ভাৰতীয় টি-২০ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ ঘৰলৈ এটি দেৱশিশুৰ আগমন হৈছে।তেওঁৰ পত্নী দেৱীশা শ্বেট্টীয়ে এটি কন্যা সন্তান জন্ম দিছে।
২০২৬ চনৰ আই পি এল ছিজনৰ মাজতে ভাৰতীয় টি-২০ দলৰ অধিনায়ক তথা মুম্বাই ইণ্ডিয়ানছৰ তাৰকা বেটছমেন সূৰ্যকুমাৰ যাদৱৰ ঘৰত সুখে টোকৰ মাৰিছে। সূৰ্যকুমাৰৰ পত্নী দেৱীশা শেট্টীয়ে এটি কন্যা সন্তান জন্ম দিছে।
প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃ হৈছে এই তাৰকা দম্পতী। সূৰ্য্যই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন মৰমলগা ছবি পোষ্ট কৰি অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰিছে। ২০১৬ চনত সূৰ্য্যই দেৱীশা শ্বেট্টীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।এই খবৰটো বিয়পি পৰাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তৰ অনুৰাগী আৰু ক্ৰিকেটাৰে সূৰ্য্যক অভিনন্দন জনাইছে।

সূৰ্যকুমাৰ যাদৱে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন ফটো শ্বেয়াৰ কৰিছে। এই ফটোখনত তেওঁৰ কণমানি কন্যাৰ আঙুলিত ধৰি আছে। এই মৰমলগা ফটোখনৰ লগতে সূৰ্য্যই কেপচনত লিখিছে, ‘হাঁহি, প্ৰেম আৰু অগণন সপোনেৰে—আমি আমাৰ সৰু দেৱদূতক আদৰণি জনাইছো।’
লগতে পঢ়ক: ক্ৰিকেটাৰ বন্ধু অমনপ্ৰীত সিং গিলৰ মৃত্যুত বিৰাট কোহলী আৱেগিক পোষ্ট









