ভাৰতৰ সৈতে বন্ধুত্বক লৈ পুনৰবাৰ মুখ খুলিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে
ইজৰাইল আৰু ভাৰতৰ মাজত ক্ৰমাৎ গভীৰ হৈ অহা বন্ধুত্বক লৈ পুনৰবাৰ মুখ খুলিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে । বৃহস্পতিবাৰে ৱেষ্ট বেংকত আয়োজিত এক সন্মিলনত ভাষণ দি নেতানিয়াহুৱে স্পষ্ট কৰি দিয়ে যে বিশ্বৰ যিকোনো দেশৰ তুলনাত ভাৰতে তেওঁলোকক সৰ্বাধিক আৰু অটুট সমৰ্থন আগবঢ়াই আহিছে ।
ভাৰতৰ প্ৰতি ইজৰাইলৰ বিশেষ আস্থা-
ভাষণ প্ৰসংগত নেতানিয়াহুৱে কয়, “সমগ্ৰ বিশ্বতে আমাৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰি আমাৰ বিৰুদ্ধে বিভিন্ন প্ৰচেষ্টা চলোৱা হৈছে, কিন্তু ভাৰতত তেনে পৰিস্থিতি নাই । ভাৰতত ইজৰাইলৰ বাবে যি প্ৰচণ্ড মৰম বা ‘ক্ৰেজি লাভ’ দেখা যায়, সেয়া অনন্য ।” তেওঁ লগতে উল্লেখ কৰে যে বিশ্বৰ অন্যান্য ঠাইৰ তুলনাত ভাৰততেই তেওঁৰ অনুগামীৰ সংখ্যা সৰ্বাধিক ।
গাজা যুদ্ধক লৈ নেতানিয়াহুৰ পৰৱৰ্তী লক্ষ্য-
ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে গাজা যুদ্ধৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়েও অৱগত কৰে । তেওঁ কয় যে বৰ্তমান ইজৰাইলী সেনাই গাজা ষ্ট্ৰিপৰ ৬০ শতাংশ অঞ্চল নিয়ন্ত্ৰণ কৰিছে আৰু অতি সোনকালে এই লক্ষ্য ৭০ শতাংশলৈ বৃদ্ধি কৰা হ’ব । হামাছৰ বিৰুদ্ধে এই সামৰিক অভিযান পৰ্যায়ক্ৰমে চলি থাকিব বুলিও তেওঁ পুনৰ দোহাৰে ।
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পিছত নতুন মাত্ৰা-
ভাৰত আৰু ইজৰাইলৰ সম্পৰ্কৰ এই নতুন গতিধাৰাৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ ভূমিকা অতি গুৰুত্বপূৰ্ণ । যোৱা ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোদীয়ে সম্পন্ন কৰা ইজৰাইল ভ্ৰমণৰ পাছত দুয়োখন দেশে নিজৰ সম্পৰ্কক ‘শান্তি, উদ্ভাৱন আৰু সমৃদ্ধিৰ বাবে বিশেষ কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰিছে ।
সহযোগিতাৰ মূল ক্ষেত্ৰসমূহ : প্ৰতিৰক্ষা, বাণিজ্য, চাইবাৰ চিকিউৰিটি, কৃত্ৰিম বুদ্ধিমত্তা (AI), কৃষি, শক্তি আৰু প্ৰযুক্তিবিদ্যা ।
ভৱিষ্যতৰ দিশ : ছেমিকণ্ডাক্টৰ, কোৱাণ্টাম প্ৰযুক্তি, ফিনটেক আৰু ডিজিটেল স্বাস্থ্য খণ্ডতো দুয়োখন দেশে একেলগে কাম কৰি আছে ।
ঐতিহাসিক পৰিৱৰ্তন-
১৯৯২ চনত কূটনৈতিক সম্পৰ্ক স্থাপিত হোৱাৰ পাছত ২০১৭ চনত প্ৰধানমন্ত্ৰী মোদীৰ ঐতিহাসিক ইজৰায়েল ভ্ৰমণক এই সম্পৰ্কৰ এক ‘টাৰ্নিং পইণ্ট’ হিচাপে গণ্য কৰা হয় । এই ভ্ৰমণৰ পাছতেই ভাৰতৰ বৈদেশিক নীতিত এক নতুন ধাৰাৰ সূচনা হয় । বৰ্তমান এছিয়াৰ ক্ষেত্ৰত ভাৰত ইজৰায়েলৰ অন্যতম বৃহৎ বাণিজ্যিক অংশীদাৰ হৈ পৰিছে ।
ইণ্ডিয়া-মিডল ইষ্ট-ইউৰোপ ইকনমিক কৰিডৰ (IMEC) আৰু I2U2-ৰ দৰে মঞ্চত দুয়োখন দেশে কৌশলগতভাৱে একেলগে খোজ আগবঢ়াইছে, যি বিশ্বৰ ৰাজনীতিত এক শক্তিশালী সমীকৰণ হিচাপে বিবেচিত হৈছে ।
লগতে পঢ়ক : আইন সলনি কৰি ২৫০ ডলাৰৰ নোটত ট্ৰাম্পৰ ছবি অন্তৰ্ভুক্ত কৰাৰ চেষ্টা : বিতৰ্কত আমেৰিকাৰ বিত্ত বিভাগ









