পশ্চিম এছিয়াৰ ভয়ংকৰ সামৰিক উত্তেজনা : সংঘাত হ্ৰাস আৰু কূটনৈতিক সমাধানৰ বাবে ভাৰতৰ জৰুৰী আহ্বান

পশ্চিম এছিয়া অঞ্চলত শেহতীয়াকৈ তীব্ৰতৰ হৈ পৰা সামৰিক উত্তেজনাক লৈ ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে

পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলত শেহতীয়াকৈ তীব্ৰতৰ হৈ পৰা সামৰিক উত্তেজনাক লৈ ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । আজি সোমবাৰে নতুন দিল্লীয়ে সংঘাতৰ তাৎক্ষণিক উপশমৰ বাবে আটাইকেইটা পক্ষকে জৰুৰীভাৱে আহ্বান জনাইছে । ভাৰত চৰকাৰে অঞ্চলটোত দীৰ্ঘম্যাদী শান্তি তথা স্থিৰতা ঘূৰাই আনিবলৈ সামৰিক শক্তি প্ৰয়োগৰ পৰিৱেৰ্তে এক কূটনৈতিক সমাধানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে ।

সংঘাতৰ ১০০ দিন অতিক্ৰম :

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে এই সংঘাত ইতিমধ্যে ১০০ দিনতকৈও অধিক সময় ধৰি চলি আছে । ইয়াৰ ফলত সৃষ্টি হোৱা অপৰিসীম মানৱীয় দুখ-কষ্টক লৈ ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । মন্ত্ৰালয়ে সতৰ্ক কৰি দি কয় যে এই যুদ্ধই কেৱল সংশ্লিষ্ট অঞ্চলটোৱেই নহয়, বৰঞ্চ সমগ্ৰ গোলকীয় অৰ্থনীতি আৰু শক্তি যোগান ব্যৱস্থাৰ ওপৰতো এক মোক্ষম আঘাত হানিছে ।

বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতিত স্পষ্টকৈ কোৱা হৈছে- “আমি সকলো পক্ষকে তাৎক্ষণিকভাবে উত্তেজনা হ্ৰাস কৰিবলৈ, সাধাৰণ নাগৰিকৰ যাতে কোনো ক্ষতি নহয় সেয়া নিশ্চিত কৰিবলৈ আৰু চলি থকা কূটনৈতিক আলোচনা সফলতাৰে সমাপ্ত কৰিবলৈ আহ্বান জনাইছোঁ, যাতে অঞ্চলটোলৈ শান্তি আৰু স্থিৰতা ঘূৰি আহিব পাৰে ।”

২৪ ঘণ্টাত অভূতপূৰ্ব আক্ৰমণ-প্ৰত্যাক্ৰমণ

বিগত ২৪ ঘণ্টাত সমগ্ৰ পশ্চিম এছিয়াত এক ভয়াবহ সামৰিক পৰিস্থিতিয়ে গা কৰি উঠিছে । অঞ্চলটোৰ বহুকেইখন চহৰত সক্ৰিয় সামৰিক সংঘাত, কৌশলগত প্ৰতিষ্ঠানসমূহৰ ওপৰত তীব্ৰ বিমান আক্ৰমণ আৰু ধাৰাবাহিকভাৱে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা দেখা গৈছে । যুদ্ধৰ ১০০ তম দিনা ইজৰাইল আৰু ইৰানে পোনপটীয়াভাৱে ইখনে সিখনৰ ওপৰত গুলীচালনা কৰে, যাৰ ফলত পূৰ্বৰ ঠুনুকা যুদ্ধবিৰতি সম্পূৰ্ণৰূপে বিপন্ন হৈ পৰিছে । এই ঘটনাই এতিয়া এক সৰ্বাত্মক আঞ্চলিক যুদ্ধৰ ৰূপ লোৱাৰ উপক্ৰম হৈছে ।

লগতে পঢ়ক : ট্ৰাম্পৰ নিৰ্দেশ ওফৰাই ইজৰাইলৰ ওপৰত পুনৰ ভয়ংকৰ আক্ৰমণ ইৰাণৰ

পশ্চিম এছিয়াৰ সংকটক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী; দেশবাসীক পুনৰ “ভকেল ফৰ লোকেল” হোৱাৰ আহ্বান

সমগ্ৰ বিশ্বই ধাৰাবাহিকভাৱে পাৰ কৰি অহা অস্থিৰ পৰিস্থিতিক লৈ সোমবাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

বিগত কেইবছৰমানৰ পৰা সমগ্ৰ বিশ্বই ধাৰাবাহিকভাৱে পাৰ কৰি অহা অস্থিৰ পৰিস্থিতিক লৈ সোমবাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । বিশেষকৈ পশ্চিম এছিয়াৰ বৰ্তমানৰ সংঘাতক এই দশকৰ অন্যতম ডাঙৰ সংকট হিচাপে অভিহিত কৰি মোদীয়ে দেশবাসীক পুনৰবাৰ “ভকেল ফৰ লোকেল” মন্ত্ৰ অনুসৰণ কৰিবলৈ আৰু আমদানিকৃত সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনায় ।

বিশ্বজোৰা সংকট আৰু ভাৰতৰ ওপৰত প্ৰভাৱ-

গুজৰাটত অনুষ্ঠিত এক কাৰ্যসূচীত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰথমে ক’ভিড মহামাৰী, তাৰ পিছত বিশ্ব অৰ্থনৈতিক প্ৰত্যাহ্বান আৰু এতিয়া পশ্চিম এছিয়াৰ সংঘাত—এই সকলোবোৰে সমগ্ৰ বিশ্বৰ যোগান শৃংখলা গুৰুতৰভাৱে ব্যাহত কৰিছে । তেওঁ কয় :

“যদি ক’ভিড মহামাৰী এই শতিকাৰ আটাইতকৈ ডাঙৰ সংকট আছিল, তেন্তে পশ্চিম এছিয়াৰ যুদ্ধই সৃষ্টি কৰা পৰিস্থিতি এই দশকৰ অন্যতম ডাঙৰ সংকট ।”

প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে এই সংঘাতৰ ফলত বিশ্বজুৰি ইন্ধন আৰু অন্যান্য আমদানিকৃত সামগ্ৰীৰ মূল্য আকাশলংঘী হৈছে । ভাৰতেও বিদেশৰ পৰা সামগ্ৰী আমদানি কৰিবলৈ লাখ লাখ কোটি টকাৰ বৈদেশিক মুদ্ৰা খৰচ কৰিব লগা হৈছে । এনে পৰিপ্ৰেক্ষিতত দেশৰ সম্পদৰ ওপৰত বোজা হ্ৰাস কৰিবলৈ নাগৰিকসকলক অপ্ৰয়োজনীয় বিদেশী সামগ্ৰী পৰিহাৰ কৰিবলৈ তেওঁ আহ্বান জনায় ।

ৰাজনৈতিক সুস্থিৰতা আৰু নিৰ্বাচনী ফলাফল-

অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ পশ্চিম বংগ, অসম আৰু পুডুচেৰীত অনুষ্ঠিত নিৰ্বাচনী ফলাফলৰ বিষয়েও উল্লেখ কৰে । তেওঁ কয় যে এই ফলাফলসমূহে সমগ্ৰ দেশতে এক উৎসাহৰ পৰিৱেশ সৃষ্টি কৰিছে । লগতে গুজৰাটৰ স্থানীয় নিকায় আৰু পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈও তেওঁ সন্তুষ্টি প্ৰকাশ কৰে । মোদীৰ মতে, গুজৰাটৰ জনসাধাৰণে সদায় ৰাজনৈতিক সুস্থিৰতাক অগ্ৰাধিকাৰ দি আহিছে, যাৰ ফলত ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত হৈছে ।

লগতে পঢ়ক : বিশ্ব সংকটৰ মাজত ভাৰতৰ ঢাল হ’ব ‘নাগৰিক সত্যাগ্ৰহ’; দেশবাসীক নতুন দায়িত্ব অৰ্পণ প্ৰধানমন্ত্ৰীৰ

সোমনাথ মন্দিৰত অমৃত মহোৎসৱ-

দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে সোমনাথ মন্দিৰত অনুষ্ঠিত সোমনাথ অমৃত মহোৎসৱত অংশগ্ৰহণ কৰে । পুনৰ নিৰ্মাণ কৰা এই মন্দিৰটো উদ্বোধন কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এই অনুষ্ঠানত তেওঁ বিশেষ মহাপূজা, কুম্ভাভিষেক আৰু ধ্বজাৰোহণ কাৰ্যসূচীত অংশ লয় । মন্দিৰ প্ৰাংগণত উপস্থিত হৈ মোদীয়ে কয় যে সোমনাথলৈ অহাটো তেওঁৰ বাবে সদায় নিজৰ ঘৰলৈ উভতি অহাৰ দৰে এক সুখদায়ক অনুভৱ ।

প্ৰধানমন্ত্ৰীৰ এই আহ্বানে এতিয়া দেশজুৰি থলুৱা সামগ্ৰীৰ উৎপাদন আৰু ব্যৱহাৰ বৃদ্ধিৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : নাই কোনো সংকট! ৬০ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এলপিজি মজুত থকাৰ কথা ঘোষণা কেন্দ্ৰৰ

স্থায়ী আৰু বহনক্ষম শান্তিৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ; গোলকীয় প্ৰতিষ্ঠানৰ সংস্কাৰৰ ওপৰত গুৰুত্ব

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমান বিশ্বই এক গুৰুতৰ আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু এনে প্ৰত্যাহ্বানসমূহে সকলো ৰাষ্ট্ৰকে সামূহিকভাৱে প্ৰভাৱিত কৰিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ইউক্ৰেইন আৰু পশ্চিম এছিয়াক বিশেষভাৱে উল্লেখ কৰি সংঘাতজৰ্জৰ অঞ্চলসমূহত “স্থায়ী, বহনক্ষম আৰু সুদূৰপ্ৰসাৰী শান্তিৰ” আহ্বান জনায় । তেওঁ উল্লেখ কৰে যে ধাৰাবাহিক সামৰিক সংঘাতৰ দ্বাৰা এনে সংকটৰ কোনো স্থায়ী সমাধান সম্ভৱ নহয় ।

অষ্ট্ৰিয়াৰ চ্যান্সেলৰ ক্ৰীষ্টিয়ান ষ্টকাৰৰ সৈতে তেওঁৰ ভাৰত ভ্ৰমণৰ অংশ হিচাপে আয়োজিত এক যুটীয়া সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমান বিশ্বই এক গুৰুতৰ আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু এনে প্ৰত্যাহ্বানসমূহে সকলো ৰাষ্ট্ৰকে সামূহিকভাৱে প্ৰভাৱিত কৰিছে ।

বৰ্ধিত আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানসমূহ ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ তেওঁ গোলকীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু পুনৰ কয় যে সন্ত্ৰাসবাদ নিৰ্মূল কৰাটো এক উমৈহতীয়া গোলকীয় প্ৰতিশ্ৰুতি ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আজি বিশ্বই এক গুৰুতৰ আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু এই বিষয়টোৱে আমাক সকলোকে চিন্তিত কৰি তুলিছে । এনে পৰিস্থিতিত ভাৰত আৰু অষ্ট্ৰিয়া একমত যে সামৰিক সংঘাতে কোনো সমাধান আনিব নোৱাৰে । ইউক্ৰেইন হওক বা পশ্চিম এছিয়া, আমি সুস্থিৰ, বহনক্ষম আৰু স্থায়ী শান্তিৰ সমৰ্থন কৰো । আমি এই কথাতো একমত যে বৰ্ধিত গোলকীয় প্ৰত্যাহ্বানসমূহ সমাধানৰ বাবে বিশ্বজুৰি থকা প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ অপৰিহাৰ্য আৰু সন্ত্ৰাসবাদ নিৰ্মূল কৰাটো আমাৰ উমৈহতীয়া দায়বদ্ধতা ।”

অষ্ট্ৰিয়াৰ চ্যান্সেলৰগৰাকীৰ ভ্ৰমণক আদৰণি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁৰ বৰ্তমানৰ ভ্ৰমণসূচীত ইউৰোপৰ বাহিৰত ভাৰত হৈছে প্ৰথম গন্তব্যস্থান । এয়া দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত অষ্ট্ৰিয়াৰ দৃঢ় প্ৰতিশ্ৰুতিৰ প্ৰতিফলন বুলি তেওঁ অভিহিত কৰে ।

প্ৰায় চাৰি দশকৰ মূৰত অষ্ট্ৰিয়াৰ চ্যান্সেলৰগৰাকীৰ এই ভাৰত ভ্ৰমণক এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰত-ইউৰোপীয় ইউনিয়ন মুক্ত বাণিজ্য চুক্তিৰ পিছত ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্কত এক নতুন অধ্যায়ৰ সূচনা হৈছে ।

প্ৰধানমন্ত্ৰীয়ে কয়, “আমি আনন্দিত যে ইউৰোপৰ বাহিৰত ভাৰত আপোনাৰ প্ৰথম গন্তব্যস্থান । এয়া আপোনাৰ দৃষ্টিভংগী আৰু ভাৰত-অষ্ট্ৰিয়া সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰতি থকা আপোনাৰ দৃঢ় প্ৰতিশ্ৰুতিৰ পৰিচায়ক । চাৰি দশকৰ পাছত অষ্ট্ৰিয়াৰ চ্যান্সেলৰৰ ভাৰত ভ্ৰমণ অত্যন্ত তাৎপৰ্যপূৰ্ণ । ভাৰত-ইউৰোপীয় ইউনিয়ন মুক্ত বাণিজ্য চুক্তিৰ পিছত ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্কত এক নতুন অধ্যায় আৰম্ভ হৈছে ।”

প্ৰধানমন্ত্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে এই ভ্ৰমণে ভাৰত-অষ্ট্ৰিয়াৰ সম্পৰ্কক একাধিক ক্ষেত্ৰত সহযোগিতা আৰু বিকাশৰ এক নতুন পৰ্যায়লৈ লৈ যাব । তেওঁ লগতে কয়, “আপোনাৰ এই ভ্ৰমণে ভাৰত-অষ্ট্ৰিয়াৰ সম্পৰ্কক সহযোগিতা আৰু বিকাশৰ এক নতুন স্তৰলৈ লৈ যাবলৈ সাজু হৈছে ।”

লগতে পঢ়ক : ধৰ্মৰ ভিত্তিত সংৰক্ষণ অসাংবিধানিকঃ লোকসভাত বিৰোধীক প্ৰত্যুত্তৰ অমিত শ্বাহৰ

অৱনতি ঘটিছে পশ্চিম এছিয়াৰ পৰিস্থিতি; সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰধানমন্ত্ৰীৰ ফোন

পশ্চিম এছিয়াৰ উত্তেজনাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীয়ে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিব। প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ৰাজ্যসমূহৰ প্ৰস্তুতি আৰু পৰিকল্পনাৰ পৰ্যালোচনা কৰা হ’ব।

পশ্চিম এছিয়াত চলি থকা সংঘাতৰ বাবে সমগ্ৰ বিশ্ব গভীৰ সংকটত পৰিছে।এই সন্দৰ্ভত সমগ্ৰ দেশৰ মানুহৰ মাজতো আতংক বিয়পি পৰিছে।এই সন্দৰ্ভত সমগ্ৰ দেশৰ মানুহৰ মাজতো আতংক বিয়পি পৰিছে। অৱশ্যে চৰকাৰৰ ফালৰ পৰা চিন্তা নকৰিবলৈ আৰু পৰিস্থিতি নিয়ন্ত্ৰণত থকা বুলি কোৱা হৈছে।

তাৰ মাজতে এটা ডাঙৰ খবৰ আহিছে যে,শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুখ্যমন্ত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।এই সময়ছোৱাত তেওঁ পশ্চিম এছিয়াত চলি থকা সংঘাতৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসমূহৰ প্ৰস্তুতি আৰু পৰিকল্পনাসমূহ পৰ্যালোচনা কৰিব।

লগতে পঢ়ক: শক্তি সংকটৰ মাজতে ভাল খবৰ, ভাৰতৰ বাবে খোলা থাকিব হৰমুজ প্ৰণালী

ভাৰত–ইউ এ ই সম্পৰ্কঃ পশ্চিম এছিয়াৰ অস্থিৰতাৰ মাজতে কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্ব

ভাৰত–ইউ এ ইৰ মাজত স্বাক্ষৰিত পাঁচখন চুক্তিৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য আছিল কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্ব স্থাপন কৰা উদ্দেশ্য পত্ৰ ।

ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে ১৯ জানুৱাৰীত ভাৰত ভ্ৰমণ কৰে । তেওঁৰ এই ভ্ৰমণৰ সময়ত ভাৰত আৰু ইউ এ ইৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয় । দুয়োপক্ষৰ মাজত স্বাক্ষৰিত পাঁচখন চুক্তিৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য আছিল কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্ব স্থাপন কৰা উদ্দেশ্য পত্ৰ (এল অ’ আই)।

মাত্ৰ চাৰি মাহ পূৰ্বে পাকিস্তান আৰু চৌদি আৰবে প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰিছিল । এই চুক্তি অনুসৰি যিকোনো এখন দেশৰ ওপৰত কৰা যিকোনো আক্ৰমণ আনখন দেশৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰা হ’ব । ইয়াৰ পিছতে এতিয়া এই প্ৰশ্ন উত্থাপন হৈছে যে ভাৰত আৰু ইউ এ ইৰ মাজতো একেধৰণৰ চুক্তি হৈছে নেকি ?  

উল্লেখ্য যে, লেটাৰ অৱ ইনটেণ্ট (LOI) হৈছে এনে এক আনুষ্ঠানিক নথি য’ত দুটা পক্ষই সম্ভাৱ্য চুক্তিৰ সন্দৰ্ভত নিজৰ প্ৰাৰম্ভিক উদ্দেশ্য আৰু চিন্তা প্ৰকাশ কৰে । চূড়ান্ত আইনী চুক্তিত উপনীত হোৱাৰ পূৰ্বে ই প্ৰাৰম্ভিক পদক্ষেপ হিচাপে কাম কৰে । ইয়াত চুক্তিখনৰ মূল চৰ্তসমূহ, কামৰ পৰিসৰ, সময়সীমা আৰু দুয়োপক্ষৰ আশাৰ ৰূপৰেখা অন্তৰ্ভূক্ত হৈছে ।

এল অ’ আইৰ উদ্দেশ্য হ’ল দুয়োপক্ষই কি কথাত সন্মত হৈছে সেয়া স্পষ্ট কৰা, যাতে পিছলৈ কোনো ধৰণৰ ভুল বুজাবুজিৰ পৰা হাত সাৰিব পৰা যায় । সাধাৰণতে ই আইনগতভাৱে বাধ্যতামূলক নহ’লেও ই ভৱিষ্যতৰ চুক্তিৰ বাবে ৰোডমেপ হিচাপে কাম কৰে । দুদিন পূৰ্বে ভাৰত আৰু ইউ এ ইয়ে প্ৰতিৰক্ষা, মহাকাশ, বিনিয়োগ আদি ক্ষেত্ৰত সহযোগিতাৰ বাবে এল অ’ আইত স্বাক্ষৰ কৰিছিল ।

ভাৰত আৰু ইউ এ ইৰ মাজত স্বাক্ষৰিত এল অ’ আইৰ লক্ষ্য হৈছে ভৱিষ্যতে আনুষ্ঠানিক চুক্তি গঢ়ি তোলা । এই চুক্তিয়ে বৰ্তমানৰ সামৰিক অনুশীলন, সেৱাৰ মুৰব্বীসকলৰ মাজত পাৰস্পৰিক ভ্ৰমণ আৰু প্ৰতিৰক্ষা খণ্ডত সহযোগিতা আৰু অধিক শক্তিশালী কৰিব ।

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে উল্লেখ কৰে যে ইউ এ ইৰ সৈতে এল অ’ আই স্বাক্ষৰ কৰাৰ অৰ্থ এইটো নহয় যে ভাৰত আঞ্চলিক সংঘাতত জড়িত হ’ব । তেওঁ লগতে কয় যে অঞ্চলটোৰ যিকোনো দেশৰ সৈতে প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ অংশীদাৰিত্বৰ অৰ্থ এইটো নহয় যে আমি বিশেষভাৱে আঞ্চলিক সংঘাতৰ সৈতে জড়িত হ’ম । বৈদেশিক সচিবগৰাকীৰ বক্তব্যই স্পষ্টভাৱে ইংগিত দিয়ে যে ভাৰত আৰু ইউ এ ইৰ মাজত যুদ্ধৰ কোনো চুক্তি নাই । আক্রমণ হ’লে ভাৰত বা ইউ এ ইয়ে কাৰো হৈ যুঁজিব নোৱাৰে ৷

লগতে পঢ়ক : ভাৰতৰ সৈতে সম্পৰ্কক লৈ ট্ৰাম্পৰ ডাঙৰ মন্তব্য; ক’লে— ‘প্ৰধানমন্ত্ৰী মোদী মোক লৈ সুখী নহয় কাৰণ…’