বৃহৎ সমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ শাসকীয় দল তৃণমূল কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়
দুদিনীয়া অসম ভ্ৰমণ সামৰি শনিবাৰে পশ্চিমবংগলৈ ৰাওনা হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । কলকাতাত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ এক বৃহৎ সমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ শাসকীয় দল তৃণমূল কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলায় । তেওঁ অভিযোগ কৰে যে ৰাজ্যখনত দুৰ্নীতি, হিংসা, বছৰ বছৰ ধৰি চলি অহা অপশাসনৰ বিৰুদ্ধে জনক্ষোভ বৃদ্ধি পাইছে আৰু এতিয়া ৰাজ্যখনত পৰিৱৰ্তনৰ ঢৌ আৰম্ভ হৈছে ।
এই সমাৱেশত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই ব্ৰিগেড ৰেলীৰ পৰাই ‘নতুন বংগৰ বাবে বিপ্লৱ’ আৰম্ভ হৈছে আৰু ৰাজ্যখনৰ ‘নিৰ্দয় চৰকাৰ’ আৰু ‘মহাজংগলৰাজ’ (আইনহীনতা)ৰ অন্ত পৰাটো এতিয়া অনিবাৰ্য । তেওঁ অভিযোগ কৰে যে ক্ষমতা হেৰুৱাৰ ভয়ত আৱদ্ধ তৃণমূল কংগ্ৰেছ চৰকাৰে জনসাধাৰণক সমাৱেশত অংশগ্ৰহণ কৰাত বাধা দিবলৈ চেষ্টা কৰিছিল ।
প্ৰধানমন্ত্ৰী মোদীয়ে অভিযোগ কৰে যে, সমাৱেশত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰি পথত যাতায়ত বাধা আৰোপ কৰা হয়, দলঙৰ ওপৰেৰে চলাচল বন্ধ কৰা হয়, পোষ্টাৰ ফালি পেলোৱা হয়; তথাপিও এই বাধাবোৰৰ মাজতো ৰাইজৰ এক বৃহৎ ভিৰ পৰিলক্ষিত হয় । তেওঁ আৰু মন্তব্য কৰে যে তৃণমূল কংগ্ৰেছে উপস্থিতসকলক ‘চোৰ’ বুলি অপমান কৰিছিল যদিও প্ৰকৃত চোৰ কোন সেই বিষয়ে জনসাধাৰণে ভালদৰেই জানে ।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজ্যখনৰ পৰিৱৰ্তন এতিয়া কোনেও ৰোধ কৰিব নোৱাৰে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে ‘মহিষমৰ্দিনীৰ’ আশীৰ্বাদ লাভ কৰিছে । ৰেলীত সমবেত হোৱা বৃহৎ জনসমাগমলৈ লক্ষ্য কৰি তেওঁ ঘোষণা কৰে যে ইয়াৰ দ্বাৰা তৃণমূল কংগ্ৰেছ চৰকাৰৰ পতনৰ কাউণ্টডাউন আৰম্ভ হৈছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে টিএমচি চৰকাৰৰ এটাই এজেণ্ডা আছে যে তেওঁলোকে নিজে কাম নকৰে আৰু আন কাকো কাম কৰিবলৈ নিদিয়ে । তেওঁলোকে কোনো আঁচনি গাঁও আৰু দুখীয়াৰ ওচৰলৈ যাবলৈ নিদিয়ে । ঠিক এই কাৰণতে টিএমচি চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ৰূপায়ণত বাধাৰ সৃষ্টি কৰে । প্ৰথমে কংগ্ৰেছ, তাৰ পিছত কমিউনিষ্ট আৰু এতিয়া টিএমচি—বংগৰ উন্নয়নৰ কাম স্তব্ধ হৈ থকাৰ সময়তে সকলোৱেই ইটোৰ পিছত সিটোকৈ নিজৰ পকেট ভৰাই ক্ষমতালৈ আহিছে ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এটা সময় আছিল যেতিয়া বংগই সমগ্ৰ ৰাষ্ট্ৰৰ বাবে গতি নিৰ্ধাৰণ কৰিছিল । বংগ বাণিজ্য আৰু উদ্যোগৰ ক্ষেত্ৰত আগৰণুৱা হৈ আছিল । তথাপিও আজি ইয়াৰ যুৱক-যুৱতীসকলে সঠিকভাৱে ডিগ্ৰী লাভ কৰিবলৈও সক্ষম হোৱা নাই, কৰ্মসংস্থাপনও লাভ কৰিবলৈও সক্ষম হোৱা নাই । আপোনালোকৰ পুত্ৰ-কন্যাই কৰ্মৰ সন্ধানত আন ৰাজ্যলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছে । ইয়াৰ এই নিৰ্দয় চৰকাৰখনে এতিয়া যিমানেই চেষ্টা নকৰক কিয়, এই পৰিৱৰ্তনৰ ধুমুহা বন্ধ কৰিব নোৱাৰে ।”
তেওঁ কয়, “বংগলৈ ‘মহাজংগলৰাজ’ক অনাসকলৰ বাবে কাউণ্টডাউন আৰম্ভ হৈছে । বংগত আইনৰ শাসন পুনৰ ঘূৰি অহাৰ দিন বহু দূৰত নহয় । যিয়ে আইন ভংগ কৰে বা অত্যাচাৰ কৰে—টিএমচিৰ কোনো অত্যাচাৰীক ৰেহাই দিয়া নহ’ব; তেওঁলোকৰ প্ৰতিজনকে জবাবদিহি কৰা হ’ব ।”
লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ পিছতে গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ









