শেষ হ’ল বনবাস; ৭ বছৰৰ পাছত পুনৰ অভিনয় জগতলৈ ৰিয়া চক্ৰৱৰ্তী

শেষ হ’ল বনবাস; ৭ বছৰৰ পাছত পুনৰ অভিনয় জগতলৈ ৰিয়া চক্ৰৱৰ্তী

৭ বছৰৰ পিছত পুনৰ অভিনয়ৰ জগতলৈ উভতি আহিছে ৰিয়া চক্ৰৱৰ্তী। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত ৰিয়া চক্ৰৱৰ্তীৰ জীৱন সম্পূর্ণৰূপে সলনি হৈছিল, কিন্তু এতিয়া অভিনেত্ৰীগৰাকীয়ে এক শক্তিশালী ৰূপত অভিনয় জগতলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে। মঙলবাৰে সন্ধিয়া মুম্বাইত অনুষ্ঠিত হোৱা ‘নেক্সট অন নেটফ্লিক্স’ অনুষ্ঠানত এই ঘোষণা কৰে।নেটফ্লিক্সৰ

৭ বছৰৰ পিছত পুনৰ অভিনয়ৰ জগতলৈ উভতি আহিছে ৰিয়া চক্ৰৱৰ্তী।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত ৰিয়া চক্ৰৱৰ্তীৰ জীৱন সম্পূর্ণৰূপে সলনি হৈছিল, কিন্তু এতিয়া অভিনেত্ৰীগৰাকীয়ে এক শক্তিশালী ৰূপত অভিনয় জগতলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে।

মঙলবাৰে সন্ধিয়া মুম্বাইত অনুষ্ঠিত হোৱা ‘নেক্সট অন নেটফ্লিক্স’ অনুষ্ঠানত এই ঘোষণা কৰে।নেটফ্লিক্সৰ ধাৰাবাহিক ‘ফেমিলি বিজনেছ’ৰ জৰিয়তে অভিনয়ৰ ক্ষেত্ৰত পুনৰ উভতি আহিছে ৰিয়া চক্ৰৱৰ্তী। ইয়াত অনিল কাপুৰ আৰু বিজয় বৰ্মাইও মুখ্য চৰিত্ৰ অভিনয় কৰিছে।

ৰিয়াই ইনষ্টাগ্ৰামত শ্ব’টোৰ টিজাৰ শ্বেয়াৰ কৰে।টিজাৰৰ কেপচনত লিখিছে – নতুন তেজে পুৰণি টকাক লগ পাইছে। যেতিয়া ইমান ক্ষমতা বাজিত পৰিছে,তেন্তে পৰিয়াল আৰু ব্যৱসায়ৰ মাজৰ ৰেখাডাল ম্লান হৈ পৰে।চাওক ফেমিলি বিজনেছ, শীঘ্ৰেই আহি আছে।

অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত টিজাৰটো শ্বেয়াৰ কৰি লিখিছে, “৭ বছৰৰ পিছত”। ৰিয়া চক্ৰৱৰ্তীৰ কামবেকক লৈ এতিয়া অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে।

২০২০ চনত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে সলনি হৈছিল ৰিয়া চক্ৰৱৰ্তীৰ জীৱন। ২০২০ চনৰ ছেপ্টেম্বৰ মাহত নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৱে তেওঁৰ হোৱাটছএপত ড্ৰাগছ বেপাৰীৰ সৈতে কথা-বতৰা বিচাৰি পাই গ্ৰেপ্তাৰ কৰিছিল।পিছত তেওঁক জামিন লাভ কৰে যদিও বহুদিন ভ্ৰমণত নিষেধাজ্ঞাৰ অধীনত আছিল।

লগতে পঢ়ক: অপেক্ষাৰ অন্ত! ৰণবীৰ সিঙৰ ‘ধুৰন্ধৰ ২’ৰ টিজাৰে জোকাৰিছে ছ’চিয়েল মিডিয়া