নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, দুয়োগৰাকী নেতাৰ মাজত ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত এক দীঘলীয়া আলোচনা অনুষ্ঠিত হয়

তামিলনাডুৰ মুখ্যমন্ত্ৰী এছ. জোচেফ বিজয়ে বুধবাৰে নতুন দিল্লীস্থিত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক সৌজন্যমূলক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, দুয়োগৰাকী নেতাৰ মাজত ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত এক দীঘলীয়া আলোচনা অনুষ্ঠিত হয় ।

বৈঠকৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী বিজয়ক তেওঁৰ শেহতীয়া নেদাৰলেণ্ড ভ্ৰমণৰ সময়ত ঐতিহাসিক ‘অনাইমংগলম তাম্ৰফলি’ (Anaimangalam copper plates) উদ্ধাৰ কৰি ভাৰতলৈ ঘূৰাই অনাৰ বাবে কৰা প্ৰচেষ্টাৰ শলাগ লয় আৰু ধন্যবাদ জ্ঞাপন কৰে ।

ৰাজ্যিক আবাহন গীত ‘তামিল থাই ভালথু’ক লৈ স্পষ্টীকৰণৰ দাবী-

মুখ্যমন্ত্ৰী বিজয়ে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকত ৰাজ্যিক আবাহন গীতৰ মৰ্যাদাৰ বিষয়টো উত্থাপন কৰে । তেওঁ উল্লেখ কৰে যে তামিলনাডুত অনুষ্ঠিত সকলো চৰকাৰী কাৰ্যসূচীৰ আৰম্ভণিতে পৰম্পৰাগতভাৱে ৰাজ্যিক আবাহন গীত ‘তামিল থাই ভালথু’ (Tamil Thai Vazhthu) গোৱা হৈ আহিছে । কিন্তু চলিত বৰ্ষৰ জানুৱাৰী মাহত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক জাননীৰ পিছত, শেহতীয়াকৈ কিছুমান চৰকাৰী অনুষ্ঠানত প্ৰথমে ৰাষ্ট্ৰীয় গীতহে পৰিৱেশন কৰা হৈছে ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী বিজয়ৰ আহ্বান- গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে যাতে এক উপযুক্ত স্পষ্টীকৰণ জাৰি কৰি চৰকাৰী কাৰ্যসূচীৰ আৰম্ভণিতে পূৰ্বৰ দৰেই ৰাজ্যিক আবাহন গীতটো গাবলৈ অনুমতি প্ৰদান কৰে ।

প্ৰতিৰক্ষাখণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰকল্প স্থাপনৰ অনুৰোধ-

প্ৰেছ বিজ্ঞপ্তিটোত জনোৱা অনুসৰি, প্ৰতিৰক্ষা খণ্ডৰ আধুনিকীকৰণৰ বাবে তামিলনাডুত ‘চেণ্টাৰ ফৰ এয়াৰবৰ্ণ চিষ্টেমছ’ স্থাপন কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক অনুৰোধ জনায় । তেওঁ কয় যে ৰাজ্যখনত ‘এডভান্সড মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট’ (AMCA) ডিজাইন এণ্ড ডেভেলপমেণ্ট চেণ্টাৰ আৰু চেণ্টাৰ ফৰ এয়াৰবৰ্ণ চিষ্টেমছ স্থাপনৰ সন্দৰ্ভত যোৱা কেইবছৰমানৰ পৰা প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ সৈতে আলোচনা চলি আছে, যাক ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰাটো প্ৰয়োজন ।

মেকদাতু বান্ধ প্ৰকল্প আৰু কাবেৰী জল বিবাদ-

কাবেৰী নদীৰ ওপৰত প্ৰস্তাৱিত মেকদাতু বান্ধ প্ৰকল্পক লৈ তামিলনাডুৰ তীব্ৰ আপত্তিৰ কথা মুখ্যমন্ত্ৰী বিজয়ে প্ৰধানমন্ত্ৰীৰ ওচৰত দোহাৰে । কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পৰ ভূমি পূজা কৰাৰ সন্দৰ্ভত কৰা শেহতীয়া ঘোষণাক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে এই পদক্ষেপ কাবেৰী পানী বিবাদ ন্যায়াধিকৰণ (CWDT)ৰ চূড়ান্ত ৰায় আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ সম্পূৰ্ণ পৰিপন্থী ।

এই ঘোষণাই তামিলনাডুৰ খেতিয়কসকলৰ মাজত গভীৰ ক্ষোভ আৰু চিন্তাৰ সৃষ্টি কৰিছে । মুখ্যমন্ত্ৰী বিজয়ে প্ৰধানমন্ত্ৰী মোদীক আহ্বান জনায় যাতে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয় আৰু কেন্দ্ৰীয় জল আয়োগক তামিলনাডু, কেৰালা আৰু পুডুচেৰীৰ দৰে সহ-অৱবাহিকা ৰাজ্যসমূহৰ সন্মতি অবিহনে এই প্ৰকল্পৰ কোনো ধৰণৰ অনুমোদন নিদিবলৈ নিৰ্দেশ জাৰি কৰে ।

শ্ৰীলংকাৰ জলসীমাত তামিল মৎস্যজীৱীৰ সুৰক্ষা-

বৈঠকত তামিলনাডুৰ মৎস্যজীৱীসকলক শ্ৰীলংকাৰ নৌসেনাৰ দ্বাৰা ক্ৰমাগতভাৱে কৰা গ্ৰেপ্তাৰ আৰু হাৰাশাস্তিৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী পৰিসংখ্যা দাঙি ধৰি কয় যে :

-কেৱল ২০২৬ চনৰ এই কেইমাহতে এনে ১২ টা গ্ৰেপ্তাৰৰ ঘটনা সংঘটিত হৈছে ।

-বৰ্তমান ৫৮ জন মৎস্যজীৱী শ্ৰীলংকাৰ কাৰাগাৰত বন্দী হৈ আছে ।

-তামিল মৎস্যজীৱীৰ ২৬৬ খন মাছ ধৰা নাও শ্ৰীলংকাৰ নৌসেনাই জব্দ কৰি ৰাখিছে ।

তেওঁ প্ৰধানমন্ত্ৰীক এই বিষয়ত ব্যক্তিগতভাৱে হস্তক্ষেপ কৰিবলৈ আৰু শ্ৰীলংকা চৰকাৰৰ সৈতে আলোচনা কৰি মৎস্যজীৱীসকলৰ লগতে তেওঁলোকৰ নাওসমূহ তৎকালীনভাৱে মুকলি কৰি দিবলৈ দাবী জনাবলৈ অনুৰোধ জনায় ।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰাও সামাজিক মাধ্যম এক্স হেণ্ডেলত এই বৈঠকৰ এখন ছবি শ্বেয়াৰ কৰি লিখা হৈছে, “তামিলনাডুৰ মুখ্যমন্ত্ৰী থিৰু @actorvijay-এ আজি প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে ।” দুয়োৰে এই বৈঠকক বৰ্তমানৰ ৰাজনৈতিক তথা প্ৰশাসনিক প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক : কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন আৰু তেওঁৰ কন্যাৰ ঘৰত ইডিৰ অভিযান

শপত গ্ৰহণত তৃষাৰ চমক : বিজয়ৰ মাতৃক সাৱটি ধৰি চৰ্চাত অভিনেত্ৰীগৰাকী; ভাইৰেল হ’ল আৱেগিক মুহূৰ্ত!

অভিনেতা চি জোচেফ বিজয়ৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ অনুষ্ঠান এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল

শেহতীয়াকৈ তামিল ছবি জগতৰ জনপ্ৰিয় অভিনেতা চি জোচেফ বিজয়ৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ অনুষ্ঠান এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল । চেন্নাইৰ জৱাহৰলাল নেহৰু ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত এই ভব্য অনুষ্ঠানত ৰাজনৈতিক গাম্ভীৰ্যতকৈ আৱেগ আৰু আন্তৰিকতাহে বেছি ফুটি উঠা পৰিলক্ষিত হ’ল । হাজাৰ হাজাৰ সমৰ্থক আৰু গণ্য-মান্য ব্যক্তিৰ ভিৰৰ মাজত সকলোৰে চকু আছিল দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী তৃষা কৃষ্ণনৰ ওপৰত ।

নীলা শাৰীত জিলিকি উঠিল তৃষা-

এখন উজ্জ্বল নীলা ৰঙৰ শাৰী পিন্ধি মাতৃ উমা কৃষ্ণনৰ সৈতে অনুষ্ঠানস্থলীত উপস্থিত হোৱা তৃষাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । কঠকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো অভিনেত্ৰীগৰাকীৰ মুখত থকা উজ্জ্বল হাঁহি আৰু উৎসাহে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছিল ।

বিজয়ৰ মাতৃৰ সৈতে আৱেগিক মুহূৰ্ত-

এই অনুষ্ঠানটোৰ আটাইতকৈ চৰ্চিত মুহূৰ্তটো আছিল বিজয়ৰ মাতৃ শোভা চন্দ্ৰশেখৰ আৰু তৃষাৰ সাক্ষাৎ । বিজয়ৰ মাতৃ সন্মুখৰ শাৰীত বহিবলৈ আহোঁতেই তৃষাই আগবাঢ়ি গৈ তেওঁক উষ্ম আদৰণি জনায় আৰু দুইগৰাকীয়ে আৱেগিকভাৱে সাৱটি ধৰে । কেৱল মাতৃয়েই নহয়, বিজয়ৰ ভগ্নী বিদ্যাৰ সৈতেও তৃষাই সৌহাৰ্দ্যপূৰ্ণ বাৰ্তালাপ কৰা দেখা যায় ।

ছ’চিয়েল মিডিয়াত ভাইৰেল ছবি-

তৃষা আৰু বিজয়ৰ পৰিয়ালৰ মাজৰ এই মুহূৰ্তসমূহৰ ফটো আৰু ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে । অনুৰাগীসকলে ইয়াক “হৃদয়স্পৰ্শী” বুলি অভিহিত কৰি অভিনেত্ৰীগৰাকীৰ সৈতে বিজয়ৰ পৰিয়ালৰ থকা ঘনিষ্ঠ সম্পৰ্কৰ প্ৰশংসা কৰিছে ।

ৰাজনৈতিক নেতাসকলৰ উপস্থিতিত অনুষ্ঠিত এই শপত গ্ৰহণ কাৰ্যসূচীত তৃষাৰ উপস্থিতিয়ে এক অনন্য মাত্ৰা প্ৰদান কৰিলে । বিজয়ৰ নতুন ৰাজনৈতিক যাত্ৰাৰ এই গুৰুত্বপূৰ্ণ দিনটো কেৱল এক ক্ষমতা হস্তান্তৰৰ অনুষ্ঠান হৈ নাথাকি এক আনন্দময় পাৰিবাৰিক উদযাপনলৈ পৰিণত হয় ।

লগতে পঢ়ক : তামিলনাডুৰ ৰাজনীতিত নতুন সূৰ্যোদয় : মুখ্যমন্ত্ৰী হিচাপে শপত লৈয়েই চমক দিলে ‘থালাপতি’ বিজয়ে!

তামিলনাডুৰ ৰাজনীতিত নতুন সূৰ্যোদয় : মুখ্যমন্ত্ৰী হিচাপে শপত লৈয়েই চমক দিলে ‘থালাপতি’ বিজয়ে!

মুখ্যমন্ত্ৰীৰ চকীত বহিয়েই তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দিশত ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰি ৰাজ্যবাসীক আকৰ্ষিত কৰিছে

দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা যোচেফ বিজয় চন্দ্ৰশেখৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিছে । মুখ্যমন্ত্ৰীৰ চকীত বহিয়েই তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দিশত ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰি ৰাজ্যবাসীক আকৰ্ষিত কৰিছে ।

প্ৰথম দিনাই জনহিতকৰ সিদ্ধান্ত-

কাৰ্যভাৰ গ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰী বিজয়ে দুটা গুৰুত্বপূৰ্ণ ফাইলত স্বাক্ষৰ কৰে :

বিনামূলীয়া বিদ্যুৎ: প্ৰতিটো পৰিয়াললৈ ২০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ যোগানৰ ফাইলত প্ৰথম স্বাক্ষৰ কৰে ।

মহিলাৰ সুৰক্ষা: নাৰী সুৰক্ষাক অগ্ৰাধিকাৰ দি ৰাজ্যত এক ‘বিশেষ সুৰক্ষা বাহিনী’ গঠনৰ নিৰ্দেশ দিয়ে ।

আৱেগিক ভাষণ আৰু বিৰোধীক আক্ৰমণ-

ৰাজ্যবাসীক সম্বোধন কৰি বিজয়ে অতি আৱেগিকভাৱে কয়, “মই কোনো ৰাজকীয় পৰিয়ালৰ সন্তান নহয় । মই এজন সাধাৰণ সহকাৰী পৰিচালকৰ পুত্ৰ আছিলো । চিনেমা জগতত ভৰি থোৱাৰ সপোন দেখা ল’ৰাটোক আপোনালোকে আজি মুখ্যমন্ত্ৰীৰ আসনত বহুৱালে ।”

লগতে তেওঁ পূৰ্বৰ ডিএমকে চৰকাৰক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে বিগত চৰকাৰে ৰাজ্যখনৰ ওপৰত ১০ লাখ কোটি টকাৰ বিশাল ঋণৰ বোজা জাপি দিছে । এই সন্দৰ্ভত স্বচ্ছতা বজাই ৰাখিবলৈ অতি সোনকালে এখন ‘শ্বেতপত্ৰ’ জাৰি কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে ।

নতুন মিত্ৰতাৰ ইংগিত ?

নিজৰ ভাষণত বিজয়ে তেওঁৰ চৰকাৰক সমৰ্থন দিয়াৰ বাবে কংগ্ৰেছ, ভিচিকে আৰু বাওঁপন্থী দলসমূহক ধন্যবাদ জ্ঞাপন কৰে । তাৎপৰ্যপূৰ্ণভাৱে, তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক নতুন চৰকাৰত অংশীদাৰ হ’বলৈ আমন্ত্ৰণ জনায় ।

দুৰ্নীতি আৰু ড্ৰাগছৰ বিৰুদ্ধে জেহাদ-

মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ চৰকাৰত ক্ষমতাৰ একমাত্ৰ কেন্দ্ৰ তেওঁ নিজেই হ’ব আৰু কোনো ধৰণৰ দুৰ্নীতি সহ্য কৰা নহ’ব । “জনসাধাৰণৰ এটা টকাও মই স্পৰ্শ নকৰোঁ,” বুলি উল্লেখ কৰি তেওঁ ৰাজ্যৰ পৰা নিচাজাতীয় দ্ৰব্য নিৰ্মূল কৰাৰ বাবে কঠোৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰে ।

তামিলনাডুত এতিয়া এক নতুন ধৰ্মনিৰপেক্ষ আৰু সামাজিক ন্যায়ৰ যুগ আৰম্ভ হ’ব বুলি জনসাধাৰণে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : তামিলনাডুত ‘থালাপতি’ যুগৰ আৰম্ভণি: ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ জোচেফ বিজয়ৰ

তামিলনাডুত ‘থালাপতি’ৰ ৰাজ্যাভিষেক, প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

তামিলনাডুৰ ৰাজনীতিত এক নতুন যুগৰ সূচনা কৰি দেওবাৰে চন্দ্ৰশেখৰ জোচেফ বিজয়ে ৰাজ্যখনৰ ১৩ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে

তামিলনাডুৰ ৰাজনীতিত এক নতুন যুগৰ সূচনা কৰি দেওবাৰে চন্দ্ৰশেখৰ জোচেফ বিজয়ে ৰাজ্যখনৰ ১৩ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আয়োজিত এক অতি ভব্য অনুষ্ঠানত TVKৰ মুৰব্বীগৰাকীক ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় ।

প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা-

নতুন মুখ্যমন্ত্ৰীগৰাকীক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “থালাপতি চি. জোচেফ বিজয়ক তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা বাবে অভিনন্দন । তেওঁৰ আগন্তুক কাৰ্যকালৰ বাবে শুভকামনা জনালোঁ । জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে তামিলনাডু চৰকাৰৰ সৈতে কাম কৰি যাব ।”

বিশিষ্ট ব্যক্তিৰ উপস্থিতি-

শপত গ্ৰহণ অনুষ্ঠানত দেশৰ কেইবাজনো শীৰ্ষ ৰাজনৈতিক নেতা আৰু চিনেমা জগতৰ তাৰকাই অংশগ্ৰহণ কৰে । লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ লগতে বিজয়ৰ পিতৃ-মাতৃ এছ এ চন্দ্ৰশেখৰ আৰু শোভা চন্দ্ৰশেখৰ উপস্থিত থাকে । বিশেষকৈ দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী তৃষা কৃষ্ণনৰ উপস্থিতিয়ে অনুৰাগীৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰে ।

নতুন কেবিনেট-

বিজয়ৰ সৈতে টিভিকে দলৰ ৯ জন নেতাই মন্ত্ৰী হিচাপে শপত লয় । প্ৰথমখন কেবিনেটৰ মন্ত্ৰীসকল হ’ল :

এন আনন্দ

আধৱ অৰ্জুন

কে এ চেংগোট্টাইয়ান

কে জি অৰুণৰাজ

পি ভেংকটৰমণন

আৰ নিৰ্মলকুমাৰ

ৰাজমোহন

টি কে প্ৰভু

এছ কীৰ্তনা

শপত গ্ৰহণৰ পূৰ্বে বিজয়ে নিজেই ৰাজ্যপালক আদৰণি জনাই তেওঁৰ হ’বলগীয়া মন্ত্ৰীসকলৰ সৈতে চিনাকি কৰাই দিয়ে ।

ঐতিহাসিক নিৰ্বাচনী ফলাফল-

২০২৬ চনৰ বিধানসভা নিৰ্বাচন তামিলনাডুৰ বাবে আছিল এক টাৰ্ণিং পইণ্ট । মাত্ৰ দুবছৰ পূৰ্বে গঠন হোৱা টিভিকে দলে ২৩৪ খন আসনৰ ভিতৰত ১০৮ খনত জয়লাভ কৰি এক চমক সৃষ্টি কৰে । এই ফলাফলে ৰাজ্যখনত দশকজুৰি চলি থকা ডিএমকে (DMK) আৰু এআইএডিএমকে (AIADMK) ৰ দ্বিপাক্ষিক আধিপত্যৰ সম্পূৰ্ণৰূপে অৱসান ঘটায় । এতিয়া সমগ্ৰ দেশৰ দৃষ্টি থালাপতি বিজয়ৰ নেতৃত্বত গঠিত এই নতুন চৰকাৰখনৰ ওপৰত নিবদ্ধ হৈছে ।

লগতে পঢ়ক : তামিলনাডুত ‘থালাপতি’ যুগৰ আৰম্ভণি: ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ জোচেফ বিজয়ৰ

তামিলনাডুত ‘থালাপতি’ যুগৰ আৰম্ভণি: ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ জোচেফ বিজয়ৰ

এক নতুন ইতিহাসৰ সূচনা কৰি দেওবাৰে TVKৰ মুৰব্বী চন্দ্ৰশেখৰ জোচেফ বিজয়ে তামিলনাডুৰ ত্ৰয়োদশগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে

দক্ষিণ ভাৰতৰ ৰাজনীতিত এক নতুন ইতিহাসৰ সূচনা কৰি দেওবাৰে তামিলগা ভেট্ৰি কাজাগাম (TVK) ৰ মুৰব্বী চন্দ্ৰশেখৰ জোচেফ বিজয়ে তামিলনাডুৰ ত্ৰয়োদশগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । নিজৰ অভিষেক নিৰ্বাচনতে ৰাজকীয় সফলতা লাভ কৰা জনপ্ৰিয় অভিনেতাগৰাকীক চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকাৰে শপত বাক্য পাঠ কৰোৱায় ।

এই ঐতিহাসিক অনুষ্ঠানত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, বিজয়ৰ পিতৃ-মাতৃ, অভিনেত্ৰী তৃষা কৃষ্ণণৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি নবনিযুক্ত মুখ্যমন্ত্ৰীগৰাকীক অভিনন্দন জনায় । শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে বিজয়ে ৰাজ্যপালক উষ্ম আদৰণি জনোৱাৰ লগতে তেওঁৰ কেবিনেটৰ মনোনীত মন্ত্ৰীসকলৰ সৈতে পৰিচয় কৰাই দিয়ে ।

বিজয়ৰ এই প্ৰথম কেবিনেটত মুঠ ৯ জন নেতাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । তেওঁলোক হ’ল— এন আনন্দ, আধাভ অৰ্জুন, কে এ চেংগোত্তিয়ান, কে জি অৰুণৰাজ, পি ভেংকটৰমণন, আৰ নিৰ্মলকুমাৰ, ৰাজমোহন, টি কে প্ৰভু আৰু এছ কীৰ্তনা ।

দ্ৰাবিড় ৰাজনীতিৰ অৱসান আৰু এক নতুন যুগ-

২০২৬ চনৰ তামিলনাডু বিধানসভা নিৰ্বাচন ৰাজ্যখনৰ ইতিহাসত সদায় স্মৰণীয় হৈ ৰ’ব । দশক দশক ধৰি ৰাজ্যখন শাসন কৰি অহা দুয়োটা শক্তিশালী ‘দ্ৰাবিড়’ দলক ক্ষমতাচ্যুত কৰি বিজয়ে এক অভূতপূৰ্ব জনমত লাভ কৰিবলৈ সক্ষম হয় । যদিও টিভিকে-এ ১০৮খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতাৰ পৰা সামান্য আঁতৰত আছিল, তথাপিও কংগ্ৰেছ (৫), চিপিআই-এম (২), চিপিআই (২), ভিচিকে (২) আৰু আইইউএমএল (২) ৰ সমৰ্থনেৰে তেওঁ চৰকাৰ গঠন কৰে ।

জনতাৰ ‘থালাপতি’-

নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজয়ৰ জনপ্ৰিয়তা আৰু জনসমুদ্ৰই প্ৰাক্তন মুখ্যমন্ত্ৰী এম জি ৰামচন্দ্ৰনৰ (MGR) দিনবোৰলৈ মনত পেলাই দিছিল । কেপ্তেইন বিজয়কান্তৰ পিছত তামিলনাডুৰ ৰাজনীতিত এজন শক্তিশালী অভিনেতা-ৰাজনীতিবিদৰ অভাৱ বিজয়ে পূৰণ কৰিব বুলি অনুগামীসকলে আশা প্ৰকাশ কৰিছে ।

নিজৰ ছবিত ড্ৰাগছ, দুৰ্নীতি আৰু সামাজিক সমস্যাৰ বিৰুদ্ধে মাত মাতি অহা বিজয়ে ২০০৯ চনৰ পৰাই সমাজসেৱাৰ সৈতে জড়িত হৈ আছিল । ২০২৬ চনৰ এই নিৰ্বাচনত তেওঁ পেৰাম্বুৰ আৰু ত্ৰিচী ইষ্ট— এই দুয়োখন আসনৰ পৰাই জয়লাভ কৰিছে, যাৰ ভিতৰত এখনৰ পৰা তেওঁ ত্ৰিচী ইষ্ট আসনখন ত্যাগ কৰিছে । ধৰ্মনিৰপেক্ষ ৰাজনীতি আৰু সামাজিক ন্যায়ৰ শ্লোগানেৰে বিজয়ৰ এই নতুন যাত্ৰাই তামিলনাডুৰ উন্নয়নক এক নতুন মাত্ৰা দিব বুলি চৰ্চা চলিছে ।

লগতে পঢ়ক : তামিলনাডুত ‘বিজয় যুগ’ৰ আৰম্ভণি! কাইলৈ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব থালাপতিয়ে

তামিলনাডুত ‘বিজয় যুগ’ৰ আৰম্ভণি! কাইলৈ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব থালাপতিয়ে

অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা থালাপতী বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ এতিয়া সম্পূৰ্ণ প্ৰশস্ত

অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল । তামিলনাডুৰ ৰাজনৈতিক আকাশত উদয় হ’ল এক নতুন সূৰ্যৰ । অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা থালাপতী বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ এতিয়া সম্পূৰ্ণ প্ৰশস্ত । শনিবাৰে ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক সাক্ষাৎ কৰি ১২০ জন বিধায়কৰ সমৰ্থন পত্ৰ জমা দিয়াৰ পাছতে বিজয়ৰ দল TVK-ক চৰকাৰ গঠনৰ বাবে সেউজ সংকেত প্ৰদান কৰা হৈছে ।

মাজনিশাৰ নাটকীয় সমৰ্থন আৰু মেজিক নম্বৰ-

তামিলনাডু বিধানসভাৰ মুঠ ২৩৪ খন আসনৰ ভিতৰত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন আছিল ১১৮ খন আসন । বিজয়ৰ দল টিভিকে অকলশৰীয়াই ১০৭ খন আসন লাভ কৰি সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছিল (বিজয়ে দুখন আসনত জয়লাভ কৰিছিল যদিও এতিয়া এখন এৰি দিব লাগিব) । বিগত চাৰিদিন ধৰি চলা ৰাজনৈতিক অচল অৱস্থাৰ অন্ত পেলাই শনিবাৰে ভিচিকে (VCK) আৰু আইইউএমএল (IUML)-এ বিজয়ক বিনাচৰ্ত সমৰ্থন আগবঢ়ায় । ইয়াৰ উপৰিও কংগ্ৰেছৰ ৫ জন আৰু বাওঁদলৰ ৪ জন বিধায়কৰ সমৰ্থনত বিজয়ৰ শিবিৰত এতিয়া মুঠ ১২০ জন বিধায়ক আছে ।

জানিব পৰা মতে কাইলৈ বিয়লি ৩.৩০ বজাত বিজয়ে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব । বিশেষ কথাটো হ’ল যে শপত গ্ৰহণৰ সময়ক লৈ বিজয় আৰু ৰাজ্যপালৰ মাজত প্ৰায় দুঘণ্টা ধৰি আলোচনা চলিছিল ।

দ্ৰাবিড় ৰাজনীতিৰ বৃহৎ ওলট-পালট

মাত্ৰ দুবছৰ পূৰ্বে গঠন হোৱা এটা দলে ডিএমকে (DMK) আৰু এআইএডিএমকে (AIADMK) ৰ দৰে পুৰণি শক্তিক ধূলিসাৎ কৰি শাসনলৈ অহাটোৱে ভাৰতীয় ৰাজনীতিত এক বিৰল ঘটনা হিচাপে বিবেচিত হৈছে । কংগ্ৰেছে ডিএমকেৰ সংগ ত্যাগ কৰি বিজয়ক সমৰ্থন দিয়াটোৱে নিৰ্বাচনৰ পৰৱৰ্তী আটাইতকৈ ডাঙৰ চমক হিচাপে দেখা দিছে ।

ভিচিকে-ৰ চৰ্তহীন সমৰ্থন, কিন্তু…

যদিও ভিচিকে-এ বৰ্তমান চৰকাৰ গঠনৰ বাবে সমৰ্থন দিছে, তথাপিও দলটোৱে ভৱিষ্যতে বিজয়ৰ খালী হোৱা আসনখনত থোল থিৰুমাভালভানক প্ৰক্ষেপ কৰা আৰু তেওঁক উপ-মুখ্যমন্ত্ৰীৰ পদ দিয়াৰ বাবে পৰোক্ষভাৱে দাবী উত্থাপন কৰিছে ।

কাইলৈৰ পৰা তামিলনাডুত ‘বিজয় যুগ’ৰ আৰম্ভণি হ’ব নে অভিনেতাগৰাকীয়ে ৰূপালী পৰ্দাৰ দৰে বাস্তৱ ৰাজনীতিতো যাদু দেখুৱাবলৈ সক্ষম হ’ব, সেইয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক : তামিলনাডুত অব্যাহত ৰাজনৈতিক অনিশ্চয়তা, সংখ্যাবল লৈয়ো ৰাজ্যপালৰ সাক্ষাৎ পোৱা নাই বিজয়ে

তামিলনাডুত অব্যাহত ৰাজনৈতিক অনিশ্চয়তা, সংখ্যাবল লৈয়ো ৰাজ্যপালৰ সাক্ষাৎ পোৱা নাই বিজয়ে

তামিলনাডু বিধানসভাৰ মুঠ আসন ২৩৪ খন আৰু চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১১৮ জন বিধায়কৰ সমৰ্থন

তামিলনাডুৰ ৰাজনীতিত অৱশেষত যৱনিকা পৰাৰ দিশে কেইবাদিনীয়া উৎকণ্ঠাৰ । অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ এতিয়া সম্পূৰ্ণৰূপে মুকলি হৈ পৰিছে । শনিবাৰে ভিচিকে (VCK) আৰু আইইউএমএল (IUML)-এ বিজয়ৰ দল TVK-ক বিনাচৰ্ত সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰাৰ লগে লগে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ অতিক্ৰম কৰিলে বিজয়ে ।

সংখ্যাৰ অংকত টিভিকেৰ অগ্ৰগতি-

তামিলনাডু বিধানসভাৰ মুঠ আসন ২৩৪ খন আৰু চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১১৮ জন বিধায়কৰ সমৰ্থন । বিজয়ৰ দল টিভিকে-এ ১০৮ খন আসনত জয়লাভ কৰি বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল । যিহেতু বিজয়ে দুখন আসনৰ পৰা জিকিছে, সেয়েহে তেওঁ এখন আসন এৰিব লাগিব, যাৰ ফলত দলৰ বিধায়ক সংখ্যা হয় ১০৭। ইয়াৰ লগত যোগ হৈছে :

কংগ্ৰেছ: ৫ জন বিধায়ক

বাওঁ দল: ৪ জন বিধায়ক

ভিচিকে: ২ জন বিধায়ক

আইইউএমএল: ২ জন বিধায়ক

ইয়াৰ ফলত বিজয়ৰ হাতত এতিয়া মুঠ ১২০ জন বিধায়কৰ সমৰ্থন আছে, যিটো সংখ্যাগৰিষ্ঠতাৰ সংখ্যাতকৈ ২ জন বেছি ।

যোৱা চাৰিদিন ধৰি তামিলনাডুৰ ৰাজনীতিত এক অনিশ্চয়তাই বিৰাজ কৰিছিল । বিজয়ে কেইবাবাৰো ৰাজ্যপালক সাক্ষাৎ কৰিছিল যদিও ১১৮ জন বিধায়কৰ সমৰ্থন পত্ৰ দেখুৱাব নোৱাৰাৰ বাবে তেওঁক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱা হোৱ নাছিল । অৱশ্যে শনিবাৰে পুৱা টিভিকে নেতৃত্বই ভিচিকে আৰু আইইউএমএলৰ মুৰব্বীক সাক্ষাৎ কৰাৰ পিছত সমীকৰণ সলনি হয় ।

ভিচিকে-ৰ চৰ্ত আৰু দাবী

ভিচিকে-এ বৰ্তমান বিনাচৰ্ত সমৰ্থন দিছে যদিও দলটোৰ নেতা ভান্নি অৰাচুৱে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে চৰকাৰত যোগদান কৰাৰ বিষয়ে পিছত সিদ্ধান্ত ল’ব । ইয়াৰ উপৰিও, বিজয়ে খালী কৰা আসনখনত ভিচিকে মুৰব্বী থোল থিৰুমাভালভানে নিৰ্বাচন খেলাটো আৰু তেওঁক উপ-মুখ্যমন্ত্ৰীৰ পদ দিয়াটো দলটোৱে বিচাৰে বুলি জানিব পৰা গৈছে ।

মাত্ৰ দুবছৰ আগতে গঠন হোৱা এটা দলে ডিএমকে আৰু এআইএডিএমকেৰ দৰে পুৰণি শক্তিক ধূলিস্যাৎ কৰি চৰকাৰ গঠন কৰিবলৈ সাজু হোৱা বিষয়টোৱে এতিয়া সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

লগতে পঢ়ক : পৰিবৰ্তনৰ নতুন যুগ : শপত গ্ৰহণৰ পিছতে জোড়াসাঁকো অভিমুখে বংগৰ নৱনিযুক্ত মুখ্যমন্ত্রী

তামিলনাডুত ‘বিজয়’ যাত্ৰা : মিত্ৰজোঁটৰ সহায়ত চৰকাৰ গঠনৰ পথ প্ৰশস্ত; ৰাজ্যপালৰ সেউজ সংকেট

তামিলনাডু বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হৈছে ১১৮ । শেহতীয়া নিৰ্বাচনত বিজয়ৰ দল টিভিকিয়ে ১০৮খন আসন লাভ কৰি একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছে ।

তামিলনাডুৰ ৰাজনীতিত এক নতুন যুগৰ সূচনা কৰি অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা থালাপতি বিজয়ৰ নেতৃত্বাধীন দল টিভিকি (TVK) অৱশেষত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে । কেইবাদিনো ধৰি চলা অনিশ্চয়তা আৰু ৰাজনৈতিক টনা-আঁজোৰাৰ অন্তত শুকুৰবাৰে ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে টিভিকি মুৰব্বী বিজয়ক চৰকাৰ গঠনৰ বাবে সেউজ সংকেট প্ৰদান কৰে ।

সংখ্যাগৰিষ্ঠতাৰ যুঁজ আৰু মিত্ৰজোঁটৰ সমীকৰণ-

২৩৪ খন আসনৰ তামিলনাডু বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হৈছে ১১৮ । শেহতীয়া নিৰ্বাচনত বিজয়ৰ দল টিভিকিয়ে ১০৮খন আসন লাভ কৰি একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল যদিও যাদুকৰী সংখ্যাৰ পৰা ১০খন আসন কম আছিল ।

অৱশ্যে, ৰাজ্যখনৰ ৰাজনৈতিক দৃশ্যপট সলনি কৰি কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহে বিজয়ক সমৰ্থন জনোৱাৰ সিদ্ধান্ত লয় । সমীকৰণটো এনেধৰণৰ :

টিভিকে: ১০৮ খন আসন

কংগ্ৰেছ: ৫ খন আসন

চিপিআই: ২ খন আসন

চিপিআই-এম: ২ খন আসন

ভিচিকে: ২ খন আসন

মুঠ: ১১৯ (সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় ১১৮তকৈ বেছি)

কংগ্ৰেছৰ ঐতিহাসিক সিদ্ধান্ত-

এই নিৰ্বাচনত আটাইতকৈ চৰ্চিত বিষয়টো আছিল কংগ্ৰেছৰ স্থিতি । দলটোৱে ডিএমকেৰ সৈতে থকা তেওঁলোকৰ বহু বছৰীয়া পুৰণি মিত্ৰতা ভংগ কৰি বিজয়ৰ টিভিকিৰ সৈতে হাত মিলায় । আনহাতে, চিপিআই-এম আৰু ভিচিকেয়ে চৰ্তহীন সমৰ্থন আগবঢ়োৱাৰ বিপৰীতে চিপিআই-এ এক “স্থিৰ আৰু ধৰ্মনিৰপেক্ষ” শাসনৰ স্বাৰ্থত “চৰ্তসাপেক্ষ সমৰ্থন” আগবঢ়াইছে ।

ৰাজ্যপালৰ ভূমিকা আৰু বিতৰ্ক-

সংখ্যাগৰিষ্ঠতা থকাৰ পাছতো ৰাজ্যপালে বিজয়ক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ নজনোৱাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল । বিৰোধী দলসমূহে অভিযোগ তুলিছিল যে ৰাজ্যপালে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত এই প্ৰক্ৰিয়া বিলম্বিত কৰিছে । অৱশ্যে, বিজয়ৰ সৈতে হোৱা বৈঠকৰ অন্তত ৰাজ্যপালে বিধায়কসকলৰ সবিশেষ তথ্য আৰু সংখ্যাৰ স্পষ্টতা লাভ কৰাৰ পাছত চৰকাৰ গঠনৰ অনুমতি দিয়ে ।

বিজয়ৰ আসন ত্যাগ-

মন কৰিবলগীয়া যে বিজয় দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি দুয়োটাতে জয়ী হৈছিল । তেওঁ এতিয়া ত্ৰিচী আসনখন ত্যাগ কৰি চেন্নাই পেৰাম্বুৰ সমষ্টিৰ বিধায়ক হিচাপে বাহাল থাকিব । তেওঁ এখন আসন ত্যাগ কৰাৰ পিছত বিধানসভাত মিত্ৰজোঁটৰ মুঠ সংখ্যা ১১৮ হ’ব ।

তিনি দশকৰ একাধিপত্যৰ অন্ত-

বিজয়ৰ এই উত্থানে তামিলনাডুত যোৱা ৩০ বছৰ ধৰি চলি থকা ডিএমকে আৰু এআইএডিএমকেৰ একাধিপত্যৰ অন্ত পেলালে । স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে তামিলনাডুত কোনো এটা দলেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল । বহু সমৰ্থকে বিজয়ৰ মাজত প্ৰয়াত নেতা এম কৰুণানিধিৰ প্ৰতিচ্ছবি দেখা বুলি মন্তব্য কৰিছে ।

এতিয়া সমগ্ৰ দেশৰে চকু তামিলনাডুৰ ওপৰত । অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী হ’বলৈ আগবঢ়া বিজয়ে ৰাজ্যখনৰ বাবে কেনেধৰণৰ শাসন ব্যৱস্থা উপহাৰ দিয়ে, সেয়া সময়তহে স্পষ্ট হ’ব ।

লগতে পঢ়ক : উৎকণ্ঠাৰ অৱসান! ৪ দলৰ সমৰ্থনত বিজয়ৰ হাতত এতিয়া ‘যাদুকৰী সংখ্যা’