নেপালৰ উচ্চতম ন্যায়ালয়ে ধাৰণ জনতাক সকাহ প্ৰদান কৰি এক ৰায়দান দিছে।
কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে নেপালী প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে ভাৰত-নেপাল সীমান্তৰ পৰা অনা দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্ত অনুসৰি ১০০ টকাৰো অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত শুল্ক বাধ্যতামূলক কৰা হৈছিল। কিন্তু তেওঁৰ সেই নিয়ম এতিয়া বাতিল কৰা হৈছে।
মন কৰিবলগীয়া যে সাধাৰণ জনতাক সকাহ প্ৰদান কৰি নেপালৰ উচ্চতম ন্যায়ালয়ে বলেন্দ্ৰ প্ৰশাসনৰ এই সিদ্ধান্তক স্থগিত ৰাখিছে।অৰ্থাৎ সীমান্ত পাৰ হৈ যোৱা লোকসকলে ১০০ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত শুল্ক আদায় দিব নালাগিব।আদালতে স্পষ্টভাৱে নিৰ্দেশ দিছে যে, আপাততঃ ভাৰতৰ পৰা নেপাললৈ অনা ১০০ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত কোনো কৰ আৰোপ কৰা নহ’ব।
এই ৰায় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন আদেশত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, বিত্ত মন্ত্ৰালয়, মন্ত্ৰী পৰিষদ, আৰু সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে যে পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে বিতৰ্কিত ব্যৱস্থাটো কোনো ধৰণে কাৰ্যকৰী কৰা নহ’ব।নেপালৰ উচ্চতম ন্যায়ালয়ে বিত্ত মন্ত্ৰালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই ৰিট আবেদনৰ প্ৰতি সঁহাৰি জনাই এই নিৰ্দেশ জাৰি কৰিছে।আবেদনকাৰীসকলে যুক্তি আগবঢ়ায় যে সীমান্তত নিৰ্দিষ্ট মূল্যতকৈ অধিক সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাটো শুল্ক আইন ২০২৪ৰ বিধান অনুসৰি নহয়।উচচতম ন্যায়ালয়ে অধিবক্তাসকলৰ যুক্তি শুনাই এই সিদ্ধান্তত স্থগিত ৰাখিছিল। আদালতে কয় যে এই আদেশ পৰৱৰ্তী আদেশ নোহোৱালৈকে বলবৎ থাকিব।
লগতে পঢ়ক: ‘মই দলটো পুনৰ থিয় কৰিম’; টিএমচিৰ নেতাসকলক আশ্বাস মমতা বেনাৰ্জীৰ









