বংগ বিজয় সমগ্ৰ দেশৰ বাবে এক সকাহঃ নিৰ্বাচনী জয়ৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বংগ বিজয় সমগ্ৰ দেশৰ বাবে এক সকাহঃ নিৰ্বাচনী জয়ৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে এক বৃহৎ বিজয় সাব্যস্ত কৰাৰ পিছত মঙলবাৰে ৰাজ্যৰ জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে এক বৃহৎ বিজয় সাব্যস্ত কৰাৰ পিছত মঙলবাৰে ৰাজ্যৰ জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ১২৬

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে এক বৃহৎ বিজয় সাব্যস্ত কৰাৰ পিছত মঙলবাৰে ৰাজ্যৰ জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

 অসম বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে এক বৃহৎ বিজয় সাব্যস্ত কৰাৰ পিছত মঙলবাৰে ৰাজ্যৰ জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ১২৬ খন আসনৰ ভিতৰত ৮২ খন আসনত অকল বিজেপিয়ে জয়লাভ কৰি একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন নিশ্চিত কৰাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে এই ফলাফলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি ৰাইজৰ আস্থাৰ প্ৰতিফলন বুলি অভিহিত কৰে ।

সংবাদ মাধ্যমৰ সৈতে মুখামুখি হৈ ড০ শৰ্মাই কয় যে অসমত “ডাবল ইঞ্জিন” চৰকাৰৰ জৰিয়তে উন্নয়নৰ ধাৰা অব্যাহত থাকিব । তেওঁ উল্লেখ কৰে যে এই বিজয়ত হিন্দু সম্প্ৰদায়ৰ লগতে অসমীয়া মুছলমানসকলেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

পশ্চিমবংগৰ বিজয় আৰু তীক্ষ্ণ সমালোচনা :

পশ্চিমবংগত বিজেপিৰ প্ৰদৰ্শনক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বংগৰ বিজয় কেৱল এটা ৰাজ্যৰ বিজয় নহয়, এয়া সমগ্ৰ দেশৰ বাবে এক সকাহ । পূৰ্বৰ চৰকাৰৰ দিনত বংগ অপৰাধীৰ সুৰক্ষিত আশ্ৰয়স্থল হৈ পৰা বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

পৱন খেৰাক কটাক্ষ :

ৰাজনৈতিক বিৰোধীক আক্ৰমণ কৰি ড০ শৰ্মাই কংগ্ৰেছ নেতা পৱন খেৰাক এক ব্যংগাত্মক প্ৰত্যাহ্বান জনায় । তেওঁ কয়, “যেতিয়া আৰক্ষীয়ে পৱন খেৰাক ইয়ালৈ মাতিব, মই তেওঁক পেড়া খুৱাম । তেওঁৰ সংবাদ মেলবোৰে আমাক নিৰ্বাচনত জিকাতহে সহায় কৰিলে ।” ইয়াৰ লগতে তেওঁ দাবী কৰে যে উন্নয়নৰ ঢৌত উটি গৈছে গৌৰৱ গগৈৰ দৰে হেভীৱেট নেতাও ।

মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে আগন্তুক দিনত কোনো নতুন আঁচনিৰ পৰিৱৰ্তে যোৱা ১০ বছৰত হাতত লোৱা উন্নয়নমূলক কামসমূহক অধিক ক্ষিপ্ৰতাৰে আগুৱাই নিয়াটোৱেই হ’ব চৰকাৰৰ মূল লক্ষ্য ।

উল্লেখ্য যে, অসম বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১২৬খন আসনৰ ভিতৰত ৮২খন আসনত জয়লাভ কৰি ৰাজ্যখনত একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাৰ পিছতে এই মন্তব্য প্ৰকাশ পাইছে । মিত্ৰশক্তি বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু অসম গণ পৰিষদে ১০খনকৈ আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ১৯খন আসনহে লাভ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : ১৯ খন আসনতে থমকিল কংগ্ৰেছ : ১৮জন সংখ্যালঘু বিধায়কৰ বিপৰীতে কেৱল এখন হিন্দু মুখ