বিপৰ্যয়ৰ সন্মুখীন নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহ; ভাৰতৰ সৈতে জড়িত গোচৰত আদালতৰ ৰায়দান

নেপালৰ উচ্চতম ন্যায়ালয়ে ধাৰণ জনতাক সকাহ প্ৰদান কৰি এক ৰায়দান দিছে।

কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে নেপালী প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে ভাৰত-নেপাল সীমান্তৰ পৰা অনা দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্ত অনুসৰি ১০০ টকাৰো অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত শুল্ক বাধ্যতামূলক কৰা হৈছিল। কিন্তু তেওঁৰ সেই নিয়ম এতিয়া বাতিল কৰা হৈছে।

মন কৰিবলগীয়া যে সাধাৰণ জনতাক সকাহ প্ৰদান কৰি নেপালৰ উচ্চতম ন্যায়ালয়ে বলেন্দ্ৰ প্ৰশাসনৰ এই সিদ্ধান্তক স্থগিত ৰাখিছে।অৰ্থাৎ সীমান্ত পাৰ হৈ যোৱা লোকসকলে ১০০ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত শুল্ক আদায় দিব নালাগিব।আদালতে স্পষ্টভাৱে নিৰ্দেশ দিছে যে, আপাততঃ ভাৰতৰ পৰা নেপাললৈ অনা ১০০ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত কোনো কৰ আৰোপ কৰা নহ’ব।

এই ৰায় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন আদেশত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, বিত্ত মন্ত্ৰালয়, মন্ত্ৰী পৰিষদ, আৰু সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে যে পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে বিতৰ্কিত ব্যৱস্থাটো কোনো ধৰণে কাৰ্যকৰী কৰা নহ’ব।নেপালৰ উচ্চতম ন্যায়ালয়ে বিত্ত মন্ত্ৰালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই ৰিট আবেদনৰ প্ৰতি সঁহাৰি জনাই এই নিৰ্দেশ জাৰি কৰিছে।আবেদনকাৰীসকলে যুক্তি আগবঢ়ায় যে সীমান্তত নিৰ্দিষ্ট মূল্যতকৈ অধিক সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাটো শুল্ক আইন ২০২৪ৰ বিধান অনুসৰি নহয়।উচচতম ন্যায়ালয়ে অধিবক্তাসকলৰ যুক্তি শুনাই এই সিদ্ধান্তত স্থগিত ৰাখিছিল। আদালতে কয় যে এই আদেশ পৰৱৰ্তী আদেশ নোহোৱালৈকে বলবৎ থাকিব।

লগতে পঢ়ক: ‘মই দলটো পুনৰ থিয় কৰিম’; টিএমচিৰ নেতাসকলক আশ্বাস মমতা বেনাৰ্জীৰ

কৈলাশ মানসৰোৱৰ যাত্ৰাক লৈ নেপালৰ বাধা! ভাৰতলৈ বলেন্দ্ৰ শ্বাহ চৰকাৰৰ প্ৰতিবাদী টোকা

নেপাল চৰকাৰে ভাৰত আৰু চীনলৈ লিপুলেখ পাছেৰে কৈলাশ মানসৰোৱৰ যাত্ৰা সন্দৰ্ভত আপত্তি উত্থাপন কৰি কূটনৈতিক প্ৰতিবাদৰ নোট প্ৰেৰণ কৰিছে।

নেপালৰ বলেন্দ্ৰ শ্বাহ চৰকাৰে ভাৰত আৰু চীনলৈ এখন কূটনৈতিক পত্ৰ অৰ্থাৎ কূটনৈতিক প্ৰতিবাদৰ নোট প্ৰেৰণ কৰা হৈছে।এই বিষয়টো লিপুলেখ পাছৰ মাজেৰে কৈলাশ মানসৰোৱৰ যাত্ৰা চলোৱাৰ সৈতে জড়িত,যাৰ প্ৰতি নেপালে আপত্তি উত্থাপন কৰিছে। নেপাল চৰকাৰে কয় যে, এই অঞ্চলটো তেওঁলোকৰ ভূখণ্ডৰ অংশ আৰু ইয়াৰ ওপৰত কোনো ধৰণৰ কাম-কাজ অনুমোদিত নহয়।

নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ লোক বাহাদুৰ পৌডেল ছেত্ৰীয়ে স্পষ্ট কৰি দিছে যে লিপুলেখ পথেৰে কৈলাশ মানসৰোৱৰ যাত্ৰা অনুষ্ঠিত কৰাৰ পৰিকল্পনাক লৈ তেওঁলোকৰ তীব্ৰ আপত্তি আছে। নেপালে কৈছে যে, সেইয়া তেওঁলোকৰ মাটি, আৰু তেওঁলোকৰ সন্মতি অবিহনে তাত কোনো কাম-কাজ হ’ব নালাগে।এই বিষয়ত নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালে উল্লেখ কৰে যে এই সিদ্ধান্ত এজন নেতাৰ নহয়, বৰঞ্চ নেপালৰ সকলো ৰাজনৈতিক দলৰ লগত আলোচনা কৰিহে এই ‘প্ৰতিবাদ নোট’ প্ৰেৰণ কৰিছে।

নেপালে যি প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে,তাত স্পষ্টকৈ কোৱা হৈছে যে তেওঁলোকে কূটনৈতিক মাধ্যমেৰে ভাৰত আৰু চীন উভয়কে নিজৰ স্থিতি প্ৰকাশ কৰিছে।নেপালৰ বলেন্দ্ৰ শ্বাহ চৰকাৰে উল্লেখ কৰিছে যে তেওঁলোকে পূৰ্বৰ কেইবাবাৰো ভাৰত চৰকাৰক জনাইছে যে এই অঞ্চলত কোনো কাম-কাজ—যেনে পথ নিৰ্মাণ, বাণিজ্য বা তীৰ্থযাত্ৰা—গ্ৰহণ কৰিব নালাগে।কিন্তু বিষয়টো তীব্ৰতৰ হোৱাৰ লগে লগে এতিয়া নেপালে আনুষ্ঠানিক প্ৰতিবাদ দাখিল কৰিছে।

লগতে পঢ়ক: বিশ্বৰ শক্তিশালী পাছপৰ্ট : ১৯২ খন দেশত ছিংগাপুৰৰ আধিপত্য, ক’ত আছে ভাৰত ?

মাত্ৰ তিনি সপ্তাহৰ ভিতৰত দুৰ্নীতিৰ অভিযোগ; নেপালৰ গৃহমন্ত্ৰী চুডান গুৰুঙৰ পদত্যাগ

“মোৰ বাবে পদতকৈ নৈতিকতা অধিক গুৰুত্বপূৰ্ণ বিষয়”, নেপালৰ গৃহমন্ত্ৰী চুডান গুৰুঙে পদত্যাগ কৰিছে।

নেপালত প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ চৰকাৰক লৈ জনসাধাৰণৰ অসন্তুষ্টি ক্ৰমাৎ বৃদ্ধি পোৱাৰ মাজতে এক ডাঙৰ খবৰ আহিছে। নেপালৰ গৃহমন্ত্ৰী চুডান গুৰুঙে পদত্যাগ কৰিছে।

গুৰুঙে আয়ত কৈ বেছি সম্পত্তি ৰখাৰ পৰা আৰম্ভ কৰি ধন সৰবৰাহৰ অভিযোগৰ সন্মুখীন হৈছে।তেওঁৰ বিৰুদ্ধে বিতৰ্কিত ব্যৱসায়ীৰ সৈতে জড়িত কোম্পানীৰ শ্বেয়াৰ ক্ৰয় কৰাৰ অভিযোগো উত্থাপন হৈছে। গুৰুঙে প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহক পদত্যাগ পত্ৰ দাখিল কৰিছে। ছচিয়েল মিডিয়াৰ জৰিয়তে তেওঁ পদত্যাগৰ কথা ঘোষণা কৰিছে।

সামাজিক মাধ্যমত তেওঁ লিখিছে যে, যোৱা কিছুদিন ধৰি নাগৰিক সকলে মোৰ শ্বেয়াৰকে ধৰি বিভিন্ন বিষয়ৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন, মন্তব্য আৰু অনুসন্ধানবোৰক মই গুৰুত্বসহকাৰে লৈছো। মোৰ সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত নিৰপেক্ষ তদন্ত হ’ব লাগে আৰু মই কাৰ্যভাৰ গ্ৰহণ কৰি থকাৰ সময়ত কোনো ধৰণৰ স্বাৰ্থৰ সংঘাত স্পষ্ট হ’ব নালাগে আৰু সেয়ে মই গৃহমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছো।”

নেপালৰ গৃহমন্ত্ৰী গৰাকীয়ে আৰু লিখিছে যে, মোৰ বাবে পদতকৈ নৈতিকতা অধিক গুৰুত্বপূৰ্ণ বিষয়।আৰু জনসাধাৰণৰ আস্থাতকৈ ডাঙৰ কোনো শক্তি নাই।

উল্লেখ্য যে, নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে শপত গ্ৰহণ কৰাৰ দিনাই মন্ত্ৰী পৰিষদ গঠন কৰিছিল আৰু গুৰুঙক গৃহমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। কেইবাজনো উচ্চপদস্থ বিষয়াক গ্ৰেপ্তাৰ কৰি কাৰ্যভাৰ গ্ৰহণ কৰাৰ কিছু সময়ৰ পিছতে প্ৰথমবাৰৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰা গুৰুঙে যোৱা কিছুদিন ধৰি ধাৰাবাহিকভাৱে সমালোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

লগতে পঢ়ক: বলেন্দ্ৰ শ্বাহ চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণৰ ক্ষোভ; গৃহমন্ত্ৰীৰ ‘অবৈধ লেনদেন’ক লৈ প্ৰতিবাদ

বলেন্দ্ৰ শ্বাহ চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণৰ ক্ষোভ; গৃহমন্ত্ৰীৰ ‘অবৈধ লেনদেন’ক লৈপ্ৰতিবাদ

নেপালত বলেন্দ্ৰ শ্বাহৰ নেতৃত্বত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ চৰকাৰ গঠন হোৱা একমাহ নহৌওতেই সমগ্ৰ দেশতে প্ৰতিবাদৰ সূত্ৰপাত হৈছে।

বলেন্দ্ৰ শ্বাহ চৰকাৰৰ নীতিগত সিদ্ধান্তৰ বিৰুদ্ধে নেপালত জনসাধাৰণৰ ক্ষোভৰ ব্যাপক জোৱাৰ উঠিছে।কাঠমাণ্ডুৰ ৰাজপথৰ পৰা ক্ষমতাৰ কেন্দ্ৰ সিংদুৰবৰলৈ প্ৰতিবাদৰ শ্লোগান শুনা গৈছে। হাজাৰ হাজাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ইউনিফৰ্ম পিন্ধি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। ছাত্ৰ সংগঠনসমূহে চৰকাৰৰ ওপৰত আলোচনাত লিপ্ত হোৱাৰ পৰিৱৰ্তে দমনমূলক স্থিতি গ্ৰহণ কৰা আৰু ছাত্ৰ সন্থাক বৰ্খাস্ত কৰাৰ সন্দৰ্ভত অভিযোগ উত্থাপন হৈছে।

ইয়াৰ ওপৰি ভাৰতৰ পৰা অনা ১০০ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত বাধ্যতামূলক শুল্ক শুল্ক আৰোপ কৰাৰ সিদ্ধান্তই সীমান্ত অঞ্চলৰ ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে।প্ৰতিবাদকাৰীসকলে কয় যে এই নীতি সাধাৰণ জনতাৰ ওপৰত অপ্ৰয়োজনীয় আৰ্থিক বোজা।

গৃহমন্ত্ৰী চুডান গুৰুংও এই প্ৰতিবাদৰ এক প্ৰধান কেন্দ্ৰবিন্দু।তেওঁৰ অবৈধ সম্পত্তি আৰু সন্দেহজনক ব্যৱসায়িক লেনদেনক লৈও পদত্যাগৰ দাবী তীব্ৰতৰ হৈ পৰিছে।ৰাজনৈতিক দল আৰু অসামৰিক গোটসমূহে দাবী কৰে যে চৰকাৰে জনবিৰোধী নীতি জাপি দিছে। অব্যাহত থকা প্ৰতিবাদৰ মাজতে গৃহমন্ত্ৰী চুডান গুৰুঙৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।গৃহমন্ত্ৰী গৰাকীৰ ওপৰত আয়তকৈ বেছি সম্পত্তি আৰু শ্বেয়াৰ বজাৰত মধ্যস্থতাকাৰীৰ সৈতে মিলি সন্দেহজনক ব্যৱসায় কৰাৰো অভিযোগ উত্থাপন কৰা হৈছে।

লগতে পঢ়ক: “পহলগামত প্ৰাণ হেৰুওৱা সকলক পাহৰি যাব নোৱাৰি”; সন্ত্ৰাসবাদী আক্ৰমণৰ নিহতলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি  

শপত গ্ৰহণৰ পিছতে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনালে নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে

বলেন্দ্ৰ শ্বাহে শনিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন বাৰ্তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে

নেপালৰ নতুন প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে শনিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন বাৰ্তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে দুয়োখন দেশৰ সম্পৰ্কৰ অধিক উন্নতিৰ আশা প্ৰকাশ কৰে । শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে বলেন্দ্ৰ শ্বাহক অভিনন্দন জনোৱাৰ লগতে দুয়োখন দেশৰ নাগৰিকৰ সুবিধাৰ্থে দুয়োখন দেশৰ বন্ধুত্বক অধিক উচ্চতালৈ লৈ যোৱাৰ বাবে তেওঁৰ সৈতে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাই নেপালৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আপোনাৰ সৌজন্যতাসূচক বাক্য আৰু শুভেচ্ছাৰ বাবে ধন্যবাদ । আমাৰ জনসাধাৰণৰ মংগলৰ বাবে আমাৰ সম্পৰ্কৰ বহু দিশ আগুৱাই নিয়াৰ বাবে আপোনাৰ সৈতে কাম কৰিবলৈ আগ্ৰহী ।”

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত বলেন্দ্ৰ শ্বাহক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে বলেন্দ্ৰ শ্বাহক বহুত অভিনন্দন । আপোনাৰ এই নিযুক্তিয়ে নেপালৰ জনসাধাৰণে আপোনাৰ নেতৃত্বৰ ওপৰত যি আস্থা ৰাখিছে, সেই আস্থাক প্ৰতিফলিত কৰিছে । আমাৰ দুয়োখন দেশৰ জনসাধাৰণৰ পাৰস্পৰিক লাভৰ বাবে ভাৰত-নেপালৰ বন্ধুত্ব আৰু সহযোগিতাক আৰু অধিক উচ্চতালৈ লৈ যোৱাৰ বাবে আপোনালোকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী ।”

লগতে পঢ়ক : আমেৰিকা-ইৰাণ-ইজৰাইল সংঘাতত জপিয়াই পৰিল হৌথী, হৰমুজৰ পাছত বন্ধ হ’ব নেকি আন এক জলপথ ?

শপত গ্ৰহণৰ পিছতেই এক্সন মুডত বলেন্দ্ৰ শ্বাহ; নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অলীক গ্ৰেপ্তাৰ

নেপালত Gen-Z প্ৰতিবাদৰ সন্দৰ্ভত প্ৰাক্তন প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অলী আৰু প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ লেখকক অপৰাধমূলক গাফিলতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।নেপালত নতুন চৰকাৰ গঠনৰ ২৪ ঘণ্টাৰ ভিতৰতেই বলেন্দ্ৰ শ্বাহৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ।

নতুন চৰকাৰ গঠনৰ লগে লগে নেপালত ৰাজনৈতিক অস্থিৰতা তীব্ৰতৰ হৈ পৰিছে। প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ নেতৃত্বত গঠিত চৰকাৰখনে শপত গ্ৰহণৰ ২৪ ঘণ্টাৰ ভিতৰতেই এক বৃহৎ আৰু এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নেপালৰ Gen-Z ৰ প্ৰতিবাদৰ দমনৰ সন্দৰ্ভত প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলী আৰু প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ লেখকক গ্ৰেপ্তাৰ কৰিছে।

Gen-Z প্ৰতিবাদৰ সময়ত ছাত্ৰৰ মৃত্যুৰ সন্দৰ্ভত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে, য’ত এই দুজন নেতাক জগৰীয়া কৰা হৈছিল। জানিব পৰা মতে,বলেন্দ্ৰ শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা প্ৰথমখন কেবিনেট বৈঠকত তদন্ত আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ভিত্তিতেই এই গ্ৰেপ্তাৰ কৰা হৈছে।

প্ৰতিবেদনটোত কোৱা হৈছিল যে, প্ৰতিবাদৰ সময়ত নিৰপৰাধী ছাত্ৰ-ছাত্ৰীৰ ওপৰত গুলীচালনা কৰা হৈছিল, যাৰ ফলত কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। এই বিষয়ত জবাবদিহিতা নিশ্চিত কৰিবলৈ চৰকাৰে প্ৰত্যক্ষ ব্যৱস্থা গ্ৰহণৰ পথ বাছি লৈছিল।

জানিব পৰা মতে, পুৱাৰ ভাগত প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ লেখকক প্ৰথমে জিম্মাত লোৱা হয় আৰু তাৰ কিছু সময়ৰ পিছত  প্ৰাক্তন প্ৰধানমন্ত্ৰী অলিকো গ্ৰেপ্তাৰ কৰা হয়। এই পদক্ষেপক নেপালী ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তনৰ চিন হিচাপে চোৱা হৈছে।

লগতে পঢ়ক: শংখ ধ্বনিৰ মাজেৰে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ বলেন্দ্ৰ শ্বাহৰ; প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

শংখ ধ্বনিৰ মাজেৰে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ বলেন্দ্ৰ শ্বাহৰ; প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

শুকুৰবাৰে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বলেন্দ্ৰ শ্বাহে। তেওঁ অভিলেখ সংখ্যক ভোটত কে পি শৰ্মা আলীক পৰাস্ত কৰে। বলেন্দ্ৰ শ্বাহৰ এই বিজয়ক নেপালী ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন হিচাপে গণ্য কৰা হৈছে।

নেপালত যোৱা বছৰত GEN-Z এ ক্ষমতা পৰিবৰ্তনৰ যি প্ৰতিশ্ৰুতি লৈছিল,সেয়া আজি সম্পূৰ্ণ হ’ল।শুকুৰবাৰে নেপালৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন ঘটিলে।শুকুৰবাৰে দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ দলৰ নেতা বলেন্দ্ৰ শ্বাহে। তেওঁ নেপালৰ ৪৭ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে।

ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে সংবিধানৰ ৭৬(১) অনুচ্ছেদৰ অধীনত বলেন্দ্ৰ শ্বাহক নিযুক্তি দিয়ে। শুকুৰবাৰে ৰাম নৱমী উপলক্ষে কাঠমাণ্ডুত অনুষ্ঠিত এক ভৱ্য অনুষ্ঠানত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বলেন্দ্ৰ শ্বাহে।কাঠমাণ্ডুত অৱস্থিত ৰাষ্ট্ৰপতি ভৱন ‘শীতল নিৱাছ’ত স্থানীয় সময় অনুসৰি ১২:৩৪ বজাত তেওঁ শপত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে,এই শপত গ্ৰহণ অনুষ্ঠানটো হিন্দু ৰীতি-নীতি অনুসৰি অনুষ্ঠিত হৈছিল, য’ত ৭ গৰাকীকৈ শংখবাদকে শংখ বজাই কাৰ্যসূচীৰ আৰম্ভণি কৰে। শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীক বলেন্দ্ৰ শ্বাহে আকোৱালি ধৰে। যোৱা বছৰ Gen-Zৰ প্ৰতিবাদৰ পিছত নেপালী উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কিক অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল।

শপত গ্ৰহণৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বলেন্দ্ৰ শ্বাহক শুভেচ্ছা দি সামাজিক মাধ্যমত লিখিছে যে, ‘নেপালৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে বলেন্দ্ৰ শ্বাহলৈ আন্তৰিক অভিনন্দন।আপোনাৰ নিযুক্তিয়ে নেপালৰ জনসাধাৰণে আপোনাৰ নেতৃত্বৰ ওপৰত দেখুওৱা আস্থাক প্ৰতিফলিত কৰে।আপোনালোকৰ সৈতে লগ হৈ কাম কৰিবলৈ মই আগ্ৰহী হৈ আছো যাতে ভাৰত আৰু নেপালৰ মাজৰ বন্ধুত্ব আৰু সহযোগিতাই আমাৰ দুয়োখন দেশৰ জনসাধাৰণৰ লাভৰ বাবে ইয়াক আৰু অধিক উচ্চতালৈ লৈ যাব পাৰে।

লগতে পঢ়ক: আজি প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব ল’ব বলেন্দ্ৰ শ্বাহে; নেপালে লাভ কৰিব আটাইতকৈ যুৱ প্ৰধানমন্ত্ৰী

আজি প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব ল’ব বলেন্দ্ৰ শ্বাহে; নেপালে লাভ কৰিব আটাইতকৈ যুৱ প্ৰধানমন্ত্ৰী

শুকুৰবাৰে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ নেতা বলেন্দ্ৰ শ্বাহে

শুকুৰবাৰে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ নেতা বলেন্দ্ৰ শ্বাহে । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে অস্থায়ী সংসদ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত নেপালৰ প্ৰতিনিধি সদনৰ নতুন সদস্যই শপত গ্ৰহণ কৰে ।

প্ৰতিনিধি সদনৰ জ্যেষ্ঠ সদস্য অৰ্জুন নৰসিং কেচিয়ে সাংসদসকলক শপত গ্ৰহণ কৰে । ৬৩জন সাংসদে নেপালী ভাষাৰ বাহিৰেও নিজৰ মাতৃভাষাত শপত গ্ৰহণ কৰে । ইফালে ফেডাৰেল পাৰ্লিয়ামেণ্টৰ সচিবালয়ে দলসমূহৰ আসনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি আসনৰ ব্যৱস্থা কৰে । এই ব্যৱস্থাৰ অধীনত নেপালী কংগ্ৰেছ, নেপাল কমিউনিষ্ট পাৰ্টি (ইউএমএল) আৰু নেপাল কমিউনিষ্ট পাৰ্টি (এনচিপি)ৰ সাংসদসকলক একে শাৰীত বহিবলৈ দিয়া হৈছিল, য’ত তেওঁলোকে শপত গ্ৰহণ কৰিছিল । শপত ল’বলৈ বিভিন্ন পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি সিংহ দৰবাৰত উপস্থিত হয় সাংসদসকল ।

ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ কেন্দ্ৰীয় সমিতিয়ে সৰ্বসন্মতিক্ৰমে সংসদীয় দল গঠনৰ প্ৰস্তাৱ গৃহীত কৰিছে । দলৰ মুখপাত্ৰ তথা সাংসদ মনীষ ঝাই জনোৱা মতে চলি থকা কেন্দ্ৰীয় সমিতিৰ বৈঠকতো বলেন্দ্ৰ শ্বাহক সংসদীয় দলৰ নেতা হিচাপে নিৰ্বাচিত কৰাৰ প্ৰস্তাৱ গৃহীত কৰা হৈছে ।

লগতে পঢ়ক : পশ্চিম এছিয়া সংকটঃ আজি মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী

বলেন্দ্ৰ শ্বাহৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ, নিৰ্বাচনী সফলতাৰ বাবে জনালে শুভেচ্ছা

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে দুয়োখন দেশৰ জনসাধাৰণৰ সমৃদ্ধি, প্ৰগতি আৰু কল্যাণৰ বাবে নেপালৰ সৈতে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ মাৰ্চত নেপালত অনুষ্ঠিত ৰাষ্ট্ৰীয় নিৰ্বাচনত বিজয়ী ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ শীৰ্ষ নেতাসকলৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি নিৰ্বাচনী সফলতাৰ বাবে অভিনন্দন জনায় । তেওঁ আৰ এছ পিৰ সভাপতি ৰবি লামিচানে আৰু দলৰ জ্যেষ্ঠ নেতা বলেন্দ্ৰ শ্বাহৰ সৈতে বাৰ্তালাপ কৰি নিৰ্বাচনী সফলতা আৰু ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ বিজয়ৰ বাবে অভিনন্দন জনায় । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োজন নেতালৈ নেপালত গঠন হ’বলগীয়া নতুন চৰকাৰৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে দুয়োখন দেশৰ জনসাধাৰণৰ সমৃদ্ধি, প্ৰগতি আৰু কল্যাণৰ বাবে নেপালৰ সৈতে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । প্ৰধানমন্ত্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে ভাৰত আৰু নেপালৰ নতুন চৰকাৰৰ মাজত সহযোগিতা আৰু ভাগ-বতৰা কৰা প্ৰচেষ্টাৰ জৰিয়তে অনাগত বছৰবোৰত দুয়োখন দেশৰ মাজৰ সম্পৰ্কই নতুন উচ্চতাত উপনীত হ’ব । তেওঁ কয় যে দুয়োখন চুবুৰীয়া দেশৰ মাজত শক্তিশালী অংশীদাৰিত্ব আঞ্চলিক উন্নয়ন আৰু স্থিতিশীলতাৰ বাবেও অতি গুৰুত্বপূৰ্ণ ।

উল্লেখ্য যে, নেপালৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন হৈছে । ৫ মাৰ্চত অনুষ্ঠিত ৰাষ্ট্ৰীয় নিৰ্বাচনত যুৱ নেতা বলেন্দ্ৰ শ্বাহে নিজৰ দুৰ্গত প্ৰবীণ ৰাজনীতিবিদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীক পৰাস্ত কৰি এক বৃহৎ অঘটন ঘটাই । পেছাত এজন অভিযন্তা বলেন্দ্ৰ শ্বাহে প্ৰথমে কাঠমাণ্ডুৰ মেয়ৰ হিচাপে বিশিষ্টতা লাভ কৰিছিল আৰু এতিয়া চাৰি বছৰৰ পাছত নেপালৰ কনিষ্ঠতম প্ৰধানমন্ত্ৰী হৈ ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে । ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে তেওঁ আছিল এজন ৰেপাৰ (গায়ক) ।

লগতে পঢ়ক : আবুধাবিৰ সৰ্ববৃহৎ হিন্দু মন্দিৰত হাই এলাৰ্ট, যুদ্ধৰ মাজতে বন্ধ BAPS মন্দিৰ