বংগত হাইভল্টেজ ড্ৰামা : পৰাজয়ৰ পাছতো পদত্যাগ নকৰে মমতাই, কটাক্ষ শুভেন্দুৰ

বংগত হাইভল্টেজ ড্ৰামা : পৰাজয়ৰ পাছতো পদত্যাগ নকৰে মমতাই, কটাক্ষ শুভেন্দুৰ

বিজেপিৰ নৱ-নিৰ্বাচিত বিধায়ক শুভেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰে পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ৰাজ্যখনৰ ৰাজনীতিয়ে এক অভূতপূৰ্ব মোৰ লৈছে । এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে ২০৭খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰাৰ পাছতো মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পদত্যাগ কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ

বিজেপিৰ নৱ-নিৰ্বাচিত বিধায়ক শুভেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰে

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ৰাজ্যখনৰ ৰাজনীতিয়ে এক অভূতপূৰ্ব মোৰ লৈছে । এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে ২০৭খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰাৰ পাছতো মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পদত্যাগ কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছে । এই লৈ সৃষ্টি হোৱা সাংবিধানিক সংকটৰ মাজতে আজি বিজেপিৰ নৱ-নিৰ্বাচিত বিধায়ক শুভেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰে ।

মমতাক কটাক্ষ শুভেন্দুৰ-

ভৱানীপুৰ সমষ্টিত মমতা বেনাৰ্জীক পৰাস্ত কৰা শুভেন্দু অধিকাৰীয়ে আজি বিজেপি কাৰ্যালয়ৰ পৰা ওলাই অহাৰ সময়ত সংবাদ মাধ্যমৰ আগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । তেওঁ কয়, “সংবিধানত সকলো কথা উল্লেখ আছে । এই সন্দৰ্ভত মই বেছি একো কোৱাৰ প্ৰয়োজন নাই ।” তেওঁৰ এই ইংগিতে সূচাইছে যে জনমতক অৱজ্ঞা কৰি মুখ্যমন্ত্ৰীৰ আসনত বহি থকাটো এক সাংবিধানিক উলংঘন হ’ব পাৰে ।

মমতা বেনাৰ্জীৰ বিস্ফোৰক অভিযোগ-

আনহাতে, তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে এতিয়াও নিজৰ পৰাজয় স্বীকাৰ কৰা নাই । এক সংবাদমেলত তেওঁ কয়- “মই পদত্যাগ নকৰোঁ, মই পৰাজিত হোৱা নাই । আমি নৈতিকভাৱে জিকিছোঁ ।”

তেওঁ মুখ্য নিৰ্বাচনী আয়ুক্তক এই নিৰ্বাচনৰ ‘খলনায়ক’ আখ্যা দি ইভিএম লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ প্ৰশ্ন কৰে যে ভোটগ্ৰহণৰ পিছতো ইভিএমত কেনেকৈ ৮০-৯০ শতাংশ চাৰ্জ থাকে । লগতে বিজেপি আৰু নিৰ্বাচন আয়োগৰ মাজত ‘বেটিং’ চলা বুলি অভিযোগ কৰি তেওঁ কয় যে ইচ্ছাকৃতভাৱে আইপিএছ-আইএএছ বিষয়াসকলক বদলি কৰা হৈছিল আৰু ভোটাৰ তালিকাৰ পৰা ৯০ লাখ নাম কাটি দিয়া হৈছিল ।

মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে তেওঁক পেটত গোৰ মৰা হৈছিল আৰু সেই সময়ত চিচিটিভি কেমেৰা বন্ধ কৰি থোৱা হৈছিল ।

বিজেপিৰ চৰকাৰ গঠনৰ প্ৰস্তুতি-

নিৰ্বাচনী ফলাফল অনুসৰি বিজেপিয়ে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰি পশ্চিম বংগত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । ৰাজ্যখনত ১৫ বছৰীয়া টিএমচি শাসনৰ অৱসান ঘটিছে যদিও মমতা বেনাৰ্জীৰ এই বিদ্ৰোহী স্থিতিৰ বাবে শপত গ্ৰহণ অনুষ্ঠান আৰু পৰৱৰ্তী ৰাজনৈতিক প্ৰক্ৰিয়াক লৈ উত্তেজনা অব্যাহত আছে । বিজেপিয়ে ইতিমধ্যে তেওঁলোকৰ প্ৰথমখন চৰকাৰৰ শপত গ্ৰহণৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ।

লগতে পঢ়ক : আমি নিৰ্বাচনত পৰাজিত হোৱা নাইঃ পদত্যাগ নকৰাৰ হুংকাৰ মমতা বেনাৰ্জীয়ে