NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ এতিয়া লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী গৰাকীক তীক্ষ্ণ সমালোচনা কৰে।
NEET (NEET-UG 2026)প্ৰশ্নকাকত ফাদিল আৰু চলি থকা CBI তদন্তৰ মাজতে এই সমগ্ৰ বিষয়টোৱে এতিয়া ডাঙৰ ৰাজনৈতিক অনুপাত ধাৰণ কৰিছে। লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে এই কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীক্ষ্ণ সমালোচনা কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ৰাহুল গান্ধীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি দেশৰ ২২ লাখ শিশুৰ ভৱিষ্যতৰ প্ৰতি এই প্ৰতাৰণা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰা প্ৰত্যক্ষ সঁহাৰি বিচৰিছে।
ৰাহুল গান্ধীয়ে ২০২৪ আৰু ২০২৬ চনৰ NEET কাগজ ফাদিলৰ মাজত থকা সাদৃশ্যক স্পষ্ট কৰি ব্যৱস্থাটোক তীব্ৰ সমালোচনা কৰিছে আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত #SackPradhan হেচটেগ নামেৰে এক অভিযান আৰম্ভ কৰিছে।
ৰাহুল গান্ধীয়ে নিজৰ পোষ্টোত লিখিছে-NEET 2024: প্ৰশ্নকাকত ফাদিল হৈছিল।পৰীক্ষা বাতিল হোৱা নাছিল। মন্ত্ৰীগৰাকীয়ে পদত্যাগ নকৰিলে। চিবিআইয়ে তদন্ত আৰম্ভ কৰিলে। গঠন হ’ল এখন কমিটী।
NEET 2026: কাগজখন ফাদিল। পৰীক্ষা বাতিল কৰা হ’ল। মন্ত্ৰীগৰাকীয়ে পুনৰ পদত্যাগ নকৰিলে।চিবিআইয়ে আকৌ এবাৰ তদন্ত কৰি আছে। আন এখন কমিটী গঠন কৰা হ’ব।মোদী-জী, দেশে আপোনাক কিছুমান প্ৰশ্ন সুধিছে—উত্তৰ দিয়ক!
ৰাহুল গান্ধীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত গভীৰ আৱেগিক সুৰত তেওঁ কয় যে সমগ্ৰ দেশৰ ২২ লাখ শিশুৱে দুবছৰ ধৰি দিনে-নিশাই, ৰাতিৰ পিছত ৰাতি উজাগৰ হৈ এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিলো।কিন্তু তেওঁলোকৰ কঠোৰ পৰিশ্ৰম ৰাতিটোৰ ভিতৰতে শেষ হৈ গ’ল।তেওঁ অভিযোগ কৰে যে পৰীক্ষাৰ মাত্ৰ দুদিন পূৰ্বে পৰীক্ষাৰ পেপাৰখন হোৱাটছএপত প্ৰচাৰ কৰা হৈছিল।
লগতে পঢ়ক: ‘আজিৰ ভাৰতে ডাঙৰ সপোন দেখিছে’; নেদাৰলেণ্ডত প্ৰৱাসী ভাৰতীয়ক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ









