আজি নিশাই হ’ব পাৰে ধংসলীলা! ইৰাণক বিধ্বংসী আক্ৰমণৰ তীব্ৰ হুংকাৰ ট্ৰাম্পৰ

ইৰাণৰ ওপৰত আজি নিশাই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিব পাৰে বুলি এক গুৰুতৰ সকীয়নি প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে । আজি নিশাই তেহৰাণক কঠোৰভাৱে আঘাত কৰিব বুলি হুংকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ ।

ইৰাণৰ সৈতে শান্তি চুক্তি চূড়ান্ত কৰাৰ বাবে চলি থকা কূটনৈতিক প্ৰচেষ্টাৰ মাজতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে তেহৰাণক আন এক গুৰুতৰ সকীয়নি প্ৰদান কৰিছে । বৃহস্পতিবাৰে ট্ৰাম্পে কয় যে আমেৰিকাই ইৰাণক “অতি কঠোৰভাৱে” আক্ৰমণ কৰিব আৰু এই সামৰিক আক্ৰমণসমূহ “আজি নিশাই” কৰাৰ পৰিকল্পনা কৰা হৈছে ।

ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ চচিয়েল’ত কৰা এটা পোষ্টত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে নিকট ভৱিষ্যতে ৱাশ্বিংটনে ইৰাণৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ‘খাৰ্গ দ্বীপ নিয়ন্ত্ৰণলৈ আনিব । উল্লেখ্য যে, এই খাৰ্গ দ্বীপৰ পৰাই ইৰাণৰ প্ৰায় ৯১ শতাংশ খাৰুৱা তেল ৰপ্তানি কৰা হয় । ইৰাণৰ তেল আৰু গেছ বজাৰত সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰাই আমেৰিকাৰ মূল লক্ষ্য বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।

ভেনিজুৱেলাৰ সৈতে তুলনা

ইৰাণৰ তেল সম্পদ দখলৰ প্ৰসংগত ট্ৰাম্পে ভেনিজুৱেলাৰ উদাহৰণ দাঙি ধৰে । তেওঁ কয় যে ভেনিজুৱেলাৰ তেল সম্পদৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণে “ভেনিজুৱেলা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ উভয়ৰে বাবে অতি সুন্দৰভাৱে কাম কৰিছে”। ইয়াৰ উপৰিও তেওঁ দাবী কৰে যে ইৰাণৰ নৌসেনা, বিমান বাহিনী, ৰাডাৰ, বিমান বিধ্বংসী ব্যৱস্থা আৰু বেছিভাগ আক্ৰমণাত্মক সামৰিক ক্ষমতা ইতিমধ্যে ধ্বংস হৈ গৈছে ।

ট্ৰাম্পে নিজৰ পোষ্টত লিখিছে :

“আমেৰিকা যুক্তৰাষ্ট্ৰই আজি নিশাই ইৰাণক অতি কঠোৰভাৱে আঘাত কৰিব । নিকট ভৱিষ্যতে কোনো এক সময়ত, আমি খাৰ্গ দ্বীপ আৰু অন্যান্য তেল আন্তঃগাঁথনিৰ পইণ্টসমূহ দখল কৰিম আৰু তেওঁলোকৰ তেল আৰু গেছ বজাৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ল’ম, যেনেকৈ আমি ভেনিজুৱেলাৰ সৈতে কৰিছোঁ, যিটো দুয়োখন দেশৰে বাবে অতি সুন্দৰভাৱে ফলপ্ৰসূ হৈছে ।”

এপাচি হেলিকপ্টাৰ ভূপতিত কৰাৰ প্ৰতিশোধ

শান্তি চুক্তি সম্পন্ন কৰাত তেহৰাণে কৰা পলমৰ বাবে ওৱেল অফিচৰ পৰা ক্ষোভ প্ৰকাশ কৰি ট্ৰাম্পে বুধবাৰেও আমেৰিকাৰ আক্ৰমণ পুনৰ আৰম্ভ হ’ব বুলি কৈছিল । তেওঁ ইংগিত দিয়ে যে ইৰাণে অলপতে আমেৰিকাৰ এখন অত্যাধুনিক ‘এপাচি হেলিকপ্টাৰ’ ভূপতিত কৰাৰ ঘটনাই এই নতুন সামৰিক পদক্ষেপৰ আধাৰ তৈয়াৰ কৰিছে ।

সাংবাদিকৰ সন্মুখত ট্ৰাম্পে কয়, “হেলিকপ্টাৰখনৰ ঘটনাটোৰ ওপৰত ভিত্তি কৰি, মোৰ ধাৰণা আমাৰ আক্ৰমণ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে । আমি কালি তেওঁলোকক কঠোৰ আঘাত কৰিছিলোঁ । আজি আকৌ তেওঁলোকক কঠোৰভাৱে আঘাত কৰিবলৈ গৈ আছোঁ ।”

লগতে পঢ়ক : ইৰাণৰ ওপৰত পুনৰ আমেৰিকাৰ বৃহৎ আক্ৰমণ

মধ্য প্ৰাচ্যত হাহাকাৰ; ভাৰতীয় ‘এমটি জলবীৰ’ক লক্ষ্য কৰি ভয়ংকৰ আক্ৰমণ

আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ যুদ্ধ আৰম্ভ হৈছে।ইফালে ওমান উপকূলৰ সমীপত আন এখন ভাৰতীয় জাহাজ ‘এমটি জলৱীৰ’ক আক্ৰমণ কৰা হৈছে।

আমেৰিকা আৰু ইৰান দুয়োখন দেশে ইখনে সিখনৰ ঘাটিসমূহৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আছে। হৰমুজ প্ৰণালীৰ পৰিস্থিতি ভয়াবহ হৈ পৰিছে। ইয়াৰ মাজতে ওমান উপকূলৰ ওচৰত আন এখন ভাৰতীয় জাহাজ ‘এমটি জলবীৰ’ ৰ ওপৰত আক্ৰমণ কৰা হৈছে। এই জাহাজখনত ২০ জনতকৈও অধিক নাবিক আছিল। ইয়াৰ পূৰ্বে ‘এমটি চেল্টেবেলো’ জাহাজখনৰ ওপৰত আক্ৰমণ হৈছিল, যিখনত ২৪ জন ভাৰতীয় ক্ৰু সদস্য আছিল আৰু তাৰে ২১ জনক উদ্ধাৰ কৰা হৈছে, আনহাতে ৩ জন লোকৰ মৃত্যু হৈছে।

প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, জাহাজখনৰ ফানেল আৰু ইঞ্জিন ৰূমত জুই লাগিছে, যাৰ ফলত জাহাজখনৰ ক্ষতি হোৱাৰ আশংকা কৰা হৈছে। জাহাজখনত ভাৰতীয় নাবিকসকল উপস্থিত আছে। অৱশ্যে ভাৰতীয় ক্ৰু সদস্যৰ সংখ্যা বা তেওঁলোকৰ সুৰক্ষা সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক নিশ্চিতকৰণ পোৱা হোৱা নাই। সামুদ্ৰিক সুৰক্ষা সংস্থাসমূহ আৰু সংশ্লিষ্ট বিষয়াসকলে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।

লগতে পঢ়ক: পুনৰ ইৰাণে ছীল কৰিলে হৰমুজ প্ৰণালী; আমেৰিকাৰ আক্ৰমণৰ পিছত জাহাজত No Entry

মিছাইলৰ শব্দত কঁপিছে মধ্যপ্ৰাচ্য; হৰমুজৰ সমিপৰ ইৰাণী ঘাটিত আমেৰিকাৰ মিছাইল নিক্ষেপ

আমেৰিকা আৰু ইৰানৰ মাজত সামৰিক সংঘাত পুনৰ তীব্ৰতৰ হৈ পৰিছে।আমেৰিকাৰ সেনাই আপাচে হেলিকপ্টাৰ ভূপতিত কৰাৰ পাছত ইৰাণৰ কেইবাটাও কৌশলগত লক্ষ্যত প্ৰতিশোধমূলক আক্ৰমণ চলাইছে।

হৰমুজ প্ৰণালীৰ আশে-পাশে আমেৰিকা আৰু ইৰানৰ মাজত সামৰিক সংঘাত পুনৰ তীব্ৰতৰ হৈ পৰিছে। আমেৰিকান সেনাই তেওঁলোকৰ দুখন আপাচে হেলিকপ্টাৰ ভূপতিত কৰাৰ পাছত ইৰানৰ কেইবাটাও কৌশলগত ঘাটিত প্ৰত্যুত্তৰমূলক আক্ৰমণ চলাইছে। এই আক্ৰমণসমূহৰ লক্ষ্য আছিল দক্ষিণ ইৰানৰ সেই অঞ্চলটো, যিটো বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সাগৰীয় বাণিজ্য পথ হৰমুজ প্ৰণালীৰ ওচৰত অৱস্থিত।

আমেৰিকান চেন্ট্ৰেল কমাণ্ড (CENTCOM)ৰ মতে, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশত এই আক্ৰমণ কৰা হৈছে। জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে অলপতে আপাচে হেলিকপ্টাৰ ভূপতিত কৰাৰ প্ৰত্যুত্তৰত ‘আত্মৰক্ষা’ৰ বাবে এই আক্ৰমণ চলোৱা হৈছে। CENTCOM-এ তেওঁলোকৰ বিবৃতিত কয় যে আমেৰিকান বায়ুসেনা আৰু নৌসেনাৰ যুঁজাৰু বিমানে নিখুঁত অস্ত্ৰ ব্যৱহাৰ কৰি ইৰানৰ এয়াৰ ডিফেন্স চিষ্টেম, গ্ৰাউণ্ড কন্ট্ৰোল ষ্টেচন আৰু নিৰীক্ষণ ৰাডাৰ ঘাটিসমূহক লক্ষ্য কৰি লৈছিল। এই অপাৰেচন অলপতে আমেৰিকান সেনা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক জাহাজসমূহৰ ওপৰত হোৱা আক্ৰমণৰো এক সঁহাৰি আছিল।

আক্ৰমণৰ আটাইতকৈ বেছি খবৰ হৰমোজগান প্ৰদেশৰ পৰা পোহৰলৈ আহিছে। ইৰানৰ সংবাদ মাধ্যমৰ মতে কেশম দ্বীপ, বন্দৰ আব্বাছ, চিৰিক আৰু জাস্কত প্ৰচণ্ড বিস্ফোৰণ ঘটে। কেশম দ্বীপ আৰু বন্দৰ আব্বাছৰ আশে-পাশে কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে। আনহাতে, চিৰিক চহৰত এটা প্ৰক্ষেপণকাৰী অস্ত্ৰ পৰাৰ কথাও নিশ্চিত কৰা হৈছে। জাস্ক আৰু কুহ-এ-মোবাৰকৰ দুটা স্থানতো এনে প্ৰক্ষেপণকাৰী অস্ত্ৰৰে আক্ৰমণ চলোৱা হয়।

আমেৰিকান সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এই আক্ৰমণসমূহৰ মুখ্য লক্ষ্য আছিল হৰমুজ প্ৰণালীৰ আশে-পাশে মোতায়েন কৰা ইৰানৰ ৰাডাৰ আৰু বায়ু প্ৰতিৰক্ষা নেটৱৰ্ক। ধাৰণা কৰা হৈছে যে আন্তঃৰাষ্ট্ৰীয় জাহাজ চলাচল পথৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমেৰিকাই এই অঞ্চলটোত ইৰানৰ নিৰীক্ষণ আৰু সামৰিক ক্ষমতা দুৰ্বল কৰিব বিচাৰিব।

ইৰানে এই আক্ৰমণসমূহক নিজৰ সাৰ্বভৌমত্বৰ ওপৰত পোনপটীয়া আক্ৰমণ বুলি অভিহিত কৰিছে। ইৰানৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে (IRGC) অভিযোগ কৰিছে যে আমেৰিকান সেনাই মিছা অজুহাত দেখুৱাই জাস্ক, চিৰিক আৰু কেশমৰ কেইবাটাও স্থানক লক্ষ্য কৰি লৈছিল।

IRGCৰ  মতে, এই আক্ৰমণত চিৰিকৰ এটা টেলিকমিউনিকেচন টাৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে চহৰখনৰ দুটা পানীৰ টেংকীও ধ্বংস হৈছে। ইয়াৰ পিছতে ইৰানেও প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। আইআৰজিচিয়ে দাবী কৰিছে যে তেওঁলোকে বাহৰাইনত থকা আমেৰিকাৰ ‘ফিফ্থ ফ্লিট’ক ড্ৰোণ আক্ৰমণৰ জৰিয়তে লক্ষ্য কৰি লৈছে। ইৰানৰ সামৰিক নেতৃত্বই সকীয়াই দিছে যে যদিহে আমেৰিকাৰ এই “আগ্ৰাসন” অব্যাহত থাকে, তেন্তে ইয়াৰ প্ৰত্যুত্তৰ ইয়াতকৈও ভয়াবহ হ’ব।

লগতে পঢ়ক: ব্যৰ্থতা ঢাকিবলৈ পাকিস্তানৰ ‘মিছা খবৰ’ৰ আশ্ৰয় : নতুন দিল্লীৰ তীব্ৰ আক্ৰমণ

আমেৰিকান সৈন্য হত্যা কৰিলে ইৰানৰ বিৰুদ্ধে পুনৰ যুদ্ধৰ হুংকাৰ ট্ৰাম্পৰ

ইৰান যুদ্ধ সমাপ্ত কৰাৰ উদ্দেশ্যে আমেৰিকাৰ প্ৰতিনিধি সভাত গৃহীত হোৱা এটা প্ৰস্তাৱক লৈ ৰাষ্ট্ৰপতি ট্ৰাম্প তীব্ৰ ক্ষুব্ধ হৈ পৰিছে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰানক সকীয়নি দি কয় যে ইৰানৰ দ্বাৰা আমেৰিকান সৈন্যৰ হত্যা হ’লে সেয়া দেশখনৰ বিৰুদ্ধে পুনৰ যুদ্ধ আৰম্ভ কৰাৰ বাবে এক “ভাল কাৰণ” হ’ব । হোৱাইট হাউচত সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰে যে ইতিমধ্যে ইৰানৰ নৌসেনা, বিমান বাহিনী আৰু নেতৃত্বক সম্পূৰ্ণৰূপে নিঃশেষ কৰা হৈছে । ভুৱা বাতৰি প্ৰচাৰ কৰা সংবাদ মাধ্যমক সমালোচনা কৰি তেওঁ কয় যে ইৰানৰ ১৫৯খন জাহাজ এতিয়া সাগৰৰ তলিত ডুব গৈ আছে আৰু আমেৰিকাৰ ওচৰত ইয়াৰ আলোকচিত্ৰও মজুত আছে ।

আনহাতে, ইৰান যুদ্ধ সমাপ্ত কৰাৰ উদ্দেশ্যে আমেৰিকাৰ প্ৰতিনিধি সভাত গৃহীত হোৱা এটা প্ৰস্তাৱক লৈ ৰাষ্ট্ৰপতি ট্ৰাম্প তীব্ৰ ক্ষুব্ধ হৈ পৰিছে । বুধবাৰে প্ৰতিনিধি সভাই ২১৫ বনাম ২০৮ ভোটত ট্ৰাম্পৰ সামৰিক ক্ষমতা সীমিত কৰাৰ সপক্ষে এক প্ৰস্তাৱ পাছ কৰে, য’ত ডেম’ক্ৰেটসকলৰ লগতে ৪ জন ৰিপাব্লিকান সাংসদেও ট্ৰাম্পৰ বিৰুদ্ধে ভোটদান কৰে ।

এই ভোটদানক “অৰ্থহীন” বুলি অভিহিত কৰি ট্ৰাম্পে নিজৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত বিৰোধী আৰু দলীয় বিদ্ৰোহী সাংসদ কেইজনক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে ইচলামিক ৰিপাব্লিক অৱ ইৰানৰ সৈতে যুদ্ধ সমাপ্ত কৰাৰ বাবে চলি থকা চূড়ান্ত আলোচনাৰ মাজতে তেওঁৰ যুদ্ধৰ ক্ষমতা সীমিত কৰিবলৈ কৰা এই ভোটদান এক “অৰাষ্ট্ৰপ্ৰেমী কাৰ্য”। ডেম’ক্ৰেটসকল ‘ট্ৰাম্প ডিৰেঞ্জমেণ্ট চিনড্ৰম’ৰ দ্বাৰা পৰিচালিত বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকে নিজৰ দেশ ব্যৰ্থ হোৱাটো চাব বিচাৰে, তথাপিও ট্ৰাম্পক বিজয়ী হোৱাটো দেখিব নিবিচাৰে । তদুপৰি, নিজ দলৰ বিৰুদ্ধে যোৱা চাৰিজন ৰিপাব্লিকান সাংসদক তেওঁ “দেখুৱাব খোজা লোক” বুলি আখ্যা দি তেওঁলোকে নিজক লৈ লাজ পোৱা উচিত বুলি মন্তব্য কৰে ।

উল্লেখ্য যে, যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে যুটীয়াভাৱে ইৰানৰ ওপৰত চলোৱা সামৰিক আক্ৰমণৰ পিছত এই ভোটদানক ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বাবে কংগ্ৰেছৰ প্ৰথমটো ডাঙৰ প্ৰত্যাহ্বান হিচাপে গণ্য কৰা হৈছে । প্ৰতিনিধি সভাত গৃহীত হোৱাৰ পিছত এই বিলখন বৰ্তমান চিনেটলৈ প্ৰেৰণ কৰা হৈছে যদিও ৰাষ্ট্ৰপতি ট্ৰাম্পে ইয়াক ভেটো প্ৰয়োগ কৰি খাৰিজ কৰাটো প্ৰায় নিশ্চিত ।

লগতে পঢ়ক : যুদ্ধ হওক বা চুক্তি, জয় আমেৰিকাৰে হ’ব; ইৰাণক কঠোৰ সকীয়নি ট্ৰাম্পৰ

যুদ্ধ হওক বা চুক্তি, জয় আমেৰিকাৰে হ’ব; ইৰাণক কঠোৰ সকীয়নি ট্ৰাম্পৰ

তেওঁ কয় যে ইৰাণৰ হাতত থকা সমৃদ্ধ ইউৰেনিয়াম হস্তগত কৰিবলৈ আমেৰিকাক ইৰাণৰ সৈতে কোনো ধৰণৰ বুজাবুজি বা চুক্তিৰ প্ৰয়োজন নাই

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণ আৰু লেবাননৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ পুনৰ এবাৰ অত্যন্ত কঠোৰ স্থিতি গ্ৰহণ কৰিছে । মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে স্পষ্ট কৰি দিছে যে মধ্য-প্ৰাচ্যৰ এই জটিল পৰিস্থিতিত সামৰিক যুদ্ধই হওক বা কূটনৈতিক কাগজৰ চুক্তিয়েই হওক, যিকোনো পৰিস্থিতিতে কেৱল আমেৰিকাৰে জয় হ’ব ।

ইৰাণৰ সৈতে চলি থকা তীব্ৰ উত্তেজনা আৰু ভৱিষ্যতৰ সম্ভাৱ্য চুক্তিক লৈ সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয়, “অনাগত সময়ত এই চুক্তিখন আচলতে কি, সেইয়া সমগ্ৰ বিশ্বই জানিব পাৰিব ।” অৱশ্যে, তেওঁ ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেনেইক সাক্ষাৎ কৰাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে নাকচ কৰে । ট্ৰাম্পৰ ভাষ্য অনুসৰি, “যদি কথাটো কেৱল এখন সাধাৰণ চুক্তি কৰাৰ হে হ’লহেঁতেন, তেন্তে আমি হয়তো সাক্ষাৎ কৰিব পাৰিলোহেঁতেন (কিন্তু বৰ্তমান পৰিস্থিতি তেনে নহয়)।”

পৰমাণু কাৰ্যসূচীক লৈ ইৰাণলৈ চৰম হুংকাৰ-

ৰাষ্ট্ৰপতি ট্ৰাম্পে ইৰাণৰ পৰমাণু কাৰ্যসূচীক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এক ডাঙৰ দাবী উথাপন কৰে । তেওঁ কয় যে ইৰাণৰ হাতত থকা সমৃদ্ধ ইউৰেনিয়াম হস্তগত কৰিবলৈ আমেৰিকাক ইৰাণৰ সৈতে কোনো ধৰণৰ বুজাবুজি বা চুক্তিৰ প্ৰয়োজন নাই । তেওঁ পুনৰ সকীয়াই দিয়ে যে ইৰাণক কোনো পৰিস্থিতিতে বা কোনো মূল্যৰ বিনিময়তে পৰমাণু অস্ত্ৰ নিৰ্মাণ কৰিবলৈ অনুমতি দিয়া নহ’ব ।

আমেৰিকান সৈন্যৰ সুৰক্ষা সন্দৰ্ভত ইৰাণক পোনপটীয়া সকীয়নি দি ট্ৰাম্পে কয়, “যদি ইৰাণে কোনো আমেৰিকান সৈন্যৰ ক্ষতি কৰে বা তেওঁলোকক হত্যা কৰে, তেন্তে সেয়া হ’ব সংঘাত আৰু পূৰ্ণাংগ যুদ্ধ পুনৰ আৰম্ভ কৰাৰ এটা ডাঙৰ তথা সবল কাৰণ ।” ইয়াৰোপৰি, তেনে পৰিস্থিতিৰ সৃষ্টি হ’লে বিশ্ব বাণিজ্যৰ বাবে গুৰুত্বপূৰ্ণ জলপথ ‘ষ্ট্ৰেইট অৱ হৰমুজ’ আমেৰিকাই লগে লগে মুকলি কৰি দিব বুলিও তেওঁ হুংকাৰ দিয়ে ।

লেবানন সংকটক লৈ আশাবাদী ট্ৰাম্প-

ইৰাণৰ উপৰিও মধ্য-প্ৰাচ্যৰ আন এক অশান্ত জৰ্জৰ দেশ লেবাননৰ পৰিস্থিতিৰ ওপৰতো ডনাল্ড ট্ৰাম্পে নিজৰ মত ব্যক্ত কৰে । লেবানন আৰু ইজৰাইলৰ মাজত চলি থকা বৰ্তমানৰ তীব্ৰ সামৰিক উত্তেজনাৰ মাজতো ট্ৰাম্পে এক ইতিবাচক আশা প্ৰকাশ কৰে ।

তেওঁ কয়, “মোৰ ধাৰণা তাত এতিয়া কথাবোৰ এক ইতিবাচক দিশত আগবাঢ়িব । লেবাননৰ বাবে ই অত্যন্ত ভাল হ’ব যদিহে তাত অতি শীঘ্ৰে কিছু শান্তি প্ৰতিষ্ঠা কৰিব পৰা যায় ।”

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীক “ভাল বন্ধু” আখ্যা ট্ৰাম্পৰ : শীঘ্ৰেই হ’ব ভাৰত-আমেৰিকাৰ ঐতিহাসিক বাণিজ্য চুক্তি!

প্ৰধানমন্ত্ৰী মোদীক “ভাল বন্ধু” আখ্যা ট্ৰাম্পৰ : শীঘ্ৰেই হ’ব ভাৰত-আমেৰিকাৰ ঐতিহাসিক বাণিজ্য চুক্তি!

তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক নিজৰ এজন ভাল বন্ধু বুলি অভিহিত কৰি দুয়োখন দেশৰ মাজৰ সুসম্পৰ্কৰ কথা দোহাৰে

ভাৰত-ৰাছিয়াৰ সম্পৰ্কই টোপনি হৰিছে মহা শক্তিশালী আমেৰিকাৰ । ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ মন্তব্যৰ পিছতে এতিয়া হাহাকাৰ লাগিছে ট্ৰাম্পৰ । ভাৰতৰ ওপৰত আমেৰিকাৰ কোনো চাপে কাম নকৰে বুলি পুটিনে কৰা মন্তব্যৰ পিছতেই ভাৰত-আমেৰিকা বাণিজ্য চুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ৰাষ্ট্ৰপতি ট্ৰাম্পে । লগতে ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাল বন্ধু বুলিও অভিহিত কৰিছে ।  

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত অতি সোনকালেই এক গুৰুত্বপূৰ্ণ বাণিজ্য চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । অলপতে হোৱাইট হাউচত সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই সন্দৰ্ভত দৃঢ় আত্মবিশ্বাস প্ৰকাশ কৰে । ইয়াৰ উপৰিও তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক নিজৰ এজন “ভাল বন্ধু” বুলি অভিহিত কৰি দুয়োখন দেশৰ মাজৰ সুসম্পৰ্কৰ কথা দোহাৰে ।

সাংবাদিকৰ আগত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়, “বছৰ বছৰ ধৰি ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সুযোগ গ্ৰহণ কৰিছিল আৰু আমাৰ সামগ্ৰীৰ ওপৰত বৃহৎ শুল্ক আৰোপ কৰিছিল । কিন্তু এতিয়া পৰিস্থিতি সম্পূৰ্ণ ওলোটা হৈছে আৰু আমি ভাৰতৰ সৈতে ব্যৱসায় কৰি লাভৱান হৈছো ।” তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে থকা তেওঁৰ ব্যক্তিগত বন্ধুত্ব আৰু মধুৰ সম্পৰ্কৰ বাবেই দুয়োখন দেশে অতি সোনকালে এক সৰ্বসন্মত চুক্তিত উপনীত হ’বলৈ সক্ষম হ’ব ।

৬০খন দেশৰ ওপৰত আমেৰিকাৰ নতুন শুল্কৰ বোজা :

ট্ৰাম্পৰ এই ইতিবাচক মন্তব্যৰ মাজতেই আকৌ আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বৰ ৬০ খন প্ৰধান অৰ্থনীতিৰ ওপৰত ১০ শতাংশৰ পৰা ১২.৫ শতাংশ পৰ্যন্ত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ এক নতুন তালিকা ঘোষণা কৰিছে । ‘ইউনাইটেড ষ্টেটছ ট্ৰেড ৰিপ্ৰেজেন্টেটিভ’ৰ কাৰ্যালয়ৰ এক তদন্তত প্ৰকাশ পাইছে যে এই দেশসমূহৰ পৰা আমেৰিকালৈ আমদানি কৰা বহু সামগ্ৰী বলপূৰ্বক শ্ৰমৰ জৰিয়তে উৎপাদন কৰা হয় ।

USTR-এ প্ৰকাশ কৰা ৫৪ খন দেশৰ এখন তালিকাত ভাৰতৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে । আমেৰিকাৰ দাবী অনুসৰি, এই দেশসমূহে বলপূৰ্বক শ্ৰমেৰে উৎপাদিত সামগ্ৰীৰ আমদানি নিষিদ্ধ কৰাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাত ব্যৰ্থ হৈছে । ভাৰতৰ উপৰিও এই তালিকাত অষ্ট্ৰেলিয়া, চীন, ইজৰাইল, জাপান, কাটাৰ, ৰাছিয়া, যুক্তৰাজ্য (UK), চৌদি আৰৱ, ছিংগাপুৰ আৰু দক্ষিণ কোৰিয়াৰ দৰে শক্তিশালী অৰ্থনীতিসমূহ স্থান পাইছে ।

১৯৭৪ চনৰ বাণিজ্য আইনৰ ‘চেকচন ৩০১’ৰ অধীনত ব্যৱস্থা :

আমেৰিকাৰ নিয়ম অনুসৰি, যিবোৰ দেশে ইতিমধ্যে বলপূৰ্বক শ্ৰমৰ বিৰুদ্ধে ব্যৱস্থা লৈছে বা চুক্তি কৰিছে, তেওঁলোকে ১০ শতাংশ অতিৰিক্ত শুল্ক ভৰিব লাগিব । আনহাতে, বাকী থকা দেশসমূহে ১২.৫ শতাংশ অতিৰিক্ত কৰৰ সন্মুখীন হ’ব । USTR-ৰ মতে, ১৯৭৪ চনৰ বাণিজ্য আইনৰ ‘চেকচন ৩০১’ৰ অধীনত এই পদক্ষেপ লোৱা হৈছে, কাৰণ বলপূৰ্বক শ্ৰমেৰে উৎপাদিত সামগ্ৰীয়ে আমেৰিকাৰ ঘৰুৱা বাণিজ্যৰ ওপৰত এক অনুচিত বোজাৰ সৃষ্টি কৰিছে ।

অৱশ্যে, এই নতুন নিয়মত বস্ত্ৰ উদ্যোগৰ বাবে কিছু ৰেহাই দিয়া হৈছে । এক বিশেষ ‘বস্ত্ৰ যান্ত্ৰিকতা’ৰ জৰিয়তে কিছুমান নিৰ্দিষ্ট দেশৰ পৰা সীমিত পৰিমাণৰ পোছাক আৰু বস্ত্ৰ সামগ্ৰী হ্ৰাস কৰা শুল্ক হাৰত আমেৰিকাত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ’ব ।

আনহাতে, বলপূৰ্বক শ্ৰম সম্পৰ্কীয় নিষেধাজ্ঞা কাৰ্যকৰী কৰাত একেবাৰেই ব্যৰ্থ হোৱাৰ বাবে USTR-এ আন ৬ খন গুৰুত্বপূৰ্ণ অৰ্থনীতিক তীব্ৰ সমালোচনা কৰিছে, যাৰ ভিতৰত ইউৰোপীয় ইউনিয়ন, পাকিস্তান আৰু কানাডা অন্যতম ।

এতিয়া সমগ্ৰ বিশ্বৰে চকু থিতাপি লৈছে যে এই নতুন শুল্ক নীতিৰ মাজত ভাৰত আৰু আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কই কি নতুন মোৰ লয় আৰু ট্ৰাম্প-মোদীৰ বন্ধুত্বই বাণিজ্য চুক্তিক কিদৰে সফল কৰি তোলে ।

লগতে পঢ়ক : ভাৰত-ৰাছিয়াৰ সম্পৰ্ক অভেদ্য, মোদীৰ ওপৰত চাপ সৃষ্টি কৰাটো ক্ষতিকাৰক: ভ্লাদিমিৰ পুটিন

“চুক্তিৰ নিচেই কাষত”: ইৰাণৰ সৈতে চলি থকা আলোচনা সন্দৰ্ভত ট্ৰাম্পৰ ডাঙৰ মন্তব্য

ট্ৰাম্পে ইৰাণৰ সৈতে এক বৃহৎ শান্তি চুক্তি হোৱাৰ প্ৰবল সম্ভাৱনা থকা বুলি ইংগিত দিছে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে এক বৃহৎ শান্তি চুক্তি হোৱাৰ প্ৰবল সম্ভাৱনা থকা বুলি ইংগিত দিছে । অৱশ্যে ইয়াৰ সমান্তৰালভাৱে তেওঁ হুংকাৰ দি কয় যে যদিহে এই আলোচনা কোনো কাৰণত বিফল হয়, তেন্তে আমেৰিকাই সামৰিক পদক্ষেপ ল’বলৈ অলপো কুণ্ঠাবোধ নকৰে । ফক্স নিউজৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত ৰাষ্ট্ৰপতি ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে যিকোনো চুক্তিৰ বাবে ইৰাণে পাৰমাণৱিক অস্ত্ৰ ত্যাগ কৰাৰ এক নিশ্চিত গেৰাণ্টী দিবই লাগিব ।

সাক্ষাৎকাৰত ট্ৰাম্পে কয়, “আমি এটা বৰ ভাল চুক্তি কৰাৰ দিশে আগবাঢ়িছো; অন্যথা আমি পুনৰ ঘূৰি যাম আৰু সামৰিকভাৱে ইয়াক শেষ কৰিম । আমি এটা অতি ভাল চুক্তিৰ কাষ চাপিছো আৰু যদি আমি ইয়াক ভাল কৰিব পাৰোঁ তেন্তে ঠিকেই আছে, নহ’লে আমি যুদ্ধ বিভাগৰ সৈতে কাম আৰম্ভ কৰিম ।”

ৰাষ্ট্ৰপতিগৰাকীয়ে ভেনিজুৱেলাকে ধৰি অতীতৰ কেইবাটাও সামৰিক অভিযানৰ উদাহৰণ দি সেইবোৰক “এদিনৰ জয়” বুলি অভিহিত কৰে । কিন্তু তেওঁ লগতে আশা প্ৰকাশ কৰে যে সামৰিক সংঘাতৰ পৰিৱৰ্তে আলোচনাৰ মাধ্যমেৰে এটা সন্তোষজনক চুক্তিত উপনীত হোৱাটোৱে হে তেওঁৰ প্ৰথম লক্ষ্য । ট্ৰাম্পৰ মতে, এই চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ জলপ্ৰণালীসমূহ পুনৰ মুকলি কৰাৰ দৰে তাৎক্ষণিক লাভালাভ দেখিবলৈ পোৱা যাব ।

ইৰাণৰ সামৰিক শক্তিৰ সন্দৰ্ভত নিজৰ স্থিতি পুনৰবাৰ স্পষ্ট কৰি তেওঁ কয়, “আমি মূলতঃ তেওঁলোকৰ সামৰিক বাহিনীক পৰাভূত কৰিছো । মই বৰঞ্চ এটা চুক্তি কৰিবলৈহে ভাল পাম কাৰণ চুক্তি স্বাক্ষৰ হোৱাৰ লগে লগে আমি জলপ্ৰণালীটো মুকলি কৰিব পাৰিম । মোৰ ওচৰত থকা একমাত্ৰ গেৰাণ্টীটো হ’ল যে তাত কোনো পাৰমাণৱিক অস্ত্ৰ নাথাকিব আৰু ইৰাণেও এই কথাত সন্মতি প্ৰকাশ কৰিছে ।”

শান্তিপূৰ্ণ আলোচনাৰ প্ৰক্ৰিয়াটোক এক অত্যন্ত কঠিন আলোচনা বুলি অভিহিত কৰি তেওঁ কয় যে ইৰাণৰ মধ্যস্থতাকাৰীসকল বৰ টান । গতিকে এই ক্ষেত্ৰত তেওঁৰ কোনো খৰখেদা নাই । কাৰণ খৰখেদা কৰিলে কেতিয়াও এটা ভাল চুক্তি সম্ভৱ নহয় । কিন্তু তেওঁ সকীয়াই দিয়ে যে যদিহে আলোচনা সঠিক দিশত আগনাবাঢ়ে, তেন্তে আমেৰিকাই অন্য পথ বাচি ল’ব । ট্ৰাম্পৰ ভাষাত- “লাহে লাহে কিন্তু নিশ্চিতভাৱে আমি যি বিচাৰো তাক পাই আছোঁ আৰু যদি আমি আমাৰ মতে বস্তু নাপাওঁ, তেন্তে আমি ইয়াক এটা বেলেগ ধৰণে শেষ কৰিম ।”

আনহাতে, ‘এক্সিয়ছ’-ৰ এক শেহতীয়া প্ৰতিবেদনত প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াৰ উদ্ধৃতি দি প্ৰকাশ পাইছে যে, যোৱা শুকুৰবাৰে হোৱা এখন গুৰুত্বপূৰ্ণ ‘চিটুৱেচন ৰুম’ বৈঠকত ৰাষ্ট্ৰপতি ট্ৰাম্পে তেওঁৰ দূতসকলে ইৰাণৰ সৈতে তৈয়াৰ কৰা খচৰা চুক্তিত কেইবাটাও গুৰুত্বপূৰ্ণ সংশোধনী আনিবলৈ নিৰ্দেশ দিছে ।

বিশেষকৈ ইৰাণৰ পাৰমাণৱিক সামগ্ৰী নিয়ন্ত্ৰণৰ বিষয়টো আৰু অধিক কঠোৰ কৰিবলৈ ট্ৰাম্পে ইচ্ছা প্ৰকাশ কৰিছে । ইয়াৰ উপৰিও হৰমুজ জলপ্ৰণালী পুনৰ মুকলি কৰাৰ সন্দৰ্ভত থকা কিছুমান চৰ্তৰ ভাষা সলনি কৰাৰ বাবেও তেওঁ নিৰ্দেশ দিছে । এই নতুন সংশোধনীসমূহক লৈ দুয়োটা পক্ষৰ মাজত পুনৰ এক আলোচনাৰ পৰ্ব আৰম্ভ হৈছে, যিটো পৰৱৰ্তী কেইবাদিনো ধৰি চলিব পাৰে বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক : ট্ৰাম্পৰ ডাঙৰ সিদ্ধান্ত; উঠাই দিয়া হ’ল হৰমুজ অৱৰোধ,ঘৰলৈ উভতিল আমেৰিকান সৈনিক

আইন সলনি কৰি ২৫০ ডলাৰৰ নোটত ট্ৰাম্পৰ ছবি অন্তৰ্ভুক্ত কৰাৰ চেষ্টা : বিতৰ্কত আমেৰিকাৰ বিত্ত বিভাগ

বিত্ত সচিবে প্ৰকাশ কৰা অনুসৰি, ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰতিকৃতি অংকিত ২৫০ ডলাৰৰ এখন নতুন নোট প্ৰৱৰ্তনৰ বাবে এক প্ৰাৰম্ভিক আৰ্হি কৰিছে বিত্ত বিভাগে

আমেৰিকাৰ মুদ্ৰাৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনাৰ বাবে তৎপৰ হৈ পৰিছে বৰ্তমানৰ চৰকাৰ । আমেৰিকাৰ বিত্ত সচিব স্কট বেচেণ্টে প্ৰকাশ কৰা অনুসৰি, ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰতিকৃতি অংকিত ২৫০ ডলাৰৰ এখন নতুন নোট প্ৰৱৰ্তনৰ বাবে এক প্ৰাৰম্ভিক আৰ্হি বা মক-আপ (Mock-up) প্ৰস্তুত কৰিছে বিত্ত বিভাগে ।

আইন সলনিৰ প্ৰচেষ্টা-

বৰ্তমানৰ আমেৰিকান আইন অনুসৰি, কোনো জীৱিত ব্যক্তিৰ ছবি আমেৰিকাৰ মুদ্ৰাত ব্যৱহাৰ কৰিব নোৱাৰি । এই প্ৰসংগত বিত্ত সচিব বেচেণ্টে হোৱাইট হাউচৰ এক ব্ৰিফিঙত কয়, “আমেৰিকান মুদ্ৰাৰ বাবে দুটা প্ৰধান বাধ্যবাধকতা আছে—প্ৰথমটো হ’ল মুদ্ৰাত কোনো জীৱিত ব্যক্তি থাকিব নোৱাৰে আৰু দ্বিতীয়টো হ’ল ইয়াত ‘In God We Trust’ লিখা থাকিব লাগিব ।”

তেওঁ লগতে জানিবলৈ দিয়ে যে, এই আইনৰ প্ৰথমটো চৰ্ত সলনি কৰিবলৈ বৰ্তমান হাউচ আৰু চেনেটত এখন বিধেয়ক উত্থাপন কৰা হৈছে । এই বিধেয়ক গৃহীত হ’লেহে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ছবি নোটত অন্তৰ্ভুক্ত কৰাটো সম্ভৱ হ’ব । বিত্ত বিভাগে আইনৰ মৰ্যাদা ৰক্ষা কৰি আগতীয়াকৈ এই প্ৰস্তুতি চলাই ৰাখিছে বুলিও তেওঁ উল্লেখ কৰে ।

বিভাগৰ ভিতৰত বিবাদ আৰু প্ৰশাসনিক সালসলনি-

এই নতুন নোটৰ ডিজাইনক কেন্দ্ৰ কৰি আমেৰিকাৰ বিত্ত বিভাগৰ ‘ব্যুৰ’ অৱ এনগ্ৰেভিং এণ্ড প্ৰিন্টিং’-ৰ ভিতৰত এক ধৰণৰ অস্থিৰতা আৰু বিতৰ্কৰ সৃষ্টি হৈছে । ইয়াৰ মাজতেই বিভাগটোৰ সঞ্চালক পে ট্ৰিচিয়া চলিমেনক হঠাতে তেওঁৰ পদৰ পৰা আঁতৰাই অন্য বিভাগলৈ বদলি কৰা হৈছে ।

নিজৰ এই বিদায়ৰ সন্দৰ্ভত চলিমেনে কয়, “এই স্থানান্তৰ মোৰ ইচ্ছা নাছিল । মই কেতিয়াও অনুষ্ঠানটোৰ মূল্যবোধৰ সৈতে আপোচ কৰা নাই ।” বিভাগটোৰ পৰা তেওঁৰ এনে অস্বাভাৱিক প্ৰস্থানক লৈ এতিয়া চৰ্চা চলিছে ।

ট্ৰাম্পৰ আগ্ৰহ আৰু পূৰ্বৰ বিতৰ্ক-

ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ কাৰ্যকালত আমেৰিকাৰ মুদ্ৰা আৰু অৰ্থনীতিৰ ওপৰত নিজৰ শক্তিশালী প্ৰভাৱ পেলাবলৈ বিভিন্ন সময়ত আগ্ৰহ প্ৰকাশ কৰি আহিছে । যোৱা বছৰো তেওঁৰ ছবি থকা স্মাৰক মুদ্ৰা মুকলি কৰা হৈছিল, যিটো পদক্ষেপে ১৮৬৬ চনৰ এক দীৰ্ঘদিনীয়া আইনক লৈ তীব্ৰ আইনী বিতৰ্কৰ সৃষ্টি কৰিছিল ।

এতিয়া ২৫০ ডলাৰৰ এই নতুন নোটৰ প্ৰস্তাৱে আমেৰিকান ৰাজনীতি আৰু অৰ্থনৈতিক বৃত্তত নতুনকৈ বিতৰ্কৰ সূত্ৰপাত ঘটাইছে । সমগ্ৰ প্ৰক্ৰিয়াটো কংগ্ৰেছৰ অনুমোদনৰ ওপৰত নিৰ্ভৰ কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : চন্দ্ৰত স্থায়ী ঘাটি নিৰ্মাণৰ বাবে NASA-ৰ বৃহৎ পৰিকল্পনা

বন্দৰ আব্বাছত আক্ৰমণৰ পিছতে খৰ্গহস্ত ইৰান, আমেৰিকান এয়াৰবেছলৈ ধাৰাবাহিক মিছাইল বৰ্ষণ

বৃহস্পতিবাৰে স্থানীয় সময় পুৱা ৪:৫০ বজাত ইৰানৰ ৰিভল্যুশ্বনেৰী গাৰ্ডছে আমেৰিকাৰ এটা এয়াৰবেছক লক্ষ্য কৰি প্ৰত্যুত্তৰমূলক আক্ৰমণ চলায়

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত চলি থকা শান্তি আলোচনা ধাৰাবাহিকভাৱে ব্যৰ্থ হোৱাৰ দিশে অগ্ৰসৰ হৈছে । ইয়াৰ মাজতে মধ্যপ্ৰাচ্যত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰি ইৰানৰ ইছলামিক ৰিভল্যুশ্বনেৰী গাৰ্ড কৰ্পছে (IRGC) আমেৰিকাৰ সামৰিক ঘাটিত এক ডাঙৰ আক্ৰমণ চলোৱাৰ দাবী কৰিছে । আনহাতে, এই সামৰিক সংঘাতৰ প্ৰভাৱ এতিয়া চুবুৰীয়া দেশসমূহৰ ওপৰতো পৰা দেখা গৈছে । কুৱেইটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, তেওঁলোকৰ আকাশমাৰ্গলৈ অহা কেইবাটাও মিছাইল আৰু ড্ৰ’ন তেওঁলোকে আকাশতে প্ৰতিৰোধ কৰি ধ্বংস কৰিবলৈ সক্ষম হৈছে ।

বন্দৰ আব্বাছ বন্দৰত আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ ইৰানৰ-

ইৰানৰ অৰ্ধ-চৰকাৰী সংবাদ প্ৰতিষ্ঠান ‘তাচনিম নিউজ এজেঞ্চী’ৰ এক প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে স্থানীয় সময় পুৱা ৪:৫০ বজাত ইৰানৰ ৰিভল্যুশ্বনেৰী গাৰ্ডছে আমেৰিকাৰ এটা এয়াৰবেছক লক্ষ্য কৰি প্ৰত্যুত্তৰমূলক আক্ৰমণ চলায় । আইআৰজিচিয়ে জনোৱা মতে, বুধবাৰে নিশা ইৰানৰ গুৰুত্বপূৰ্ণ ‘বন্দৰ আব্বাছ’ৰ ওচৰত আমেৰিকাই চলোৱা বিমান আক্ৰমণৰ প্ৰতিশোধ ল’বলৈহে তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিছে । অৱশ্যে, সুৰক্ষাৰ স্বাৰ্থত ইৰানে আমেৰিকাৰ কোনটো সামৰিক ঘাটিত এই আক্ৰমণ চলাইছে, সেই কথা এতিয়াও প্ৰকাশ কৰা নাই ।

আমেৰিকাক চৰম সকীয়নি-

এই আক্ৰমণৰ পিছতেই ইৰানৰ ৰিভল্যুশ্বনেৰী গাৰ্ডছে আমেৰিকাক পোনপটীয়াকৈ এক চৰম আৰু কঠোৰ সকীয়নি প্ৰদান কৰিছে । ইৰানে স্পষ্ট কৰি দিছে যে যদি আমেৰিকাই পুনৰ এনেধৰণৰ আক্ৰমণ কৰাৰ দুঃসাহস কৰে, তেন্তে ইয়াৰ পৰিণতি ইয়াতকৈও ভয়াবহ আৰু মাৰাত্মক হ’ব । ভৱিষ্যতে হ’বলগীয়া যিকোনো ধৰণৰ ক্ষয়-ক্ষতিৰ বাবে কেৱল আক্ৰমণকাৰী আমেৰিকাই দায়ী থাকিব বুলিও ইৰানে হুংকাৰ দিয়ে ।

আত্মৰক্ষাৰ বাবে আক্ৰমণ চলোৱা হৈছিল : আমেৰিকা

আনহাতে, সমগ্ৰ ঘটনা সন্দৰ্ভত এগৰাকী আমেৰিকান সামৰিক বিষয়াই আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ‘ৰয়টাৰ্ছ’ক জনোৱা মতে, বুধবাৰে নিশা প্ৰায় ১:৩০ বজাত ইৰানৰ বান্দৰ আব্বাছ চহৰৰ পূব অংশত আমেৰিকান সেনাই এক বৃহৎ অভিযান চলাইছিল। উক্ত স্থানত তিনিটা ডাঙৰ বিস্ফোৰণৰ শব্দ শুনা গৈছিল ।

আমেৰিকাৰ দাবী অনুসৰি, ইৰানৰ সেই সামৰিক ঘাটিটোৱে ‘ষ্ট্ৰেইট অৱ হৰমুজ’ জলপথত নিয়োজিত আমেৰিকান সেনা আৰু বাণিজ্যিক জাহাজসমূহৰ নিৰাপত্তাৰ বাবে ডাঙৰ ভাবুকিৰ সৃষ্টি কৰিছিল । সেয়েহে, সম্পূৰ্ণ আত্মৰক্ষাৰ স্বাৰ্থতহে আমেৰিকাই এই সামৰিক পদক্ষেপ গ্ৰহণ কৰিছিল ।

কুৱেইটত হাই-এলাৰ্ট-

এই ভয়াৱহ সামৰিক সংঘৰ্ষৰ বাবে এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকই বিৰাজ কৰিছে । কুৱেইট চৰকাৰে আধিকাৰিকভাৱে ঘোষণা কৰিছে যে দেশখনৰ নিৰাপত্তা সুৰক্ষিত কৰিবলৈ তেওঁলোকৰ প্ৰতিৰক্ষা বাহিনীয়ে ২৪ ঘণ্টাই সষ্টম হৈ আছে । আকাশমাৰ্গ উলংঘা কৰি ধেঁই অহা যিকোনো মিছাইল বা ড্ৰ’ন তৎক্ষণাত চিনাক্ত কৰি আকাশতে ধ্বংস কৰাৰ বাবে কুৱেইটে বিশেষ প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰি তুলিছে ।

লগতে পঢ়ক : ঈদৰ আনন্দৰ মাজতে মধ্যপ্ৰাচ্যত যুদ্ধৰ জোকাৰণি, ইৰানৰ ভূখণ্ডত আমেৰিকাৰ বিধ্বংসী এয়াৰষ্ট্ৰাইক