ফিলিপাইনছৰ ভয়াৱহ ভূমিকম্পক লৈ প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

ফিলিপাইনছৰ ভয়াৱহ ভূমিকম্পক লৈ প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

ৰিখটাৰ স্কেলত ৭.৮ প্ৰাবল্যৰ এই ভূমিকম্পটোৰ ফলত সমগ্ৰ অঞ্চলটোত ব্যাপক ধ্বংসলীলা সংঘটিত হৈছে দক্ষিণ ফিলিপাইনছৰ মিন্দানাও উপকূলত সোমবাৰে পুৱা এক ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় । ৰিখটাৰ স্কেলত ৭.৮ প্ৰাবল্যৰ এই ভূমিকম্পটোৰ ফলত সমগ্ৰ অঞ্চলটোত ব্যাপক ধ্বংসলীলা সংঘটিত হৈছে । শেষতীয়া খবৰ অনুসৰি, এই প্ৰাকৃতিক দুৰ্যোগত

ৰিখটাৰ স্কেলত ৭.৮ প্ৰাবল্যৰ এই ভূমিকম্পটোৰ ফলত সমগ্ৰ অঞ্চলটোত ব্যাপক ধ্বংসলীলা সংঘটিত হৈছে

দক্ষিণ ফিলিপাইনছৰ মিন্দানাও উপকূলত সোমবাৰে পুৱা এক ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় । ৰিখটাৰ স্কেলত ৭.৮ প্ৰাবল্যৰ এই ভূমিকম্পটোৰ ফলত সমগ্ৰ অঞ্চলটোত ব্যাপক ধ্বংসলীলা সংঘটিত হৈছে । শেষতীয়া খবৰ অনুসৰি, এই প্ৰাকৃতিক দুৰ্যোগত কমেও ৩২ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৩৪ জনতকৈও অধিক লোক আহত হৈছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি, বিগত ৫০ বছৰৰ ভিতৰত ফিলিপাইনছত আঘাত হনা এইটোৱেই আটাইতকৈ শক্তিশালী ভূমিকম্প । সোমবাৰে পুৱা প্ৰায় ৭:৩৭ বজাত (স্থানীয় সময়) এই জোকাৰণি অনুভূত হৈছিল ।

প্ৰধানমন্ত্ৰী মোদীৰ শোকবাৰ্তা-

এই দুৰ্ভাগ্যজনক ঘটনাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে । সামাজিক মাধ্যম এক্স (পূৰ্বৰ টুইটাৰ) যোগে এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় :

“ফিলিপাইনছৰ মিন্দানাওত আজি সংঘটিত ভূমিকম্পৰ ফলত হোৱা প্ৰাণহানি আৰু ধ্বংসলীলাত মই মৰ্মাহত হৈছোঁ । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ অন্তৰংগ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ । এই সংকটৰ সময়ত ভাৰত ফিলিপাইনছৰ জনসাধাৰণ আৰু চৰকাৰৰ সৈতে দৃঢ়তাৰে থিয় দিছে ।”

ক্ষয়-ক্ষতিৰ খতিয়ান

দেশখনৰ নাগৰিক সুৰক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, কেৱল সাৰাংগানী আৰু দক্ষিণ কটাবেটো প্ৰদেশতে ১৯ জন লোকৰ মৃত্যু হৈছে । আনহাতে, ভূমিকম্পৰ ফলত হোৱা তীব্ৰ ভূমিস্খলনৰ বাবে সাৰাংগানীৰ গ্লান নামৰ ঠাই টুকুৰাত আন ১৩ জন লোক মাটিৰ তলত পোত খাই মৃত্যুবৰণ কৰে ।

ৰাষ্ট্ৰীয় অসামৰিক প্ৰতিৰক্ষা কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া ৰড্ৰিগো অ’ ছচমেনে সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে ক্ষয়-ক্ষতিৰ প্ৰকৃত ছবিখন এতিয়াও সম্পূৰ্ণৰূপে স্পষ্ট হোৱা নাই । বহুতো ডাঙৰ অট্টালিকা আৰু পথত ডাঙৰ ফাঁট মেলিছে । বৰ্তমানলৈকে প্ৰায় ৭০,০০০ বাসিন্দা সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হ’বলগীয়া হৈছে আৰু বহু লোক এতিয়াও সন্ধানহীন হৈ থকাৰ বাবে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰা হৈছে ।

লগতে পঢ়ক : ৭.৮ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্প : মৃত্যুৰ সংখ্যা ১৫লৈ বৃদ্ধি, চুনামীৰ সতৰ্কবাণী জাৰি

শেহতীয়া প্ৰৱন্ধসমূহ