কৰিম ।

আনহাতে, আমেৰিকাৰ আক্ৰমণৰ পিছত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কথা পাতিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে । ইজৰাইলে প্ৰায় ৮ দিন পূৰ্বে ইৰাণক আক্ৰমণ কৰিছিল । ইয়াৰ পিছত ইৰাণেও প্ৰতিশোধ লয় । এই আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ফলত দুয়োখন দেশৰ ব্যাপক ক্ষতি হৈছে । এতিয়া শেহতীয়াকৈ আমেৰিকাও ইজৰাইলৰ পক্ষত এই যুদ্ধত প্ৰৱেশ কৰিছে ।

ইৰাণৰ টিভি চেনেলে আমেৰিকাক আন এক সতৰ্কবাণী দিছে । ৰাষ্ট্ৰীয় টেলিভিছনত কোৱা হৈছে যে এতিয়া ইৰাণত বাস কৰা প্ৰতিজন আমেৰিকান নাগৰিক আৰু সৈনিক আমাৰ লক্ষ্য । আনহাতে, আমেৰিকাই বাগদাদত থকা নিজৰ দূতাবাসৰ নিৰাপত্তা কটকটীয়া কৰি তুলিছে যাতে যিকোনো ধৰণৰ কাণ্ডৰ সৈতে মোকাবিলা কৰিব পৰা যায় । একে সময়তে আমেৰিকাৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নেতানিয়াহুৱে কয় যে আমেৰিকাৰ এই আক্ৰমণে ইতিহাস সলনি কৰিব ।

আমেৰিকাতো ৰাজনৈতিক প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ কৰিছে । ইৰাণ আক্ৰমণৰ বাবে ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগৰ দাবী জনাইছে ডেম’ক্ৰেটিক দলৰ সাংসদ আলেকজেণ্ড্ৰিয়া অকাচিঅ’ কৰ্টেজে । আমেৰিকাৰ সদনৰ অধ্যক্ষ মাইক জনছনে কয় যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সঠিক সিদ্ধান্ত লৈছে আৰু প্ৰয়োজনীয় কাম কৰিছে ।

উল্লেখ্য যে, গভীৰ নিশা আমেৰিকাৰ বি-২ বোমাৰু বিমানে ইৰাণৰ ওপৰত ব্যাপক আক্ৰমণ চলাই । ইৰাণৰ তিনিটা পাৰমাণৱিক ঘাটিক লক্ষ্য কৰি আমেৰিকাই বৃহৎ বিমান আক্ৰমণ চলায় । আমেৰিকাৰ বায়ুসেনাই ইৰাণৰ তিনিটা ডাঙৰ পাৰমাণৱিক ঘাটি ফৰ্ডো, নাটাঞ্জ আৰু ইছফাহানক বি-২ ষ্টীলথ বোমাৰু আৰু জি বি ইউ-৫৭ অৰ্থাৎ বাংকাৰ বাষ্টাৰ বোমাৰে ধ্বংস কৰে । ৩০ হাজাৰ পাউণ্ডৰ এই বোমাই এনেধৰণৰ ধ্বংসলীলা কৰিব পাৰে যিটো কল্পনাও কৰিব নোৱাৰি । এই আক্ৰমণৰ পিছত ইজৰাইল-ইৰাণৰ যুদ্ধ আৰু অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে । আক্ৰমণৰ পিছতে ইৰাণৰ সৰ্বোচ্চ নেতা খোমেইনীয়েও এতিয়া ট্ৰাম্পক সকীয়াই দিছে ।

লগতে পঢ়ক : ইজৰাইলৰ সৈতে যুদ্ধত প্ৰৱেশ আমেৰিকাৰ ! ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ

ইৰাণৰ যুদ্ধক্ষেত্ৰৰ পৰা নিৰাপদে দিল্লী পালেহি ২৯০ জন ভাৰতীয় ছাত্ৰ…

নিৰাপদে দিল্লী পালেহি ২৯০ জন ভাৰতীয় ছাত্ৰ…

ইৰাণৰ যুদ্ধবিধ্বস্ত অঞ্চলৰ পৰা ভাৰতীয় ছাত্ৰক লৈ চলি থকা উদ্ধাৰ অভিযান “অপাৰেচন সিন্ধু”ৰ অংশ হিচাপে শনিবাৰে নিশা মহান এয়াৰৰ দ্বিতীয়খন বিশেষ বিমান (W5071) দিল্লী বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে । এই বিমানখনত কম-বেছি পৰিমাণে ২৯০ জন ভাৰতীয় ছাত্ৰ-ছাত্ৰী আছিল, ইয়াৰে বৃহৎ সংখ্যক কাশ্মীৰৰ শিক্ষাৰ্থী ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে যে এই বিমানখনে নিশা ১১:৩০ বজাত দিল্লীত অৱতৰণ কৰে । ইয়াৰ লগে লগে ইৰাণৰ পৰা এতিয়ালৈকে মুঠ ১১১৭ গৰাকী ভাৰতীয় নাগৰিকক নিৰাপদে উভতাই অনা হৈছে । বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে অপাৰেচন সিন্ধুৱে এতিয়া গতি লাভ কৰিছে আৰু দেওবাৰে ইৰাণৰ পৰা আৰু দুখন বিশেষ বিমান দিল্লীলৈ অহাৰ পৰিকল্পনা কৰা হৈছে ।

জম্মু-কাশ্মীৰ ছাত্ৰ সংস্থাই এই সফল উদ্ধাৰ অভিযানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সন্তান নিৰাপদে উভতি অহাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থকা পৰিয়ালসমূহৰ বাবে এয়া এক আৱেগিক মুহূৰ্ত । নিজৰ জন্মভূমিলৈ ঘূৰি অহাৰ লগে লগে পৰিয়ালকেইটালৈ গভীৰ সকাহ আৰু সান্ত্বনা কঢ়িয়াই আনিছে ।

সংগঠনটোৱে জনোৱা মতে, যোৱা কেইদিনমানৰ পৰা ছাত্ৰ-ছাত্ৰীসকল অত্যন্ত আতংকিত আৰু মানসিকভাৱে ক্লান্ত হৈ পৰিছিল । যুদ্ধবিধ্বস্ত পৰিৱেশত জীয়াই থকাটো তেওঁলোকৰ বাবে অতি কঠিন আছিল । তেওঁলোকৰ নিৰাপদে ঘৰলৈ উভতি অহাটোৱে এতিয়া ডাঙৰ সকাহ কঢ়িয়াই আনিছে, বিশেষকৈ কাশ্মীৰৰ বাবে য’ত বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে বাস কৰে ।

ভাৰত চৰকাৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ইৰাণত থকা ভাৰতীয় দূতাবাসকো ধন্যবাদ জ্ঞাপন কৰি সংস্থাটোৱে সময়মতে আৰু সুদক্ষ সমন্বয়ৰে ছাত্ৰ-ছাত্ৰীসকলৰ নিৰাপদে উভতি অহাটো নিশ্চিত কৰা বুলি কয় । ইয়াৰ সমান্তৰালকৈ জম্মু-কাশ্মীৰ ছাত্ৰ সংস্থাই আবেদন জনাইছে যে যিসকল ছাত্ৰ-ছাত্ৰী এতিয়াও ইৰাণৰ বিভিন্ন ঠাইত আবদ্ধ হৈ আছে, বিশেষকৈ কাশ্মীৰৰ পৰা প্ৰায় ৭০০ ছাত্ৰ-ছাত্ৰীক অতি সোনকালে নিৰাপদ স্থানলৈ লৈ গৈ তাৰ পৰা ঘৰলৈ ঘূৰাই আনিব লাগে ।

লগতে পঢ়ক : ‘পাঞ্জা আৰু লালটেনে বিহাৰৰ আত্মসন্মানক আঘাত কৰিছে’; প্ৰধানমন্ত্ৰী মোদী

ইৰাণৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া যুদ্ধৰ বাবে সাজু ইজৰাইল… ৬০খন যুদ্ধ বিমানেৰে আক্ৰমণ

ইৰাণৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া যুদ্ধৰ বাবে সাজু ইজৰাইল

ইৰাণৰ সৈতে সম্ভাৱ্য দীৰ্ঘদিনীয়া যুদ্ধৰ বাবে প্ৰস্তুতি চলাইছে বুলি প্ৰকাশ কৰিছে ইজৰাইলী সেনাই । ইফালে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে সকীয়াই দিছে যে যদি আমেৰিকা সংঘাতত জড়িত হয় তেন্তে ই সকলোৰে বাবে অতি বিপজ্জনক হ’ব ।

ইৰাণৰ সমৰ্থিত হৌথী বিদ্ৰোহীয়েও সকীয়াই দিছে যে যদিহে ট্ৰাম্প প্ৰশাসনে ইজৰাইলৰ সামৰিক অভিযানত যোগদান কৰে তেন্তে তেওঁলোকে লোহিত সাগৰত আমেৰিকাৰ জাহাজ আৰু যুদ্ধজাহাজত পুনৰ আক্ৰমণ আৰম্ভ কৰিব । মে’ মাহত আমেৰিকাৰ সৈতে হোৱা চুক্তিৰ অন্তত তেওঁলোকে এই আক্ৰমণ বন্ধ কৰিছিল । ইফালে, ইজৰাইলৰ পৰা সাধাৰণ নাগৰিকক উলিয়াই আনিবলৈ আমেৰিকাই “সাহায্য উৰণ” আৰম্ভ কৰিছে । ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ পিছত প্ৰথমবাৰৰ বাবে এই বিমান সেৱা আৰম্ভ কৰা হৈছে ।

৬০খন যুঁজাৰু বিমানেৰে আক্ৰমণ-

আই ডি এফে জনোৱা মতে, সঠিক গোপন খবৰৰ ভিত্তিত সেনাই প্ৰায় ৬০খন যুদ্ধ বিমান ব্যৱহাৰ কৰি ইৰাণৰ ভূখণ্ডৰ গভীৰতম অংশত আক্ৰমণ চলাইছিল । ইজৰাইলৰ বায়ুসেনাৰ এখন বিমানে ইৰাণৰ তিনিখন সামৰিক এফ-১৪ যুদ্ধ বিমানক আক্ৰমণ কৰে । এই আক্ৰমণ ইৰাণৰ মাজভাগত সংঘটিত হৈছিল ।

ইৰাণৰ ইছফাহান প্ৰদেশত অৱস্থিত এটা পাৰমাণৱিক গৱেষণা কেন্দ্ৰতো আক্ৰমণ চলাই ইজৰাইলী সেনাই । এই আক্ৰমণ সন্দৰ্ভত ইজৰাইলে কয় যে তেওঁলোকৰ লক্ষ্য ইৰাণৰ পাৰমাণৱিক ক্ষমতা ধ্বংস কৰা ।

আক্ৰমণৰ পিছত ইছফাহানৰ এটা পাহাৰীয়া অঞ্চলৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল, যিটো প্ৰদেশখনৰ নিৰাপত্তা পৰিক্ৰমা বিভাগৰ উপ-ৰাজ্যপাল আকবৰ ছালেহীয়ে নিশ্চিত কৰি কয় যে ই এটা চেণ্ট্ৰিফিউজ উৎপাদন স্থান । আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থায়ো এই আক্ৰমণ নিশ্চিত কৰিছে ।

লগতে পঢ়ক : ইজৰাইলৰ সৈতে যুদ্ধত প্ৰৱেশ আমেৰিকাৰ ! ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ

টেল আভিভত ইৰাণৰ ধ্বংসলীলা; জেৰুজালেমলৈকে শুনা গ’ল বিস্ফোৰণৰ শব্দ

টেল আভিভত ইৰাণৰ ধ্বংসলীলা

এসপ্তাহৰ পাছতো শাম কটা নাই ইজৰাইল-ইৰাণৰ উত্তজনাময় পৰিস্থিতিৰ । বৃহস্পতিবাৰে পুৱাই ইৰাণে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি ইজৰাইলৰ ৰাজধানী টেল আভিভত ধ্বংসলীলাৰ সৃষ্টি কৰে । ইৰাণৰ দ্বাৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই ইজৰাইলৰ দক্ষিণ অংশৰ মূল চিকিৎসালয় ছ’ৰোকা মেডিকেল চেণ্টাৰক পোনপটীয়াকৈ লক্ষ্য কৰি লয় । এই আক্ৰমণত চিকিৎসালয়খনৰ বহু অংশৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে বহু লোক আহত হয় । ইৰাণে ইজৰাইলৰ ষ্টক এক্সচেঞ্জকো ক্ষতিগ্ৰস্ত কৰা বুলি খবৰ প্ৰকাশ পাইছে ।

টেল আভিভৰ ছ’ৰোকা হাস্পতালত ইজৰাইলৰ দক্ষিণ অঞ্চলৰ প্ৰায় ১০ লাখ লোকক স্বাস্থ্য সেৱা প্ৰদান কৰা হয় আৰু ইয়াত এহেজাৰৰো অধিক বিচনা আছে । এই আক্ৰমণৰ পিছত চিকিৎসালয়খনে চিকিৎসাৰ বাবে নাহিবলৈ সাধাৰণ ৰাইজক অনুৰোধ জনাইছে । এই আক্ৰমণত চিকিৎসালয়খনৰ লগতে একাংশ আৱাসিক অট্টালিকাও ক্ষতিগ্ৰস্ত হয় । এই আক্ৰমণত কিমান লোকে প্ৰাণ হেৰুৱাইছে সেয়া স্পষ্ট নহয় ।  কিন্তু টাইমছ অৱ ইজৰাইলৰ তথ্য অনুসৰি ৩ জন লোক গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে ২০ জন সামান্য আঘাতপ্ৰাপ্ত হৈছে ।

ছ’ৰোকা হাস্পতালৰ এটা মহলাত ক্ষেপণাস্ত্ৰই আঘাত কৰাৰ লগে লগে ৰোগীসকলক ক্ষীপ্ৰতাৰে উলিয়াই অনা হয় । কালিয়েই বহু ৰোগীক উলিয়াই অনা হৈছিল, যাৰ ফলত বহু লোকৰ প্ৰাণ ৰক্ষা পৰে ।

ইৰাণৰ বেলিষ্টিক মিছাইলৰ বাবে চিকিৎসালয়খন কেনেদৰে ক্ষতিগ্ৰস্ত হৈছে আৰু অট্টালিকাটোৰ চাৰিওফালে ক’লা ধোঁৱা কেনেকৈ বিয়পি পৰিছিল সেই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

লগতে পঢ়ক : ‘যদি আমেৰিকাই হস্তক্ষেপ কৰে তেনেহলে…’; ইৰাণে দিলে সকিয়নী

‘যদি আমেৰিকাই হস্তক্ষেপ কৰে তেনেহলে…’; ইৰাণে দিলে সকিয়নী

যদি আমেৰিকাই হস্তক্ষেপ কৰে তেনেহলে…

যোৱা শুকুৰবাৰৰ পৰা ইজৰাইল আৰু ইৰাণৰ মাজত তীব্ৰ যুদ্ধ চলি আছে।ইজৰাইলৰ যুদ্ধ বিমানে ইৰাণত ব্যাপক ধ্বংসলীলা চলাইছে আৰু শ শ লক্ষ্য স্থানত বোমা বিস্ফোৰণ ঘটাইছে।

একে সময়তে ইৰাণেও ইজৰাইলৰ বহু বৃহৎ চহৰত মিছাইলেৰে আক্ৰমণ কৰি বহু ক্ষতিসাধন কৰিছে।ইফালে, ইজৰাইলৰ সমৰ্থনত ডনাল্ড ট্ৰাম্পেও যুদ্ধক্ষেত্ৰত জপিয়াই পৰাৰ সম্ভাৱনা আছে।

এতিয়া এনে জল্পনা-কল্পনাৰমাজতে ইৰাণৰ মন্তব্য পোহৰলৈ আহিছে আৰু ই আমেৰিকাক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে।

ইৰাণে কি সকিয়নী দিলে?

ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘেইয়ে ইৰাণৰ ওপৰত ইজৰাইলৰ ফালৰ পৰা কৰা আক্ৰমণৰ মাজতে সকিয়নী জাৰি কৰিছে।

তেওঁ কৈছিল যে, তেওঁলোকৰ যিকোনো হস্তক্ষেপে অঞ্চলটোত পূৰ্ণাংগ যুদ্ধৰ সূচনা কৰিব।অৰ্থাৎ ইজৰাইলৰ আক্ৰমণত আমেৰিকাৰ হস্তক্ষেপে ‘পূৰ্ণাংগ যুদ্ধ’ৰ সূচনা কৰিব।

কিয় প্ৰৱেশ কৰিব পাৰে ?

দৰাচলতে, ইজৰাইল-ইৰাণৰ যুদ্ধৰ আৰম্ভণিতে আমেৰিকাই ইয়াৰ পৰা নিজকে আঁতৰ কৰি ৰাখিছিল।অৱশ্যে, ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এতিয়া এই যুদ্ধত অংশগ্ৰহণৰ ইংগিত দিছে।

তেওঁ কৈছে যে, তেওঁ যুদ্ধবিৰতিতকৈও ডাঙৰ কিবা এটা বিচাৰে।তেওঁলোকে এই অঞ্চললৈ আৰু অধিক যুদ্ধ বিমান প্ৰেৰণ কৰিছে।ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণ চৰকাৰক বিনাচৰ্তে আত্মসমৰ্পণ কৰিবলৈ কৈছিল।

ট্ৰাম্পে কৈছিল যে “ মই ভালদৰে জানো যে তথাকথিত “উচ্চতম নেতা” আয়াতুল্লা খামেনীই ক’ত লুকাই আছে। তেওঁ সহজ টাৰ্গেট, কিন্তু আমি তেওঁ শেষ কৰিবলৈ যোৱা নাই।অন্ততঃ এতিয়াৰ বাবে নহয়”।

লগতে পঢ়ক: মহিলা T20 বিশ্বকাপৰ সূচী ঘোষণা; ভাৰত-পাকিস্তানৰ মাজত এইটো দিনত অনুষ্ঠিত হ’ব মেচ

ইৰাণৰ আকাশমাৰ্গত আমেৰিকাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

ইৰাণৰ আকাশমাৰ্গত আমেৰিকাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ঘোষণা ট্ৰাম্পৰ

মধ্য প্ৰাচ্যৰ উত্তেজনাৰ মাজতে ইৰাণৰ আকাশমাৰ্গত আমেৰিকাই সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰা বুলি দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । তেওঁ কয় যে ইৰাণৰ বায়ু প্ৰতিৰক্ষা আমেৰিকাত নিৰ্মিত সামৰিক প্ৰযুক্তিৰ সন্মুখত একো নহয় । তেওঁ ছ’চিয়েল মিডিয়াত এটা পোষ্টত আমেৰিকাৰ প্ৰতিৰক্ষা ক্ষমতাৰ শ্ৰেষ্ঠত্বৰ প্ৰশংসা কৰে ।

ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত ট্ৰাম্পে লিখিছে, “ইৰাণত ভাল স্কাই ট্ৰেকাৰ আৰু অন্যান্য প্ৰতিৰক্ষামূলক সঁজুলি বহুত আছিল, কিন্তু ইয়াৰ তুলনা আমেৰিকাই নিৰ্মাণ কৰা ‘বস্তু’ৰ সৈতে নহয় । আমেৰিকাতকৈ ভাল কোনেও কৰিব নোৱাৰে ।”

ইয়াৰ পূৰ্বে ট্ৰাম্পে আন এক প্ৰৰোচনামূলক বক্তব্য আগবঢ়াইছিল য’ত তেওঁ কয় যে আমেৰিকাৰ চোৰাংচোৱা সংস্থাসমূহে জানে যে বৰ্তমান খোমেইনী ক’ত আছে ।

টাইমছ অৱ ইজৰাইলৰ প্ৰতিবেদন অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ইৰাণ-ইজৰাইল যুদ্ধৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ বৈঠক আহ্বান কৰিছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, “বিনাচৰ্তে আত্মসমৰ্পণ !” ইজৰাইল আৰু ইৰাণৰ মাজত সংঘৰ্ষৰ পিছত মধ্যপ্ৰাচ্যত অস্থিৰতা বৃদ্ধি পোৱাৰ সময়তে ট্ৰাম্পৰ এই মন্তব্য প্ৰকাশ পাইছে ।

ট্ৰাম্পে কয়, “আমি সঠিকভাৱে জানো তথাকথিত ‘সৰ্বোচ্চ নেতা’জন ক’ত লুকাই আছে । তেওঁ সহজ লক্ষ্য, কিন্তু তেওঁ তাত নিৰাপদ । আমি তেওঁক নিৰ্মূল কৰিবলৈ যোৱা নাই । অন্ততঃ এতিয়াৰ বাবে নহয় ।”

ড’নাল্ড ট্ৰাম্পে ইৰাণক সকীয়াই দি কয় যে, “কিন্তু আমি নিবিচাৰো যে সাধাৰণ নাগৰিক বা আমেৰিকান সৈনিকৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হওক । আমাৰ ধৈৰ্য্য শেষ হৈ গৈ আছে ।”

লগতে পঢ়ক : মোছাদৰ মুখ্য কাৰ্যালয়ত আক্ৰমণৰ দাবী ইৰাণৰ

মোছাদৰ মুখ্য কাৰ্যালয়ত আক্ৰমণৰ দাবী ইৰাণৰ

মোছাদৰ মুখ্য কাৰ্যালয়ত আক্ৰমণৰ দাবী ইৰাণৰ

ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলাইছে বুলি দাবী কৰিছে ইৰাণে । যি সময়ত দুয়োখন দেশৰ মাজত চলি থকা সংঘাতৰ পৰিস্থিতি অহৰহ অৱনতি ঘটি আছে, সেই সময়তে এই আক্ৰমণ সংঘটিত হৈছে । এই যুদ্ধত এতিয়ালৈকে ইৰাণত দুশৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে, আনহাতে ইজৰাইলত কেইবা ডজন লোকৰ মৃত্যু হৈছে । তেহৰাণৰ চৰকাৰী সংবাদ মাধ্যমে এই তথ্য প্ৰদান কৰিছে ।

প্ৰকাশিত এক বাতৰি অনুসৰি ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে মঙলবাৰে মোছাদৰ এটা কথিত সুবিধাক লক্ষ্য কৰি লোৱা বুলি কয় । ইজৰাইলী সেনাই এই আক্ৰমণক সাধাৰণ কৰিবলৈ চেষ্টা কৰে আৰু কয় যে এই ক্ষেপণাস্ত্ৰই বাছ পাৰ্কিং এলেকাৰ ক্ষতিসাধন কৰিছে । এই আক্ৰমণত আমোন লজিষ্টিক চেণ্টাৰ আৰু হাৰ্জলিয়াত থকা মোছাদৰ মুখ্য কাৰ্যালয়কে ধৰি ইজৰাইলৰ কৌশলগত লক্ষ্যক লক্ষ্য কৰি লোৱা হৈছিল ।

ইজৰাইলক নতুন আক্ৰমণৰ সতৰ্কবাণী ইৰাণৰ-

ইফালে ইৰাণৰ সেনাই ইজৰাইলক সকীয়াই দিছে যে আগন্তুক কিছু ঘণ্টাত নতুন আৰু অত্যাধুনিক অস্ত্ৰৰে তীব্ৰ আক্ৰমণ হ’ব । মঙলবাৰে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে জনোৱা মতে, ইৰাণে আজি ৩০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে, ইয়াৰে কিছুমানে ইজৰাইলৰ প্ৰতিৰক্ষা ব্যৱস্থা অতিক্ৰম কৰে ।

ইফালে আই ডি এফে এক বিবৃতিত কয় যে আমি আমাৰ উন্নত চোৰাংচোৱা ক্ষমতা, বায়ু আধিপত্য আৰু জটিল সামৰিক কৌশলেৰে শত্ৰুক উভতি ধৰিম । ইফালে ইজৰাইলে বিমান আক্ৰমণত ইৰাণৰ শীৰ্ষ সামৰিক সেনাধ্যক্ষ আলী ছাদমানিক হত্যা কৰা বুলি দাবী কৰিছে । শেহতীয়াকৈ ইজৰাইলৰ আক্ৰমণত তেওঁৰ পূৰ্বৰ সেনাধ্যক্ষ নিহত হোৱাৰ পিছত ছাদমানিক দায়িত্ব দিয়া হৈছিল সেই সময়তে এই আক্ৰমণ সংঘটিত হয় ।

আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁ কেৱল যুদ্ধবিৰতি নহয়, ইৰাণ-ইজৰাইল যুদ্ধৰ প্ৰকৃত অন্ত বিচাৰে । ট্ৰাম্পে কয়, মই যুদ্ধবিৰতি নিবিচাৰো, আমি ইয়াতকৈ ভাল কিবা এটা বিচাৰো । মই বিচাৰো এই গোটেই বিষয়টো শেষ হওক, কেৱল কথা-বতৰা নহয়, প্ৰকৃত অন্ত হ’ব লাগে । তেওঁ লগতে কয় যে ইৰাণে এই প্ৰস্তাৱিত চুক্তিখন আগতেই মানি ল’ব লাগিছিল । ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত লিখিছে যে তেওঁ শান্তি আলোচনাৰ বাবে কোনো ধৰণৰ ইৰাণৰ সৈতে যোগাযোগ কৰা নাই আৰু লগতে কয় যে এতিয়া তেওঁৰ হাতত কোনো সুযোগ বাকী নাই ।

লগতে পঢ়ক : ইৰাণৰ বিৰুদ্ধে যুঁজত ইজৰাইলৰ পক্ষত জি-৭ দেশ; পশ্চিম এছিয়াৰ অস্থিৰতাৰ মূল কাৰণ তেহৰাণ বুলি অভিহিত