সিন্ধু জলসন্ধি কেতিয়াও পুনৰ কাৰ্যকৰী নহয়… পাকিস্তানৰ আশাত চেঁচা পানী ঢালি ক’লে অমিত শ্বাহে

সিন্ধু জলসন্ধি কেতিয়াও পুনৰ কাৰ্যকৰী নহয়

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পাকিস্তানৰ সৈতে হোৱা সিন্ধু জলসন্ধি স্থগিত ৰাখে । ৰয়টাৰৰ মতে, এই চুক্তি পুনৰ বাহাল কৰিবলৈ ভাৰতৰ কোনো ইচ্ছা নাই । গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে স্পষ্ট কৰি দিয়ে যে ইছলামবাদৰ সৈতে কেতিয়াও সিন্ধু জলসন্ধি বাহাল ৰখা নহ’ব । টাইমছ এক সাক্ষাৎকাৰত এই মন্তব্য কৰে অমিত শ্বাহে । তেওঁ কয় যে পাকিস্তানলৈ বৈ যোৱা পানী আভ্যন্তৰীণ ব্যৱহাৰৰ বাবে ডাইভাৰ্ট কৰা হ’ব ।

পাকিস্তানৰ আশাত চেঁচা পানী-

অমিত শ্বাহে কয় যে ২৬ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে ১৯৬০ চনৰ সিন্ধু নদী ব্যৱস্থাৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা সন্ধি “স্থগিত” কৰিছিল । এই সন্ধিৰ জৰিয়তে ভাৰতৰ মাজেৰে বৈ যোৱা তিনিখন নদীৰ পানী পাকিস্তানৰ ৮০% কৃষিভূমিৰ বাবে সুবিধাৰ নিশ্চয়তা দিয়া হৈছিল ।

বাহাল নহয় সিন্ধু জল সন্ধি-

উল্লেখ্য যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানে নিজৰ কোনো ভূমিকা অস্বীকাৰ কৰিছে । কিন্তু দুয়োখন দেশৰ মাজত উত্তেজনা সৃষ্টি হোৱাৰ পাছত যুদ্ধবিৰতিৰ চুক্তি হোৱাৰ পাছতো এই সন্ধি নিষ্ক্ৰিয় হৈ আছে । অমিত শ্বাহে স্পষ্ট কৰি দিছিল যে এই চুক্তি কেতিয়াও বাহাল নহয় । তেওঁ কয় যে পাকিস্তান অভিমুখে বৈ যোৱা পানীখিনি আমি খাল নিৰ্মাণ কৰি ৰাজস্থানলৈ লৈ যাম । পাকিস্তানে অনুচিতভাৱে পোৱা পানী নাপাব । অমিত শ্বাহৰ এই নতুন মন্তব্যই অদূৰ ভৱিষ্যতে সন্ধি সন্দৰ্ভত আলোচনাৰ বাবে পাকিস্তানৰ আশাক স্তব্ধ কৰি তুলিছে ।

লগতে পঢ়ক : ‘পাঞ্জা আৰু লালটেনে বিহাৰৰ আত্মসন্মানক আঘাত কৰিছে’; প্ৰধানমন্ত্ৰী মোদী

মোৰ চকু কাণ তামিলনাডুৰ ওপৰত… দিল্লীৰ দৰে ২০২৬ত জয়ৰ দাবী অমিত শ্বাহৰ

দিল্লীৰ দৰে ২০২৬ত জয়ৰ দাবী অমিত শ্বাহৰ

তামিলনাডু ভ্ৰমণত থকা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাদুৰাইত অগ্নিবৰ্ষা ভাষণ প্ৰদান কৰে । তেওঁ কয় যে ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৰাজ্যখনত চৰকাৰ গঠন কৰিব । ৰাজনৈতিক বাৰ্তাৰে ভৰা ভাষণত অমিত শ্বাহে কেৱল তামিলনাডুতে নহয়, পশ্চিমবংগতো বিজেপিৰ আগমনৰ ভৱিষ্যদ্বাণী কৰে । শ্বাহে কয়, “তামিলনাডুৰ জনসাধাৰণে দুৰ্নীতিগ্ৰস্ত ডি এম কে শাসন ব্যৱস্থাক উফৰাই পেলাবলৈ অপেক্ষা কৰি আছে । ২০২৬ত তামিলনাডু আৰু পশ্চিম বংগত বিজেপিৰ শাসন নিশ্চিত । মোৰ চকু-কাণ তামিলনাডুৰ ওপৰত ।”

কাবেৰী ইঞ্জিনৰ কথা উল্লেখ-

গৃহমন্ত্ৰীগৰাকীয়ে অপাৰেচন সিন্দুৰৰ কথাও উল্লেখ কৰে । তেওঁ এই অভিযানক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ সামৰিক শক্তি প্ৰদৰ্শন কৰা এক গুৰুত্বপূৰ্ণ মাইলৰ খুটি বুলি অভিহিত কৰে । প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ বাবে মোদী চৰকাৰৰ প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰি শ্বাহে কয়, “যেতিয়া পাকিস্তানে মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰিছিল, তেতিয়া আমাৰ প্ৰত্যুত্তৰে বিশ্বক ভাৰতৰ শক্তি দেখুৱাইছিল । আমাৰ সেনাই পাকিস্তানৰ ১০০ কিলোমিটাৰ ভিতৰলৈ উৰা মাৰিছিল আৰু চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল ।” অমিত শ্বাহে এই অভিযানে তামিলনাডুৰ পৰা “সমৰ্থনৰ ঢৌ” সৃষ্টি কৰা বুলি দাবী কৰি কয় যে ইয়াৰ ফলত কাবেৰী ইঞ্জিনৰ দৰে থলুৱা প্ৰতিৰক্ষা প্ৰকল্পৰ বিষয়েও যুৱক-যুৱতীসকলৰ মাজত আলোচনাত ইন্ধন যোগাইছে ।

৩৯ হাজাৰ কোটি টকাৰ কেলেংকাৰী-

শাসকীয় ডি এম কেৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি আৰু প্ৰশাসনিক ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি অমিত শ্বাহে কয়, “এই চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ দহ শতাংশও পূৰণ কৰা নাই । অবৈধ সুৰাৰ ফলত হোৱা মৃত্যুৰ পৰা আৰম্ভ কৰি টি এ এছ এম এ ছিত সংঘটিত ৩৯ হাজাৰ কোটি টকাৰ কেলেংকাৰীলৈকে ডি এম কে এশ শতাংশ ব্যৰ্থ চৰকাৰ ।” তেওঁ ষ্টেলিন নেতৃত্বাধীন চৰকাৰে কেন্দ্ৰীয় পুঁজিৰ অপব্যৱহাৰ আৰু মূল উন্নয়নমূলক আঁচনি ৰূপায়ণত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে । তেওঁ মোদী চৰকাৰৰ ধন তামিলনাডুৰ জনসাধাৰণৰ ওচৰলৈ যোৱা নাই বুলিও অভিযোগ কৰে ।

২০২৬ চনৰ তামিলনাডু নিৰ্বাচনক এক গুৰুত্বপূৰ্ণ যুদ্ধক্ষেত্ৰ হিচাপে উল্লেখ কৰি অমিত শ্বাহে কয় যে, “এয়া প্ৰতিজন বিজেপি কৰ্মীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ । হাত দাঙি জয়ী হোৱাৰ প্ৰতিশ্ৰুতি লওক ।” তেওঁ ওড়িশাত বিজেপিৰ বিজয়, হাৰিয়ানাক ধৰি ৰখা আৰু ২৬ বছৰৰ পাছত দিল্লীত পুনৰ ক্ষমতালৈ অহাৰ দিশটোক মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালত দলটোৰ গতিবেগ হিচাপে আঙুলিয়াই দিয়ে । কিন্তু ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) গ্ৰহণ নকৰাৰ বাবে তামিলনাডুৰ চৰকাৰী বিদ্যালয়ৰ বাবে ২,১৫২ কোটি টকা মোকলাই নিদিয়া আৰু সীমা নিৰ্ধাৰ্ণৰ দৰে বিতৰ্কিত বিষয়ত অমিত শ্বাহে মৌনতা অৱলম্বন কৰে ।

লগতে পঢ়ক : মহাকাশত নতুন কাহিনী লিখাৰ প্ৰস্তুতি; ১০ জুনত উৰা মাৰিব শুভাংশু শুক্লা

‘২০২৬ চনত মমতা চৰকাৰক উভালি পেলাম’; মমতা বেনাৰ্জীক তীক্ষ্ণ সমালোচনা অমিত শ্বাহৰ

২০২৬ চনত মমতা চৰকাৰক উভালি পেলাম

ৰবিবাৰে কলকাতাত বিজেপি কৰ্মীসকলৰ বৈঠকত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডাঙৰ বক্তব্য আগবঢ়ায়।অমিত শ্বাহে কয় যে সমগ্ৰ বংগই ৱাকফৰ সমৰ্থনত আছে।

ৱাকফ আইনৰ প্ৰতিবাদত মুৰ্ছিদাবাদত যি হিংসা সংঘটিত হৈছিল সেয়া আছিল ৰাজ্যৰ পৃষ্ঠপোষকতাত হোৱা হিংসা।অমিত শ্বাহে কয় যে বংগত দেশপ্ৰেমিক চৰকাৰ গঠন হোৱাটো দেশৰ ইচ্ছা।

আমি ২০২৬ চনত মমতা চৰকাৰক উভালি পেলাম।অমিত শ্বাহে লগতে কয় যে মমতা বেনাৰ্জীয়ে অপাৰেচন সিন্দুৰক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।

মমতা চৰকাৰে বংগক অনুপ্ৰৱেশ, অপৰাধৰ দেশলৈ ৰূপান্তৰিত কৰিছেঃ অমিত শ্বাহ

ভাষণত অমিত শ্বাহে কয় যে, “বছৰ বছৰ ধৰি বংগত কমিউনিষ্টৰ শাসন আছিল।ইয়াৰ পিছত মমতা বেনাৰ্জীয়ে ‘মা, মাটি, মনুষ’ শ্লোগান দি আহিছিল”।

“তেওঁ বংগৰ মহান ভূমিত অনুপ্ৰৱেশ কৰিছিল,নাৰীৰ ওপৰত অত্যাচাৰ, অপৰাধ, বোমা বিস্ফোৰণ আৰু হিন্দুৰ সৈতে অনৈতিকতাৰ দেশলৈ ৰূপান্তৰিত কৰিলে”।

মমতাৰ শাসন কালত বংগত শ শ বিজেপি কৰ্মী নিহত হৈছিলঃ অমিত শ্বাহ

অমিত শ্বাহে আৰু কয় যে “মমতা বেনাৰ্জী মুখ্যমন্ত্ৰী হোৱাৰ পিছত পশ্চিমবংগত শ শ বিজেপি কৰ্মীক হত্যা কৰা হৈছিল।দিদি মোৰ কথা শুনা, তোমাৰ সময় এতিয়া শেষ। ২০২৬ চনত বংগত বিজেপিয়ে চৰকাৰ গঠন কৰিব।”

বংগত আমি বিজেপি চৰকাৰ গঠন কৰিম: অমিত শ্বাহ

বিজেপি কৰ্মীসকলৰ বৈঠকত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কয় যে, “পশ্চিম বংগত আমি বিজেপি চৰকাৰ গঠন কৰিব লাগিব, অনুপ্ৰৱেশ বন্ধ কৰিব লাগিব, দুৰ্নীতি বন্ধ কৰিব লাগিব, হিন্দুৰ পলায়ন বন্ধ কৰিব লাগিব।”

লগতে পঢ়ক: উত্তৰ-পূবত প্ৰকৃতিৰ কালৰূপ… বান আৰু ভূমিস্খলনৰ ফলত ২৫ জনৰ মৃত্যু

‘প্ৰতিজন সন্ত্ৰাসবাদীক বিচাৰি বিচাৰি নিধন কৰিম, কাকো ৰেহাই দিয়া নহ’ব’; পাকিস্তানক হুংকাৰ অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পাকিস্তানক সকীয়াই দি কৈছে যে, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে মোডী চৰকাৰৰ শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা হ’ব’।

‘ আমি পহলগাম আক্ৰমণৰ লগত জড়িত প্ৰতিজন সন্ত্ৰাসবাদীক হত্যা কৰিম।চৰকাৰে কাকো ৰেহাই নিদিয়ে’।

দিল্লীৰ পৰাই পাকিস্তানক হুংকাৰ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ‘কাপুৰুষ পাকিস্তানিক মাটিৰ পৰা উভালি পেলোৱা হ’ব। সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়াৰ বাবে পাকিস্তানে এতিয়া শাস্তি ভুগিব লাগিব’।

তেওঁ লগতে কয় যে, ‘পেহেলগামত সন্ত্ৰাসবাদৰ বলি হোৱা আমাৰ ভাই-ভনীসকললৈ শ্ৰদ্ধাঞ্জলি।তেওঁলোকৰ পৰিয়ালক ক’ব বিচাৰিছো যে এই দুখ কেৱল তেওঁলোকৰ নহয় সমগ্ৰ দেশৰ দুখ’।

‘আমি সমগ্ৰ দেশক ক’ব বিচাৰো যে দেশৰ প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি মানি চলে।যদি পেহেলগাম আক্ৰমণৰ পিছত তেওঁলোকে ভাবে যে এইটোৱেই তেওঁলোকৰ জয়’।

‘তেনেহলে, আপোনালোকে ভুল বুজিছে।মোদী চৰকাৰে কাকো ৰেহাই নিদিয়ে ।সন্ত্ৰাসবিৰোধী এই যুঁজত সমগ্ৰ বিশ্ব আমাৰ লগত আছে।যেতিয়ালৈকে সন্ত্ৰাসবাদ শেষ নহয় তেতিয়ালৈকে আমাৰ যুঁজ চলিয়েই থাকিব’।

সন্ত্ৰাসবাদৰ আগত মূৰ নোদোৱাই ভাৰতে… পহলগাম আক্ৰমণৰ ভুক্তভোগীক সাক্ষাৎ অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত ২৬ জন লোকৰ পৰিয়াল আৰু আক্ৰমণৰ পৰা ৰক্ষা পোৱা লোকসকলক সাক্ষাৎ কৰে । এই সময়ছোৱাত তেওঁক আৱেগিক যেন দেখা যায় । ইয়াৰ লগতে তেওঁ সন্ত্ৰাসবাদীকো সকীয়নি দিয়ে । তেওঁ কয় যে ভাৰতে সন্ত্ৰাসবাদৰ আগত মূৰ নোদোৱাই । সন্ত্ৰাসবাদীৰ আক্ৰমণত আপোনজনক হেৰুৱাৰ বেদনা প্ৰতিজন ভাৰতীয়ই অনুভৱ কৰে । এই দুখক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি ।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰক্ষী নিয়ন্ত্ৰণ কক্ষত এক অনুষ্ঠানত এই আক্ৰমণত নিহত হোৱা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ কয় যে গধুৰ হৃদয়েৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলক শেষ শ্ৰদ্ধাঞ্জলি জনাইছো । এই সকলোৰে পৰিয়াল আৰু সমগ্ৰ ৰাষ্ট্ৰক আশ্বাস দিছো যে নিৰীহ লোকক হত্যা কৰা এই সন্ত্ৰাসবাদীক একেবাৰেই ৰেহাই দিয়া নহ’ব ।

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই মঙলবাৰে নিশাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰীনগৰত উপস্থিত হয় । ইয়াত তেওঁ জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু সেনা আৰু প্ৰতিৰক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় । বুধবাৰে পুৱা তেওঁ পহলগামৰ বায়ছাৰণ উপত্যকাৰ ঘটনাস্থলীত উপস্থিত হয় । তেওঁ এই আক্ৰমণ সন্দৰ্ভত সম্পূৰ্ণ তথ্য লয় ।

নক্সালবাদৰ অন্ত পেলাবলৈ আমাৰ অভিযান অব্যাহত থাকিব… গৃহমন্ত্ৰী অমিত শ্বাহৰ ডাঙৰ ঘোষণা

ঝাৰখণ্ডত নিৰাপত্তা বাহিনীয়ে ৮টা নক্সালবাদী হত্যা কৰাৰ পিছত সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে চৰকাৰৰ নক্সালবাদ নিৰ্মূলৰ প্ৰতিশ্ৰুতি অটুট আছে । উল্লেখ্য যে, ঝাৰখণ্ডৰ বোকাৰো জিলাত চি আৰ পি এফ আৰু পুলিচৰ কোব্ৰা কমাণ্ডোৰ সৈতে হোৱা এনকাউণ্টাৰত আঠটা নক্সালবাদী নিহত হয়, য’ত এক কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰা এটা নক্সালবাদীও আছিল ।

আমাৰ নিৰাপত্তা বাহিনীৰ শলাগ লওক- অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত লিখিছে – ‘নক্সালবাদৰ অন্ত পেলোৱাৰ বাবে আমাৰ অভিযান অব্যাহত আছে । আজি নক্সালবাদক উভালি পেলোৱাৰ বাবে চলি থকা অভিযানত নিৰাপত্তা বাহিনীয়ে আন এক গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিলে । ঝাৰখণ্ডৰ বোকাৰোৰ লুগু পাহাৰত হোৱা এনকাউণ্টাৰত নিহত হয় এক কোটি টকাৰ পুৰস্কাৰ থকা শীৰ্ষ পৰ্যায়ৰ নক্সাল নেতা বিবেককে ধৰি ৮টা মাওবাদী আৰু আন দুটা কুখ্যাত নক্সালবাদী । এই অভিযান অব্যাহত আছে । আমাৰ নিৰাপত্তা বাহিনীৰ শলাগ লওক ।‘

ঘটনাস্থলীৰ পৰা জব্দ কেইবাটাও ৰাইফল আৰু বন্দুক-

নিৰাপত্তা বাহিনীৰ এই অভিযানৰ বিষয়ে তথ্য দি বিষয়াসকলে কয় যে ২০৯ কমাণ্ডো বেটেলিয়ন ফৰ ৰিজ’লিউট একচন (কোব্ৰা)ৰ জোৱানসকলে ৰাজ্যিক আৰক্ষীৰ সহযোগত এই অভিযান চলাইছিল, য’ত আঠটা নক্সালবাদী নিহত হয় আৰু এটা এ কে ছিৰিজৰ ৰাইফল, তিনিটা ইনছাছ ৰাইফল, এটা চেল্ফ লোডিং ৰাইফল (এছ এল আৰ), আঠটা দেশত নিৰ্মিত বন্দুক আৰু এটা পিষ্টল জব্দ কৰা হৈছে ।

‘মমতা আঁতৰাৰ পিছত সমাধান হ’ব অনুপ্ৰৱেশৰ সমস্যা’… পশ্চিম বংগৰ মুখ্যমন্ত্ৰীক আক্ৰমণ অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে যেতিয়া পশ্চিমবংগৰ জনসাধাৰণে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ক্ষমতাৰ পৰা উৎখাত কৰি ৰাজ্যখনত বিজেপি চৰকাৰ গঠন কৰিব তেতিয়াই অনুপ্ৰৱেশৰ সমস্যা সমাধান হ’ব । বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত এক অনুষ্ঠানত বাংলাদেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অবৈধ অনুপ্ৰৱেশৰ ঘটনা সন্দৰ্ভত সোধাত শ্বাহে কয় যে পশ্চিম বংগৰ জনসাধাৰণৰ বাবে তেওঁৰ এটা সহজ পৰামৰ্শ আছে । বংগৰ ৰাইজে যদি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চৰকাৰ আঁতৰাই বিজেপি চৰকাৰ আনে তেন্তে সমস্যা সমাধান হ’ব আৰু অপৰাধ (ভাৰত-বাংলাদেশ সীমান্তত) বন্ধ হৈ যাব ।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মমতা বেনাৰ্জীয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সীমান্ত সুৰক্ষা বাহিনীক এই অনুপ্ৰৱেশৰ বাবে দায়ী কৰা উচিত কাৰণ তেওঁলোকেই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা দিয়ে । অমিত শ্বাহে কয়, তেওঁলোকৰ প্ৰতি মোৰ প্ৰশ্ন হ’ল এনে অনুপ্ৰৱেশকাৰীৰ ভোটাৰ আই ডি কাৰ্ড আৰু আধাৰ কাৰ্ড কোনে বনাইছিল । এই সকলোবোৰ ভোটাৰ কাৰ্ড উত্তৰ ২৪ পৰগনা জিলাত প্ৰস্তুত কৰা হৈছে । তেওঁ কয় যে ইণ্ডি এলায়েন্সে তেওঁলোকৰ মাজত (অনুপ্ৰৱেশকাৰী) এটা ভোট বেংক দেখা পায় ।

আনহাতে নতুন ৱাকফ আইনখন কাৰ্যকৰী কৰাৰ পক্ষ লৈ অমিত শ্বাহে সাধাৰণ মুছলমানসকলৰ বাবে উপকাৰী হ’ব বুলি উল্লেখ কৰি বিৰোধী কংগ্ৰেছে এই আইনখনক লৈ ভুৱা অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে । আন এটা প্ৰশ্নৰ উত্তৰত শ্বাহে স্পষ্ট কৰি দিয়ে যে আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনত জে ডি ইউ নেতা তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত যুঁজ দিয়া হ’ব । ৰাজ্যখনত এন ডি এ চৰকাৰ গঠন হ’ব বুলি দাবী কৰে তেওঁ ।

‘আপোনালোক আমাৰ নিজৰ, অস্ত্ৰ ত্যাগ কৰক…, বাস্তাৰৰ পৰা নক্সালবাদীক শেষ সকীয়নি গৃহমন্ত্ৰী অমিত শ্বাহৰ

বাস্তাৰ পাণ্ডুম মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ আজি চত্তীশগড়ৰ দন্তেৱাড়াত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । এই সময়ছোৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, “আজি চ’ত নৱৰাত্ৰীৰ অষ্টমীৰ তিথি । মই মা দন্তেশ্বৰীৰ আশীৰ্বাদ লৈ আহিছো । প্ৰাৰ্থনা কৰিছো যে, পৰৱৰ্তী চ’ত নৱৰাত্ৰীৰ ভিতৰত ইয়াৰ পৰা ৰঙা আতংক (মাওবাদী ভাবুকি) শেষ হৈ আমাৰ বাস্তাৰ সম্পূৰ্ণ সমৃদ্ধিশালী হওক ।”

অমিত শ্বাহে কয়, “এতিয়া গুলী চলা আৰু ইয়াত বোমা বিস্ফোৰণ হোৱাৰ সময় গ’ল । যিসকলৰ হাতত অস্ত্ৰ-শস্ত্ৰ আছে, সকলো নক্সালবাদী ভাই-ভনীক অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰিবলৈ মই আহ্বান জনাই আহিছো । এজন নক্সালবাদীৰ মৃত্যু হ’লে কোনো সুখী নহয়, কিন্তু এই অঞ্চলটোৰ উন্নয়নৰ প্ৰয়োজন ।”

তেওঁ কয়, “মুখ্যমন্ত্ৰী বিষ্ণু দেৱ ছাই আৰু উপ-মুখ্যমন্ত্ৰী বিজয় শৰ্মাই ঘোষণা কৰিছে যে প্ৰতিজন নক্সালবাদী আত্মসমৰ্পণ কৰা গাঁৱক নক্সালমুক্ত ঘোষণা কৰা হ’ব আৰু উন্নয়নৰ পুঁজি হিচাপে ১ কোটি টকা দিয়া হ’ব । গতিকে আপোনালোক সকলোৱে নক্সালবাদ ত্যাগ কৰি মূলসুঁতিত যোগদান কৰক, ভাৰত চৰকাৰ আৰু ছত্তীশগড় চৰকাৰে আপোনালোকক সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰিব ।”

কংগ্ৰেছক লক্ষ্য কৰি লয় কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে-

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, “কংগ্ৰেছে গৰিবি হাটাওৰ শ্লোগান দিলে, কিন্তু দৰিদ্ৰতা নিৰ্মূল কৰা নাছিল । মোদী জীয়ে দুখীয়াৰ বাবে কাম কৰি আছে, দুখীয়াক ৰেচন দিছে । আমি সমগ্ৰ অঞ্চলটো ৰঙা সন্ত্ৰাসৰ পৰা মুক্ত কৰাৰ বাবে কাম কৰিম । অহা বছৰৰ ভিতৰত নক্সালবাদৰ অন্ত পৰিব । প্ৰতিখন গাঁও নক্সালমুক্ত হ’ব । ইয়াৰ কাম চলি আছে ।”

বিজেপি চৰকাৰে বাস্তাৰৰ উন্নয়নৰ বাবে কাম কৰি আছে- অমিত শ্বাহ

তেওঁ কয়, ‘অস্ত্ৰৰে উন্নয়ন হ’ব নোৱাৰে । নৰেন্দ্ৰ মোদীয়ে বাস্তাৰক সলনি কৰিব বিচাৰে । বিষ্ণু দেৱ ছাই ৰাজ্যৰ প্ৰথম জনজাতীয় মুখ্যমন্ত্ৰী হৈ পৰিছে । তেন্দুপট্টৰ পৰা ধন এতিয়া মধ্যভোগীৰ হাতলৈ নাযায় । বাস্তাৰৰ প্ৰতিটো অঞ্চলৰ উন্নয়ন হৈছে । বিজেপি চৰকাৰে বাস্তাৰৰ উন্নয়নৰ বাবে কাম কৰিছে । আমি বিচাৰো বাষ্টাৰৰ যুৱক-যুৱতীসকল আগবাঢ়ি যাওক, নিজৰ ভাষা আৰু পৰম্পৰা আগুৱাই লৈ গৈছে । আজি সমগ্ৰ বাষ্টাৰ ৰঙা আতংকৰ পৰা মুক্ত হোৱাৰ পথত আগবাঢ়িছে ।”

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনত অনুমোদন লোকসভাৰ… মাজনিশা অমিত শ্বাহে আনিলে সাংবিধানিক সংকল্প

বুধবাৰে নিশা (২ এপ্ৰিল) মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন নিশ্চিত কৰিবলৈ সাংবিধানিক প্ৰস্তাৱ লোকসভাই গৃহীত কৰে । হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰত ১৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি দুমাহৰ ভিতৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ বাবে এক সাংবিধানিক প্ৰস্তাৱ লোকসভাত উত্থাপন কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।

‘গৰিষ্ঠসংখ্যক সদস্যই ক’লে, মণিপুৰত চৰকাৰ গঠন কৰিব পৰা অৱস্থাত নাই’- অমিত শ্বাহ

গৃহমন্ত্ৰী অমিত শ্বাহে সদনত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰা বুলি কয়, তাৰ পিছতে ৰাজ্যপালগৰাকীয়ে বিধায়কসকলৰ সৈতে আলোচনাত মিলিত হয় আৰু সংখ্যাগৰিষ্ঠ সদস্যসকলে চৰকাৰ গঠনৰ অৱস্থাত নাই বুলি কয় । শ্বাহে কয় যে ইয়াৰ পিছত কেবিনেটে ৰাষ্ট্ৰপতিৰ শাসনৰ পৰামৰ্শ দিছিল যিটো ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গ্ৰহণ কৰে ।

তেওঁ কয় যে, উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত অনুসৰি মই দুমাহৰ ভিতৰত এই সন্দৰ্ভত সদনৰ অনুমোদনৰ বাবে সাংবিধানিক প্ৰস্তাৱ আনিছো । শ্বাহে আৰু কয় যে চৰকাৰৰ প্ৰথম চিন্তা হৈছে মণিপুৰত শান্তি প্ৰতিষ্ঠা কৰা আৰু বৰ্তমান সময়ত মণিপুৰত যোৱা চাৰি মাহত এজনো মৃত্যু হোৱা নাই আৰু মাত্ৰ দুজন লোক আহত হৈছে ।

মণিপুৰ বিষয়ত ৰাজনীতি নকৰিবলৈ বিৰোধীক আহ্বান-

শ্বাহে কয় যে চৰকাৰে বিচাৰে মণিপুৰত শীঘ্ৰে শান্তি ঘূৰি আহক, পুনৰ্বাসন হ’ব লাগে । ইয়াৰ উপৰিও মণিপুৰ বিষয়ত ৰাজনীতি নকৰিবলৈ সদনৰ বিৰোধী দলসমূহক গৃহমন্ত্ৰী অমিত শ্বাহে আহ্বান জনায় ।

উল্লেখযোগ্য যে ২১ মাহৰ মণিপুৰ হিংসাত্মক পৰিস্থিতিৰ অন্তত দেওবাৰে (৯ ফেব্ৰুৱাৰী) ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদৰ পৰা পদত্যাগ কৰিছিল । ইম্ফলৰ ৰাজভৱনত তেওঁ ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে ।