সপ্তাহৰ দুটা দিন 'ৱৰ্ক ফ্ৰম হোম' ,মন্ত্ৰীসকলেও ব্যৱহাৰ কৰিব লাগিব মেট্ৰ’; দিল্লী মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

সপ্তাহৰ দুটা দিন  ‘ৱৰ্ক ফ্ৰম হোম’ ,মন্ত্ৰীসকলেও ব্যৱহাৰ কৰিব লাগিব মেট্ৰ’; দিল্লী মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

দিল্লীত আৰম্ভ হ’ল ‘মোৰ ভাৰত, মোৰ অৱদান’ অভিযান। যাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আবেদনৰ পিছতে দিল্লী চৰকাৰে সপ্তাহত দুদিনৰ বাবে ‘ৱৰ্ক ফ্ৰম হোম’ৰ ব্যৱস্থাৰ ঘোষণা কৰিছে।দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ পৰিস্থিতিৰ প্ৰতি

দিল্লীত আৰম্ভ হ’ল ‘মোৰ ভাৰত, মোৰ অৱদান’ অভিযান। যাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আবেদনৰ পিছতে দিল্লী চৰকাৰে সপ্তাহত দুদিনৰ বাবে ‘ৱৰ্ক ফ্ৰম হোম’ৰ ব্যৱস্থাৰ ঘোষণা কৰিছে।দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ পৰিস্থিতিৰ প্ৰতি সম্পূৰ্ণ সচেতনতাৰে এই আহ্বান জনাইছে।এনে পৰিপ্ৰেক্ষিতত দিল্লীত ‘মেৰা ভাৰত, মেৰা যোগদান’ (মোৰ ভাৰত, মোৰ অৱদান) অভিযান আৰম্ভ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে পেট্ৰ’ল আৰু ডিজেল সম্পৰ্কীয় প্ৰস্তুতি দুটা স্তৰত কৰা হৈছে। চৰকাৰী খণ্ডত প্ৰতি সপ্তাহত দুদিনকৈ ‘ৱৰ্ক ফ্ৰম হোম’ থাকিব।ইফালে ব্যক্তিগত খণ্ডৰ বাবেও শীঘ্ৰেই নিৰ্দেশনা জাৰি কৰা হ’ব।  তেওঁ স্পষ্ট কৰি দিয়ে যে এই সিদ্ধান্তসমূহ অহা ১৫ মে’ (শুকুৰবাৰ)ৰ পৰা কাৰ্যকৰী হ’ব আৰু আগন্তুক ৯০ দিনলৈকে এই অভিযান অব্যাহত থাকিব।

দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰী বাহনৰ সংখ্যা হ্ৰাস কৰা বুলি উল্লেখ কৰে।ইয়াৰ পূৰ্বে বিষয়াসকলে প্ৰতিমাহে ২০০ লিটাৰ পেট্ৰ’ল লাভ কৰিছিল। এই ভাট্টাত ২০ শতাংশ হ্ৰাস কাৰ্যকৰী কৰা হৈছে।তেওঁ লগতে কয় যে প্ৰতিটো সোমবাৰক ‘মেট্ৰ’ সোমবাৰ’ হিচাপে পালন কৰা হ’ব।এই দিনটোত মন্ত্ৰী আৰু সকলো বিষয়াই মেট্ৰ’ৰেই যাত্ৰা কৰিব লাগিব।মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই বিশ্ববিদ্যালয় সমূহক অনলাইনযোগে নন-প্ৰেক্টিকেল ক্লাছ অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ হৈছে-

পঞ্চাশ শতাংশ বৈঠক অনলাইনযোগে অনুষ্ঠিত হ’ব।

বিদেশ ভ্ৰমণ পৰিহাৰ কৰিব লাগে।

আগন্তুক এবছৰৰ বাবে কোনো মন্ত্ৰী বা দিল্লী চৰকাৰৰ বিষয়াই কোনো ধৰণৰ বিদেশ ভ্ৰমণৰ বাতিল কৰিব লাগিব।

অহা তিনিমাহলৈ বৃহৎ ৰাজহুৱা অনুষ্ঠানৰ আয়োজন কৰা নহ’ব।

দিল্লীৰ বাবে বিশেষ ভ্ৰমণ পৰিকল্পনা প্ৰস্তুত কৰা হ’ব।

‘মেড ইন ইণ্ডিয়া’ৰ প্ৰচাৰৰ বাবে সকলো শ্বপিং মলত নিৰ্দিষ্ট ‘মেড ইন ইণ্ডিয়া’ কৰ্ণাৰ স্থাপন কৰা হ’ব।

দিল্লী চৰকাৰে ভাৰতত নিৰ্মিত সামগ্ৰীক অগ্ৰাধিকাৰ দিব।

সকলো চৰকাৰী কাৰ্যালয়তে ২৪–২৬ ডিগ্ৰী চেলছিয়াছ উষ্ণতাত এয়াৰ কণ্ডিচনাৰ চলাব লাগিব।

বিদ্যুতৰ অপচয় ৰোধ কৰিবলৈ মাষ্টাৰ চুইচ স্থাপন কৰা হ’ব।

লগতে পঢ়ক: অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: ১৫-২০ বছৰ পুৰণি পেট্ৰ’ল আৰু ডিজেল চালিত বাহনৰ চলাচলত নিষেধাজ্ঞা