কবিগুৰুৰ জন্মদিনত বংগত নতুন যুগৰ আৰম্ভণি, ৯ মে’ত শুভেন্দুৰ অভিষেক!

কবিগুৰুৰ জন্মদিনত বংগত নতুন যুগৰ আৰম্ভণি, ৯ মে’ত শুভেন্দুৰ অভিষেক!

পশ্চিমবংগত এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰি ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে পশ্চিমবংগত এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰি ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । অহা ৯ মে’ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মজয়ন্তী অৰ্থাৎ ‘পঁচিছ ব’হাগ’ৰ পবিত্ৰ দিনটোত ৰাজ্যখনৰ নতুন চৰকাৰৰ শপত গ্ৰহণ

পশ্চিমবংগত এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰি ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে

পশ্চিমবংগত এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰি ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । অহা ৯ মে’ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মজয়ন্তী অৰ্থাৎ ‘পঁচিছ ব’হাগ’ৰ পবিত্ৰ দিনটোত ৰাজ্যখনৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব । ভৱানীপুৰ সমষ্টিত তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীক ১৫,১০৫ টা ভোটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰা শুভেন্দু অধিকাৰী বৰ্তমান মুখ্যমন্ত্ৰী পদৰ আটাইতকৈ শক্তিশালী দাবীদাৰ হিচাপে চৰ্চালৈ আহিছে ।

ৰাজ্যিক বিজেপিৰ সভাপতি শমিক ভট্টাচাৰ্যই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, “প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে ৯ মে’ৰ দিনটো নিৰ্ধাৰণ কৰিছে । কবি গুৰুৰ জন্মদিনৰ এই শুভ ক্ষণতে নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰিব ।” উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে তেওঁ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ পুনৰ কলকাতালৈ আহিব ।

বিজেপিৰ বিপুল বিজয়, ধৰাশায়ী তৃণমূল-

সোমবাৰে ঘোষিত নিৰ্বাচনী ফলাফলত বিজেপিয়ে মুঠ ২৯৪খন আসনৰ ভিতৰত ২০৬খন আসনত জয়লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰে । আনহাতে, বিগত এক দশক ধৰি শাসনত থকা মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে মাত্ৰ ৮১খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হয় । নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই অহা ৬ মে’ত ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰি আনুষ্ঠানিকভাৱে ফলাফলৰ প্ৰতিবেদন দাখিল কৰিব ।

২০২১ বনাম ২০২৬-

২০২১ চনৰ বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জীয়ে নন্দীগ্ৰামত শুভেন্দু অধিকাৰীৰ হাতত পৰাস্ত হৈছিল যদিও পিছত ভৱানীপুৰৰ উপ-নিৰ্বাচনত জয়ী হৈ মুখ্যমন্ত্ৰীৰ পদ ৰক্ষা কৰিছিল । সেইবাৰ টিএমচিয়ে ২১১খন আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল । কিন্তু এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে সেই পৰিসংখ্যা ওলোটা কৰি ২০১১ চনৰ পৰা চলি থকা তৃণমূলৰ শাসন ওফৰাই গেৰুৱা পতাকা উৰুৱাবলৈ সক্ষম হৈছে ।

এইবাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত (২৩ এপ্ৰিল আৰু ২৯ এপ্ৰিল) ৰাজ্যখনৰ ভোটাৰে বিজেপিৰ ‘পৰিৱৰ্তন’ৰ শ্লোগানত মোহৰ মাৰিলে । ৩৪ বছৰীয়া বামপন্থী শাসন ওফৰাই শাসনলৈ অহা তৃণমূল কংগ্ৰেছ এইবাৰ পুনৰ বিৰোধীৰ আসনত বহিবলগীয়া হোৱাটো বংগৰ ৰাজনীতিত এক বিৰল পৰিঘটনা হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : পশ্চিমবংগত গেৰুৱা ছুনামিত বিধ্বস্ত তৃণমূল, ধৰাশায়ী মমতা বেনাৰ্জীসহ ২২ গৰাকী মন্ত্ৰী