পাকিস্তানত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ : ভয়ংকৰ বিস্ফোৰণত ২৪ জনৰ মৃত্যু, ৫০ৰো অধিক আহত

পাকিস্তানত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ : ভয়ংকৰ বিস্ফোৰণত ২৪ জনৰ মৃত্যু, ৫০ৰো অধিক আহত

বিস্ফোৰণৰ প্ৰাবল্য ইমানেই ভয়াৱহ আছিল যে ৰে’লখনৰ ইঞ্জিনসহ তিনিটা ডবা লাইনচ্যুত হয় আৰু আন দুটা ডবা সম্পূৰ্ণৰূপে ওলটপালট হৈ পৰে পাকিস্তানৰ দক্ষিণ-পশ্চিম প্ৰদেশ বেলুচিস্তানৰ কুৱেটাত দেওবাৰে পুৱা এক ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয় । চহৰখনৰ চমন ফটক ৰে’লৱে এলেকাৰ সমীপত সংঘটিত এই বিস্ফোৰণত অতি কমেও

বিস্ফোৰণৰ প্ৰাবল্য ইমানেই ভয়াৱহ আছিল যে ৰে’লখনৰ ইঞ্জিনসহ তিনিটা ডবা লাইনচ্যুত হয় আৰু আন দুটা ডবা সম্পূৰ্ণৰূপে ওলটপালট হৈ পৰে

পাকিস্তানৰ দক্ষিণ-পশ্চিম প্ৰদেশ বেলুচিস্তানৰ কুৱেটাত দেওবাৰে পুৱা এক ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয় । চহৰখনৰ চমন ফটক ৰে’লৱে এলেকাৰ সমীপত সংঘটিত এই বিস্ফোৰণত অতি কমেও ২৪ জন লোক নিহত হোৱাৰ বিপৰীতে ৫০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হয় ।

কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, সামৰিক বাহিনীৰ লোক আৰু তেওঁলোকৰ পৰিয়ালক কঢ়িয়াই নিয়া এখন ৰে’লক লক্ষ্য কৰি এই পৰিকল্পিত আক্ৰমণ চলোৱা হৈছিল ।

বিস্ফোৰক ভৰ্তি বাহনেৰে আক্ৰমণ, লাইনচ্যুত কেইবাটাও ডবা-

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, অহা ঈদৰ ছুটি কটাবলৈ সামৰিক কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে পেছাৱৰ অভিমুখী ‘জাফৰ এক্সপ্ৰেছ’ নামৰ ৰে’লখনেৰে যাত্ৰা কৰিছিল । পুৱা প্ৰায় ৮ বজাত ৰে’লখনে চমন ফটকৰ এটা চিগনেল পাৰ হৈ যোৱাৰ সময়তে এখন বিস্ফোৰক ভৰ্তি বাহনে ৰে’লখনৰ এটা ডবাত প্ৰচণ্ড জোৰে খুন্দা মাৰে ।

স্থানীয় সংবাদ মাধ্যম আৰু ‘ডন’ৰ প্ৰতিবেদন অনুসৰি, বিস্ফোৰণৰ প্ৰাবল্য ইমানেই ভয়াৱহ আছিল যে ৰে’লখনৰ ইঞ্জিনসহ তিনিটা ডবা লাইনচ্যুত হয় আৰু আন দুটা ডবা সম্পূৰ্ণৰূপে ওলটপালট হৈ পৰে ।

যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান-

ঘটনাৰ পিছতে কুৱেটাৰ সকলো চৰকাৰী চিকিৎসালয়ত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে আৰু বন্ধৰ দিনটোতো সকলো চিকিৎসক তথা চিকিৎসা কৰ্মীক জৰুৰীভাৱে কৰ্তব্যত যোগদান কৰিবলৈ মাতি পঠিওৱা হৈছে । বৰ্তমান ৫০ জনতকৈও অধিক লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে, যাৰ ভিতৰত কেইবাজনৰো অৱস্থা অতি সংকটজনক । ফলত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ।

আনহাতে, সাৱধানতা অৱলম্বন কৰি পেছাৱৰমুখী জাফৰ এক্সপ্ৰেছখনক কুৱেটা ৰে’ল ষ্টেচনতে ৰখাই দিয়া হয় । পাকিস্তান ৰে’লৱে বিভাগে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাস্থলীত উদ্ধাৰকাৰী ট্ৰাক আৰু সাহায্য ৰে’লৰ জৰিয়তে উদ্ধাৰ অভিযান পূৰ্ণগতিত চলাই থকা হৈছে । সমগ্ৰ চহৰখনতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে সকলো প্ৰাসংগিক প্ৰতিষ্ঠানক হাই এলাৰ্টত ৰখা হৈছে ।

লগতে পঢ়ক : হোৱাইট হাউচৰ সমীপত তীব্ৰ গুলীচালনা: বন্দুকধাৰীসহ দুজন আহত