জনতাৰ মূৰত ৰাম টাঙোন শোধাই চতুৰ্থবাৰৰ বাবে বৃদ্ধি পালে পেট্ৰ’ল ডিজেলৰ মূল্য। শনিবাৰৰ পিছত এতিয়া সোমবাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যত এক বৃহৎ পৰিৱৰ্তন ঘটিছে।
দেশৰ চৰকাৰী তেল কোম্পানী সমূহে পুনৰবাৰ বৃদ্ধি কৰিলে পেট্ৰ’ল-ডিজেলৰ মূল্য।শনিবাৰে ২৩ মে’ত মূল্য বৃদ্ধি কৰাৰ পিছত আজি পুনৰবাৰ বৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য। সোমবাৰে পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ তেল কোম্পানীসমূহে পেট্ৰ’লৰ মূল্য ২.৬১ আৰু ডিজেলৰ মূল্য ২.৭১ টকাকৈ বৃদ্ধি কৰে।
বিগত ১১ দিনত তেল কোম্পানীসমূহে ৰূপায়ণ কৰা এয়া চতুৰ্থটো মূল্য বৃদ্ধি।ইয়াৰ পূৰ্বে ২৩ মে’ত তেল কোম্পানীসমূহে পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ০.৮৭ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ০.৯১ টকা বৃদ্ধি কৰিছিল। শেহতীয়াকৈ এই বৃদ্ধিৰ পিছত গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০৫.৭৪ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলৰ মূল্য এতিয়া প্ৰতি লিটাৰত হ’ল গৈ ৯৭.২৩ টকা।
বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে তেল কোম্পানীসমূহে পেট্ৰ’ল-ডিজেলৰ দাম ধাৰাবাহিকভাৱে বৃদ্ধি কৰি আহিছে। বিগত তিনিমাহ ধৰি মধ্যপ্ৰাচ্যত আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা উত্তেজনাই আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যত প্ৰভাৱ পেলাইছে।ইৰাণ যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰতি বেৰেলত ৭০ ডলাৰত ব্যৱসায় কৰি থকা খাৰুৱা তেলৰ মূল্য সংঘাতৰ মাজতে প্ৰতি বেৰেলত ১২৫ ডলাৰলৈ বৃদ্ধি পাইছে।
লগতে পঢ়ক: মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে বিশ্বই লাভ কৰিব ‘ভাল খবৰ’; আমেৰিকা-ইৰাণ যুদ্ধৰ সন্দৰ্ভত ৰুবিঅ’ই দিলে ইংগিত









