কৈলাশ মানসৰোৱৰ যাত্ৰাক লৈ নেপালৰ বাধা! ভাৰতলৈ বলেন্দ্ৰ শ্বাহ চৰকাৰৰ প্ৰতিবাদী টোকা

কৈলাশ মানসৰোৱৰ যাত্ৰাক লৈ নেপালৰ বাধা! ভাৰতলৈ বলেন্দ্ৰ শ্বাহ চৰকাৰৰ প্ৰতিবাদী টোকা

নেপাল চৰকাৰে ভাৰত আৰু চীনলৈ লিপুলেখ পাছেৰে কৈলাশ মানসৰোৱৰ যাত্ৰা সন্দৰ্ভত আপত্তি উত্থাপন কৰি কূটনৈতিক প্ৰতিবাদৰ নোট প্ৰেৰণ কৰিছে। নেপালৰ বলেন্দ্ৰ শ্বাহ চৰকাৰে ভাৰত আৰু চীনলৈ এখন কূটনৈতিক পত্ৰ অৰ্থাৎ কূটনৈতিক প্ৰতিবাদৰ নোট প্ৰেৰণ কৰা হৈছে।এই বিষয়টো লিপুলেখ পাছৰ মাজেৰে কৈলাশ মানসৰোৱৰ যাত্ৰা চলোৱাৰ সৈতে

নেপাল চৰকাৰে ভাৰত আৰু চীনলৈ লিপুলেখ পাছেৰে কৈলাশ মানসৰোৱৰ যাত্ৰা সন্দৰ্ভত আপত্তি উত্থাপন কৰি কূটনৈতিক প্ৰতিবাদৰ নোট প্ৰেৰণ কৰিছে।

নেপালৰ বলেন্দ্ৰ শ্বাহ চৰকাৰে ভাৰত আৰু চীনলৈ এখন কূটনৈতিক পত্ৰ অৰ্থাৎ কূটনৈতিক প্ৰতিবাদৰ নোট প্ৰেৰণ কৰা হৈছে।এই বিষয়টো লিপুলেখ পাছৰ মাজেৰে কৈলাশ মানসৰোৱৰ যাত্ৰা চলোৱাৰ সৈতে জড়িত,যাৰ প্ৰতি নেপালে আপত্তি উত্থাপন কৰিছে। নেপাল চৰকাৰে কয় যে, এই অঞ্চলটো তেওঁলোকৰ ভূখণ্ডৰ অংশ আৰু ইয়াৰ ওপৰত কোনো ধৰণৰ কাম-কাজ অনুমোদিত নহয়।

নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ লোক বাহাদুৰ পৌডেল ছেত্ৰীয়ে স্পষ্ট কৰি দিছে যে লিপুলেখ পথেৰে কৈলাশ মানসৰোৱৰ যাত্ৰা অনুষ্ঠিত কৰাৰ পৰিকল্পনাক লৈ তেওঁলোকৰ তীব্ৰ আপত্তি আছে। নেপালে কৈছে যে, সেইয়া তেওঁলোকৰ মাটি, আৰু তেওঁলোকৰ সন্মতি অবিহনে তাত কোনো কাম-কাজ হ’ব নালাগে।এই বিষয়ত নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালে উল্লেখ কৰে যে এই সিদ্ধান্ত এজন নেতাৰ নহয়, বৰঞ্চ নেপালৰ সকলো ৰাজনৈতিক দলৰ লগত আলোচনা কৰিহে এই ‘প্ৰতিবাদ নোট’ প্ৰেৰণ কৰিছে।

নেপালে যি প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে,তাত স্পষ্টকৈ কোৱা হৈছে যে তেওঁলোকে কূটনৈতিক মাধ্যমেৰে ভাৰত আৰু চীন উভয়কে নিজৰ স্থিতি প্ৰকাশ কৰিছে।নেপালৰ বলেন্দ্ৰ শ্বাহ চৰকাৰে উল্লেখ কৰিছে যে তেওঁলোকে পূৰ্বৰ কেইবাবাৰো ভাৰত চৰকাৰক জনাইছে যে এই অঞ্চলত কোনো কাম-কাজ—যেনে পথ নিৰ্মাণ, বাণিজ্য বা তীৰ্থযাত্ৰা—গ্ৰহণ কৰিব নালাগে।কিন্তু বিষয়টো তীব্ৰতৰ হোৱাৰ লগে লগে এতিয়া নেপালে আনুষ্ঠানিক প্ৰতিবাদ দাখিল কৰিছে।

লগতে পঢ়ক: বিশ্বৰ শক্তিশালী পাছপৰ্ট : ১৯২ খন দেশত ছিংগাপুৰৰ আধিপত্য, ক’ত আছে ভাৰত ?