মৌনি ৰয়ৰ ৪ বছৰীয়া বিবাহৰ অন্ত; বিবাহ বিচ্ছেদৰ জল্পনা-কল্পনাত চীলমোহৰ

মৌনি ৰয়ৰ ৪ বছৰীয়া বিবাহৰ অন্ত; বিবাহ বিচ্ছেদৰ জল্পনা-কল্পনাত চীলমোহৰ

বিবাহৰ মাত্ৰ চাৰি বছৰ পিছতে অভিনেত্ৰী মৌনি ৰয় আৰু ডুবাইৰ ব্যৱসায়ী সূৰজ নাম্বিয়াৰৰ মাজত বিচ্ছেদ হোৱাৰ খবৰে অনুৰাগীসকলক আচৰিত কৰিছে। বলীউড আৰু টিভিৰ প্ৰখ্যাত অভিনেত্ৰী মৌনি ৰয় আৰু তেওঁৰ ব্যৱসায়ী স্বামী সূৰজ নাম্বিয়াৰে তেওঁলোকৰ বিবাহক লৈ চলি থকা উৰাবাতৰিৰ প্ৰতি অৱশেষত প্ৰত্যুত্তৰ দিছে। বিবাহৰ চাৰি

বিবাহৰ মাত্ৰ চাৰি বছৰ পিছতে অভিনেত্ৰী মৌনি ৰয় আৰু ডুবাইৰ ব্যৱসায়ী সূৰজ নাম্বিয়াৰৰ মাজত বিচ্ছেদ হোৱাৰ খবৰে অনুৰাগীসকলক আচৰিত কৰিছে।

বলীউড আৰু টিভিৰ প্ৰখ্যাত অভিনেত্ৰী মৌনি ৰয় আৰু তেওঁৰ ব্যৱসায়ী স্বামী সূৰজ নাম্বিয়াৰে তেওঁলোকৰ বিবাহক লৈ চলি থকা উৰাবাতৰিৰ প্ৰতি অৱশেষত প্ৰত্যুত্তৰ দিছে। বিবাহৰ চাৰি বছৰৰ পাছত বিবাহ বিচ্ছেদৰ দিশে আগবাঢ়িছে মৌনি আৰু সূৰজ।যৌথ বিবৃতি জাৰি কৰি এই কথা নিশ্চিত কৰিছে দম্পতীহালে।

মৌনি আৰু সূৰাজে বিগত কিছুদিন ধৰি নিজৰ ব্যক্তিগত জীৱন সন্দৰ্ভত শিৰোনাম দখল কৰি আহিছে।তেওঁলোকৰ সম্পৰ্কত বিভাজন আৰু বিবাহ বিচ্ছেদৰ বাতৰি ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছিল।ইফালে মৌনি ৰয়ে এতিয়া নতুন বিবৃতি জাৰি কৰি এই খবৰ সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে।

যৌথ বিবৃতিত দম্পতীহালে লিখিছে—আমি দুখেৰে পৰ্যবেক্ষণ কৰোঁ যে সংবাদ মাধ্যমৰ কিছুমান সদস্যই আমাৰ ব্যক্তিগত জীৱনত অত্যধিক অনুপ্ৰৱেশ কৰিছে।আমি ক’ব বিচাৰিছো যে আমি পাৰস্পৰিক বুজাবুজিৰে বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লৈছো আৰু এই সময়খিনি শান্তি আৰু গোপনীয়তাৰে চম্ভালি আছো।

“আমাৰ ব্যক্তিগত জীৱনৰ সন্দৰ্ভত বহু ভুৱা আৰু ৰচনা কৰা কাহিনী প্ৰচাৰিত হৈছে, যিবোৰে আমাৰ সম্পৰ্কৰ বাস্তৱতাক প্ৰতিফলিত নকৰে।বহু চিন্তা-চৰ্চা আৰু অগ্ৰাধিকাৰ সলনি কৰাৰ পিছত আমি সন্মান আৰু বুজাবুজিৰে পৃথক পৃথক পথত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছো।”

দম্পতীহালে আৰু লিখিছে-আপাততঃ আমি এই পৰ্যায়টো পৰিপক্কতাৰে আৰু ব্যক্তিগতভাৱে চম্ভালিবলৈ গুৰুত্ব দিছো।আগলৈ আমি আমাৰ বন্ধুত্ব বজাই ৰাখিবলৈ চেষ্টা কৰি যাম।এই সময়ত আমাৰ গোপনীয়তাক সন্মান জনোৱাৰ বাবে আৰু আপোনালোকৰ অবিৰত সহায়ৰ বাবে আমি সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছো-মৌনি আৰু সূৰজ।

নেতিবাচকতাৰ পৰা হাত সাৰিবলৈ দম্পতীহালে এই পোষ্টটোৰ কমেণ্ট ছেকচনটো বন্ধ কৰি ৰাখিছে । বহুদিন ধৰি প্ৰেমৰ সম্পৰ্ক স্থাপন কৰাৰ পিছত ২০২২ চনত মৌনি আৰু সূৰাজে বিবাহপাশত আবদ্ধ হৈছিল।আৰু বিবাহৰ ৪ বছৰৰ অন্তত বিবাহ বিচ্ছেদৰ খবৰক চীল মোহৰ লগালে দম্পতীহালে।

লগতে পঢ়ক: শপত গ্ৰহণত তৃষাৰ চমক : বিজয়ৰ মাতৃক সাৱটি ধৰি চৰ্চাত অভিনেত্ৰীগৰাকী; ভাইৰেল হ’ল আৱেগিক মুহূৰ্ত!