হুবহু সঁচা হ’ল মুখ্যমন্ত্রীৰ ভৱিষ্যদ্বাণী, চেঞ্চুৰী কোবাই অসমত এন ডি এৰ বিজয়ৰ হেট্ৰিক

হুবহু সঁচা হ’ল মুখ্যমন্ত্রীৰ ভৱিষ্যদ্বাণী, চেঞ্চুৰী কোবাই অসমত এন ডি এৰ বিজয়ৰ হেট্ৰিক

নিৰ্বাচনী ফলাফলক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা নিখুঁত ভৱিষ্যদ্বাণী এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই ৰাজ্যৰ ৰাজনীতিত এতিয়া উৎসৱমুখৰ পৰিৱেশ । নিৰ্বাচনী ফলাফলক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা নিখুঁত ভৱিষ্যদ্বাণী এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

নিৰ্বাচনী ফলাফলক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা নিখুঁত ভৱিষ্যদ্বাণী এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে

অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই ৰাজ্যৰ ৰাজনীতিত এতিয়া উৎসৱমুখৰ পৰিৱেশ । নিৰ্বাচনী ফলাফলক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা নিখুঁত ভৱিষ্যদ্বাণী এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । ৫ মে’ত এক ছচিয়েল মিডিয়া প’ষ্টৰ জৰিয়তে মুখ্যমন্ত্রীগৰাকীয়ে প্ৰকাশ কৰে যে মিত্ৰজোঁটৰ প্ৰদৰ্শনক লৈ তেওঁ যি পূৰ্বানুমান কৰিছিল, সেয়া আখৰে আখৰে সঁচা প্ৰমাণিত হ’ল ।

মুখ্যমন্ত্ৰীৰ পূৰ্বানুমান-

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে যোৱা ৯ এপ্ৰিলত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতেই তেওঁ নিজাকৈ এখন কাগজত এটা সম্ভাব্য ফলাফলৰ হিচাপ কৰি থৈছিল । তেওঁ লিখিছে, “সময় বাগৰিল, ফলাফল ওলাল আৰু কালি অসমৰ ৰাইজৰ অভূতপূৰ্ব আশীৰ্বাদে এক নতুন ইতিহাস ৰচনা কৰিলে ।” তেওঁ লগতে উল্লেখ কৰে যে মিত্ৰজোঁটে লাভ কৰা ১০০ অতিক্ৰম কৰা আসনে তেওঁৰ আশাকো সামান্য অতিক্ৰম কৰিছে । ৰাইজৰ এই অটল বিশ্বাস আৰু মৰমৰ বাবে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে ।

উল্লেখ্য যে, ১২৬ জনীয়া অসম বিধানসভাত এইবাৰ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছে । ১০০ ৰো অধিক আসন লাভ কৰি মিত্ৰজোঁটে এক নিৰ্ণায়ক বিজয় সাব্যস্ত কৰিছে । ইয়াৰ ভিতৰত :

বিজেপি: ৮২ খন আসন

অগপ: ১০ খন আসন

বিপিএফ: ১০ খন আসন

এই জয়েৰে অসমত একেৰাহে তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ গঠন নিশ্চিত হ’ল । ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, বিৰোধীৰ সকলো প্ৰত্যাহ্বান নেওচি মিত্ৰজোঁটে লাভ কৰা এই বৃহৎ জয়ে চৰকাৰৰ শাসন ব্যৱস্থা আৰু সাংগঠনিক ভেটি যে অতি মজবুত, তাকেই প্ৰমাণ কৰিলে । বিশেষকৈ মুখ্যমন্ত্রী ড০ শৰ্মাৰ নিৰ্বাচনী ৰণকৌশল আৰু ৰাইজৰ সৈতে থকা নিবিড় সংযোগেই এই ঐতিহাসিক ‘হেট্ৰিক’ বিজয়ৰ মূল কাৰণ বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক : গেৰুৱা ধুমুহাত ধূলিস্যাৎ তিনি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ ৰাজনৈতিক দুৰ্গ