চিনেমাৰ পৰ্দাৰ দৰেই এক নাটকীয় মোৰ দি তামিলনাডুৰ ৰাজনীতিত আত্মপ্ৰকাশ কৰিছে অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা জোচেফ বিজয়ে
চিনেমাৰ পৰ্দাৰ দৰেই এক নাটকীয় মোৰ দি তামিলনাডুৰ ৰাজনীতিত আত্মপ্ৰকাশ কৰিছে অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা চি. জোচেফ বিজয়ে । তেওঁৰ নৱগঠিত দল তামিলাগা ভেট্ৰি কাজাগামে (TVK) ৰাজ্যখনৰ প্ৰতিষ্ঠিত ৰাজনৈতিক শক্তি ডিএমকে আৰু এআইএডিএমকে-ক ধৰাশায়ী কৰি এক অভূতপূৰ্ব জনমত গঠন কৰিবলৈ সক্ষম হৈছে ।
ভোটৰ পৰিসংখ্যা : টিভিকে-ৰ চমকপ্ৰদ উত্থান
শেহতীয়া নিৰ্বাচনী বিশ্লেষণ অনুসৰি, বিজয়ৰ টিভিকে-এ ৩৪.৯০% ভোট লাভেৰে ৰাজ্যখনৰ সৰ্ববৃহৎ জনপ্ৰিয় দল হিচাপে আত্মপ্ৰকাশ কৰিছে । ইয়াৰ বিপৰীতে শাসনত থকা ডিএমকে-এ ২৪.২০% আৰু বিৰোধী এআইএডিএমকে-এ ২১.৩৫% ভোট লাভ কৰিছে ।
দুয়োটা সমষ্টিতে বিজয়ৰ আধিপত্য-
দলৰ মুৰব্বী বিজয় নিজে দুয়োটা গুৰুত্বপূৰ্ণ সমষ্টিত বৃহৎ জয় সাব্যস্ত কৰিছে ।
পেৰাম্বুৰ : বিজয়ে ১,০৫,৭৪৩ টা ভোট লাভ কৰি ডিএমকে-ৰ আৰ ডি শেখৰক ৪৬,৬২৪ টা ভোটৰ বিশাল ব্যৱধানত পিছ পেলাইছে ।
তিৰুচিৰাপল্লী (পূব): ইয়াতো বিজয়ে ৬৯,০১৭ টা ভোট লাভ কৰি তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীতকৈ ২২,০৯২ টা ভোটত আগবাঢ়ি আছে ।
মুখ্যমন্ত্ৰী ষ্টালিনৰ শোচনীয় পৰাজয়-
এই নিৰ্বাচনৰ আটাইতকৈ চাঞ্চল্যকৰ খবৰটো আহিছে কোলাথুৰ সমষ্টিৰ পৰা । ২০০৮ চনৰ পৰা নিজৰ দখলত থকা এই দুৰ্গত পৰাজয় বৰণ কৰিছে স্বয়ং মুখ্যমন্ত্ৰী এম.কে. ষ্টালিনে । টিভিকে-ৰ প্ৰাৰ্থী ভি.এছ. বাবুৱে ষ্টালিনক ৮,৭৯৫ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি এক ঐতিহাসিক মুহূৰ্তৰ সূচনা কৰিছে ।
চৰকাৰ গঠনৰ দিশে টিভিকে-
তামিলনাডুৰ ২৩৪ খন আসনৰ ভিতৰত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন হোৱা ১১৮ খন আসনৰ একেবাৰে ওচৰ পাইছে বিজয়ৰ দল । বৰ্তমানৰ পৰিস্থিতি এনেধৰণৰ:
টিভিকে : ১০৮ খন আসন (৩২ খনত জয় আৰু ৭৬ খনত অগ্ৰগতি)।
ডিএমকে : ৬১ খন আসন ।
এআইএডিএমকে : ৪৪ খন আসন ।
এক নতুন যুগৰ আৰম্ভণি-
নিচামুক্তি, সামাজিক ন্যায় আৰু যুৱ প্ৰজন্মৰ আশা-আকাংক্ষাক মূল ইছ্যু হিচাপে লৈ চলোৱা অভিযানে বিজয়ক এই বিশাল সফলতা প্ৰদান কৰিছে । বিশেষকৈ যুৱ ভোটাৰ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ মাজত তেওঁৰ গ্ৰহণযোগ্যতাই পুৰণি দ্ৰাবিড় ৰাজনীতিক প্ৰত্যাহ্বান জনাইছে ।
তামিলনাডুৰ ৰাজনৈতিক চিত্ৰনাট্যত এতিয়া এক নতুন নায়কৰ উদয় হৈছে । বিজয়ৰ এই অভিষেক কেৱল এক ‘কেমিঅ’’ নহয়, বৰঞ্চ ৰাজ্যখনৰ ভৱিষ্যত নিৰ্ণয়ৰ এক পূৰ্ণকালীন ‘ব্লকবাষ্টাৰ’ প্ৰদৰ্শন বুলি বিশেষজ্ঞসকলে অভিহিত কৰিছে ।
লগতে পঢ়ক : নির্বাচনী ফলাফল : ‘ঐতিহাসিক আৰু অভূতপূৰ্ব’ জয়ত উৎসাহিত প্ৰধানমন্ত্ৰী মোদী









