অ’টিটি ত ধুমুহাৰ বাবে সাজু ধূৰন্ধৰ: দ্য ৰিভেঞ্জ; দুটাকৈ প্লেটফৰ্মত পাব মুক্তি

 অ’টিটি ত ধুমুহাৰ বাবে সাজু ধূৰন্ধৰ: দ্য ৰিভেঞ্জ; দুটাকৈ প্লেটফৰ্মত পাব মুক্তি

ষ্ট্ৰীমিং প্লেটফৰ্মে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে ‘ধূৰন্ধৰ: দ্য ৰিভেঞ্জ’ৰ ‘ৰ’ এণ্ড আনছিন’ সংস্কৰণৰ মুক্তিৰ তাৰিখ নিশ্চিত কৰিছে। ১৯ মাৰ্চত চিনেমাগৃহত মুক্তি পাইছিল ‘ধূৰন্ধৰ: দ্য ৰিভেঞ্জ’। ছবিখনে বক্স অফিচত এক ইতিহাস সৃষ্টি কৰিছিল। ঘৰুৱা বক্স অফিচত ১৩০০ কোটি টকাৰ ওপৰত আৰু বিশ্বজুৰি ১৮০০ কোটি উপাৰ্জন কৰিছিল।ইফালে

ষ্ট্ৰীমিং প্লেটফৰ্মে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে ‘ধূৰন্ধৰ: দ্য ৰিভেঞ্জ’ৰ ‘ৰ’ এণ্ড আনছিন’ সংস্কৰণৰ মুক্তিৰ তাৰিখ নিশ্চিত কৰিছে।

১৯ মাৰ্চত চিনেমাগৃহত মুক্তি পাইছিল ‘ধূৰন্ধৰ: দ্য ৰিভেঞ্জ’। ছবিখনে বক্স অফিচত এক ইতিহাস সৃষ্টি কৰিছিল। ঘৰুৱা বক্স অফিচত ১৩০০ কোটি টকাৰ ওপৰত আৰু বিশ্বজুৰি ১৮০০ কোটি উপাৰ্জন কৰিছিল।ইফালে অনুৰাগীসকলে ধূৰন্ধৰ: দ্য ৰিভেঞ্জ অ’টিটি প্লেটফৰ্মত মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। অৱশেষত ছবিখনৰ ডিজিটেল মুক্তিক লৈ যথেষ্ট জল্পনা-কল্পনাৰ অন্ত পৰিছে। আদিত্য ধৰৰ পৰিচালনাত নিৰ্মিত ‘ধুৰন্ধৰ ২: দ্য ৰিভেঞ্জ’ ছবিখন ২০২৬ চনৰ ১৪ মে’ৰ পৰা ১৫ মে’ৰ ভিতৰত নেটফ্লিক্সত বিশ্বজুৰি প্ৰচাৰ হোৱাৰ সম্ভাৱনা আছে।

ছবিখনৰ প্ৰথম খণ্ড নেটফ্লিক্সত মুক্তি পোৱাৰ লগতে,ইয়াৰ দ্বিতীয় খণ্ডটোও একেটা প্লেটফৰ্মতে আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ বাবে মুকলি কৰা হ’ব।এই ছবিখন বিশ্বজুৰি নেটফ্লিক্সত প্ৰচাৰ হ’ব, আনহাতে ভাৰতত এই ছবিখন জিঅ’ হটষ্টাৰত চাব পৰা যাব। বিদেশত থকা দৰ্শকৰ বাবে একেটা প্লেটফৰ্মতে এটা সুকীয়া শিৰোনাম ‘ধুৰন্ধৰ: দ্য ৰিভেঞ্জ ৰ’ এণ্ড উণ্ডেখী’ৰ সৈতে মুক্তি পাব।যাক ‘Raw and Unseen’ বুলিও কোৱা হৈছে।

লগতে পঢ়ক: মৌনি ৰয়ৰ ৪ বছৰীয়া বিবাহৰ অন্ত; বিবাহ বিচ্ছেদৰ জল্পনা-কল্পনাত চীলমোহৰ