বিক্ৰান্ত মেছীৰ ‘মুছাফিৰ কেফে’ৰ অ’টিটি মুক্তিৰ তাৰিখ ঘোষণা

অতি সোনকালে নেটফ্লিক্সৰ নতুন ৰোমান্টিক ছবি ‘মুছাফিৰ কেফে’ত দেখা যাব অভিনেতা বিক্ৰান্ত মেছীক। আজি নিৰ্মাতাসকলে ছবিখনৰ টিজাৰ মুকলি কৰাৰ লগতে মুক্তিৰ তাৰিখো ঘোষণা কৰে।

অভিনেতা বিক্ৰান্ত মেছী, বেদিকা পিণ্টো আৰু মহিমা মাকৱানা অভিনীত আহিবলগীয়া ৰোমাণ্টিক ড্ৰামা ‘মুছাফিৰ কেফে’ -ৰ নিৰ্মাতাসকলে ইয়াৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে। বুধবাৰে নেটফ্লিক্সে ধাৰাবাহিকখনৰ এটা টীজাৰ মুকলি কৰাৰ লগতে এই ঘোষণা কৰে। লেখক দিব্য প্ৰকাশ ডুবেৰ অনুৰূপ নামৰ জনপ্ৰিয় উপন্যাসখনৰ আধাৰত নিৰ্মিত এই ৰোমাণ্টিক ড্ৰামাখন অহা ২৪ জুলাইত প্ৰিমিয়াৰ হ’ব।

ভোপাল আৰু মুছৌৰীৰ পটভূমিত নিৰ্মিত ‘মুছাফিৰ কেফে’ তিনিজন অচিনাকি ব্যক্তিৰ জীৱনক লৈ আধাৰিত, যাৰ পথ অপ্ৰত্যাশিতভাৱে সংলগ্ন হৈ যায়। বিক্ৰান্ত মেছীয়ে চন্দৰ মোহন শৰ্মাৰ চৰিত্ৰত অভিনয় কৰিছে— যি এনে এটা জীৱনৰ সন্ধানত আছে যাক তেওঁ সঁচাকৈয়ে নিজৰ বুলি ক’ব পাৰে।

এই ধাৰাবাহিকখনে প্ৰেম, বন্ধুত্ব, হেৰুৱা সুযোগ আৰু জীৱন সলনি কৰা মুহূৰ্তবোৰৰ এটা কাহিনী কথা কৈছে। চৰিত্ৰ তিনিটাই সম্পৰ্ক, ব্যক্তিগত সংগ্ৰাম আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ সৈতে মোকাবিলা কৰাৰ সময়ত কেনেকৈ ইজনে সিজনৰ জীৱনত প্ৰভাৱ পেলায়, সেয়া ইয়াত দেখুওৱা হৈছে।

‘মুছাফিৰ কেফে’ সৃষ্টি আৰু ৰচনা কৰিছে শৰণ্য ৰাজগোপালে আৰু পৰিচালনা কৰিছে ৰুচিৰ অৰুণে। দিব্য প্ৰকাশ ডুবেৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ধাৰাবাহিকখন ‘টেৰিবলি টাইনি টেলছ’ (TTT) এ প্ৰযোজনা কৰিছে আৰু ‘হোমমেড ষ্ট’ৰীজ’ ইয়াৰ সহ-প্ৰযোজক।

বিক্ৰান্ত মেছী, বেদিকা পিণ্টো আৰু মহিমা মাকৱানাৰ উপৰিও ধাৰাবাহিকখনত আদিল হুছেইন, ৰাজীৱ সিদ্ধাৰ্থ, অনুভা ফাতেহপুৰীয়া, লাভলীন মিশ্ৰ আৰু ছাদিয়া চিদ্দিকীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। এই আঠটা খণ্ডৰ ৰোমাণ্টিক ড্ৰামাখন অহা ২৪ জুলাইৰ পৰা নেটফ্লিক্সত ষ্ট্ৰীমিং হ’ব।

লগতে পঢ়ক: পুৰণি কমেডিক লৈ পুনৰ বিতৰ্কত সময় ৰাইনা

 অ’টিটি ত ধুমুহাৰ বাবে সাজু ধূৰন্ধৰ: দ্য ৰিভেঞ্জ; দুটাকৈ প্লেটফৰ্মত পাব মুক্তি

ষ্ট্ৰীমিং প্লেটফৰ্মে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে ‘ধূৰন্ধৰ: দ্য ৰিভেঞ্জ’ৰ ‘ৰ’ এণ্ড আনছিন’ সংস্কৰণৰ মুক্তিৰ তাৰিখ নিশ্চিত কৰিছে।

১৯ মাৰ্চত চিনেমাগৃহত মুক্তি পাইছিল ‘ধূৰন্ধৰ: দ্য ৰিভেঞ্জ’। ছবিখনে বক্স অফিচত এক ইতিহাস সৃষ্টি কৰিছিল। ঘৰুৱা বক্স অফিচত ১৩০০ কোটি টকাৰ ওপৰত আৰু বিশ্বজুৰি ১৮০০ কোটি উপাৰ্জন কৰিছিল।ইফালে অনুৰাগীসকলে ধূৰন্ধৰ: দ্য ৰিভেঞ্জ অ’টিটি প্লেটফৰ্মত মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। অৱশেষত ছবিখনৰ ডিজিটেল মুক্তিক লৈ যথেষ্ট জল্পনা-কল্পনাৰ অন্ত পৰিছে। আদিত্য ধৰৰ পৰিচালনাত নিৰ্মিত ‘ধুৰন্ধৰ ২: দ্য ৰিভেঞ্জ’ ছবিখন ২০২৬ চনৰ ১৪ মে’ৰ পৰা ১৫ মে’ৰ ভিতৰত নেটফ্লিক্সত বিশ্বজুৰি প্ৰচাৰ হোৱাৰ সম্ভাৱনা আছে।

ছবিখনৰ প্ৰথম খণ্ড নেটফ্লিক্সত মুক্তি পোৱাৰ লগতে,ইয়াৰ দ্বিতীয় খণ্ডটোও একেটা প্লেটফৰ্মতে আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ বাবে মুকলি কৰা হ’ব।এই ছবিখন বিশ্বজুৰি নেটফ্লিক্সত প্ৰচাৰ হ’ব, আনহাতে ভাৰতত এই ছবিখন জিঅ’ হটষ্টাৰত চাব পৰা যাব। বিদেশত থকা দৰ্শকৰ বাবে একেটা প্লেটফৰ্মতে এটা সুকীয়া শিৰোনাম ‘ধুৰন্ধৰ: দ্য ৰিভেঞ্জ ৰ’ এণ্ড উণ্ডেখী’ৰ সৈতে মুক্তি পাব।যাক ‘Raw and Unseen’ বুলিও কোৱা হৈছে।

লগতে পঢ়ক: মৌনি ৰয়ৰ ৪ বছৰীয়া বিবাহৰ অন্ত; বিবাহ বিচ্ছেদৰ জল্পনা-কল্পনাত চীলমোহৰ

OTT প্লেটফৰ্মত সম্পপ্ৰচাৰ নহয় বিগ বছৰ চতুৰ্থ ছিজন; চিৰদিনৰ বাবে বাতিলৰ সিদ্ধান্ত

‘বিগ বছ OTT ত লাগিল তলা। তিনিটা ছিজনৰ পিছতেই মেকাৰছসকলৰ ডাঙৰ সিদ্ধান্ত।

বিগ বছৰ OTT সন্দৰ্ভত ডাঙৰ খবৰ ওলাইছে।জানিব পৰা মতে,বিগ বছ অ’টিটিৰ চতুৰ্থ ছিজন আৰু প্ৰচাৰ নহ’ব।ৰিয়েলিটি শ্ব’টোৰ অ’টিটি সংস্কৰণটো চিৰদিনৰ বাবে বাতিল কৰা হৈছে।

এনে জল্পনা-কল্পনা যথেষ্ট দিন ধৰি চলি আছিল।কিন্তু শ্ব’টোৰ ক্ৰিয়েটৰ ঋষি নেগীয়ে এতিয়া এই কথা নিশ্চিত কৰিছে ।

এটা সাক্ষা তকাৰত ঋষি নেগীয়ে কয় যে আমি যোৱা বছৰ হিন্দী সংস্কৰণৰ সৈতে ডিজিটেল হৈছিলো।জিঅ’ হটষ্টাৰত প্ৰথম মুক্তি পোৱা এই অনুষ্ঠানটোৱে,তাৰ পিছত টিভিত আহিল।ম

ই ভাবো আমি এই চক্ৰটো অনুসৰণ কৰিব লাগিব।আমি আন ভাষাত একেলগে কাষ্ট কৰো।মই ভাবো অ’টিটি আৰু টিভিৰ বৃহৎ বজাৰ আছে।

দুয়োটাৰে দৰ্শক বেলেগ বেলেগ।তেওঁলোকে টিভিত শ্ব’ চাই ভাল পায়।মোৰ মায়ে কেৱল টিভিত হে বিগ বছ চায়। শ্ব’টো লগে লগে চাবলৈ বহু লোকে বিচাৰে। ইয়াৰ দ্বাৰা আমাক বৈচিত্ৰময় দৰ্শক পোৱা যায়।

জানিব পৰা মতে, নিৰ্মাতাসকলৰ মতে বিগ বছ হিন্দীৰ দুটা সংস্কৰণ চলোৱাৰ প্ৰয়োজন নাই।কাৰণ দুয়োটা শ্ব’ৰ ফৰ্মেট প্ৰায় একে।কেৱল টেলিকাষ্টটোহে বেলেগ আছিল।

এতিয়া যেতিয়া মূল বিগ বছ অ’টিটি আৰু টিভি দুয়োটাতে ষ্ট্ৰীমিং হৈ আছে, তেতিয়া পৃথক অ’টিটি সংস্কৰণ চলোৱাৰ কোনো যুক্তি নাই।

কাৰণ কলাৰ্ছ টিভি আৰু জিঅ’ হটষ্টাৰ নিজৰ মাজতে ব্ৰেণ্ড।তেওঁলোকৰ দৰ্শকৰ সংখ্যা প্ৰবল। সেয়েহে বিবি অ’টিটি সংস্কৰণটো বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হয়।

লগতে পঢ়ক: কোনোমতে প্ৰাণৰক্ষা পৰিল বলীউড অভিনেতা অক্ষয় কুমাৰৰ!

অব্যাহত আছে ডিজিটেল যুদ্ধ; ভাৰতৰ OTT প্লেটফৰ্মতো নিষিদ্ধ হ’ল পাক কন্টেন্ট

ভাৰতে ‘অপাৰেচন সিন্দুৰ’, অধীনত পাকিস্তানত কেইবাটাও আক্ৰমণ কৰি আছে।যাৰ বাবে পাকিস্তানত এতিয়া আতংকৰ পৰিৱেশে বিৰাজ কৰিছে।

পহলগাম ঘটনাক লৈ ভাৰতে পাকিস্তানৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। পূৰ্বে পাকিস্তানী শিল্পীসকলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, এতিয়া আন এক বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

পাকিস্তানী সংবাদ মাধ্যমৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰি,ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা মনত ৰাখি, সকলো অ’টিটি প্লেটফৰ্ম আৰু মিডিয়া ষ্ট্ৰীমিং প্লেটফৰ্মৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এক পৰামৰ্শ জাৰি কৰিছে।

কোৱা হৈছে যে ভাৰতত যিবোৰ পাকিস্তানী ৱেব ছিৰিজ, ছবি, গীত, পডকাষ্ট বা যদি কোনো ষ্ট্ৰীমিং মিডিয়াৰ কন্টেন্ট চলি আছে, তেন্তে ইয়াক তাৎক্ষণিক প্ৰভাৱৰ সৈতে বন্ধ কৰিব লাগে।

যদি কোনোবাই ইয়াক চাবস্ক্ৰিপচনৰ অধীনত লৈছে তেন্তে তেওঁৰ বাবেও ইয়াক আঁতৰাই পেলাব লাগে।ভাৰতত পাকিস্তানৰ সৈতে জড়িত কোনো বিষয়বস্তু যেন কোনেও গ্ৰহণ নকৰে।পাকিস্তানী কন্টেন্ট সম্পূৰ্ণৰূপে বৰ্জন কৰা হ’ল ভাৰতত।

পুনৰ ঘূৰি আহিল বাবা নিৰালা,’আশ্ৰম ৩’ৰ ধামাকা টিজাৰ মুকলি; পাম্মীয়ে কৰিব মৃত্যুৰ তাণ্ডৱ

ববি দেওলে শীঘ্ৰেই অ’টিটিত  ‘আশ্ৰম ৩’ৰ দ্বিতীয় অংশৰ সৈতে পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে, যিটো অনুৰাগীসকলে দীৰ্ঘদিন ধৰি আগ্ৰহেৰে অপেক্ষা কৰি আছে।

আকৌ এবাৰ, ভণ্ড গুৰু নিৰালাৰ চৰিত্ৰত দেখা যাব ববি দেউলক।শেহতীয়াকৈ, এমএক্স প্লেয়াৰৰ বিখ্যাত চিৰিজ ‘আশ্ৰম’ৰ তৃতীয় ছিজনৰ দ্বিতীয় অংশৰ টিজাৰ মুকলি কৰা হৈছে, য’ত আকৌ এবাৰ কিছুমান চিনাকি মুখ আছে।

টিজাৰটোত বাবা নিৰালা আৰু পাম্মী দুয়োৰে এক চমৎকাৰ প্ৰৱেশ প্ৰদৰ্শন কৰা হৈছে, যাৰ পিছত সকলো সলনি হ’বলৈ সাজু হৈছে।

প্ৰকাশ ৰাজৰ দ্বাৰা পৰিচালিত চিৰিজটোৰ এই নতুন অংশটো ন্যায় আৰু প্ৰতিশোধৰ কাহিনীৰ ওপৰত আধাৰিত হ’ব।এমএক্স প্লেয়াৰে এই টিজাৰত কাহিনী আৰু চৰিত্ৰবোৰৰ ইংগিত দিছে। নতুন টিজাৰত, ববি দেউলে তেওঁৰ নতুন চিকাৰৰ সন্ধানত আছে।

অৱশ্যে, নতুন চিকাৰটো বাবাৰ বাবে সহজ নহ’ব। কিয়নো, প্ৰতিশোধৰ জুইত জ্বলি থকা পাম্মীয়ে সম্পূৰ্ণ পৰিকল্পনাৰে উভতি আহিছে।

লগতে, এইবাৰ আশ্ৰমত যথেষ্ট যুঁজ আৰু ৰক্তপাত হ’ব। এতিয়া নতুন চিজনত, পাম্মী ঘূৰি আহিবলৈ সাজু হৈছে। টিজাৰটো মুকলি হোৱাৰ পিছতেই অনুৰাগী সকলে যথেষ্ট সহাৰি দিছে।