ৰিয়া চক্ৰৱৰ্তী লৈ আদালতৰ ডাঙৰ সকাহ; বেংক একাউণ্ট পুনৰ সক্ৰিয় কৰাৰ নিৰ্দেশ

আদালতৰ পৰা সকাহ লাভ কৰিছে ৰিয়া চক্ৰৱৰ্তীয়ে। সুশান্ত সিং ৰাজপুতৰ গোচৰৰ তদন্তৰ সময়ত তেওঁৰ কেইবাটাও বেংক একাউণ্ট ফ্ৰীজ হৈ পৰে। এতিয়া আদালতে অভিনেত্ৰীগৰাকীৰ একাউণ্ট পুনৰ সক্ৰিয় কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

সুশান্ত সিং ৰাজপুত গোচৰৰ সৈতে জড়িত ড্ৰাগছ গোচৰত ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালে সকাহ লাভ কৰিছে। মুম্বাইৰ এখন বিশেষ আদালতে তেওঁৰ চাৰিটা বেংক একাউণ্ট পুনৰ সক্ৰিয় কৰাৰ নিৰ্দেশ দিছে।আদালতে কয় যে, তদন্তকাৰী সংস্থাটোৱে (এনচিবি) প্ৰয়োজনীয় আইনী পদ্ধতি মানি চলাত ব্যৰ্থ হয়,যাৰ ফলত বেংক একাউণ্ট আৰু বন্ধ হৈ থাকিব নোৱাৰে।

ৰিয়া চক্ৰৱৰ্তীৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ বেংক একাউণ্টো পুনৰ সক্ৰিয় কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে।শনিবাৰে মুম্বাইৰ এখন বিশেষ আদালতে এই নিৰ্দেশ দিছে।

লগতে পঢ়ক: দীঘল চুলি-দাড়ি; ৩৩ বছৰৰ পিছত ‘খালনায়ক’ হৈ ঘূৰি আহিছে সঞ্জয় দত্ত

শেষ হ’ল বনবাস; ৭ বছৰৰ পাছত পুনৰ অভিনয় জগতলৈ ৰিয়া চক্ৰৱৰ্তী

৭ বছৰৰ পিছত পুনৰ অভিনয়ৰ জগতলৈ উভতি আহিছে ৰিয়া চক্ৰৱৰ্তী।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত ৰিয়া চক্ৰৱৰ্তীৰ জীৱন সম্পূর্ণৰূপে সলনি হৈছিল, কিন্তু এতিয়া অভিনেত্ৰীগৰাকীয়ে এক শক্তিশালী ৰূপত অভিনয় জগতলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে।

মঙলবাৰে সন্ধিয়া মুম্বাইত অনুষ্ঠিত হোৱা ‘নেক্সট অন নেটফ্লিক্স’ অনুষ্ঠানত এই ঘোষণা কৰে।নেটফ্লিক্সৰ ধাৰাবাহিক ‘ফেমিলি বিজনেছ’ৰ জৰিয়তে অভিনয়ৰ ক্ষেত্ৰত পুনৰ উভতি আহিছে ৰিয়া চক্ৰৱৰ্তী। ইয়াত অনিল কাপুৰ আৰু বিজয় বৰ্মাইও মুখ্য চৰিত্ৰ অভিনয় কৰিছে।

ৰিয়াই ইনষ্টাগ্ৰামত শ্ব’টোৰ টিজাৰ শ্বেয়াৰ কৰে।টিজাৰৰ কেপচনত লিখিছে – নতুন তেজে পুৰণি টকাক লগ পাইছে। যেতিয়া ইমান ক্ষমতা বাজিত পৰিছে,তেন্তে পৰিয়াল আৰু ব্যৱসায়ৰ মাজৰ ৰেখাডাল ম্লান হৈ পৰে।চাওক ফেমিলি বিজনেছ, শীঘ্ৰেই আহি আছে।

অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত টিজাৰটো শ্বেয়াৰ কৰি লিখিছে, “৭ বছৰৰ পিছত”। ৰিয়া চক্ৰৱৰ্তীৰ কামবেকক লৈ এতিয়া অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে।

২০২০ চনত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে সলনি হৈছিল ৰিয়া চক্ৰৱৰ্তীৰ জীৱন। ২০২০ চনৰ ছেপ্টেম্বৰ মাহত নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৱে তেওঁৰ হোৱাটছএপত ড্ৰাগছ বেপাৰীৰ সৈতে কথা-বতৰা বিচাৰি পাই গ্ৰেপ্তাৰ কৰিছিল।পিছত তেওঁক জামিন লাভ কৰে যদিও বহুদিন ভ্ৰমণত নিষেধাজ্ঞাৰ অধীনত আছিল।

লগতে পঢ়ক: অপেক্ষাৰ অন্ত! ৰণবীৰ সিঙৰ ‘ধুৰন্ধৰ ২’ৰ টিজাৰে জোকাৰিছে ছ’চিয়েল মিডিয়া