ইৰাণৰ সৈতে আলোচনাৰ মাজতে আমেৰিকাৰ ডাঙৰ পদক্ষেপ; IRGCৰ নাও আৰু মিছাইল উৎক্ষেপণ স্থানত আক্ৰমণ

শান্তি আলোচনাৰ মাজতে আমেৰিকান সেনাই দক্ষিণ ইৰাণত আত্মৰক্ষাৰ বাবে এক বৃহৎ আক্ৰমণ চলাইছে। এই অভিযানত ইৰাণৰ ক্ষেপণাস্ত্ৰ উৎক্ষেপণ স্থান আৰু মাইন স্থাপন কৰা নাওক লক্ষ্য কৰি লোৱা হৈছিল।

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি সন্দৰ্ভত গুৰুতৰ আলোচনা চলি থকাৰ সময়তে, দক্ষিণ ইৰাণত ‘আত্মৰক্ষা’ৰ উদ্ধৃতি দি আমেৰিকাৰ সেনাই বৃহৎ সামৰিক আক্ৰমণ চলাইছে। আমেৰিকাই ইৰাণৰ লক্ষ্যস্থানত আক্ৰমণ চলাইছিল, য’ত নাৱেৰে মাইন আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা স্থানত আক্ৰমণ চলাইছিল।তেওঁ ইয়াক প্ৰতিৰক্ষামূলক কাৰ্য্য বুলি অভিহিত কৰিছে। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে এক বিবৃতিত কয় যে ইৰাণী সেনাবাহিনীৰ ভাবুকিৰ পৰা আমাৰ সৈন্যক ৰক্ষা কৰিবলৈ এই আক্ৰমণ সংঘটিত কৰা হৈছে।

আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ মুখপাত্ৰ কেপ্তেইন টিম হকিন্সে আনুষ্ঠানিকভাৱে এই আক্ৰমণ নিশ্চিত কৰিছে। চেণ্টকমৰ মুখপাত্ৰ নৌসেনাৰ কেপ্তেইন টিম হকিন্সে কয় যে, তেওঁ কয় যে, ইৰাণৰ সেনাই সৃষ্টি কৰা তাৎক্ষণিক ভাবুকিৰ পৰা নিজৰ সৈন্যক ৰক্ষা কৰিবলৈ আমেৰিকাৰ সেনাই আজি আত্মৰক্ষাৰ বাবে দক্ষিণ ইৰাণত এই আক্ৰমণ চলাইছে।।অৱশ্যে চেণ্টকমে এইটোও স্পষ্ট কৰি দিছে যে আমেৰিকাৰ কমাণ্ডে বৰ্তমানৰ যুদ্ধবিৰতিক সন্মান জনাইছে আৰু সংযম অব্যাহত ৰাখিছে, অৱশ্যে নিজৰ জোৱানৰ সুৰক্ষাৰ ক্ষেত্ৰত আপোচ নকৰো।এই আক্ৰমণটো এনে সময়ত সংঘটিত হৈছে,যেতিয়া ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাকাইয়ে কয় আমেৰিকাৰ সৈতে আলোচনাত কিছু অগ্ৰগতি হৈছে,অৱশ্যে যুদ্ধ শেষ কৰাৰ কোনো চুক্তি অতি সোনকালে হোৱাৰ সম্ভাৱনা নাই।

কেপ্তেইন হকিন্সে কয় যে এই আক্ৰমণৰ লক্ষ্য কৰি বান্দাৰ আব্বাছৰ ওচৰৰ এটা এলেকা আছিল,যিখন দক্ষিণৰ বন্দৰ চহৰ আৰু হৰমুজ জলদ্বীপত অৱস্থিত ইৰাণৰ নৌসেনাৰ ঘাটি।

ট্ৰাম্পৰ হৈ প্ৰধানমন্ত্ৰী মোদীক হোৱাইট হাউচলৈ আমন্ত্ৰণ মাৰ্কো ৰুবিঅ’ৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ হৈ প্ৰধানমন্ত্ৰী মোদীক হোৱাইট হাউচ ভ্ৰমণ কৰাৰ বাবে এক আনুষ্ঠানিক আমন্ত্ৰণ পত্ৰ প্ৰদান কৰে

চাৰিদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণলৈ অহা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । এই গুৰুত্বপূৰ্ণ বৈঠকত মন্ত্ৰী ৰুবিঅ’ই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ হৈ প্ৰধানমন্ত্ৰী মোদীক হোৱাইট হাউচ ভ্ৰমণ কৰাৰ বাবে এক আনুষ্ঠানিক আমন্ত্ৰণ পত্ৰ প্ৰদান কৰে । ভাৰতত নিযুক্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (X)-ত এই কথা নিশ্চিত কৰি বৈঠকখনক অত্যন্ত “ফলপ্ৰসূ” বুলি অভিহিত কৰে ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতিত জনোৱা হৈছে যে বৈঠককালত দুই নেতাৰ মাজত প্ৰতিৰক্ষা, কৌশলগত প্ৰযুক্তি, বাণিজ্য আৰু বিনিয়োগ, শক্তি সুৰক্ষা, সংযোগ, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ককে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ ধাৰাবাহিক প্ৰগতিৰ বিষয়ে আলোচনা হয় । ইয়াৰ উপৰিও, আমেৰিকাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতি সহ বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়ত ৱাশ্বিংটনৰ দৃষ্টিভংগী প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত ডাঙি ধৰে ।

প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে শান্তি প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ ধাৰাবাহিক সমৰ্থনৰ কথা পুনৰ দোহাৰে আৰু আলোচনা তথা কূটনীতিৰ জৰিয়তেহে সকলো ধৰণৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধান সম্ভৱ বুলি আহ্বান জনায় । প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰী ৰুবিঅ’ক ৰাষ্ট্ৰপতি ট্ৰাম্পলৈ তেওঁৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিবলৈ অনুৰোধ জনায় । বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে এক্স (X)-ত উল্লেখ কৰে যে নতুন দিল্লী আৰু ৱাশ্বিংটনে বিশ্বৰ কল্যাণৰ বাবে ভৱিষ্যতেও এনেদৰে একত্ৰিত হৈ কাম কৰি যাব ।

হাই প্ৰফাইল বৈঠকখনত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰ আৰু আমেৰিকাৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ অধীনস্থ সচিব এলিছন হুকাৰো উপস্থিত আছিল । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে ৰুবিঅ’ৰ এই ভ্ৰমণে ভাৰত-আমেৰিকাৰ ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্বক এক নতুন মাত্ৰা প্ৰদান কৰিব ।

উল্লেখ্য যে ২৩ মে’ৰ পৰা ২৬ মে’লৈ হ’বলগীয়া এই ৪ দিনীয়া ভ্ৰমণসূচীৰ আৰম্ভণিতে শনিবাৰে পুৱা মাৰ্কো ৰুবিঅ’ই পত্নী জেনেট ডি ৰুবিঅ’ আৰু এটা উচ্চস্তৰীয় প্ৰতিনিধি দলৰ সৈতে প্ৰথমে কলকাতাত অৱতৰণ কৰে । যোৱা ১৪ বছৰৰ ভিতৰত এয়া কোনো শীৰ্ষ আমেৰিকান কূটনীতিবিদৰ প্ৰথম কলকাতা ভ্ৰমণ । কলকাতাত উপস্থিত হৈ তেওঁ ‘মিছনেৰীজ অৱ চেৰিটি’লৈ গৈ মদাৰ টেৰেছাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেওঁৰ কৰুণা তথা সেৱাৰ মহান উত্তৰাধিকাৰক প্ৰশংসা কৰে । কলকাতাৰ ভ্ৰমণসূচী সামৰি শনিবাৰে বিয়লি তেওঁ নতুন দিল্লীত উপস্থিত হয় । দিল্লীত থকাৰ সময়ছোৱাত আমেৰিকাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে আমেৰিকান দূতাবাসৰ ‘ছাপৰ্ট এনেক্স বিল্ডিং’ৰ উৎসৰ্গীকৃত অনুষ্ঠানতো অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰিব ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মাৰ্কো ৰুবিঅ’ৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতক আমেৰিকাৰ “অপৰিহাৰ্য অংশীদাৰ” আখ্যা

ট্ৰাম্পৰ কন্যা ইভাংকাক হত্যাৰ পৰিকল্পনা; আই আৰ জি চিৰ প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পক লৈ এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে। আই আৰ জি চিৰ সৈতে জড়িত এজন সন্ত্ৰাসবাদীয়ে তেওঁক হত্যাৰ চেষ্টা চলাইছিল।

ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা উত্তেজনাৰ মাজতে আমেৰিকাৰ পৰা ডাঙৰ খবৰ ওলাইছে ।আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পক হত্যাৰ ষড়যন্ত্ৰ উন্মোচিত হৈছে।ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ সৈতে জড়িত এজন সন্ত্ৰাসবাদীয়ে এই কথা প্ৰকাশ কৰিছে, যে তেওঁ কাচেম ছলেমানীৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ ইভাংকা ট্ৰাম্পক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। আমেৰিকাৰ তদন্তকাৰী সংস্থাৰ মতে, আই আৰ জি চিৰ সৈতে জড়িত এজন অভিযুক্তই ইভাংকাক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল।ধৃত অভিযুক্তজনে ইভাংকাৰ ঘৰৰ মানচিত্ৰ লৈ ঘূৰি ফুৰিছিল।

মন কৰিবলগীয়া যে অভিযুক্তই ইৰাকৰ নাগৰিক মহম্মদ বাকৰ আল সাদি বুলি জানিব পৰা গৈছে।তেওঁ কাতাইব হিজবুল্লাহ নামৰ সংগঠনটোৰ জ্যেষ্ঠ সদস্য।সমগ্ৰ আমেৰিকাৰ বিভিন্ন স্থানত বিস্ফোৰণ সংঘটিত কৰিবলৈ সাজু হৈছিল কাতাইব হিজবুল্লাহ। এই আক্ৰমণ সন্দৰ্ভত আমেৰিকাৰ নিৰাপত্তা সংস্থাসমূহে আশংকা কৰিছে যে ট্ৰাম্পৰ পৰিয়ালৰ সদস্যক লক্ষ্য কৰি লোৱা হ’ব পাৰে।

প্ৰতিবেদন অনুসৰি ইভাংকা ট্ৰাম্পক হত্যা কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৩২ বছৰীয়া মহম্মদ বেকাৰ সাদ দাউদ আল-সাদিয়ে।তেওঁৰ পৰা ইভাংকা ট্ৰাম্পৰ ফ্ল’ৰিডাস্থিত ঘৰৰ ব্লুপ্ৰিণ্টো উদ্ধাৰ কৰিছে সংস্থাটোৱে।আল-সাদিৰ উদ্দেশ্য আছিল ড্ৰোন আক্ৰমণত নিহত ইৰাণৰ সামৰিক সেনাধ্যক্ষ কাচেম ছলেমানীৰ মৃত্যুৰ প্ৰতিশোধ লোৱা।

ৱাশ্বিংটনত থকা ইৰাকৰ দূতাবাসৰ প্ৰাক্তন বিষয়া এন্টিফাদ কানবাৰে এটা সাক্ষাৎকাৰত কৈছিল যে, কাচেম ছলেমানীৰ হত্যাৰ পিছত আল-ছাদীয়ে মানুহক ইভাংকা ট্ৰাম্পক হত্যা কৰিব লাগে বুলি কৈ ঘূৰি ফুৰিছিল,যাতে ড’নাল্ড ট্ৰাম্পেও সেই আঘাত অনুভৱ কৰক, যি আঘাত তেওঁলোকে পাইছে। ইৰাকৰ নাগৰিক মহম্মদ বাঘেৰ সাদ দাউদ আল ছাদীয়ে কাছেম ছলেমানীৰ মৃত্যু হোৱা আমেৰিকাৰ ড্ৰ’ন আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ চেষ্টা কৰিছিল।তেওঁৱেই ইভাংকাক হত্যা কৰাৰ প্ৰতিজ্ঞা কৰিছিল বুলি অভিযোগ উঠিছে।

লগতে পঢ়ক: ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকৰ সম্ভাৱনা;  জি-৭ শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ

‘ইৰাণৰ একোৱেই নাথাকিব…’;উচ্চ পৰ্যায়ৰ বৈঠকত ‘দ্বিতীয় বিশ্বযুদ্ধ’ৰ ইংগিত ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে যুদ্ধৰ কৌশল সন্দৰ্ভত নিৰাপত্তা বিষয়াৰ সৈতে বৈঠকত মিলিত হয়।

শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ ৰাষ্ট্ৰীয় নিৰাপত্তা দলৰ শীৰ্ষ বিষয়াৰ সৈতে সাক্ষাৎ কৰে।এক সূত্ৰৰ উদ্ধৃতি দি চিএনএনে নিজৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে।ট্ৰাম্পে অনুষ্ঠিত কৰা এই বৈঠকৰ উদ্দেশ্য আছিল ইৰাণৰ সৈতে যুদ্ধ সন্দৰ্ভত ভৱিষ্যতৰ কৌশলৰ বিষয়ে আলোচনা কৰা।

এই বৈঠকৰ ট্ৰাম্পৰ সেই মন্তব্যৰ এদিন পিছত হৈছিল,য’ত তেহৰাণক সতৰ্কবাণী জাৰি কৰি তেওঁ কয় যে তেওঁলোকে যিমান পাৰি সোনকালে ব্যৱস্থা ল’ব লাগিব আৰু অতি দ্ৰুতগতিত কৰিব লাগিব, অন্যথা তেওঁলোকৰ একোৱেই বাকি নাথাকিব।

দেওবাৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি ট্ৰাম্পে লিখিছে- ইৰাণৰ বাবে ঘড়ীৰ কাটা এতি দ্ৰুতগতিত ঘূৰি আছে, আৰু তেওঁলোকে যিমান পাৰি সোনকালে দ্ৰুত পদক্ষেপ ল’ব লাগিব,”নহ’লে সিহঁতৰ একো নাথাকিব। সময় অতি মূল্যৱান।”

ৰাষ্ট্ৰপতিৰ ভাৰ্জিনিয়া স্থিত গল্ফ ক্লাবত অনুষ্ঠিত এই সভাত উপ-ৰাষ্ট্ৰপতি জে.ডি. ভ্যান্স, বিদেশ সচিব মাৰ্কো ৰুবিঅ’, চিআইএৰ সঞ্চালক জন ৰেটক্লিফ আৰু বিশেষ দূত ষ্টিভ উইটকফৰ দৰে নেতাও উপস্থিত আছিল। এই বৈঠকখন চীন ভ্ৰমণৰ পৰা ট্ৰাম্পে ৱাশ্বিংটনলৈ উভতি অহাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে অনুষ্ঠিত হয়।

লগতে পঢ়ক: ‘লাহে লাহে ধৈৰ্য্য হেৰুৱাইছো’; ইৰাণ সন্দৰ্ভত ট্ৰাম্পৰ বিস্ফোৰক মন্তব্য

অসমৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণত আমেৰিকাৰ ৰাষ্ট্ৰদূত: অসমৰ সৈতে বাণিজ্যিক সম্পৰ্কৰ নতুন দিশ উন্মোচনৰ লক্ষ্য

এই অনুষ্ঠানত ভাৰতীয় যুক্তৰাষ্ট্ৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গোৰৰ উপস্থিতিয়ে বিশেষ চৰ্চা লাভ কৰিছে

অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি ড° হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । ১২ মে’ত অনুষ্ঠিত এই ভব্য অনুষ্ঠানত ভাৰতীয় যুক্তৰাষ্ট্ৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গোৰৰ উপস্থিতিয়ে বিশেষ চৰ্চা লাভ কৰিছে । ৰাষ্ট্ৰদূতগৰাকীৰ এই অংশগ্ৰহণে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি ৱাশ্বিংটনৰ বৰ্ধিত বাণিজ্যিক আৰু কূটনৈতিক আগ্ৰহক স্পষ্ট কৰি তুলিছে ।

আমেৰিকা আৰু অসমৰ মাজত নতুন যুগৰ সূচনা-

শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গোৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘X’ত ৰাজ্যখনৰ সম্ভাৱনীয়তাৰ শলাগ লয় । তেওঁ লিখে, “আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অসমৰ মাজত বহু বাণিজ্যিক সম্পৰ্ক আছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত আমি উভয় পক্ষৰ বাবে অধিক লাভজনক পৰিস্থিতি চিনাক্ত কৰিব পাৰিম ।”

প্ৰণিধানযোগ্য যে, ৰাজ্যিক পৰ্যায়ৰ এটা অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ উপস্থিতি এক বিৰল ঘটনা । ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত হোৱা কথোপকথনৰ বিষয়েও গোৰে সক্ৰিয়ভাৱে তথ্য ৰাজহুৱা কৰিছিল, যিয়ে ভাৰত-আমেৰিকাৰ মাজত গঢ়ি উঠা সুদৃঢ় দ্বিপাক্ষিক সম্পৰ্কৰ ইংগিত দিছিল ।

ৰাজনৈতিক আধিপত্য আৰু শৰ্মাৰ দৃঢ়তা-

এইবাৰৰ নিৰ্বাচনত ড° শৰ্মাৰ নেতৃত্বত বিজেপি আৰু মিত্ৰজোঁটে (NDA) ১২৬ খন আসনৰ ভিতৰত ৮২ খন আসনত জয়লাভ কৰি এক চমকপ্ৰদ ফলাফল প্ৰদৰ্শন কৰিছে । এই বিজয় কেৱল চৰকাৰ গঠনৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বিজেপি আৰু ড° শৰ্মাৰ ব্যক্তিগত প্ৰভাৱ বিস্তাৰৰ এক শক্তিশালী নিদৰ্শন ।

“আচল চিনেমা এতিয়াহে আৰম্ভ হ’ব”

শপত গ্ৰহণৰ পিছত সমৰ্থকসকলৰ মাজত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পৰৱৰ্তী লক্ষ্যৰ বিষয়ে এক আমোদজনক মন্তব্য কৰে । তেওঁ কয়, “মোৰ প্ৰথমটো কাৰ্যকাল আছিল কেৱল এটা ট্ৰেইলাৰ, আচল চিনেমাখন এতিয়াহে অৰ্থাৎ দ্বিতীয়টো কাৰ্যকালত আৰম্ভ হ’ব ।”

মুখ্যমন্ত্ৰীৰ এই আত্মবিশ্বাসী মন্তব্য আৰু আমেৰিকাৰ দৰে মহাশক্তিৰ সক্ৰিয় সমৰ্থনে আগন্তুক দিনত অসমৰ উদ্যোগিক আৰু অৰ্থনৈতিক উন্নয়নত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে ।

লগতে পঢ়ক : অসমৰ বাবে এক মহান দিন: দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা হিমন্ত বিশ্ব শৰ্মাক প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন

হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠান: গুৱাহাটীত উপস্থিত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰ

মঙলবাৰে গুৱাহাটীত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হ’বলগীয়া নতুন ৰাজ্য চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানক লৈ উখল-মাখল পৰিৱেশ

অসমৰ ৰাজনৈতিক আকাশত এতিয়া উখল-মাখল পৰিৱেশ । মঙলবাৰে গুৱাহাটীত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হ’বলগীয়া নতুন ৰাজ্য চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানক লৈ উখল-মাখল পৰিৱেশ । এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে ভাৰতত নিযুক্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰ ।

ভিভিআইপিৰ লানি নিছিগা সোঁত-

আজি গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই ভব্য অনুষ্ঠানত দেশৰ হেভিৱেইট ৰাজনীতিবিদসকলৰ সমাবেশ ঘটিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ লগতে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা উপ-মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব ।

নতুন কেবিনেটৰ মুখকেইখন-

মনোনীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে তেওঁৰ নতুন টিমৰ প্ৰথম চাৰিজন সদস্যৰ নাম ঘোষণা কৰিছে । সামাজিক মাধ্যম ‘এক্স’ৰ জৰিয়তে তেওঁ জানিবলৈ দিয়ে যে তেওঁৰ সৈতে মন্ত্ৰী হিচাপে শপত ল’ব—

-ৰামেশ্বৰ তেলী

-অতুল বৰা

-চৰণ বড়ো

-অজন্তা নেওগ

ইয়াৰ উপৰিও, বিজেপিৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ৰঞ্জিত দাসক অসম বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে ।

উন্নত অসমৰ সংকল্প-

নিজে শপত লোৱাৰ পূৰ্বে ড° শৰ্মাই ৰাজ্যবাসীৰ প্ৰতি তেওঁৰ দায়বদ্ধতা পুনৰ দোহাৰে । তেওঁ কয় যে এই নতুন চৰকাৰে এখন “শক্তিশালী, অধিক উন্নত আৰু সমৃদ্ধিশালী অসম” গঢ়ি তোলাৰ লক্ষ্যৰে পূৰ্ণ নিষ্ঠাৰে কাম কৰি যাব । সতীৰ্থসকলক অভিনন্দন জনাই তেওঁ সকলোকে লগত লৈ ৰাজ্যখনক বিকাশৰ নতুন শিখৰলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক : দিছপুৰত তৃতীয়বাৰৰ বাবে বিজেপি-এনডিএৰ বিজয় যাত্ৰা: শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

তেওঁলোকে এতিয়াও উপযুক্ত মূল্য ভৰা নাইঃ ইৰানৰ ১৪ দফীয়া প্ৰস্তাৱ মানি ল’বলৈ অমান্তি ট্ৰাম্প

ট্ৰাম্পে কয় মই অতি সোনকালে ইৰানে আমাক পঠোৱা পৰিকল্পনাটো পৰ্যালোচনা কৰিম কিন্তু মই কল্পনা কৰিব নোৱাৰো যে ই গ্ৰহণযোগ্য হ’ব

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শনিবাৰে কয় যে তেওঁ ইৰানৰ পৰা শেহতীয়াকৈ লাভ কৰা এটা নতুন প্ৰস্তাৱ পৰ্যালোচনা কৰি আছে । অৱশ্যে ইয়াৰ ফলাফলক লৈ তেওঁ গভীৰ সন্দেহ প্ৰকাশ কৰি যুক্তি দিছে যে তেহৰানে নিজৰ অতীতৰ কৰ্মৰ বাবে এতিয়ালৈকে “উপযুক্ত মূল্য ভৰা নাই”।

ট্ৰুথ ছ’চিয়েলত কৰা এটা পোষ্টত ট্ৰাম্পে কয়, “মই অতি সোনকালে ইৰানে আমাক পঠোৱা পৰিকল্পনাটো পৰ্যালোচনা কৰিম, কিন্তু মই কল্পনা কৰিব নোৱাৰো যে ই গ্ৰহণযোগ্য হ’ব । কাৰণ যোৱা ৪৭ বছৰত তেওঁলোকে মানৱতা আৰু বিশ্বৰ প্ৰতি যি কৰিছে, তাৰ বাবে তেওঁলোকে এতিয়াও উপযুক্ত মূল্য ভৰা নাই ।”

ফ্ল’ৰিডাত এয়াৰ ফৰ্চ ৱানত উঠাৰ সময়ত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাৰ কিছু সময়ৰ পিছতে এই পোষ্টটো পোহৰলৈ আহে । তাত সাংবাদিকসকলে তেওঁক এই ১৪ দফীয়া প্ৰস্তাৱটো দেখিছে নেকি বুলি সোধাত তেওঁ উত্তৰ দিয়ে, “নাই, মই দেখা নাই । মই ইয়াত (বিমানত) চাই আছো ।” তেওঁ লগতে কয়, “হয়, মই আপোনালোকক এই বিষয়ে পিছত জনাম ।”

ইৰানৰ সৈতে কোনো চুক্তিত আৱদ্ধ হোৱাতকৈ আমেৰিকাই ইয়াৰ পৰা আঁতৰি থকাই ভাল হ’ব বুলি তেওঁ পূৰ্বে কৰা মন্তব্যৰ কথা সাংবাদিকসকলে সোঁৱৰাই দিয়াত ট্ৰাম্পে সেই কথা অস্বীকাৰ কৰে । তেওঁ কয়, “মই তেনেদৰে কোৱা নাছিলোঁ । মই কৈছিলোঁ যে যদি আমি এতিয়া গুচি যাওঁ, তেন্তে তেওঁলোকক পুনৰ নিৰ্মাণ কৰিবলৈ ২০ বছৰ সময় লাগিব । কিন্তু আমি এতিয়াই গুচি যোৱা নাই । আমি এইটো এনেকৈ সমাধান কৰিম যাতে কোনেও ২ বছৰ বা ৫ বছৰৰ পিছত আকৌ ঘূৰি আহিবলগীয়া নহয় ।” প্ৰস্তাৱটোৰ বিষয়ে পুনৰ সোধাত তেওঁ কয়, “তেওঁলোকে মোক চুক্তিখনৰ ধাৰণাটোৰ বিষয়ে জনাইছে । এতিয়া তেওঁলোকে মোক ইয়াৰ সঠিক শব্দবোৰ দিব ।”

তথ্য অনুসৰি, ইৰানে আমেৰিকা যুক্তৰাষ্ট্ৰক এখন ১৪ দফীয়া আঁচনি দাখিল কৰিছে, য’ত লেবাননকে ধৰি সকলো মোৰ্চাতে “যুদ্ধ সমাপ্ত কৰা”ৰ লক্ষ্যৰে এক ব্যাপক গাঁথনিৰ ৰূপৰেখা দাঙি ধৰা হৈছে । এই প্ৰস্তাৱটো ৱাশ্বিংটনে পূৰ্বে প্ৰেৰণ কৰা ন দফীয়া আঁচনিৰ প্ৰত্যুত্তৰত আহিছে, য’ত কথিতভাৱে যুদ্ধবিৰতিৰ বাবে দুমাহৰ সময়সীমা অন্তৰ্ভুক্ত কৰা হৈছিল । অৱশ্যে ইৰানে কোনো বৰ্ধিত অন্তৱৰ্তীকালীন ব্যৱস্থা নাকচ কৰিছে বুলি কোৱা হৈছে । তেওঁলোকে ইয়াৰ পৰিৱৰ্তে ৩০ দিনৰ ভিতৰত এক পূৰ্ণাংগ সমাধান আৰু সাময়িক যুদ্ধবিৰতিৰ পৰিৱৰ্তে স্থায়ীভাৱে “যুদ্ধৰ অন্ত” পেলোৱাৰ ওপৰত জোৰ দিছে ।

প্ৰতিবেদন অনুসৰি, ইৰানৰ প্ৰস্তাৱত দৃঢ় সুৰক্ষা গেৰাণ্টি অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে ইৰানৰ বিৰুদ্ধে ভৱিষ্যতে যিকোনো সামৰিক আগ্ৰাসন নিষিদ্ধ কৰিব আৰু ইৰানৰ “চুবুৰীয়া পৰিৱেশ”ৰ পৰা আমেৰিকাৰ সামৰিক বাহিনী প্ৰত্যাহাৰ কৰাৰ প্ৰয়োজন হ’ব । ইয়াত বিদ্যমান নৌ-নিষেধাজ্ঞা আৰু অৱৰোধ প্ৰত্যাহাৰ কৰাৰ লগতে বিদেশত থকা ইৰানৰ জব্দ কৰা সম্পত্তি মুকলি কৰি দিয়া আৰু নিষেধাজ্ঞা তথা সামৰিক চাপৰ বাবে হোৱা ক্ষতিৰ ক্ষতিপূৰণৰো দাবী জনোৱা হৈছে ।

অৰ্থনৈতিকভাৱে এই পৰিকল্পনাত ইৰানৰ ওপৰত আৰোপ কৰা আমেৰিকা আৰু আন্তঃৰাষ্ট্ৰীয় সকলো নিষেধাজ্ঞা সম্পূৰ্ণৰূপে আঁতৰোৱাৰ দাবী কৰা হৈছে । আঞ্চলিকভাৱে এই প্ৰস্তাৱটো ইৰান-আমেৰিকাৰ উত্তেজনাৰ বাহিৰলৈও বিস্তৃত হৈছে আৰু ইয়াত “সকলো মৰ্চাতে যুদ্ধ”ৰ সমাপ্তি ঘটাবলৈ কোৱা হৈছে, য’ত স্পষ্টভাৱে লেবাননৰ সংঘাতকো অন্তৰ্ভুক্ত কৰা হৈছে ।

লগতে পঢ়ক : ভুল কৰিলেই পুনৰ আৰম্ভ হ’ব আক্ৰমণঃ ইৰাণক ট্ৰাম্পৰ কঠোৰ সকীয়নি

ভুল কৰিলেই পুনৰ আৰম্ভ হ’ব আক্ৰমণঃ ইৰাণক ট্ৰাম্পৰ কঠোৰ সকীয়নি

ইৰাণৰ সামৰিক শক্তি বিশেষকৈ ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ ক্ষমতাক লৈ ট্ৰাম্পে কঠোৰ স্থিতি গ্ৰহণ কৰিছে

ইৰাণৰ পৰা হোৱাইট হাউচলৈ আহিছে এটা অতি বিশেষ প্রস্তাৱ । কি আছে সেই প্রস্তাৱত ?  এয়া শান্তিৰ দিশে এক পদক্ষেপ নে আমেৰিকাক বিভ্রান্ত কৰাৰ আন এক কৌশল ?  যোৱা ৪৭ বছৰ ধৰি চলা শত্ৰুতাৰ মাজত হঠাৎ ইৰাণৰ এই কোমল সুৰে এতিয়া বিশ্বজুৰি তোলপাৰ লগাইছে । ড’নাল্ড ট্ৰাম্পৰ মেজত পৰি থকা এই ৰূপৰেখাই হয়তো সলনি কৰি দিব পাৰে মধ্য প্ৰাচ্যৰ ইতিহাস, কিন্তু এটা ভুল পদক্ষেপ আৰু গোটেই পৰিকল্পনাটো ভস্মীভূত হ’বলৈ লাগিব মাথোঁ কেইটামান ছেকেণ্ড । সকলোৰে চকু এতিয়া ট্ৰাম্পৰ ওপৰত ।

ইৰাণৰ শেহতীয়া প্ৰস্তাৱৰ ওপৰত আমেৰিকাৰ স্থিতি সতৰ্ক যদিও দৃঢ় যেন পৰিলক্ষিত হৈছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দুয়োখন দেশৰ মাজত আলোচনা আগবাঢ়িছে বুলি উল্লেখ কৰিছে যদিও এতিয়াও চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই । তেওঁ ইংগিত দিয়ে যে এই প্ৰস্তাৱটো গুৰুত্বসহকাৰে বিবেচনা কৰা হৈছে, কিন্তু ইয়াক গ্ৰহণ কৰাটো সহজ নহ’ব ।

আলোচনাৰ অৱস্থাৰ সন্দৰ্ভত মন্তব্য কৰি ট্ৰাম্পে কয় যে আমি ইৰাণৰ সৈতে ভাল অগ্ৰগতি লাভ কৰিছো । তেওঁলোকে চুক্তি কৰিব বিচাৰে, কিন্তু তেওঁলোকৰ নেতৃত্বৰ বিষয়ে স্পষ্টতাৰ অভাৱ । মই প্ৰস্তাৱটো নিৰীক্ষণ কৰি আছো । তেওঁলোকে চুক্তিখনৰ ৰূপৰেখা শ্বেয়াৰ কৰিছে আৰু এতিয়া তেওঁলোকে সম্পূৰ্ণ সবিশেষ শ্বেয়াৰ কৰিবলৈ ওলাইছে । তেওঁৰ বক্তব্যই স্পষ্ট কৰি দিয়ে যে আমেৰিকাই ইৰাণৰ প্ৰস্তাৱ সম্পূৰ্ণৰূপে নাকচ কৰা নাই, বৰঞ্চ প্ৰতিটো দিশ ভালদৰে পৰীক্ষা কৰি আছে ।

ইৰাণৰ সামৰিক শক্তি বিশেষকৈ ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ ক্ষমতাক লৈ ট্ৰাম্পে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । ট্ৰাম্পে কয় যে তেওঁ ইৰাণৰ বাকী থকা ক্ষেপণাস্ত্ৰৰ ক্ষমতা সম্পূৰ্ণৰূপে নাইকিয়া কৰাটো বিচাৰে । ট্ৰাম্পে কয় যে মই ইয়াক সম্পূৰ্ণৰূপে নাইকিয়া কৰিব বিচাৰো । তেওঁ কয়- “সেইটোৱে তেওঁলোকক পুনৰ নিজৰ সামৰ্থ্য সম্প্ৰসাৰণ কৰিবলৈ আৰম্ভ কৰাত বাধা দিব ।”

ইৰাণে যদি কোনো আগ্ৰাসী বা ভুল পদক্ষেপ গ্ৰহণ কৰে তেন্তে আমেৰিকাই সামৰিক ব্যৱস্থা গ্ৰহণৰ পৰা আঁতৰি নাযায় বুলিও ট্ৰাম্পে স্পষ্ট কৰি দিয়ে । তেওঁ কয়, “যদি তেওঁলোকে কোনো ভুল পদক্ষেপ গ্ৰহণ কৰে বা অনুচিত আচৰণ কৰে তেন্তে ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে । এই মুহূৰ্তত পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে, কিন্তু এই সম্ভাৱনা সম্পূৰ্ণৰূপে আছে ।”

ৰাষ্ট্ৰপতি ট্ৰাম্পে ছ’চিয়েল মিডিয়া পোষ্টযোগে ঘোষণা কৰে যে তেওঁ অতি সোনকালে ইৰাণে প্ৰেৰণ কৰা প্ৰস্তাৱটো পুনৰীক্ষণ কৰিব । অৱশ্যে এই প্ৰস্তাৱক লৈ সন্দেহো প্ৰকাশ কৰে । তেওঁ লিখিছে, “ইৰাণে আমালৈ পঠোৱা পৰিকল্পনাটো মই অতি সোনকালে পৰ্যালোচনা কৰিম, কিন্তু মই নাভাবো যে ইয়াক গ্ৰহণ কৰাটো সহজ হ’ব, কিয়নো যোৱা ৪৭ বছৰত যি হৈছে তাৰ বাবে তেওঁলোকে এতিয়াও পৰ্যাপ্ত মূল্য দিয়া নাই ।”

লগতে পঢ়ক : ট্ৰাম্পৰ ওপৰত সামান্যতমো বিশ্বাস নাইঃ আমেৰিকাৰ সৈতে যুদ্ধ অব্যাহত ৰখাৰ ইংগিত ইৰাণৰ

ট্ৰাম্পৰ ওপৰত সামান্যতমো বিশ্বাস নাইঃ আমেৰিকাৰ সৈতে যুদ্ধ অব্যাহত ৰখাৰ ইংগিত ইৰাণৰ

ইৰাণৰ সেনাই আমেৰিকাৰ সৈতে পুনৰ সংঘৰ্ষৰ সম্ভাৱনাৰ স্পষ্ট সংকেত দিছে

ইৰাণ আৰু আমেৰিকাৰ মাজত উত্তেজনা পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । ইৰাণৰ সেনাই আমেৰিকাৰ সৈতে পুনৰ সংঘৰ্ষৰ সম্ভাৱনাৰ স্পষ্ট সংকেত দিছে । তেওঁলোকে কয় যে এনে এক পৰিস্থিতি গঢ় লৈ উঠিছে য’ত চুক্তিসমূহ দুৰ্বল হৈ পৰিছে আৰু আস্থা ক্ষয় হৈছে ।

ইৰাণৰ ফাৰ্চ নিউজ এজেন্সীয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি ইৰাণৰ সামৰিক কমাণ্ডৰ সৈতে জড়িত বিষয়া মহম্মদ জাফৰ আছাদীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে আমেৰিকাৰ পৰা অহা সংকেতসমূহে ইংগিত দিয়ে যে আমেৰিকাৰ কোনো আপোচ বা বুজাবুজি মানি চলিবলৈ ইচ্ছুক নহয় । আছাদীয়ে বিশ্বাস কৰে যে আমেৰিকাৰ শেহতীয়া বাক্যবাণেই ইয়াৰ উদ্দেশ্যৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিবলৈ যথেষ্ট । সামগ্ৰিকভাৱে ইৰাণৰ এই বক্তব্যই এই বাৰ্তা প্ৰদান কৰিছে যে তেওঁলোকে আমেৰিকাক অলপো বিশ্বাস নকৰে ।

সমগ্ৰ বিষয়টো আৰু অধিক উত্তপ্ত হৈ পৰে যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক অতি কঠোৰ বিবৃতি প্ৰকাশ কৰে । ট্ৰাম্পে স্পষ্টভাৱে কয় যে আমি পাগলক পাৰমাণৱিক অস্ত্ৰ দিব নোৱাৰো । ট্ৰাম্পৰ এই মন্তব্যই ইতিমধ্যে চলি থকা উত্তেজনাৰ জুইত ঘিউ ঢালিছে । তেওঁৰ এই বক্তব্যক ইৰাণৰ প্ৰতি প্ৰত্যক্ষ সতৰ্কবাণী হিচাপে বিবেচিত হৈছে, যাৰ ফলত দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে ।

লগতে পঢ়ক : ‘আপোনালোকে ইৰাণক পাৰমাণৱিক অস্ত্ৰ দিব নোৱাৰে’; নাটোক সকীয়নি ট্ৰাম্পৰ

ইৰাণেও নিজৰ সামৰিক বাহিনী সম্পূৰ্ণ সতৰ্কতা অৱলম্বন কৰা বুলি উল্লেখ কৰিছে । পৰিস্থিতি অধিক বেয়া হ’লে বা আমেৰিকাই কোনো নতুন পদক্ষেপ ল’লে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ সাজু । আছাদীয়ে কয় যে যদি কোনো “নতুন কাৰ্য্য বা ভুল” হয় তেন্তে ইৰাণ পিছুৱাই নাযায় । তেওঁ লগতে অভিযোগ কৰে যে আমেৰিকাৰ বহু বক্তব্য কেৱল দেখুৱাবলৈহে । তেওঁলোকৰ উদ্দেশ্য প্ৰকৃত সমস্যাটোৰ সমাধান কৰা নহয়, বৰঞ্চ নিজৰ পৰিস্থিতি নিজেই পৰিচালনা কৰা । বিশেষকৈ আমেৰিকাই তেলৰ মূল্য আৰু ইয়াৰ ভাবমূর্তিক লৈ বিশেষভাৱে চিন্তিত হোৱা যেন লাগে ৷

লগতে পঢ়ক : ১৯ দিনত চাৰিটাকৈ বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ উত্তৰ কোৰিয়াৰ, কম্পিত জাপান-দক্ষিণ কোৰিয়া