ইৰান যুদ্ধ সমাপ্ত কৰাৰ উদ্দেশ্যে আমেৰিকাৰ প্ৰতিনিধি সভাত গৃহীত হোৱা এটা প্ৰস্তাৱক লৈ ৰাষ্ট্ৰপতি ট্ৰাম্প তীব্ৰ ক্ষুব্ধ হৈ পৰিছে
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰানক সকীয়নি দি কয় যে ইৰানৰ দ্বাৰা আমেৰিকান সৈন্যৰ হত্যা হ’লে সেয়া দেশখনৰ বিৰুদ্ধে পুনৰ যুদ্ধ আৰম্ভ কৰাৰ বাবে এক “ভাল কাৰণ” হ’ব । হোৱাইট হাউচত সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰে যে ইতিমধ্যে ইৰানৰ নৌসেনা, বিমান বাহিনী আৰু নেতৃত্বক সম্পূৰ্ণৰূপে নিঃশেষ কৰা হৈছে । ভুৱা বাতৰি প্ৰচাৰ কৰা সংবাদ মাধ্যমক সমালোচনা কৰি তেওঁ কয় যে ইৰানৰ ১৫৯খন জাহাজ এতিয়া সাগৰৰ তলিত ডুব গৈ আছে আৰু আমেৰিকাৰ ওচৰত ইয়াৰ আলোকচিত্ৰও মজুত আছে ।
আনহাতে, ইৰান যুদ্ধ সমাপ্ত কৰাৰ উদ্দেশ্যে আমেৰিকাৰ প্ৰতিনিধি সভাত গৃহীত হোৱা এটা প্ৰস্তাৱক লৈ ৰাষ্ট্ৰপতি ট্ৰাম্প তীব্ৰ ক্ষুব্ধ হৈ পৰিছে । বুধবাৰে প্ৰতিনিধি সভাই ২১৫ বনাম ২০৮ ভোটত ট্ৰাম্পৰ সামৰিক ক্ষমতা সীমিত কৰাৰ সপক্ষে এক প্ৰস্তাৱ পাছ কৰে, য’ত ডেম’ক্ৰেটসকলৰ লগতে ৪ জন ৰিপাব্লিকান সাংসদেও ট্ৰাম্পৰ বিৰুদ্ধে ভোটদান কৰে ।
এই ভোটদানক “অৰ্থহীন” বুলি অভিহিত কৰি ট্ৰাম্পে নিজৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত বিৰোধী আৰু দলীয় বিদ্ৰোহী সাংসদ কেইজনক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে ইচলামিক ৰিপাব্লিক অৱ ইৰানৰ সৈতে যুদ্ধ সমাপ্ত কৰাৰ বাবে চলি থকা চূড়ান্ত আলোচনাৰ মাজতে তেওঁৰ যুদ্ধৰ ক্ষমতা সীমিত কৰিবলৈ কৰা এই ভোটদান এক “অৰাষ্ট্ৰপ্ৰেমী কাৰ্য”। ডেম’ক্ৰেটসকল ‘ট্ৰাম্প ডিৰেঞ্জমেণ্ট চিনড্ৰম’ৰ দ্বাৰা পৰিচালিত বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকে নিজৰ দেশ ব্যৰ্থ হোৱাটো চাব বিচাৰে, তথাপিও ট্ৰাম্পক বিজয়ী হোৱাটো দেখিব নিবিচাৰে । তদুপৰি, নিজ দলৰ বিৰুদ্ধে যোৱা চাৰিজন ৰিপাব্লিকান সাংসদক তেওঁ “দেখুৱাব খোজা লোক” বুলি আখ্যা দি তেওঁলোকে নিজক লৈ লাজ পোৱা উচিত বুলি মন্তব্য কৰে ।
উল্লেখ্য যে, যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে যুটীয়াভাৱে ইৰানৰ ওপৰত চলোৱা সামৰিক আক্ৰমণৰ পিছত এই ভোটদানক ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বাবে কংগ্ৰেছৰ প্ৰথমটো ডাঙৰ প্ৰত্যাহ্বান হিচাপে গণ্য কৰা হৈছে । প্ৰতিনিধি সভাত গৃহীত হোৱাৰ পিছত এই বিলখন বৰ্তমান চিনেটলৈ প্ৰেৰণ কৰা হৈছে যদিও ৰাষ্ট্ৰপতি ট্ৰাম্পে ইয়াক ভেটো প্ৰয়োগ কৰি খাৰিজ কৰাটো প্ৰায় নিশ্চিত ।
লগতে পঢ়ক : যুদ্ধ হওক বা চুক্তি, জয় আমেৰিকাৰে হ’ব; ইৰাণক কঠোৰ সকীয়নি ট্ৰাম্পৰ









