পতি,পত্নী ঔৰ ৱহ দ্বিতীয়ৰ ওপৰত প্ৰৱঞ্চনা প্ৰচাৰৰ অভিযোগ; আয়ুষ্মান খুৰানাৰ স্পষ্টিকৰণ

পতি,পত্নী ঔৰ ৱহ দ্বিতীয়ৰ ওপৰত প্ৰৱঞ্চনা প্ৰচাৰৰ অভিযোগ; আয়ুষ্মান খুৰানাৰ স্পষ্টিকৰণ

ছবি ‘পতি,পত্নী ঔৰ ৱহ দ্বিতীয়’ৰ টিজাৰ মুকলি কৰি দিয়াৰ পিছতে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে আয়ুষ্মান খুৰানাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আয়ুষ্মান খুৰানা তেওঁৰ চিগনেচাৰ কমিক টাইমিংক লৈ অতি সোনকালে ছবিগৃহলৈ ঘূৰি আহিব।অভিনেতা গৰাকীৰ নতুন ছবি ‘পতি,পত্নী ঔৰ ৱহ দ্বিতীয়’ অতি সোনকালে ছবিগৃহলৈ আহি আছে।যাৰ

ছবি ‘পতি,পত্নী ঔৰ ৱহ দ্বিতীয়’ৰ টিজাৰ মুকলি কৰি দিয়াৰ পিছতে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে আয়ুষ্মান খুৰানাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

আয়ুষ্মান খুৰানা তেওঁৰ চিগনেচাৰ কমিক টাইমিংক লৈ অতি সোনকালে ছবিগৃহলৈ ঘূৰি আহিব।অভিনেতা গৰাকীৰ নতুন ছবি ‘পতি,পত্নী ঔৰ ৱহ দ্বিতীয়’ অতি সোনকালে ছবিগৃহলৈ আহি আছে।যাৰ ট্ৰেইলাৰ শনিবাৰে মুকলি কৰা হয়।ছবিখনত আয়ুষ্মানৰ সৈতে ৱামিকা গাব্বি, চাৰা আলী খান, আৰু ৰাকুল প্ৰীত সিঙে অভিনয় কৰিছে।

কিন্তু ছবিখনৰ টিজাৰ মুকলি পোৱাৰ পিছত অভিযোগ উত্থাপন হৈছে যে, ছবিখনে বিবাহত প্ৰৱঞ্চনাৰ দৰে গম্ভীৰ বিষয় এটাক অতিৰঞ্জিত কৰি দেখুৱাইছে। এনে কাহিনী প্ৰদৰ্শন কৰি মানুহে ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হ’ব পাৰে। অৱশ্যে ছবিখনৰ অভিনেতা-অয়ুষ্মান খুৰানা আৰু ৰাকুল প্ৰীত সিঙে বিশ্বাস কৰে যে, বাস্তৱত এইটো একেবাৰেই নহয়।

আয়ুষ্মান খুৰানাই এই অভিযোগ সন্দৰ্ভত কয় যে, এই ছবিখন চাৰিটা চৰিত্ৰৰ মাজত কি ঘটি আছে, সেই বিষয়ত।ইয়াৰ জৰিয়তে আমি কোনো ধৰণৰ প্ৰৱঞ্চনাৰ প্ৰচাৰ কৰা নাই কাৰণ এইখন এখন পাৰিবাৰিক চিনেমা।ছবিখন চাই সকলোৱে ভাল পাব’।

লগতে পঢ়ক: ‘বিবাহ ভাগ্যত লিখা থাকে’; ৬৭ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হ’ব মুকেশ খান্না