পশ্চিম এছিয়াৰ সংকটক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী; দেশবাসীক পুনৰ "ভকেল ফৰ লোকেল" হোৱাৰ আহ্বান

পশ্চিম এছিয়াৰ সংকটক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী; দেশবাসীক পুনৰ “ভকেল ফৰ লোকেল” হোৱাৰ আহ্বান

সমগ্ৰ বিশ্বই ধাৰাবাহিকভাৱে পাৰ কৰি অহা অস্থিৰ পৰিস্থিতিক লৈ সোমবাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত কেইবছৰমানৰ পৰা সমগ্ৰ বিশ্বই ধাৰাবাহিকভাৱে পাৰ কৰি অহা অস্থিৰ পৰিস্থিতিক লৈ সোমবাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । বিশেষকৈ পশ্চিম এছিয়াৰ বৰ্তমানৰ সংঘাতক এই দশকৰ

সমগ্ৰ বিশ্বই ধাৰাবাহিকভাৱে পাৰ কৰি অহা অস্থিৰ পৰিস্থিতিক লৈ সোমবাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

বিগত কেইবছৰমানৰ পৰা সমগ্ৰ বিশ্বই ধাৰাবাহিকভাৱে পাৰ কৰি অহা অস্থিৰ পৰিস্থিতিক লৈ সোমবাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । বিশেষকৈ পশ্চিম এছিয়াৰ বৰ্তমানৰ সংঘাতক এই দশকৰ অন্যতম ডাঙৰ সংকট হিচাপে অভিহিত কৰি মোদীয়ে দেশবাসীক পুনৰবাৰ “ভকেল ফৰ লোকেল” মন্ত্ৰ অনুসৰণ কৰিবলৈ আৰু আমদানিকৃত সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনায় ।

বিশ্বজোৰা সংকট আৰু ভাৰতৰ ওপৰত প্ৰভাৱ-

গুজৰাটত অনুষ্ঠিত এক কাৰ্যসূচীত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰথমে ক’ভিড মহামাৰী, তাৰ পিছত বিশ্ব অৰ্থনৈতিক প্ৰত্যাহ্বান আৰু এতিয়া পশ্চিম এছিয়াৰ সংঘাত—এই সকলোবোৰে সমগ্ৰ বিশ্বৰ যোগান শৃংখলা গুৰুতৰভাৱে ব্যাহত কৰিছে । তেওঁ কয় :

“যদি ক’ভিড মহামাৰী এই শতিকাৰ আটাইতকৈ ডাঙৰ সংকট আছিল, তেন্তে পশ্চিম এছিয়াৰ যুদ্ধই সৃষ্টি কৰা পৰিস্থিতি এই দশকৰ অন্যতম ডাঙৰ সংকট ।”

প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে এই সংঘাতৰ ফলত বিশ্বজুৰি ইন্ধন আৰু অন্যান্য আমদানিকৃত সামগ্ৰীৰ মূল্য আকাশলংঘী হৈছে । ভাৰতেও বিদেশৰ পৰা সামগ্ৰী আমদানি কৰিবলৈ লাখ লাখ কোটি টকাৰ বৈদেশিক মুদ্ৰা খৰচ কৰিব লগা হৈছে । এনে পৰিপ্ৰেক্ষিতত দেশৰ সম্পদৰ ওপৰত বোজা হ্ৰাস কৰিবলৈ নাগৰিকসকলক অপ্ৰয়োজনীয় বিদেশী সামগ্ৰী পৰিহাৰ কৰিবলৈ তেওঁ আহ্বান জনায় ।

ৰাজনৈতিক সুস্থিৰতা আৰু নিৰ্বাচনী ফলাফল-

অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ পশ্চিম বংগ, অসম আৰু পুডুচেৰীত অনুষ্ঠিত নিৰ্বাচনী ফলাফলৰ বিষয়েও উল্লেখ কৰে । তেওঁ কয় যে এই ফলাফলসমূহে সমগ্ৰ দেশতে এক উৎসাহৰ পৰিৱেশ সৃষ্টি কৰিছে । লগতে গুজৰাটৰ স্থানীয় নিকায় আৰু পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈও তেওঁ সন্তুষ্টি প্ৰকাশ কৰে । মোদীৰ মতে, গুজৰাটৰ জনসাধাৰণে সদায় ৰাজনৈতিক সুস্থিৰতাক অগ্ৰাধিকাৰ দি আহিছে, যাৰ ফলত ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত হৈছে ।

লগতে পঢ়ক : বিশ্ব সংকটৰ মাজত ভাৰতৰ ঢাল হ’ব ‘নাগৰিক সত্যাগ্ৰহ’; দেশবাসীক নতুন দায়িত্ব অৰ্পণ প্ৰধানমন্ত্ৰীৰ

সোমনাথ মন্দিৰত অমৃত মহোৎসৱ-

দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে সোমনাথ মন্দিৰত অনুষ্ঠিত সোমনাথ অমৃত মহোৎসৱত অংশগ্ৰহণ কৰে । পুনৰ নিৰ্মাণ কৰা এই মন্দিৰটো উদ্বোধন কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এই অনুষ্ঠানত তেওঁ বিশেষ মহাপূজা, কুম্ভাভিষেক আৰু ধ্বজাৰোহণ কাৰ্যসূচীত অংশ লয় । মন্দিৰ প্ৰাংগণত উপস্থিত হৈ মোদীয়ে কয় যে সোমনাথলৈ অহাটো তেওঁৰ বাবে সদায় নিজৰ ঘৰলৈ উভতি অহাৰ দৰে এক সুখদায়ক অনুভৱ ।

প্ৰধানমন্ত্ৰীৰ এই আহ্বানে এতিয়া দেশজুৰি থলুৱা সামগ্ৰীৰ উৎপাদন আৰু ব্যৱহাৰ বৃদ্ধিৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : নাই কোনো সংকট! ৬০ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এলপিজি মজুত থকাৰ কথা ঘোষণা কেন্দ্ৰৰ