“বহুত বস্তু হেৰুৱালোঁ, ১০ বছৰ ধৰি অভিনয় ত্যাগ কৰাৰ কথা ভাবিছো”; মনোজ বাডপেয়ীৰ বিস্ফোৰক স্বীকাৰোক্তি

“বহুত বস্তু হেৰুৱালোঁ, ১০ বছৰ ধৰি অভিনয় ত্যাগ কৰাৰ কথা ভাবিছো”; মনোজ বাজপেয়ীৰ বিস্ফোৰক স্বীকাৰোক্তি

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত মনোজ বাজপেয়ীয়ে প্ৰকাশ কৰে যে তেওঁ বিগত দহ বছৰ ধৰি অভিনয় ত্যাগ কৰাৰ কথা চিন্তা কৰি আহিছে। বলীউডৰ অন্যতম প্ৰতিভাশালী আৰু প্ৰিয় তাৰকাৰ ভিতৰত এগৰাকী হৈছে মনোজ বাজপেয়ী।মনোজ বাজপেয়ী বলীউডৰ অন্যতম আটাইতকৈ প্ৰতিভাৱান অভিনেতা। তেওঁ এতিয়ালৈকে নিজৰ কেৰিয়াৰত বহুতো উল্লেখনীয়

 

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত মনোজ বাজপেয়ীয়ে প্ৰকাশ কৰে যে তেওঁ বিগত দহ বছৰ ধৰি অভিনয় ত্যাগ কৰাৰ কথা চিন্তা কৰি আহিছে।

বলীউডৰ অন্যতম প্ৰতিভাশালী আৰু প্ৰিয় তাৰকাৰ ভিতৰত এগৰাকী হৈছে মনোজ বাজপেয়ী।মনোজ বাজপেয়ী বলীউডৰ অন্যতম আটাইতকৈ প্ৰতিভাৱান অভিনেতা। তেওঁ এতিয়ালৈকে নিজৰ কেৰিয়াৰত বহুতো উল্লেখনীয় চলচ্চিত্ৰ উপহাৰ দিছে আৰু নিজৰ অভিনয়ৰ দক্ষতাৰ প্ৰমাণ কৰিছে। একে সময়তে, মনোজ বাজপেয়ী অ’টিটি প্লেটফৰ্মৰো ৰজা হৈ পৰিছে। এই সকলোবোৰৰ মাজতে অলপতে অভিনেতাজনে প্ৰকাশ কৰিছে যে বিগত এটা দশকত তেওঁ বহুবাৰ অভিনয় এৰি দিয়াৰ কথা চিন্তা কৰিছে। তেওঁ স্বীকাৰ কৰিছে যে কঠিন চৰিত্ৰসমূহ ৰূপায়ণ কৰাৰ আৱেগিক বোজাই প্ৰায়ে তেওঁৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়।

এটা সাক্ষাৎকাৰত মনোজ বাজপেয়ীয়ে কয় যে, তেওঁৰ মনলৈ অভিনয় এৰি দিয়াৰ ভাৱ বাৰে বাৰে আহিছে।সঁচা কথা ক’বলৈ গ’লে, বিগত প্ৰায় ১০ বছৰ ধৰি মাজে মাজে মোৰ মন যায় যে মই অভিনয় এৰি দিওঁ। কিন্তু তাৰ পিছত আকৌ কিবা এটা চৰিত্ৰ আহে আৰু সেয়া হৈ উঠে।” অভিনেতাজনে জোৰ দি কয় যে তেওঁ বাধ্যবাধকতাত কাম কৰি থাকিব নিবিচাৰে। তেওঁ কয়, “মই অভিনয়ক বাধ্যবাধকতা হিচাপে কৰিব নিবিচাৰোঁ যে মই ঘৰলৈ দাইল-ভাত লৈ যাব লাগে । মই অভিনয় তেতিয়াহে কৰিব বিচাৰোঁ যেতিয়া কোনোবা এটা চৰিত্ৰ থাকে আৰু তাক ৰূপায়ণ কৰি বৰ আনন্দ পোৱা যায়।”

আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল মনোজ বাজপেয়ীয়ে প্ৰকাশ কৰিছে যে বহু বছৰ ধৰি অত্যন্ত মানসিক চাপযুক্ত আৰু গভীৰ চৰিত্ৰসমূহ কৰাৰ পিছত, এতিয়া তেওঁ পাতল-লঘু, বাণিজ্যিক মনোৰঞ্জনধৰ্মী বোলছবিৰ প্ৰতি আকৰ্ষিত হৈছে। অভিনেতাজনে কয়, “আজিকালি মোৰ বাণিজ্যিক চৰিত্ৰৰ চিনেমা কৰিবলৈ বৰ মন গৈছে.. একেবাৰে সস্তীয়া কমেডী, অৰ্থহীন কমেডী । অলপ গানৰ তালে তালে নাচিব লাগে। ঘৰৰ পৰা একো প্ৰস্তুতি চলাই যাব নালাগে। কেৱল পৰিয়ালক বিদায় দিয়ক আৰু ছেটত এটা ভাল সময় কটাওক।”

অভিনেতা গৰাকীয়ে এইটোও স্বীকাৰ কৰিছে যে ‘গলি গুলিয়াঁ’, ‘আলীগড়’ আৰু ‘ভোঁছলে’ৰ দৰে ছবিৰ কিছু অন্ধকাৰ আজিও তেওঁৰ ভিতৰত বিৰাজমান। অভিনেতাজনে কয়, “কেতিয়াবা মই মোৰ মানসিক অন্ধকাৰ অনুভৱ কৰোঁ। কেতিয়াবা মই ঠিকমতে জানো যে এইয়া ক’ৰ পৰা আহিছে।” তেওঁ লগতে কয় যে এনে চৰিত্ৰসমূহে প্ৰায়ে মেজাজ সলনি হোৱা আৰু আৱেগিক ভাগৰৰ কাৰণ হৈ পৰে, যাৰ বাবে আধ্যাত্মিকতা তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ আশ্ৰয় হৈ পৰিছে।

তেওঁ নিজৰ সপোনৰ পিছত দৌৰোঁতে কৰা ত্যাগসমূহৰ বিষয়েও কথা পাতিছে, বিশেষকৈ মাক-দেউতাকৰ সৈতে অতিবাহিত কৰা সময়খিনিক লৈ। যেতিয়া তেওঁক সোধা হৈছিল যে এই সংগ্ৰাম ইয়াৰ যোগ্য আছিলনে, তেতিয়া তেওঁ কয়, “প্ৰকৃততে, হয়,” তেওঁ লগতে কয়, “কিন্তু মই বহু বস্তু হেৰুৱালোঁ।” মুম্বাই যিয়ে তেওঁ আৰু তেওঁৰ পিতৃ-মাতৃৰ মাজত দূৰত্ব সৃষ্টি কৰিলে। তেওঁ কয়, “কেতিয়াবা মোৰ ভাব হয়, মই মোৰ দেউতাৰ সৈতে আৰু অলপ সময় পালে ভাল আছিল। আমি এজনে আনজনক আৰু ভালদৰে বুজিব পাৰিলোঁহেঁতেন।মোৰ মাৰ সৈতে আমি আমাৰ ব্যক্তিগত সমস্যাবোৰ সমাধান কৰিব পাৰিলোঁহেঁতেন। অতীতলৈ চালে এই ত্যাগ সৰ্থক যেন লাগে। বাজপায়ীয়ে কয়, “ভৌতিক প্ৰাপ্তিৰ পিছত যেতিয়া আপুনি পিছলৈ ঘূৰি চায়, তেতিয়া অনুভৱ হয় যে সকলোবোৰ ইয়াৰ যোগ্য নাছিল।”

লগতে পঢ়ক: ছীল হ’ল কণ্ঠশিল্পী বাদশ্বাহৰ ক্লাব SAGO; নিয়ম ভংগ কৰাৰ অভিযোগ