দ্বিতীয়বাৰৰ বাবে আই পি এলৰ চেম্পিয়ন হ’ল ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু। চেম্পিয়ন হোৱাৰ সপোন পূৰণ নহ’ল গুজৰাট টাইটানছৰ।
২৮ মাৰ্চৰ পৰা আৰম্ভ হোৱা আই পি এল ২০২৬ অৱশেষত অন্ত পৰিল।আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু মাজত অনুষ্ঠিত হোৱা ফাইনেল মেচখনত পুনৰবাৰ চেম্পিয়ন হ’ল আৰ চি বি।
ফাইনেল মেচত গুজৰাট টাইটানছে আৰ চি বিৰ সন্মুখত ১৫৬ ৰাণৰ লক্ষ্য বান্ধি দিছিল। কিন্তু ৫ টা উইকেট হেৰুৱাই দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হ’ল ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু।আৰচিবিৰ বলাৰসকলে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়। কিন্তু গুজৰাট টাইটানছৰ আৰম্ভণি ভাল নাছিল। ৰছিখ চালাম দাৰে সৰ্বাধিক তিনিটা উইকেট দখল কৰে।
গুজৰাট টাইটানছৰ বিৰুদ্ধে ফাইনেলত বিৰাট কোহলীয়ে নিজৰ আইপিএল কেৰিয়াৰৰ দ্ৰুততম অৰ্ধশতক অৰ্জন কৰে। তেওঁ ২৫টা বলত ৫০ ৰাণ কোবায়। ১৫৬ ৰাণৰ লক্ষ্য খেদিবলৈ গৈ আৰচিবি ১৮ অভাৰত ৫টা উইকেট হেৰুৱাই ১৬১ ৰাণ সংগ্ৰহ কৰিছে।
লগতে পঢ়ক: গুজৰাট টাইটানছৰ বেটিং বিপৰ্যয়; দ্বিতীয়টো খিতাপৰ বাবে ১৫৬ ৰানৰ লক্ষ্য আৰ চি বি ৰ









