CSK ৰ অংশ হ’ল সঞ্জু চেমচন
আই পি এল ২০২৬ৰ ৰিটেনচন ডেডলাইনৰ পূৰ্বে কিছুমান ডাঙৰ ট্ৰেড সংঘটিত হৈছে।শনিবাৰে আই পি এলত ৰবীন্দ্ৰ জাদেজা, সঞ্জু চেমছন, মহম্মদ ছামীকে ধৰি ৮ গৰাকী খেলুৱৈৰ ট্ৰেড নিশ্চিত কৰা হয়।
এতিয়া সকলোৱে ৰিটেনচনৰ বাবে অপেক্ষা কৰি আছে।মিনি নিলামৰ পূৰ্বে আজি অৰ্থাৎ ১৫ নৱেম্বৰত আই পি এলৰ সকলো দলে নিজৰ ৰিটেইনড আৰু ৰিলিজড খেলুৱৈৰ তালিকা প্ৰকাশ কৰিব।
ইয়াৰ পিছত জানিব পৰা যাব কোনটো ফ্ৰেঞ্চাইজিয়ে নিজৰ খেলুৱৈক ধৰি ৰাখিছে আৰু কোনজনক মুকলি কৰিছে।
আইপিএল ২০২৬ৰ পূৰ্বে CSK এ শ্ৰীলংকাৰ বেগী বলাৰ মথিছা পাথিৰানাক দলৰ পৰা ৰিলিজ কৰি দিয়াৰ সিদ্ধান্ত লৈছে।আই পি এল ২০২৩ৰ পূৰ্বে চেন্নাইয়ে দলত পাথিৰানাক অন্তৰ্ভুক্ত কৰিছিল।
মুম্বাই ইণ্ডিয়ানছৰ পৰা সফল ট্ৰেন্সফাৰৰ পিছত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ খেলা দেখা যাব বলিং অলৰাউণ্ডাৰ অৰ্জুন টেণ্ডুলকাৰে।বৰ্তমানৰ ৩০ লাখ টকাত অৰ্জুনে এল এছ জিত যোগদান কৰিছে।
লগতে পঢ়ক: অক্ষৰ পেটেল নে কুলদীপ যাদৱ? দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্লেয়িং একাদশত কোনে পাব স্থান









