প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণকালত দেশৰ নামত প্ৰায় ১০,০০০ কোটি টকাৰ প্ৰকল্প উৎসৰ্গা কৰিব
উপহাৰৰ টোপোলা লৈ পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণ কৰি ৰাজ্যবাসীক দিব কেইবাটাও বৃহৎ উপহাৰ । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি, কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিবলৈ আৰু চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিৰ পট্টা বিতৰণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ আৰু ১৪ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰিব ।
গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণকালত দেশৰ নামত প্ৰায় ১০,০০০ কোটি টকাৰ প্ৰকল্প উৎসৰ্গা কৰিব । প্ৰধানমন্ত্ৰী মোদীয়ে কোকৰাঝাৰৰ পৰা তেওঁৰ ভ্ৰমণ কাৰ্যসূচী আৰম্ভ কৰিব, য’ত তেওঁ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব । লগতে ১৩ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN) আঁচনিৰ এটা কিস্তি মুকলি কৰিব ।
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ অন্যতম আকৰ্ষণ হ’ল চাহ জনগোষ্ঠীক ভূমিৰ পট্টা বিতৰণ কৰা । মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰীয়ে এগৰাকী যোগ্য চাহ শ্ৰমিকক প্ৰথমখন ভূমিৰ পট্টা প্ৰদান কৰি চাহ বাগানৰ পৰিয়ালসমূহক ভূমিৰ মালিকীস্বত্ব প্ৰদানৰ ৰাজ্যিক পৰ্যায়ৰ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব । ১৪ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে শিলচৰ ভ্ৰমণ কৰিব, য’ত তেওঁ প্ৰায় ২২,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া শিলচৰ-শ্বিলং-গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰ আধাৰশিলা স্থাপন কৰিব ।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জনায় যে তেওঁ ৰাজ্য চৰকাৰৰ ১৫০ মেগাৱাট ক্ষমতা সম্পন্ন কপিলী জলবিদ্যুৎ প্ৰকল্পটো দেশবাসীৰ বাবে উৎসৰ্গা কৰিব । ড০ শৰ্মাই জনোৱা মতে, দুদিনীয়া ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰ, গুৱাহাটী আৰু শিলচৰত জনসভা সম্বোধন কৰিব । উল্লেখ্য যে, তিনি মাহতকৈয়ো কম সময়ৰ ভিতৰত চতুৰ্থবাৰৰ বাবে অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী ।
ইফালে, ১৫ মাৰ্চত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে অসম ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে । তেওঁ গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰিব আৰু ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰা আয়োজিত ‘যুৱ সংকল্প সমাৱেশ’ত অংশগ্ৰহণ কৰিব । জানিব পৰা মতে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীত প্ৰায় এক লাখ যুৱ কৰ্মীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক : জুবিন ক্ষেত্ৰক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা









