বিধানসভা নিৰ্বাচনত বিজেপিৰ ছুনামীত ধূলিস্যাৎ হৈছে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী
অসমত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে বিজেপি নেতৃত্বাধীন এন ডি এ । বিধানসভা নিৰ্বাচনত বিজেপিৰ ছুনামীত ধূলিস্যাৎ হৈছে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী । সোমবাৰে পুৱা ৮ বজাৰ আৰম্ভ হোৱা ভোটগণনাত আৰম্ভণিৰে পৰা শাসকীয় দলটোৱে অগ্ৰগতি লাভ কৰে ।
নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি ১৭ খনতকৈয়ো অধিক আসনত জয়লাভ কৰাৰ বিপৰীতে ৬৫ খন আসনত বৃহৎ অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে । ইফালে বিজেপিৰ মিত্ৰ দল বিপিএফে বৰ্তমানলৈকে ১ খন আসনত জয়লাভ কৰাৰ বিপৰীতে ৯ খন আসনত আগবাঢ়ি আছে । আনহাতে অসম গণ পৰিষদে ৮ খন আসনত অগ্ৰগতি লাভ কৰিছে ।
কোন সমষ্টিত কোন জয়ী হ’ল-
-যোৰহাট সমষ্টিত হিতেন্দ্ৰনাথ গোস্বামীৰ বৃহৎ জয়লাভ
-ধেমাজি সমষ্টিত ডাঃ ৰণোজ পেগুৰ জয়লাভ
-মাজুলী সমষ্টিত ভূৱন গামৰ জয়লাভ
-জাগীৰোড সমষ্টিত পীয়ুষ হাজৰিকাৰ জয়লাভ
-বিশ্বনাথ সমষ্টিত পল্লৱলোচন দাসৰ জয়লাভ
-২৬ হাজাৰৰো অধিক ভোটত জয়লাভ
-নদুৱাৰ সমষ্টিত পদ্ম হাজৰিকাৰ জয়লাভ
-বোকাখাট সমষ্টিত অতুল বৰাৰ জয়লাভ
-কলিয়াবৰ সমষ্টিত কেশৱ মহন্তৰ জয়লাভ
-গহপুৰ সমষ্টিত উৎপল বৰাৰ জয়লাভ
-সৰুপথাৰ সমষ্টিত বিশ্বজিত ফুকনৰ জয়লাভ
-নগাঁও-বটদ্ৰৱা সমষ্টিত ৰূপক শৰ্মাৰ জয়লাভ
-মাহমৰা সমষ্টিত সুৰজ দিহিঙিয়াৰ জয়লাভ
-ডিমৰীয়াত অগপ প্ৰাৰ্থী তপন দাসৰ জয়লাভ
-কাছাৰৰ লক্ষীপুৰত বিজেপিৰ কৌশিক ৰায়ৰ জয়লাভ
-মৰিয়নিত ৰূপজ্যোতি কূৰ্মীৰ জয়লাভ
-কমলপুৰত দিগন্ত কলিতাৰ জয়লাভ
-গোলাঘাটত অজন্তা নেওগৰ জয়লাভ
-লখিমপুৰত মানৱ ডেকাৰ জয়লাভ
-নলবাৰীত জয়ন্তমল্ল বৰুৱাৰ জয়লাভ
লগতে পঢ়ক : যোৰহাটত মুখ ঠেকেচা বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ









