তামিলনাডুত অব্যাহত ৰাজনৈতিক অনিশ্চয়তা, সংখ্যাবল লৈয়ো ৰাজ্যপালৰ সাক্ষাৎ পোৱা নাই বিজয়ে

তামিলনাডুত অব্যাহত ৰাজনৈতিক অনিশ্চয়তা, সংখ্যাবল লৈয়ো ৰাজ্যপালৰ সাক্ষাৎ পোৱা নাই বিজয়ে

তামিলনাডু বিধানসভাৰ মুঠ আসন ২৩৪ খন আৰু চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১১৮ জন বিধায়কৰ সমৰ্থন তামিলনাডুৰ ৰাজনীতিত অৱশেষত যৱনিকা পৰাৰ দিশে কেইবাদিনীয়া উৎকণ্ঠাৰ । অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ এতিয়া সম্পূৰ্ণৰূপে মুকলি হৈ পৰিছে । শনিবাৰে ভিচিকে (VCK) আৰু আইইউএমএল (IUML)-এ বিজয়ৰ

তামিলনাডু বিধানসভাৰ মুঠ আসন ২৩৪ খন আৰু চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১১৮ জন বিধায়কৰ সমৰ্থন

তামিলনাডুৰ ৰাজনীতিত অৱশেষত যৱনিকা পৰাৰ দিশে কেইবাদিনীয়া উৎকণ্ঠাৰ । অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ এতিয়া সম্পূৰ্ণৰূপে মুকলি হৈ পৰিছে । শনিবাৰে ভিচিকে (VCK) আৰু আইইউএমএল (IUML)-এ বিজয়ৰ দল TVK-ক বিনাচৰ্ত সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰাৰ লগে লগে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ অতিক্ৰম কৰিলে বিজয়ে ।

সংখ্যাৰ অংকত টিভিকেৰ অগ্ৰগতি-

তামিলনাডু বিধানসভাৰ মুঠ আসন ২৩৪ খন আৰু চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১১৮ জন বিধায়কৰ সমৰ্থন । বিজয়ৰ দল টিভিকে-এ ১০৮ খন আসনত জয়লাভ কৰি বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল । যিহেতু বিজয়ে দুখন আসনৰ পৰা জিকিছে, সেয়েহে তেওঁ এখন আসন এৰিব লাগিব, যাৰ ফলত দলৰ বিধায়ক সংখ্যা হয় ১০৭। ইয়াৰ লগত যোগ হৈছে :

কংগ্ৰেছ: ৫ জন বিধায়ক

বাওঁ দল: ৪ জন বিধায়ক

ভিচিকে: ২ জন বিধায়ক

আইইউএমএল: ২ জন বিধায়ক

ইয়াৰ ফলত বিজয়ৰ হাতত এতিয়া মুঠ ১২০ জন বিধায়কৰ সমৰ্থন আছে, যিটো সংখ্যাগৰিষ্ঠতাৰ সংখ্যাতকৈ ২ জন বেছি ।

যোৱা চাৰিদিন ধৰি তামিলনাডুৰ ৰাজনীতিত এক অনিশ্চয়তাই বিৰাজ কৰিছিল । বিজয়ে কেইবাবাৰো ৰাজ্যপালক সাক্ষাৎ কৰিছিল যদিও ১১৮ জন বিধায়কৰ সমৰ্থন পত্ৰ দেখুৱাব নোৱাৰাৰ বাবে তেওঁক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱা হোৱ নাছিল । অৱশ্যে শনিবাৰে পুৱা টিভিকে নেতৃত্বই ভিচিকে আৰু আইইউএমএলৰ মুৰব্বীক সাক্ষাৎ কৰাৰ পিছত সমীকৰণ সলনি হয় ।

ভিচিকে-ৰ চৰ্ত আৰু দাবী

ভিচিকে-এ বৰ্তমান বিনাচৰ্ত সমৰ্থন দিছে যদিও দলটোৰ নেতা ভান্নি অৰাচুৱে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে চৰকাৰত যোগদান কৰাৰ বিষয়ে পিছত সিদ্ধান্ত ল’ব । ইয়াৰ উপৰিও, বিজয়ে খালী কৰা আসনখনত ভিচিকে মুৰব্বী থোল থিৰুমাভালভানে নিৰ্বাচন খেলাটো আৰু তেওঁক উপ-মুখ্যমন্ত্ৰীৰ পদ দিয়াটো দলটোৱে বিচাৰে বুলি জানিব পৰা গৈছে ।

মাত্ৰ দুবছৰ আগতে গঠন হোৱা এটা দলে ডিএমকে আৰু এআইএডিএমকেৰ দৰে পুৰণি শক্তিক ধূলিস্যাৎ কৰি চৰকাৰ গঠন কৰিবলৈ সাজু হোৱা বিষয়টোৱে এতিয়া সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

লগতে পঢ়ক : পৰিবৰ্তনৰ নতুন যুগ : শপত গ্ৰহণৰ পিছতে জোড়াসাঁকো অভিমুখে বংগৰ নৱনিযুক্ত মুখ্যমন্ত্রী